পৃষ্ঠা:ফুলৰ চানেকি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
৯৮৩
 

উষা।

নিশা অৱসান প্ৰায়। নিজম জগতে
লাহে লাহে লভিছে চেতনা;
ভাগৰ টোপনি মায়া ক্ৰমে আঁতৰিছে,
সুমৰি উঠিছে প্ৰাণবীণা।

সপোনৰ লীলা-খেলা প্ৰকৃতিয়ে তুলি
ধৰিছেহি দিঠকৰ মোৰ,
দৃষ্টিহীন সজাগেৰে উমানত শুনে
নিজানত উটি অহা সুৰ।

ভাবত পূৰঠ্ হল সৃষ্টিৰ অন্তৰ
ৰাঙলী ৰহণ তাৰ চিন্;
ৰূপান্তৰ তাৰে মাথোঁ শোণিত সাগৰ,
প্ৰান্ত তাৰ অনন্তত লীন।

মথিছে সংসাৰ-সোঁত বিশ্ব-ৰচোঁতাই
তেজপানী ক্ৰমে ঘন্ হয়;
প্ৰকৃতিৰ কপালত সেন্দুৰৰ ফোঁট,
—পূবশিৰে অৰুণ উদয়।