পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
৯৯৭
 


কৰ্ত্তব্য জ্ঞান।

⸺০⸺

পুৱাতে সৌন্দৰ্য্য় মেলা পূবালী মেঘত,
সুমৰি সজাগ বিশ্ব প্ৰকৃতি বুকত।
হালি-জালি গছলতা জপ-মন্ত্ৰ স্মৰে,
কুলু কুলু তটিনীয়ে ঈশগীত ধৰে।
পখীয়ে ডালত পৰি ধৰেহি সঙ্গীত,
সৃষ্টি-গুণ ৰসময় অতি সুললিত।
পাৱন পৱনে ধীৰে ধীৰে ধীৰে বই,
যতেক পাপৰ ধূলি ঠেলি দূৰলই,
বিশুদ্ধ বিশাল বিশ্ব কৰেহি আপুনি,
পৰৰ দুখত দুখী দয়াসিন্ধুমণি!
সোণালী ৰথত চৰি সূৰুয কোৱঁৰে,
‘কৰ্ত্তব্য’ নিয়তি-আজ্ঞা জগতে প্ৰচাৰে।
লাহে লাহে দিনমণি দীনদয়াকাৰী,
আজ্ঞাধীন দেৱদূত, নিজব্ৰত স্মৰি,
জ্ঞানৰ জেউতি মেলি,—সোণাৱালী ৰেখ,—
নিয়তিৰ গতি ধৰি ভ্ৰমে বহু দেশ।
সৰু-বৰ সুখী-দুখী নকৰি বিচাৰ,
সৰ্ব্বত্ৰে সমান ভাৱে কিৰণ বিস্তাৰ;—
হিমালয় হিমচুড়া যিৰূপে শোভিত,
গভীৰ গহ্বৰ হাঁহে একেটি হাঁহিত,