পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০০
ফুলৰ চানেকি।
 

একেটি তানতে মিলি আৰু এটি তান
উঠে, বিশ্ববীণ্‌ এৰি;
ইবাৰ বীণাৰ সুৰ বুজোঁ বুজোঁ যেন,
স্বৰ্গীয় বুজনি ধৰি।—

মাতে যেন আগলই; কিজানো কলই
আতমা উৰিব খোজে;,
মুখত নুফুটে কথা, নিৰলে শুনিয়ে
হাঁয়, কিজানো কি বুজে !

উতাল তৰঙ্গপ্ৰায় সৃষ্টিতত্ত্বজ্ঞান
দিয়ে গহীন জঙ্কাৰে;
আকাশ পাতাল জুৰি হিয়াভেদী ভাবে
শুনা, প্ৰতিধ্বনি কৰে !

জগতৰ প্ৰাণ লই একেটি মুঠিতে
অহ, বিশ্ব-ৰচোঁতাই।
ঐকতানে দিয়ে তান;—উলাহৰ সোঁত
চোৱাঁ, বলিছে ঢৌৱাই !