এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
৯৮৯
অকলশৰীয়া আত্মা মতলীয়া
আহোঁতে সমস্য়া চাই,
সংসাৰ-ধুমুহা, নাই উৱাদিহা,
আহে অপায় চপাই।
মনেপতা ঘৰ শূন্য় আকাশৰ
আলাসত পতা চাং;
নিমিষে নেদেখা হয় দিব্যৰেখা,
পৰেহি দুৱাৰ-ডাং।
আতমা বিমোৰ, উৰা ভাববোৰ
আহে ঘূৰি চাপিকুচি;
পুনৰপি থিতি নৰৰ বসতি,
এৰা-ঘৰ হয় শুচি।
মুকলি হিয়াৰ জপাই দুৱাৰ,
ক’ৰ ভাব যায় কেনি!
ঢাকনী চকুত, বসুধা বুকুত;
—এয়ে সুখ, সামৰণি।
⸻0⸻