পৃষ্ঠা:ফুলৰ চানেকি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯০
ফুলৰ চানেকি।
 


উত্থান-পতন।

অনন্তৰ পিচলগা অন্তহীন কাৰ্য্য়গতি,
আৰম্ভণ, সামৰণ, ঘূৰি ঘূৰি জন্ম-ৰীতি;
মৰণতে জনমৰ হয় নিতে উতপন,
উষা, সন্ধ্যা চিন্ তাৰ জিলিকিছে অভগন।

আহিল পুৱঁতী নিশা উষাৰ জাননী মেলি,
উদিল কৰ্ত্তব্য-ৰবি আন্ধাৰ এলাহ ঠেলি;
শুভক্ষণে শুভযাত্ৰা ধৰিছে দুনাই চোৱাঁ,
হিয়াভৰা উলাহেৰে দেশ-হিত-ব্ৰত লোৱাঁ।

হিয়াত উপচি পৰা উন্নতি আশাৰ ধল,
পৃথিবী ঢৌৱাই কৰে দশোদিশ টল্‌মল্;
আগবঢ়া জগতত নাই কোনো পিচ্পৰি,
থকা নাই কোনো আজি এলাহ সাবটি ধৰি

দুপৰে জোৱাঁৰ তুলি জগতৰ মন-প্ৰাণ
উদগাই নিয়ে দাঙ্গি উন্নতিৰ কৰি গান;
আলাসতে লাখ হিয়া যায় ক্ৰমে আগবাঢ়ি,
দুহাতে চপাব বুলি লাভালাভ কাচিপাৰি।