পৃষ্ঠা:ফুলৰ চানেকি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২৮
ফুলৰ চানেকি
 


গুহা।

অনুপম বিতোপন শোভা মনোহৰ,
নিজান তলিত শোভে প্ৰকৃতিৰ ঘৰ।
চউপাশে পৰ্ব্বতৰ সৌন্দৰ্য্য নিজৰা,
বাগৰি চিৰলী ধাৰে মিলিছে এডৰা।
শীতল পাটীত পৰি প্ৰকৃতি সুন্দৰী,
লভিছে জিৰণি, অহ, সৌন্দৰ্য্যে আবৰি।
সংসাৰৰ দুষ্টবায়ু নপশে ইঠাই,
শান্তিৰ শীতল বা বলিছে সদায়।
অধৰ্ম্মৰ পৰাক্ৰম, চিন্তাৰ বিকাৰ,
নাই তাত পাপ-তাপ অকাৰ্য্য নিকাৰ।
বাহিৰত মউ-মাত ভিতৰত হুল,
সংসাৰী বান্ধৱ লই নহওঁ ব্যাকুল।
বনৰ হৰিণা স’তে ফুৰি ডিঙ্গি ধৰি
লভিম পৱিত্ৰ সুখ আপোন পাহৰি।
সংসাৰৰ গীত-বাদ্য কপটতা সুৰ,
নাবাজে কাণ আৰু সুললিত মোৰ।
বনৰ বিহগ গান শুদ্ধ তাল মান,
শুনি মুগ্ধ হব মোৰ উদাস পৰাণ।
সুশীতল তৰুতল আৰু কুঞ্জবন,
নিয়তি নিৰ্ম্মিত বহা বৈৰাগী কাৰণ।
মাতে যেন ৰিঙিয়াই বাজিছে প্ৰাণত,
নকৰোঁ পলম আৰু সংসাৰ-হাটত!