পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
১০০৩
 


চন্দনগিৰি।

স্বৰ্গৰ জখলা এই পুণ্য গিৰিবৰ,
নিৰ্ম্মিলে কি সুকৌশলে বিশ্ব-খনিকৰে !—
সৌন্দৰ্য্যৰ ৰূপৰাশি; কৰুণাৰ প্ৰভা;
প্ৰেমৰ আবেগ ৰাগ; সম্ভোগৰ সুখ;
আৰু এক আসক্তিৰ পুণ্য আকৰ্ষণ;
সবাকো সমানে সানি স্ৰজিলে মৰ্ত্যত,
পঞ্চামৃত লাৰু, অহ, অৰণ্য মন্দিৰ !—
চন্দনগিৰিৰ নাম অগৰু চন্দনে
ৰাখিছে উজ্জ্বল কৰি পূব ভূভাগত;
অনুপম ৰূপ তাৰ, লাৱণ্য জেউতি,
বখানিছে মুক্তকণ্ঠে দেৱতা-কিন্নৰে;
যোগী, ঋষি, মুনি যত তাপসকুমাৰ,
বিমোহিত নৰলোক ৰূপলীলা চাই!
ইয়াৰে সৌন্দৰ্য্য-সোঁত ৰই-বই গই
ভৈয়ামত প্ৰতিভাত হয় ঠায়ে-ঠায়ে।
যিফালে ঘূৰাওঁ আঁখি তাতে ৰই যায়,
নপলায় তৃপ্তি হাঁয়, হেঁপাহ প্ৰাণৰ,
চাওঁমানে বাঢ়ে তৃষ্ণা, পাহৰোঁ সংসাৰ !
তলত কুণ্ডিল্‌ নীৰ, আতি নিৰমল,
প্ৰকৃতি-দাপোণ, অহ, পতা আছে কেনে !