এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি আৰু সাধনী।
⸻
শান্তি।—ফুলত শিলৰ ৰেখা!
নৰজে তোমাত কঠুৱা ভাবনা সখি!
ঢোপাকলি তুমি; কিয় ভাবা কীটে-ধৰা
ফুলৰ দুৰ্দশা!
সাধনী।—দেহি অই,
চোৱাঁ, কেনে মিলিছে থিতাতে!—
চোৱাঁ, কেনে ফুলপাহী আউলী-বাউলী,
কলিটিৰ মুখ চাই আছে ঠৰ্ লাগি।
চোৱা নাই নিজলই,—নিজ সুখ-দুখ,—
চাইছে মাথোন কলিটিৰ সুখলই,—
যায় যেন দিন তাৰ এনুৱা সুখত।
ফুলিলেই, সখী অই, হব তাৰো দশা
বাউলী পাহীটি প্ৰায়। তাকে হে গুণিছে,
পৰৰ সুখত পমা আজলীটি দেহি!
কিন্তু, সখি, পাহীটিৰ নুপূৰে কামনা,—
ঢোপাকলি ফুলিব কালত; দশা তাৰ
হব, জানাঁ, পাহীটি যেনুৱা। মেলোঁ-মেলোঁ
পাহিকিটি মেলিব যিদিনা, সিদিনাই
কীটে আহি লব থিত্, কৰিব ঘূণীয়া;
নৰব জেউতি তাৰ লুকুৱা-হাঁহিৰ!
সৃষ্টিৰ ৰীতিয়ে এই,—জন্ম, বৃদ্ধি, ক্ষয়,—
‘চিৰকাল কাৰো দিন সমানে নাযায়।’