পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯৪
ফুলৰ চানেকি।
 

তথাপিতো পুনৰপি   ধৰমত মন সঁপি,
 প্ৰাণপণে দিয়া হলে বল,
পুনশ্চ নৈতিক বলে   তাৰিলেহেঁতেন ভালে,
 উদ্ধাৰৰ আছোঁতে সমল।

কিন্তু কি যে নৰাধম,  আপুনি মাতিলোঁ যম,
 নিৰাশাত পৰি দিলোঁ মন;
যি ফেৰি আছিল হাঁয়,   নীতিৰ আদিকা ছাই,
 গল ভাহি সিও শেষ-ধন!

আছে মন, বল নাই,   এবে মই নিৰুপায়,
 গোন্ধহীন ৰূপ মাথোঁ সাৰ;
ভৱ-তৰী পাৰ কৰোঁ,   এনে বল নাই আৰু,
অন্তিমত নেদেখোঁ নিস্তাৰ।

এতেকে হে দীনবন্ধু,   অপাৰ কৰুণা-সিন্ধু,
 পতিত পাৱন শিৱময়;
পাতকীৰ পৰিতাপ,   শুনি দূৰ কৰাঁ তাপ,
 চৰণত দিয়াঁ হে আশ্ৰয়।