এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
৯৮১
দুখীয়াৰ ধুপ্দীপ্, —ক্ষুদ্ৰ ক্ষুদ্ৰ বৰঙনি—
একেগছি আলো কৰি চোঁৱা;—
শোকে চেপা মাতিৰীয়ে অযুত উছাহে দাঙি
জ্বলা বন্তি হাতে তুলি লোৱা।
বন্তিৰ পোহৰ পাই, ভাগ্যলক্ষ্মী মিটিকায়,
সৌভাগ্যৰ বিৰিঙ্গে জেউতি;
ভাৰতৰ এচুকত অসমৰ ভাগ্য জ্বলে,
—সন্তানৰ উলাহিত মতি।
অতীত গৌৰৱৰাশি দেখি পুনু চউপাশে,
সঞ্জীৱনী শক্তিলাভ কৰে;
সোৱৰণী-উদগণি পাই প্ৰাণে প্ৰেৰণাত
কৰ্ম্মীগণে ক্ৰমে আগবাঢ়ে।
যেয়ে য’তে আছাঁ ৰই দুখুনীৰ ভাগ্যধৰ
নিমাখিত যত নাতিপুতি;
গাৱে-ভূঞে চুকে কোনে, লোৱাঁ তুলি একেচিপে
হাতে হাতে বন্তি একো এটি।