তটিনী তীৰৰ খেলা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ বেটুপাত ]
তটিনী তীৰৰ খেলাৰ বেটুপাত.jpg

ৰাজীৱ বৰাৰ প্ৰকাশিত কাব্য সংকলনঃ
তটিনী তীৰৰ খেলা (২০০৫, ২০১৮)
ঢৌ (২০০৬)
পানীভাওনা (২০১৩)
এন্ধাৰতো ফুটে ফৰিং (২০১৭)

[ প্ৰথম পৃষ্ঠা ]
 

তটিনী তীৰৰ খেলা
 (দ্বিতীয় তাঙৰণ)






 ৰাজীৱ বৰা



 পাঞ্চজন্য বুকছ
 পাণবজাৰ, গুৱাহাটী-০১

[ প্ৰকাশন ]

তটিনী তীৰৰ খেলা
TATNITEERAR KHELA

A collection of Assamese poems composed by Rajib Borah,
Nazira College, Nazira -785685 and Published by Panchajanya
Printing & Publishing, Panbazar, Guwahati- 781001


Second edition -April, 2018.

ISBN - : 978-81-937211-1-7
প্ৰথম প্ৰকাশ : ২০০৫
দ্বিতীয় প্ৰকাশ : এপ্ৰিল, ২০১৮
গ্ৰন্থস্বত্ব : লেখক +৯১ ৯৪৩৫০ ৫৮৫২৭
প্ৰকাশক : পাঞ্চজন্য বুকছ
সৰস্বতী ৰোড, পাণবজাৰ, গুৱাহাটী-০১
দূৰভাষ : ১৮৬৪২-০১১০৩
প্ৰচ্ছদ : লেখক
মূল্য : ১২০.০০ টকা
মুদ্ৰণ : পাঞ্চজন্য প্ৰিন্টিং এণ্ড পাব্লিচিং
পাণবজাৰ, গুৱাহাটী-০১

The book is sold subject to the condition that it shall not, by way of trade or otherwise, be lent resold, hired out, or otherwise circulated in any form or by any means electronics, mechanical, photocopying, recording or otherwise, or stored on any retrieval system of any nature without the publisher's writing consent in form of binding cover. This right is asserted by the publisher in accordance with the Copyright Act, 1957 (as amended).

[ ভূমিকা ]

কৰাপাট

 নদীদ্বীপ মাজুলীৰ গড়মূৰৰ পৰা হালধিবাৰীলৈ ৰাজআলিটো। তাৰে এছোৱাৰ একাষে আমাৰ গাঁওখন— পুৰণিবাৰী। আন কাষত নৈৰ সুঁতিটো পাৰ হৈয়েই চাপৰিটো। বিশাল লুইতৰ পানীয়ে কেতিয়াবা মথাউৰি ভাঙি গাঁওখন ঢৌৱাই চাপৰিটো বুৰায়। নৈখন, চাপৰিটো আৰু গাঁওখন আমাৰ শৈশৱ-কৈশোৰৰ প্ৰাত্যহিকতাৰ চিনাকি ভূগোল। নৈ আমাৰ বাবে এটি পৰিচিত আশ্বৰ্য কবিতা। তটিনী তীৰত লালিত- পালিত আমাৰ চেতনাত কোমল-কঠিন, সুখ-দুখ, ধ্বংস আৰু সৌন্দৰ্যৰ বহুতো বুজা-নুবুজা কবিতাৰ অনন্ত সম্ভাৰ। শৈশৱ-কৈশোৰত এনে বহুবৰ্ণ কবিতাৰ ছাঁত উমলিছিলোঁ। তেতিয়াই আমি প্ৰেমত পৰিছিলোঁ নৈ আৰু নৈপাৰৰ কবিতাৰ প্ৰেমত। নৈপৰীয়া জীৱনে আমাৰ মনত গঢ়িছিল অনুভৱৰ বুনিয়াদ।

 সপোনে বাট দেখুৱাই আৰু আমি তাকে অনুসৰণ কৰোঁ। যাত্ৰাই সলায় প্ৰাত্যহিক ভূগোল। এনে যাত্ৰাৰ হাত ধৰি গাঁও এৰি নগৰত জিৰাইছোঁ, চাকি চাইছোঁ নগৰীয়া বাষ্প। বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণালীৰে ভৰিছে অনুভৱৰ চোতাল আৰু তাতে জ্বলিছে কবিতাৰ জুহাল— জুই বা ফুট্‌ছাই।

 সৰু ল’ৰাই ওখ বেলগছলৈ ফৰ্মুটি মৰাৰ দৰে মহাবিদ্যালয়ত পঢ়া দিনৰ পৰা অসমীয়া কবিতাৰ বিশাল বৃক্ষলৈ দুই-এটি ফৰ্মুটি মাৰি চাইছোঁ। জানো ফৰ্মুটি ‘বেলৰ শিৰ’ত পৰা নাই। তথাপি তল সৰা কিছুমানকে গোটাই থৈছিলোঁ। তাৰে বাচনিত উঠা কেইটামান কবিতাৰ ফল আপোনালোকৰ আগলৈ উলিয়াই দিছোঁ ৷ ইয়াৰ সৰহভাগ কবিতা ইতিপূৰ্বে বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত।

 সংকলনটিৰ জন্ম-যাতনাৰ অন্যতম অংশীদাৰ মীনাক্ষীক অশেষ ধন্যবাদ জনাইছোঁ। লগতে ফুলেশ্বৰী হাজৰিকা, ৰমানন্দন বৰা, আৰু প্ৰশান্ত বৰঠাকুৰলৈকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।


দ্বিতীয় তাঙৰণ সম্পৰ্কেঃ

 ‘তটিনী তীৰৰ খেলা’ মোৰ প্ৰথম সংকলন। স্বাভাৱিকতেই কবিতাখিনি যে অপৈণত, এই কথাত সন্দেহ নাই। জানো সৃষ্টি এতিয়াও পৈণত হোৱা নাই ৷ কেতিয়াবা যদি নিৰ্বাচিত সংকলন ওলায় তেনে ইয়াৰ সৰহভাগ কবিতাই যে তাত সন্নিবিষ্ট হোৱাৰ যোগ্যতা হেৰুৱাব সেয়া ধুৰুপ। তথাপি সুদীৰ্ঘ বাৰ বছৰৰ অন্তত কিতাপখন নিজৰ হাততে নোহোৱা হোৱাৰ উপক্ৰম হোৱাত আৰু মোৰ কবিতাৰ যি দুই-এজন পাঠক আছে তেওঁলোকে মাজে-সময়ে কিতাপখন পঢ়িবলৈ বিচাৰোঁতে দিব নোৱৰাৰ [ ভূমিকা ] বাবে এই দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবলৈ মন মেলিলোঁ। এই উদ্দেশ্যৰ সৈতে অৱশ্যে অন্য এটা বিশেষ কাৰণো জড়িত হৈ আছে। কবিতাৰ ক-ক ম-ম দুটামান লেখিয়েই ২০০৫ চনত অত্যুৎসাহিত হৈ কবিতাপুথিখন প্ৰকাশ কৰি উঠি লক্ষ্য কৰিলোঁ যে জীৱনত কৰা ভুল কামৰ ভিতৰত অন্যতম এটা আছিল সেই সময়ত এই কবিতা পুথিখন প্ৰকাশ কৰা। কিয়নো ভালেমান বৰ্ণাশুদ্ধিৰ উপৰিও বাক্য গাঁথনি, শব্দ প্ৰয়োগ, ভাবৰ অস্পষ্টতা আৰু অনেক আসোঁৱাহ লৈ পুথিখনৰ কবিতাসমূহে মোৰ কাব্য-চৰ্চাৰ দীনতাক হাঁ কৰি মুখ মেলি গৰ্ভলৈকে উদঙাই দেখুৱাইছে। এই বোধ হোৱাৰ পৰা কাব্য প্ৰকাশৰ উচাহ ততালিকে ধানখেৰৰ জুইৰ দৰে চেঁচা পৰিল সেয়ে প্ৰকাশিত সংকলনটোৰ যি দুখনমান কবিতা পুথি কাৰোবাৰ কাষ পালেগৈ তাৰ ব্যতীত সকলোবোৰ প্ৰায় নষ্ট কৰি পেলোৱা হ’ল। পিছে প্ৰথমৰ কবিতা বুলি থকা মোহ আৰু অদ্যাৱধি কৰি থকা কবিতাৰ অনুশীলন আৰু কবিতাৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি দিয়াৰ বাবেই কবিতাখিনি কিছু সংশোধন কৰি পুনৰ প্ৰকাশৰ কথা চিন্তা কৰিলোঁ। এয়া কেৱল ভঁৰাল ভৰোৱাৰ কামহে, উন্নত সঁচৰ কঠীয়া সচা কাম নহয়। সেয়ে কবিতাসমূহত থকা অপৈণত দোষ আজিও প্ৰায় সমানেই বিদ্যমান। কবিতাসমূহৰ সংখ্যাটো একেই ৰাখি পূৰ্বৰ আসোঁৱাহসমূহ গুচাবলৈ যত্ন কৰা হৈছে। এনে কৰোঁতে পূৰ্বৰ কবিতাটোৰ শৰীৰটোৰহে কিছু সলনি হৈছে, ভাব-অনুষংগ পূৰ্ববৎ ৰাখিবলৈ যত্ন কৰা হৈছে। যাতে মোৰ শেহতীয়া কবিতাখিনিত ধৰি ৰাখিব বিচৰা পৰ্বান্তৰৰ ভংগীটোৰ সৈতে এই পুৰণা কবিতাখিনৰ জোঁটা-পোটা নালাগে। সেয়ে কবিতাখিনিয়ে প্ৰধানকৈ সিবোৰ সৃষ্টিৰ সমকালীন চৰিত্ৰটোকেই ভাৰ বৈ ফুৰিছে। হেঙুল-হাইতাল বোলোৱাৰ অন্তত প্ৰতিমালৈ অহা চমকৰ দৰে কবিতাখিনিত যদি কিবা উজ্জ্বলতা আহিছে সেয়া সিহঁতৰ পুনৰ জনম নহৈ পৰিষ্কৰণহে হৈছে।

 এনে এটা প্ৰচেষ্টাৰ বাবে উৎসাহিত কৰাৰ বাবে সহধৰ্মীণী মীনাক্ষীৰ পুনৰ শলাগ ল’লোঁ। তদুপৰি কবিতা পঢ়ি সততে পৰামৰ্শ আগবঢ়োৱা হৰেকৃষ্ণ ডেকা ছাৰ, প্ৰভাত বৰা ছাৰ, আনিছ উজ্ জামানদা, অৰিন্দম বৰকটকী, ৰঞ্জন ভট্টাচাৰ্য, দেৱভূষণ বৰা, মৃদুল শৰ্মা, অৰবিন্দ ৰাজখোৱা, অসীম চুতীয়া, চিত্ৰজিৎ শইকীয়া, বেদান্ত পূজাৰী, সিদ্ধাৰ্থ শংকৰ কলিতালৈকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সংশোধিত সংস্কৰণটো প্ৰকাশ কৰাৰ বাবে পাঞ্চজন্য বুকছৰ স্বত্বাধিকাৰী ধীৰাজ কুমাৰ লহকৰৰ শলাগ ল’লোঁ।

ৰাজীৱ বৰা
নাজিৰা মহাবিদ্যালয়
৯৪৩৫০৫৮৫২৭
এপ্ৰিল, ২০১৮e-mail : rajibnazira@gmail.com

[ সূচীপত্ৰ ]

সূচী

■অনুসন্ধান—০৯ ■ খাবলু পাৰৰ এটি সন্ধিয়াত—১১
■টোকোৰা চৰাই—১২ ■ মাটি—১৩ ■ বাৰিষাৰ অভিশাপ—১৫
■ ফাট—১৭ ■ পপীয়া তৰা—১৯ ■ বিচ্ছিন্নতা–২০
■ গদ্যপাঠঃ প্ৰেম যাতনা... —২১ ■ স্থৱিতা—২৩
■ আত্মগ্লানি—২৪ ■জাপি—২৬ ■ বলিশাল—২৭
■ চকীখন—২৮ ■সকলো চৰাই উলটি আহে—২৯
■ গৃহহীন মানুহ—৩০ ■ চাপৰিয়ালৰ সৰিয়হৰ দিন—৩১
■ নিৰ্বাচন—৩২ ■ উজানৰ মাছ—৩৩ ■ দলং—৩৪
■ ৰাতি—৩৫ ■ জাকৈয়া ছেৱালী—৩৬ ■ শৈশৱৰ ৰ’দ—৩৮
■ হিয়াজালীত মাজুলী—৩৯ ■ নাৱৰীয়া—৪১
■গৰখীয়া দিনে উকিয়ায়—৪৩ ■ নৈৰ ইলিজী—৪৫
■ গাঁও—৪৬ ■ অকথিত—৪৮ ■ বৰ্ষাৰণ্যৰ সুগৰী ঘাট—৪৯
■ কিমান দূৰলৈ মেলিবা হাত –৫০ ■ প্ৰেমহীনতাৰ চহৰ—৫১
■ নিঃস্ব কবিৰ সুখ—৫২ ■চহৰ তলিৰ শৈশৱ— ৫৩
■ তেওঁ অহাৰ কথা— ৫৫ ■ সোণ পৰুৱাৰ মেলা—৫৭
■ প্ৰেম—৫৮ ■ ছিটিকাত পৰা চৰাই—৬০
■ চিন্তাৰ ফ্ৰেমত তোমাৰ মুখ–৬৩ ■ মাদল—৬৪
■ নৰক-বিষাদ—৬৬ ■ কমলাবাৰী—৬৮ ■ আইতা—৭০
■ নিমাতী ঘাট—৭২ ■ কবিতাৰে মুখামুখি দিন—৭৪
■ দুখৰ দিন আৰু কিছু সংলাপ—৭৬ ■ বিবাহলৈ নিমন্ত্ৰণ—৭৮

[  ]

অনুসন্ধান

কেতিয়াবা মই মোক পালোঁনে বিচাৰি

নিজৰ মাজত সোমাই থকা ‘মই’টো
অচিনাকি প্ৰাচীন অৰ্বাচীন
অনামী ভৱিষ্যৎ

অত্যন্ত কঠিন নিৰন্তৰ নিজৰ অনুসন্ধান
গণনাকাৰীৰ বাবে জীৱন মাথোন সময়-সমষ্টি

ইয়াতে তোমাক লগ পোৱাৰ কথা আছিল
তুমি কোন মই নাজানো
ভিৰৰ মাজতে নিঃসংগ দেহটো থৈ
ৰৈ ৰৈ মাতিছোঁ নিজক
মাতিছোঁ তোমাক
অনামী উকি সম্বোধন...

[ ১০ ]

মোৰ মাজত বহু ‘মই’ৰ হেঁচা-ঠেলাত
মোক হেৰুৱাইছোঁ
কতবাৰ হৈছোঁ তোমাৰে মুখামুখি
তাতো অচিনাকি শূন্যতা
নিচিনিলোঁ নাজানিলোঁ
ৰ’দে কিয় পোৰে বৰষুণে কিয় তিয়ায়
গুটি পকাৰ পিচত ধানবোৰ মৰি যায়
তাতো আনন্দ সোণোৱালী পথাৰ আৰু ভঁৰালৰ সুখ

শূন্যতাত এদিন হঠাৎ সুৰধ্বনি
কৰুণ গোপন

আগে আগে সুৰ
পাচে পাচে মোৰ অনুসন্ধান

(২০০৪)

[ ১১ ]

খাবলু পাৰৰ এটি সন্ধিয়া

শিমলুৰ ডালেৰে সূৰ্য নামিলে খাবলুৰ বুকুলৈ
সোঁতত ভাঁহে গৰখীয়া ৰিং

নৈখনে আমাৰ বয়স সুধিলে
মূৰ দাঙি ঘূৰি চাই

ঘিলাহাঁহৰ পাখিত সন্মিলিত বাঁহীৰ সুৰ
ধুমুহা নাথাকিও ধূলি উৰে বৰটোকোলাৰ ডেউকাৰ বা

আমি বিচাৰিলোঁ নৈৰ কেঁকুৰিত মৰা ম’হৰ শিং
চাপৰিৰ বালিত বঙহৰ খোজ

বগলীৰ পাখিৰে যেতিয়া এন্ধাৰ নামিল
তেতিয়াও শুই আছিলোঁ মেটেকাৰ পথাৰত

তোমাৰ কোলাত মূৰ থৈ অনুভৱ কৰিছিলোঁ
পিঠিত হাতৰ বুলনি

(১৯৯৩)

[ ১২ ]

টোকোৰা চৰাই

দোঁৱাই আনি তামোলৰ পাত
ঠোঁটত তোৰ ছিৰলী পাতৰ সূতা
নিখচি গোঁঠ শিপিনীৰ চেলেং
হেঁপাহৰ ঘৰ মৌবিচনী এবাহ
টেবুল লেম্পৰ চিম্‌নি আঁৰি চুবুৰি পাতিলি
খলকনি পুৱা আৰু সন্ধ্যাৰ প্ৰহৰ
উজ্বলিল তামোলনি ঘৰৰ চৌপাশ

অভিমানী প্ৰেমিকাৰ দৃষ্টি টানি
গোঁঠি তোল তোৰ ঘৰ নিৰহ-নিপানী
ৰ’দ-বৰষুণে প্ৰেমৰ ছাতি
সজাতে মুকলি তোৰ বুকুৰ হাঁচটি

তোৰ সজাৰে জোতা সাজি ধূলি লোৱা শৈশৱ
টুপী পিন্ধা গৰখীয়া দুপৰ
যৌৱনত কাঢ়িছোঁ তোৰ চকুৰ হেঁপাহ
উদ্গ্ৰীৱ উৎসুক মোৰ প্ৰেমৰ উলাহ

বতাহৰ গানত সাৰ পালে চৰাইৰ চুবুৰি
ওমলা ঘৰত দেওধ্বনি নাচ

তোৰ ছাঁতে মোৰ টোকোৰা পঁজা
খেৰৰ ছালত শোৱে জোনাক আকাশ
বাঁহ-বেত টানি কামিত সানো গোবৰ কৰাল
অনুকৃতি মোৰ ঘৰ—স্থপতি তোৰ
ইয়াতে উমনি দিওঁ নিৰ্ভীক পোৱালি এবাহ

(২০০০)

[ ১৩ ]

মাটি

দেহ মাটিৰ মাটিতে দেহ
ভিতৰৰ কাহিনী জীৱনতকৈও পুৰণি
তিনিহাত এবেগেতত শেষ হোৱা এটা সাঁথৰ

দহকুৰি ছডাল হাড়ত কেইসেৰমান মঙহ ববলৈ কিমান মাটি
শপত প্ৰতিজ্ঞা অংগীকাৰ উদ্ধাৰ আত্মজাহ
প্ৰাণ পোৱা প্ৰাণ যোৱা মাটি
খহনীয়াত বানে মৰা মাটিক লৈ দোষীবা কাক
দেবোত্তৰ ব্ৰহ্মোত্তৰ আধিয়াৰ জমিদাৰ
মাটিৰে দেহাটি মাটিতে মিলিব...
উত্থানৰ শৃংগ পতনৰ গহ্বৰ কটুৰ্ অকটুৰ্ মাটি

আমি মাটিৰ মানুহ
মাটিয়েই জীৱনৰ প্ৰথম ফলি-পুথি
খোলাকটি খোৱা শৈশৱ গোঁফৰ বাসনাত ওঁঠত লেপি লওঁ মাটি
চহাই-মৈয়াই সোণগুটি বওঁ চাকত ঘূৰাওঁ মাটি
ঘামে ধোৱা কুশলী হাত

ধৰ্মৰ দোহাই দি ঢাপ গঢ়া মাটি
কোনে ভগায় মাটি—ধৰ্মৰ ঘেৰ আৰু ভূগোলৰ ৰেখা
কাঁটা তাঁৰে পাৰেনে ৰোধিব আত্মীয় বুকুৰ মিলন বাসনা
তেজে ধোৱা মাটি তাৰেই নিষ্ফল ইতিহাস

[ ১৪ ]

মাটি মানুহৰ প্ৰথম প্ৰেৰণা আৰু নিৰ্মম ঠিকনা
কেইৰাতিৰ বাবে কংক্ৰিটৰ উলাহ
আকাশ বিলাস
আকাশ জয়ৰ বাবে ধাতৱ ডেউকা
চন্দ্ৰতো চুই পালে প্ৰথম মানুহে মাটিৰ চোতাল

মৃৎশালাত তোমাৰ মুখ গঢ়ি মোৰ উৎসাহী দুহাত
কেৱল প্ৰেমেৰেই যদি চহাব পাৰোঁ
বুকুৰ জাৰণি মাটি
সিঁচিব পাৰোঁ উলংগ শিশুৰ কঠীয়া
পিন্ধাব পাৰোঁ মাটিৰেই সাজ
মাটিৰ প্ৰেমিক মানুহৰ থাকিব এটাই জাত—
মাটিৰ জাত

(২০০১)

[ ১৫ ]

বাৰিষাৰ অভিশাপ

প্ৰিয় ঋতুৰ অপ্ৰিয় জাগলত বিষাদ-ৰাগ
নদীয়ালৰ চিনাকি ছন্দ-সুৰ বাজিলে বে-সুৰা হৈ
গৰ্জন চিৎকাৰ গাঁৱে গাঁৱে সোঁতৰ আঘাত
নৈয়ে চেলেকে দমৰা গৰুৰ পানী ওলোৱা বাট

উঁইহাফলুত শিয়ালে বিনাওতে
মাছবোৰে উলটি চালে
কলৰ ভূৰৰ কুকুৰটো
নাও চপ্‌চপীয়া ৰাউচিৰে
কলহ ওপঙিলে বাঁহনিডৰাত
যাদুকৰৰ হাতৰ লাওখোলা হৈ

সকলোবোৰ খোলা প্ৰৱেশ প্ৰস্থান
ভূৰখনতে উঠি আয়ে ধৰিলে নাম—
‘ইবাৰ কৰুণাময়...’
উৰি উৰি ঢৌৱায় ঢৌতে হেৰায়
শ‍ইচথলীৰ জিঞা
শ‍ইচ উটিছে মাছৰ টক্‌চালি
উঁই পৰুৱাৰ শোকসভা

[ ১৬ ]

সোঁতত সেওঁতা ফালি উজাইছে এটা সাপ
আখলৰ হেন্দালিত কুন্দলি পকাইছে
ছিটিকি পৰিছে নিগনিবোৰ

ৰাতি ৰাতি আটাহৰ নৈ
সপোন খহে চপৰা চপৰে
কেই ৰাতি জ্বলা নাই চাকি কেইদিন বেলি
সেমেকা চকুত কেঁচুৰ ৰসৰ জুই ঢিমিক্‌-ঢামাক

পলস পিন্ধি বিধৱা ঘাঁহ
ঢৌতে উজায় তেজ অনাহুত মৰণৰ

কোন বাৰিষা শান্তিৰে শোৱে নদীয়াল
চকুত পৰা অবিন্যস্ত চুলি যেন নৈ বাৰিষাৰ আহুকাল

(২০০২)

[ ১৭ ]

ফাট

বতাহেও বিনায় উছন গাঁৱৰ দুখ
ককাৰ কান্ধত উঠি শৈশৱতে চালোঁ গৰা খহা ফাট
শিমলুডৰা ওপঙি যোৱা বিধ্বংসী ইতিহাস

মুষলধাৰ এন্ধাৰত কিমান যে দেখিছোঁ আকাশত ফাট
বজ্ৰপাটত মৰা টিকিৰাইৰ পত্নীৰ নিঠৰ মাত

সাঙীত যোৱাৰ আগেয়ে পিতায়ে দিয়া
কামিজটোও আছিল ফটা
ফাটৰ যাতনাই টানি থাকিল তলিয়ৰিলৈ ওৰেটো জীৱন

সকলোবোৰ ফটা— শুকান পথাৰ দলং জাতি মাটি ভেটি
ফাট যোৰোৱা টাপলিমৰাৰ ভিৰ

ধৰ্মৰ ফাটত পৰি কক্‌বকায় এডিঙি ঈশ্বৰ
ফাটতে জাহ যায় ঈশ্বৰলৈ মেলি দিয়া হাত
কোনে বচায়

[ ১৮ ]

মঞ্চত কুশীলৱৰ ফাট যোৰোৱা বক্তৃতা
চন্দ্ৰতাপ নেতৃত্বৰ চোলা
ভিতৰখন তাপলি মৰা

শৈশৱৰ ফাট দেখা ভয়
অভয় দি ককাই ক’লে—
গছপুলি ৰুবি
শিপাই ব’ব অদেখা চাদৰ
ভূমি কঁপিলে ঢাপটো খহিলে
জালিকটা চাদৰত এপলক ৰ’ব

(২০০২)

[ ১৯ ]

পপীয়া তৰা

আইতাই কৈছিল
পপীয়া তৰা দেখিলে তিনিবাৰ থুৱাবি
আকাশলে নেমেলিবি হাত

হাতীৰ শুঁৰ যেন ৰাতি
পপীয়া তৰাৰ জুইত তৰণি নাই
পোৰে পৈণত গুটিৰ শাহ
কেতেকী চৰাইৰ কণ্ঠ
আঁহত তলৰ শীতলতা
গোবৰ মাটিৰ মৰল

ৰাতিৰ বাগিছাত পপীয়া তৰাৰ লমালম্ থোকা
ফল পোৰা ফুল পোৰা
কুকুহা উৰে পোৰে পাতসীয়া চৰাইৰ বাহ

বুকুখন সিজিছে
ক’ত থওঁ ল’ৰালি যৌৱন বা বৃদ্ধত্ব
চকুত আন্ধাৰৰ সাগৰ
পোহৰৰ আকাল

(২০০৪)

[ ২০ ]

বিচ্ছিন্নতা

বিফল বাসনাত সিহঁতে আকাশ ভগাওঁতে
তেজ বতিয়াই শেতা পৰে পোহৰৰ দেহ
আত্মাত এঙাৰ বৰণ
অন্ধত্বত অৰণ্যৰ প্ৰতিজোপা গছ

দীঘল নিশাটোত
উচুপি উঠিল আঘোণৰ আকাশ
ধানৰ সলনি শিল
অৰণ্যৰ এন্ধাৰত জোঁৰ লৈ তৰাবোৰ
জোনাকীৰ জাক
টিপ্‌টিপ্ পোহৰে গুচাব নোৱৰা
এন্ধাৰৰ জাল নে
যাদুকৰী হাতৰ মায়াজাল

চকুলো বৈ নলাবোৰ নৈ
ক’লা পানীৰ সোঁত
কলীয়াপানীলৈ সোঁত
চয়তান নাৱৰীয়াৰ বিস্তীৰ্ণ পাল

অলপকৈ জিলিকে পোণা মাছৰ পেটবোৰ
ডাঙৰ মাছৰ ফিছাই কোবাই
কণা চকু আৰু
তৰাং পানী

(২০০৪)

[ ২১ ]

গদ্যপাঠঃ
কবিতা প্ৰেম যাতনা আদি


প্ৰথম পাঠঃ

ক্ৰন্দন জীৱনৰ প্ৰথম কবিতা
মাতৃ তাৰে সহৃদয় শ্ৰোতা
কাগজ-কলম অনুভৱৰ ব্যতীত
মানুহ কবিৰ অমল প্ৰেৰণা


দ্বিতীয় পাঠঃ

প্ৰেম প্ৰেৰণাৰ আদিপাঠ আৰু
যাতনাৰো আৰম্ভণি
প্ৰেমৰ শিপা বুকুত
পৃথিৱীত মানুহৰ


তৃতীয় পাঠঃ

শৈশৱৰ আৰম্ভণি পাঠ মৰণ বাৰ্তা হ’লে
কৈশোৰ যৌৱন আৰু বাৰ্ধক্যই আওৰালে
মৰণৰ সহজ সংজ্ঞা বা দুখৰ পদ
প্ৰেমৰ চেতালত ভৰি নিদিয়াকৈ
পাৰ হ’লে প্ৰথম দ্বিতীয় আৰু তৃতীয় যৌৱন
অনুভৱৰ দাপোন তেজত ৰাঙলী
মুখত কঠিন সংলাপ

[ ২২ ]

চতুৰ্থ পাঠঃ

তোমাৰ বুকুৰ পৰা মোৰ বুকুলৈ সাঁকো
ভাগে যদি অনায়াসে
পথাৰত আৰম্ভ কৰোঁ যদি সীমাৰ কাজিয়া
ককাদেউতাৰ হাড় যদি দুফাল হয় তাত
ভেটিম কেনেকৈ হেঙাৰেৰে
কঠীয়াতলীৰ গৰু-বাট


পঞ্চম পাঠঃ

হৃদয়ৰ সভ্যতা ধ্বংস হৈছে দুখেৰে
এটা প্ৰজন্ম মৃতদেহ দুখেৰে
তেজ মাথো তেজ
আঙুলিৰ ফাঁকেৰে কলংকিত সময়
এই নীলকণ্ঠ কালত প্ৰেম লাগে
প্ৰেম
সুখৰ বাবে নহ’লেও হয়
সংগ

(১৯৯৩)

[ ২৩ ]

স্থৱিৰতা

গাঁওখন সলনি হৈছে
চিনাকি মানুহৰ আকাল
গোটেই ৰাতি চহৰীয়া প্ৰভুৰ হাতত ভোৰতাল
কাণবোৰ এঢলীয়া নুশুনি আনৰ মাত

নাৱৰ মঙলাত অচিন কাঠ
নাৱৰীয়াই চিনে
জুহালত ফুটি কুকুহা উৰিলে সৰ্বনাশ
খৰিলৈ অনা অচিন কাঠো চিনিব পৰাটো ভাল

এতিয়া প্ৰভুৰ মাতত সমদল আহে
পুখুৰীপৰীয়াৰ ভুৱা মাতত মৰে প্ৰজনন ঋতুৰ ডাউক
অথবা ব্যাধৰ মাতত কৃষ্ণষাঁড়

কত দিন এই উঠা-বহা খেল
পথৰুৱা আলিত খলা-বমা কুঁৱলী
কোনে আনিব পকাধান হেন ৰ’দ
কোন নিৰতীৰ আঙুলিত বিনৈ-আহ্লাদ

শীতল গাঁৱত ঠেঁটুৱা শৰীৰ
কেৱল ধোঁৱাইছে
অন্ধত্ব পুৰিব পৰাকৈ নাই জুহাল
আত্মাৰ অন্ধকাৰত
কোনে জ্বলাবহি আঙঠা-ৰ’দ

(২০০৪)

[ ২৪ ]

আত্মগ্লানি

আয়ে কৈছিল কান্দিবলৈ শিক্
স্বজাত নিঃসংগতা দলিয়াই
ইনাই-বিনাই হালি পৰা মানুহৰ কান্ধত হাত থৈ
কেৱল নিজক লৈ জীয়াই থকাতো অপৰাধ

দুয়োহাত যদি চলমান শৱটোৰ অলঙ্কাৰ বা অলঙ্কাৰৰ আধাৰ
দুভৰি যদি পাণ্ডৱবৰ্জিত অৰণ্যৰ ঐশ্বৰ্যশালী গছ
কেৱল জন্মদিন পাতি জীয়াই থকাতো পাপ

সিদিনা ব্যস্ত চৰাইখানাত তোমাৰ সৈতে দেখা
কান্ধত তোমাৰ অৰ্বাচীন মন্ত্ৰপুথিৰ জোলোঙা
চাহমেলত হেৰুৱালোঁ নিজক
তাৰপৰা পৰম্পৰা কোঙা

আত্মকেন্দ্ৰিক সজাটোৰ ময়ো লেটা
পাহৰিছোঁ নেকি পিয়াহ-ভোকৰ উজাগীৰ ৰাতি
শিপাৰ ইতিহাস এৰি
চিলা হৈ ফালোঁ আকাশ
অহমিকাৰ শিখৰত মুঠিয়াই ধৰিছোঁ বৰষুণজাক
উপেক্ষিত জলকষ্টৰ মুখ
আইৰ অভিশাপেও চুব নোৱৰা এইবেলাৰ সুখ
সুখৰ সভাত পৰম সুহৃদ ধনৰ টোপোলা

[ ২৫ ]

বুকুখন এদিন ঘাঁহনি আছিল চকু দুটা আকাশ
মুঠিত চিলা উৰুওৱা যঁতৰ
জুপুৰিত আছিলোঁ
লঘোণীয়া কাঁহীত সপোনৰ বৰভোজ

তেওঁ মোক আইনাখন দেখুৱালে আৰু মই জনীয়া নাৱত তৰিলোঁ পাল
আফলামুখত তোমাক উটাই সৰিয়হতলীলৈ উলটিম
য’ৰ পৰা উৰুৱাইছিলোঁ শৈশৱৰ শেষৰখন চিলা...

(২০০৪)

[ ২৬ ]

জাপি

জাপিটো হেৰুৱাই বাটকুৰি বাই ৰ’দত পুৰিছোঁ
কোনোবা ৰাতি গৰজিছে ঘনঘোৰ আকাশ
তোমাৰ ঘৰৰ ছাদ বিচাৰি বঢ়াইছোঁ ভিখাৰী দুহাত
অতিথি হৈ হেৰাইছোঁ হেৰুৱাইছোঁ
ইয়াতে এদিন হয়তো এইটোৱেই মোৰ ঘৰ আছিল

জনমৰ আগেয়ে জাপিটো মোৰ শিৰত আছিল
চতুৱা দুপৰত পথাৰত বিনৈ বচা আইৰ পাঁচমহীয়া গাত
জাপিৰ ছাঁ

পথৰুৱা সন্ধিয়া জাপিৰ ওপৰত ছাউনী পতা পতংগৰ পাল খেদি
এচাৰি-নাঙল-শইচৰ সমীকৰণে দেউতাই উভালে জাৰণি যেন দুখ
সীৰলু তলত আমি শুই আছিলোঁ সীৰলু আকাশ চাই

আলি ভঙা শৈশৱত জাপিটো আছিল
জাপিৰে ভৰিছিল পথাৰৰ শাওণ মাহ
জাপি ফুটোৱা শিল-বৰষুণ পাহৰি
টকৌ পাতেৰে গঞাই ছোৱায় ছাল

জাপিটো হেৰুৱাই জিৰণি চ’ৰাত গঞাজাক
মুষলধাৰত হাওলা দেহ সীয়নী পচা সাজ

ওৰে বাট তিতি-বুৰি আহি পাইছোঁ পান্থনিৱাস
য’ত আমি জাপিটো হেৰুৱাইছিলোঁ

(২০০২)

[ ২৭ ]

বলিশাল

বলিশালত খণ্ডিত ঈশ্বৰ— ভয় আৰু অভয়
অভয় মুদ্ৰাত দেৱতা
ভয় কাৰ
বলিৰ নে বলি দিয়া কলিজাৰ

বুকুত এটা হাওৰিয়াই থকা বাঘ আৰু
চালনীৰ ফুটা যেন অন্ধবিশ্বাস
তেজৰ নৈত কল্যাণকামী মানুহে ধোৱে হাত

বলিৰ আগেয়ে ডিঙিত অৰ্গল মুখত কল
লোভৰ তেজেৰে ভৰে শিলৰ খাৱৈ

সিদিনা বলিশালৰ ছাগলীটোৰ চকুত মোক দেখিলোঁ
শতিকাটো শুই আছিল বলিশালৰ চোতালখন হৈ

য’তে ত’তে বলিশাল
বিস্ফোৰণত ছিগি পৰা অংগবোৰ
ঠোঁট পখালি ৰমলিয়াই থকা কাউৰীবোৰ

মোৰ দুচকুত লাগি আছে নৰকৰ অভিশাপ
বুকুত বলিশালৰ পঠাটোৰ নুফুটা আৰ্তনাদ

(২০০২)

[ ২৮ ]

চকীখন

আজোককাৰ দেহত কেৱল ৰ’দ-বৰষুণৰ চোলা
চকীখন আছিল তেতিয়াও
শিল গুহা পথাৰ পাহাৰ
আঁভজা চকীত তেজাল পেশী

আমাৰ অস্থি-মজ্জাৰ স্তূপত চকী থৈ
কোনোবাই আমাকে ভেঙুচিয়ায়
যুগৰ পাচত যুগ চকীত কত খনিকৰৰ হাত
আৰামী কৰাৰ নিৰন্তৰ যত্ন
দেহ তাৰ অংগ তেজ তাৰ হেঙুল-হাইতাল
মৰহা সপোন তুলাৰ গাৰু

কাৰ গাত সপোনৰ চেলাপেটী জোক
আৰামৰ বাসনা
পোহৰত আলিংগন আন্ধাৰত ছুৰীৰ খোঁচ

মাজে মাজে মই তোমাক হত্যা কৰোঁ
অথবা তুমি মোক
কেতিয়াবা দুয়ো মিলি সিহঁতক

ভোক বঢ়া সুখ লভা ভোক গুচা সেৱা লভা চকী
তেজে ধোৱা তেজত ওপঙি ৰোৱা চকী

এতিয়াও পাহাৰটোত চকীখন
চকীৰ তলেৰে ডাকিনী নৈ
পাৰত উভলা গছৰ মূঢ়া
তুমি মই আমি

(২০০৪)

[ ২৯ ]

সকলো চৰাই উলটি আহে

ডেউকাত সামৰি পৰিভ্ৰমী সন্ধান
বেলিয়ে ঠেং মেলা পৰত উলটি আহে সকলো চৰাই
ৰৈ থাকে জীৱন সাৱটি নিৰ্জীৱ খেৰ-কুটাৰ বাহ

চিনাকি বাঁহীৰ সুৰ মানেই চৌম্বিক আকৰ্ষণ
আমন্ত্ৰণ

নাৰী চৰাইৰ বাহ
মৰুৰ বুকুত
বৈ থকা নৈ

অতল তলিৰ সংগোপন সুৰ-বাঁহীৰে
তুমি নৈ হৈ
বৰষুণ হৈ
গছ হৈ
তিয়াইছা
ধুৱাইছা
ছাঁ দিছা
চেতনাৰ পঁচা-কুটাৰ ঘৰ

(২০০৪)

[ ৩০ ]

গৃহহীন মানুহ

শেহ ৰাতি শোৱে চহৰৰ জালিকটা আলি
নিয়ৰৰ চকুলো টুকি শেঁতা হেল’জেন
পদপথত মৰে কোন
ধুমুহা বিধ্বস্ত গছৰ ডাল যেন
উৰণীয়া সেঁতুত কুঁৱলীৰ আঙঠি
তলত এখিনি গৃহহীনৰ মুখত ঠেঁটুৱৈ কাৰখানাৰ ভাটী
ভৱিষ্যতৰ গাত ঢৌছিটা চাদৰ উদং উদৰ
দেহে উমায় দেহ
হাড়ত শীতল পাহাৰৰ চেঁচুক বুকুত জীৱিকাৰ উত্তাপ
ধোঁৱা ছটিয়াই গুচি যায় উমাল দেহ
টোপনি ভাঙে মাতাল সভ্যতাৰ উদং বটলৰ খুন্দাত
জাবৰত চিঞৰে হঠাৎ নৱজাতক
ভোকৰ মজিয়াত বাঢ়ি আহে অগণন ভোক
জীৱন ইয়াত এজাউৰি গালি
ৰাজপথ নৰ্দমা এন্ধাৰৰ গলি
সপোন তাত ল’ৰাহঁতে চুৰি কৰা দেৱালীৰ আধা জ্বলা মম
আজুৰিব পৰা হ'লে এচকল বেলি
জীৱন পুৰি এন্ধাৰ খেদা মুখ গম্বুজৰ ছাঁত মৰা দোকমোকালি
জীৱনৰ দাম এসাজ আহাৰ আৰু এটা বেসুৰা গান
কাগজ আৰু টায়াৰৰ জুহালত
দুখ পুৰি পাৰ কৰা নিৰ্বিঘ্ন ঘুমটি
শেহ ৰাতি খিৰিকিৰ ফাঁকেৰে বাট হেৰুৱাই পলৰীয়া পোহৰ
সপোনৰ সাগৰ বাসনা অতৃপ্তি নিৰাপত্তাহীন ইততি-বিততি
মৰণসম যাতনাত সাৰে থাকে গম্বুজৰ পোহৰ
জীৱনৰ এন্ধাৰতো জীয়াই থাকে
বিড়িৰ আগত জ্বলা এখুদ পোহৰ

(২০০৪)

[ ৩১ ]

চাপৰিয়ালৰ সৰিয়হৰ দিন

বানে মৰা মাটিত ফুলিল এজাক হালধীয়া ৰ’দ
বাঢ়ৈৰ আঙুলিৰ উলাহত বেতেৰীৰ পাক
চুচি-মাজি পাতিছোঁ পুনৰ তেলীশাল
বতাহত ভজা সৰিয়হৰ গোন্ধ

তেলীপাতত বহি ভৰ দে ভৰ দে
চাপৰি বজোৱা ছন্দ
তেল হৈ চৌচৌৱাই বৈছে চ’তমাহ

শুকুলা গাৰুত দুখৰ তেলচিকটি
বাৰীৰ ঢাপত মণিছাল
বহাগৰ ঘাটত কাপোৰ ধোৱা পাত
দুখ গুচাওঁ আহ
গুচাওঁ বিপদৰ মলি

(২০০৪)

[ ৩২ ]

নিৰ্বাচন

নৈয়ে ভালপায় খহাব পৰা সুকোমল মাটি
পখিলাই ফুল
ভালুকে বতাহ—কোন দিশে মৌ

নিৰ্বাচকক আগেয়ে নিৰ্বাচন কৰাটোৱেই নিৰ্বাচনী খেল
বিচাৰি লোৱা সকলো দুৰ্বলতা আৰু গোপনীয়তা
ভাষণত গুড়ি আত্ম মগ্ন মানুহৰ নিৰ্জনতা
দিনবোৰ ৰাতি ৰাতিবোৰ দিন
কম্বল আঁঠুৱা নিচা
তেওঁলোক আঁঠুৱাতলৰ মহ

নিৰ্বাচন সুহুৰিয়াই মতা খেল
সংগোপন সুহুৰি অমাতৰ মাত
ৰাতিটো চুৰ কৰি ৰাতিৰ বুকুত মেলি দিয়া দিন
এদিনৰ ফুল এদিনৰ এসাজ
তোমাৰ আঙুলিত এদিনৰ ভুল
তাৰ পাছে নিৰৰ্থক শুধৰণিৰ পাঁচবছৰীয়া খেল

প্ৰতিদান খুজি অধিকাৰ বিচাৰি উজুটি হামখুৰি তাঁত বাতি
বাট কুৰি বাই মাকো যেন দেহাটো গোৰোহাত ফাঁট
প্ৰভুৰ দুৱাৰত মূৰ আফালিয়াই ৰাঙলী চৌকাঠ

তাৰ পাছে শীত নিদ্ৰা
আকৌ গ্ৰীষ্ম আকৌ বৰষুণ আকৌ সুহুৰি
নৈবোৰ বাঢ়িলেও তাৰ ঢৌৱে নোচোৱে
আমাৰ শুকান ঘাট

(২০০৬)

[ ৩৩ ]

উজানৰ মাছ

ওৰে ৰাতি কিন্‌কিনীয়া বৰষুণত কঁপি থাকিল
বিৰিণা কঁহুৱাৰ পাত
জোঁৰ বন্ধা মাছুৱৈ নাৱৰ টিঙে টিঙে ধনগুলৈ এজাক
তৰাং পানীত পোহৰ নমনা ঘোলা চকুৰ ৰমনমুখী মাছ

কণীৰে পিচল পানী খলকনি-হেন্দোলনি
আনন্দ নে বংশক্ৰম
মাছুৱৈৰ বাবে দুয়োটা অৰ্থহীন
ৰমনথলী মৰণথলী মাছে জানেনে

মাছমৰীয়ায়ো বাট এৰি দিয়ে উজানৰ ৰাঘ বৰালি
কালিকা লগা বুলি

পিছে মাছ কেতে বেলি
নাচ কেতেবেলি
মাৰি মৰিও বাচি থাকে
যৌনজ হেঁপাহ
আৰু জীৱিকাৰ শাহ

(২০০১)

[ ৩৪ ]

দলং

হাত দুখন বঢ়ালেই দলৎ হয়
বিশ্বাস আৰু সহৃদয়তা সঞ্চাৰী পৰশ
দুটা ভাবৰ অহা-যোৱা
মোৰ বুকুত তোমাৰ চিন্তা তোমাৰ বুকুত মোৰ

এতিয়া সভাত মেলি দিয়ে
কোনোবাই দলং ভঙাৰ উন্মাদনা
উটি অহা জাজৰি নিশ্চিন্ত
নাই তাত দলঙৰ খুঁটা
জোৰাবোৰ সুলকি অকামিলা অংগ

এই পাৰত আন্ধাৰ সিপাৰত ৰ’দ
পাহাৰটোত পোহৰ সমতলত আঁউসী
ইপাৰত ধনু-কাঁড় সিপাৰত যাঠী
ইয়াত পৰমান্ন তাত আপঙৰ বাতি

চকুৱে দেখা পাৰলৈ অনন্ত কালৰ দূৰ
দলং সজালৈ বহুদূৰ

সাঁকোবোৰ পঁচিছে
নোহোৱা হৈছে দলং আৰু দলং সজা মানুহবোৰ

সপোনত দেউতা আহি মেলিছিল
অভিযোগৰ টোপোলা
দলং নহ’লে কেনেকে বেহাবি
মৰম বেহানিৰ হাট
আলিছিগাত এইবাৰ হাতখনকে পাত

(১৯৯৫)

[ ৩৫ ]

ৰাতি

নক্ষত্ৰ গলি পোহৰৰ কঙাল হ’লে ৰাতি
চৰায়ে জগালে ভাগৰুৱা বেলি
কলহ ভৰাৰ শব্দত জঁপিয়ালে টোপনিৰ মাছ
মাছ পোহা নৈয়ে শৱ বহনৰ যাতনা লৈ কাণে কাণে ক’লে
নাৰাখিবি মৰণৰ হিচাপ
মৰণ ইয়াত মেটেকাৰ ফুল হৈ ফুলে

কুঁৱলীত মৰা পুৱা এটাত নিঠৰ জুপুৰিৰ শ্বাস
গুৱালে সোলোকাই ম’হৰ ডিঙিৰ ঘণ্টা
কথকীৰ বাৰ্তালাপ ফুচ্‌ফুচনি
নিৰ্জনতা লাগে মাথো নিৰ্জনতা
বুটজোতাই ফেনেকি থৈছে পথাৰৰ কোলাহল

এই ৰাতি নৈ ভেটি কোনে কৰে হৰ্যোল্লাস
ভেটাত পৰে সোণালী-ৰূপালী মাছ
নৈ পাৰত গোনাম’হৰ জাকে দলঘাঁহ মহতিয়াই
তচ্‌নচ্‌ কৰে ডাউকৰ পোৱালিবাহ

আয়ুধৰ থাকে জানো জাত
ঘাতকৰ নিশাহত প্ৰেম
বৈধ অবৈধৰ অৰ্থহীন অনুসন্ধানত মাৰণ মাথো শাওপাত

ৰাতি ৰাতি উমাল টোপনি কোন দিক্‌চৌত নাগৰিক
দুখবোৰ মৰণবোৰ কাৰ চেতনাত সহনশীল অন্তৰ্বাসৰ স্থিতিস্থাপক জৰী
উপত্যকাৰ মৃত্যুৰ হুঁচৰি গাবও নোৱাৰি শুনিবও নেৱাৰি

তৰা গলি গলি শেষ হয় ৰাতি
আন্ধাৰ ঠেলি ঠেলি উঠি আহে বেলি

(২০০০)

[ ৩৬ ]

জাকৈয়া ছোৱালী

আকাশত ৰেখা আঁকি বগলীৰ শাৰী
সৰিয়হডৰাৰ মাজেৰে সিহঁতে লানি পাতে
গামোচাৰে বন্ধা খোপা হাওলা
খিল্‌খিল্‌ হাঁহিৰ হাতচাপৰি
কঁহুৱাৰ চুলিত আউল লগোৱা বলিয়া বতাহে
নচুৱাই কঁকাল খালৈ বন্ধা জৰী

মেটেকা ফুলে চুই চাই মেঠনিমৰা বুকুবোৰ
বৰফ বগা গলধনত আঙুলি বুলাই কঁহুৱাই কয়
আহিবাচোন আকৌ এবাৰ
শিপাতে সামৰি থ’ম শ’লমাছ এবাহ

নলনিৰ আঁৰত গৰখীয়া
উজায় আহি বনগীত এফাকি ডিঙিত লাগি ধৰে
কোনে দেখে জোকে ধৰা কলাফুল
কেমেৰা দৃষ্টিৰে সিহঁতে কঢ়িয়াই নিয়ে
পানীৰে পিচল দেহ
নিষিদ্ধ সপোনৰ আকাশ আৰু এটি হুমুনিয়াহ

[ ৩৭ ]

দলনিত ডুবৈ মেটেকাত কাৱৈ পানীযুৱলিত ডাউক
উঠে-নামে জাকৈবোৰ
শব্দৰ চুপতিত বিতত উমনিৰ ঘিলাহাঁহ
সপোনৰ ডেউকাই বুকুতো কোবায়
কোন বাটে হালধি মাহ পানীতোলা ঘাট

খালৈত ধৰ্‌ফৰায় মাছবোৰে
বোকোচাত এটা উমাল সন্ধিয়া বান্ধি
সৰিয়হনিৰ মাজেৰে লানিপাতে সিহঁতে

(১৯৯৮)

[ ৩৮ ]

শৈশৱৰ ৰ’দ

নগ্নতাও শৈশৱৰ পোছাক
উপৰ্যুপৰি চুমাবোৰ গাল ৰঙা টোকৰবোৰ
সেন্দুৰ সৰা বোৱাৰী নাকটো
লিপ্‌ষ্টিক-ললনা আৰু সোলা আইতাৰ
শেলেঙী ওঁঠৰ ধেনুভিৰীয়া ছাপটো
প্ৰসাদ গোন্ধৰ হেঁপাহ বুটলি
ডাঙৰ হ'লোঁ সকলো হেৰুৱালোঁ

বুকুত দাঁত ওঁঠত হাঁহি
শৈশৱে ঘুলি লোৱা জলাহৰ অন্য নাম নাৰী

কেঁকুৰি পাৰ হৈ অনুভৱ কৰোঁ উভলা দাঁতৰ শূন্যতা
এচৰীয়া পানীত নাওখেলা দিন

আমতল পনিয়ল বগৰীৰ আঁচোৰ বৰটেঙা-দুপৰ
বনিয়নত কলমৌৰ কলাজ লৈ জাৰণিৰ সাঁথৰ ভঙা হাবিয়াস

এতিয়া বয়সসন্ধি গজি জাৰণি যেন মুখ বুকুত এন্ধাৰ সমুদ্ৰ
অ’ মোৰ সোণ বৰণীয়া মাছ
গুচাই দে প্ৰাত্যহিক আকাংক্ষাৰ নিৰ্মম বিষাদ

নগৰীয়া ভূগোলত হেৰুৱাইছোঁ পথৰুৱা জ্যামিতি
হেৰুৱাইছোঁ প্ৰভেদ দিন আৰু ৰাতি
পোছাকেৰে সামৰিব পৰা নাই নিৰ্মম নগ্নতা
সেই যে এটা চোলাৰ কাহিনী—
তাপলি মাৰি মাৰি তাপলি মাৰিবলৈ ঠাই নোহোৱা

(১৯৯৭)

[ ৩৯ ]

হিয়াজালীত মাজুলী

আমি চাপৰিয়াল
চাপৰিত ঘঁৰিয়াল নথকাৰ পিছতো বিশেষণটো বৰ আহুকাল

নৈ আমাৰ প্ৰথম প্ৰেম প্ৰথম ভয়
আমাক ভয় দেখুৱায় অভয় মুদ্ৰাত বৈ থাকে নৈ
নৈয়ে ভাঙে মথাউৰি বাৰে বাৰে আমি বন্ধাওঁ হৃদয়ৰ পাৰ
পলসে-বালিয়ে প্ৰেম-গালিয়ে নৈয়ে ছিঙে-যোৰায় মৰণমুখী শিপা

কি উৎসাহে উদ্বাউল কি দুখত কাতৰ হৈ বাট এৰি আওবাটে নৈ
ধাৰাসাৰ বৰষুণত তিতি মোৰ আঙুলিৰ ফাঁকেৰে মাটি যায় বৈ

নঙলা খুলি নৈ আহিলে বাৰীৰ ভলুকাত জাঁজৰিৰ আঙঠি
উঁইচিৰিঙা ওপঙা পথাৰত বেঙে-সাপে উঁইহাফলু
ঘৰৰ মূধত বহি বহুৰাতি চালোঁ নৈৰ ডাকিনী প্ৰৱাহ
তাৰণৰ নামফাকি গালোঁ

উছন হোৱাৰ সপোন আৰু বাস্তৱৰ পেণ্ডুলামে মোৰ বুকুত দ-বাম খেলে
পিতৃভিঠা এৰি ভয়াৰ্তই নাও মেলে পাৰৰ হাত বাউলি

চিঠি আহে নতুন ঠিকনা কুশল বিনিময় সবিনয় নিবেদন
স্মৰণ বিষাদ বা আহ্লাদত বুৰি থাকে নৈপৰীয়া ইতিহাস
বিপন্ন আত্মিক বিশ্বাস আধ্যাত্ম আশ্বাসত ঘৰ এৰি অঘৰী মহন্তৰ হাটী

[ ৪০ ]

দ্বীপৰ উকিয়ে কঁপাই জানো গম্বুজৰ কঠিন খিৰিকী
কন্‌ভয়ত গৈ অভয় দিয়া শুকান কলিজাত খুন্দিয়াই উফৰি আহে মাত
কেৱল প্ৰাৰ্থনাই ৰাখিবনে ধৰি খহি অহা পাৰ মৰি অহা পথাৰ
কথাৰ ফুলজাৰিৰ মুগ্ধকৰ আশ্বাসত অথাউনি প্ৰাণবোৰ আথানি-আবানি

একালৰ সৰিয়হৰ সাগৰত সাঁতুৰিবলৈ আকাল নাই আত্মীয়
শিমলুৱে পোৰা আকাশ তলিত আপং এঠা দৈ উজানৰ মাছ
হয়বোলা আছেবোলা জীৱনৰ অৰ্ধেক আকাশ
মোৰ আছে বৃহত্তম নদী দ্বীপত দুভৰিৰ ছাপ

(১৯৯৯)

[ ৪১ ]

নাৱৰীয়া

নৈতে চুঁচৰি ঢৌ তুলি চাকৈ চকোৱাই নমায় বেলি
ভাটীয়ালি সুৰটো পিয়াপি দিয়ে কঁহুৱা ইকৰাৰ সুৰুঙাৰে
চুই চুই নিজান গাঁৱৰ আলি-পদূলি
কলিজাত কুৰুকি সুৰে যোগাৰ কৰে গানৰ সঁজুলি

ক্ষণিকলৈ স্তব্ধ ঢেঁকীৰ চাব
জুহালত জুৰ আখ্যান-আলাপ
ফেঁচাৰ কুৰুলিত নিজম নৈপৰীয়া গাঁৱৰ গধূলি
চঁচালিত পৰি চেনেহীয়ে থ’লে গালত হাত
সুৰে খোলে বুকুৰ কপাট

বতাহ-বৰষুণ আৰু বোৱঁতী জোনাকত
পানীৰ সেওঁতা ফালি উজায় মাছমৰীয়া নাৱৰ টিং
উজানৰ প্ৰথম মাছক মাছমৰীয়াই এৰি দিয়ে বাট
নৈপৰীয়া বিষাদত উজান দুদিনৰ হৰ্ষ

[ ৪২ ]

কেতিয়াবা নক্ষত্ৰ হেৰায়
কাণিমুনি পোহৰ পৰুৱাই পোৱা গুৰিয়াল
বাট পোনাই ম’হৰ ডিঙিৰ ঘণ্টা
পলসৰ পথাৰত পামৰ পঁজা কাণিদুৱৰী
নাৱৰীয়ালৈ বাট চাই চেনেহীয়ে মেলে হাঁহিৰ হাঁচতি
এটা দীঘলীয়া ৰাতি

পানীৰে নুগুচে নাৱৰ তলিৰ আলকতৰা
টিঙত সৰা গড়াৰ মাটি বৰষুণত উটে
নৈৰ ভাষা নাৱৰীয়াই বুজে
নৈক বুজাব নোৱাৰি লুইততে
আপোনঘাতী হৈ কোন মৰে

(২০০০)

[ ৪৩ ]

গৰখীয়া দিনে উকিয়ায়

গাত গো-বাটৰ ধূলি ওঁঠত এজাক চৰাইৰ কুৰুলি
চাপৰিটোত খলকনি ঘিলাহাঁহ উৰা-দোকমোকালি

এহাতে পোছাক দাঙি গৰুৰ নেজত ধৰি
পাৰহৈ লুইতৰ সুঁতি
কঁহুৱা খাগৰি আৰু ইকৰাৰ টঙীঘৰ
চৰুলৈকে দেও পৰা কুঢ়ি মাছ
কাণ ভঙা বটুৱাত আধা সিজা ভাত

মেঘৰ চুপতিৰে নৈয়ে বহলালে সামৰা হাঁচতি
ন পানীক বাট দেখুওৱা সেইটো মোৰেই গৰখীয়া কিৰিলি
জলকুঁৱৰীক চাম নে জলকোঁৱৰ হৈ অন্তেষপুৰলৈ যাম

ভয় মাথো ভয় জৰীয়া গাত মন্ত্ৰপুত লেটা
আয়ে খেদে অপদেৱতা
তিনি-মুনি-বাটত তিনিখিলা আগলতি পাতত
সন্তুষ্ট হৈ তেওঁলোক ঘৰাঘৰি যায়
গৰখীয়া প্ৰশ্নটোৰ আজিও উত্তৰ নাই—
অপদেৱতাৰ ঘৰ ক’ত কি খায়

[ ৪৪ ]

চিলনীৰ ছাঁত কঁপে চাপৰি দুপৰৰ বননি
উদং দেহাৰে আমি স্পৰ্শ কৰোঁ নৈৰ অভ্যন্তৰ

বতাহ-বিৰিণাৰ সুহুৰিতে সুৰ মিলাই ম’হগুৱালৰ পেঁপা
ঐনিতমত জী উঠে বিনৈয়ে হেঁচা আহুৰ পুলি
কাংকানহঁতৰ লিহিৰি আঙুলি

গোধূলিৰে মলিন হ’লে মৰণাবনৰ পাত
সূৰুযেও দলিয়াই নৈলৈ
দিনজোৰা যাত্ৰাৰ মলিন পোছাক
ৰাঙলীপহীয়া মুখবোৰ লৈ
নাৱৰীয়া উকিৰে আমি উভতি আহোঁ
দবাৰ শৱদত পদূলিত প্ৰতীক্ষাৰে আই
দুচকুত চেনেহ হাঁচতি
জী উঠোঁ ভাগৰত মৰা ৰাতি

(২০০০)

[ ৪৫ ]

নৈৰ ইলিজী

নৈৰ প্ৰেমিক হৈয়ো প্ৰিয় হ’ব নোৱৰাৰ দুখকে আইক বাৰে বাৰে ক’লোঁ
যি কথা আয়ে পিতাইক আইতাক ককাই আৰু তেওঁলোকক
কৈছিল আজোককাই

নৈৰ ভোক সুপ্ৰাচীন আমি কেৱল লৰ্‌চৰ্‌
ককাৰ মাটিত মোৰ ঘাম কেতিয়াবা পানী কেতিয়াবা বাম
উচ্ছেদৰ পিচতো গৰু–ম’হ এঠা দৈ ভোগালী ধানৰ পাম

মেঘে মেঘে ফুলশয্যা পাতি নৈ আহে দুৰ্যোগৰ এমা-ডিমা লৈ
ঘোলা চাদৰখনত চপৰা হৈ খহে প্ৰাণ

পেশী ফুলাই নাও বাওঁ অথবা ভেলা-ডিঙাৰ ওপঙা পৃথিৱীত পাৱ
নৈয়ে কুৰুকি খায় গোবৰ মাটিৰ বেৰ আমি সান্ত্বনা নিবিলাওঁ
ছালকুঁৱৰীয়ে নচালৈ বাট চাওঁ পানী কিমান শুকাব
চিন দিওঁ গছত বেৰত আৰু মৃত্যুঞ্জীয়া কলিজাত
গাগিনীক সুধি ৰাতিটো কটাওঁ— বৰচাং চুবলৈ কিমান পৰ
চ’তিতে উখাহি থওঁ দহমোনীয়া নাও

চহৰৰ সীৰলুৰ গম্বুজৰ চৌবাচাত শৈশৱৰ হাতত কাগজৰ নাও
তাৰ পৰা শুনিনে মাটি সৰা মাটি মৰা শব্দ
দেখিনে উটি যোৱা বাতি-চৰু তোচক-তলিচা
সপোন দেখা ল’ৰাটোৰ পুথিৰ টোপোলা

সহানুভূতিত নুগুচে ভোক
পীত পানী নকমায় বাতৰি আৰু বিজ্ঞাপনে

(১৯৯৯)

[ ৪৬ ]

গাঁও

প্ৰথমজাক বৰষুণত গোন্ধায় মাটি পোৱাঁতী ৰমণীৰ গা
কলহে ঢলা পানীত ভৰুণ লাওৰ হেন্দালি
ধূলিয়ৰি গো-বাট এৰি সজাল ৰোৱা ফালি ক’ৰ বতাহ ক’লৈ গ’লি

সুখত উকি দুখত উকি মোৰ মাজুলীৰ ৰেল নেদেখা গঞাৰ উকিয়ে
উৰুখা ছালতে মেঘক ডৰায় কলপাততে ৰ’দ খেদায়
কাণিমুনিতে উকিয়াই বাটৰুৱা——ভাত খালিনে খালিহঁতনে ভাত

মাটিত মজো আমি আমাত গাভৰু মাটি
নাঙলটোতকৈ এমুঠন ওখ হ’লেই পিতায়ে পালন কৰে হালখতি
কোৰৰ নাল দলিমুৰিয়াৰ নাল তলুৱাত ঢৌৱা ছিগা হাত
বিন্ধনাৰে আঁচোৰোঁ আহুধানৰ কুটুলা চুলি
ভাটৌ সেউজ গোছাত গুণ্‌গুণাই বিনৈ বছা নিৰতী

টকৌৰ জাপিত বৰষুণজাক নৈ ঘাটৰ চেলকণা মাছ
বোকা ফেনেকি-খচকি সপোনে সাৰে গাঁৱৰ বাট
গোবৰৰ গোন্ধ ফটাকঁথাৰ উম আৰু ফুটছাইৰে শুকুলা জুহালত
সৰিয়হ ফুটে শব্দৰ হাঁচতি

[ ৪৭ ]

এবুকু পানীত মেঠনীৰ সতে চিলনীৰ ছাঁবোৰে চুপতিমৰা দুপৰত
নৈ ঘাটত কলহ পৰা শব্দ নলনিডৰাত কলহ ভৰা শব্দ ভৰুণ নাৰীৰ ভ্ৰূণ
মাটি পাটীদৈৰ পাটী ভীমকলৰ পাতত সৰে পৃথিৱী চোৱা নতুন উশাহ
এজোলোকা উৰুলি ঢেঁকী-কুলাৰ মাত বাঁহৰ চোঁচেৰে কাটে আয়তীয়ে
পৃথিৱী চোৱা প্ৰাণৰ নিজাকৈ বাট

মোৰ গাঁৱত সেউজ ছন্দ সুলভ সুহৃদ সহৃদয়তা
সো-সোৱাই আহে ধানৰ ডাঙৰী যেনেকৈ বাৰিষাত বান
বগী ছোৱালীৰ কলাফুলবুলীয়া ৰ’দত নিৰতী হাতৰ পৰশ পাবলৈ
আহুতলীত মই বিনৈ হৈ মৰোঁ

(২০০১)

[ ৪৮ ]

অকথিত

বলিমাহীৰ ফানে চোতাল টুকুৰিয়ালে
বুকুলৈ আঘোণ নামে
ক্ৰমে ক্ৰমে

পথাৰৰো নাচ
ঢৌখেলি নীৰৱ এবেলি
তৰাফুলা সেউজ দলিচা

তেজৰ নৈয়ে সলায় বৰণ...

তেজে তিতা পাণ্ডুলিপি
বাকচত থ’লোঁ

চিয়াঁহীত এতিয়া পলাশ
যুদ্ধভূমিৰ পৰা উভটিলোঁ
পিছে পিছে শান্তিৰ অশান্ত কঁপনি

কলমত সাৰ পাব
হয়তো এটা প্ৰেমৰ কবিতা

(১৯৯২)

[ ৪৯ ]

বৰ্ষাৰণ্যৰ সুগৰী ঘাট

শেষ এন্ধাৰত জয়পুৰৰ কুঁৱলী ফালি
সেউজ সুৰংগটোৰে গৈ পোৱা ঘাটটোত পানী খাবলৈ
তেতিয়া সুগৰী নাছিল

সুপ্ৰাচীন সংগীত এটাৰে আমাক আদৰিবলৈ পানীধাৰ ৰৈ আছিল
আমাৰ হাতৰ স্পৰ্শত বৈ যাবলৈ
হাবিতলীয়া ফুল হৈ বেলিটো ফুলোতে তোমাৰ মুখত কনকচম্পা

নাচনী নৈৰ খামুচীয়া কঁকালটো তোমাৰেই কিজানি
কলাফুল চিকুটা সোঁত বাঘে চেলেকা পানী
মোৰ বুকত বিনাই থকা দুৰ্বিনীত বাঘটো চেঁচাত গলিল
সুগৰী পহুৰ সুৱাগুৰি তোলা গোন্ধ

অৰণ্যৰ কোলাহলো ইমান নিৰ্জন
তোমাৰ ঢাকনি তলৰ প্ৰেমতকৈয়ো

পাহাৰটোক শিতান কৰি সেই দিনা পাহৰি থাকিলোঁ
ধূলিয়ৰি নগৰৰ ব্যস্ত আলাপ
তিতিলোঁ সমানে বৰ্ষাৰণ্যৰ বৰষুণ আৰু অব্যক্ত প্ৰেমত

পাতৰ আগেৰে পানী
তিতা মাটিত সেই আদিম সংগীত
আইৰ কোলাৰ গীত
আৰু আত্মাৰ নিচুকনি

(২০০১)

[ ৫০ ]

কিমান দূৰলৈ মেলিবা হাত

ভাল পাইছোঁ ভাল পাবলৈ শিকিছোঁ
কান্ধত থৈছোঁ হাত
যাবলৈ বহুদূৰ বাকী পোন বাট আওবাট

সাঁথৰৰো বাকলি গুচাই আগুৱাইছোঁ
কিমান দূৰলৈ পোহৰ দুচকুৰ জোঁৰ
বোকোচাত কঢ়িয়াম কিমান প্ৰিয় শব্দৰ সমদল

কিমান দূৰলৈ
আন্ধাৰ য’ত ঘনঘোৰ
ৰাউচিটো য’ৰপৰা আহিছে
তালৈ পোহৰ যাবনে ভোকৰ সীমা-মূৰিয়লি

কুৰুৱা নখপুতি বহা পাহাৰৰ শিখৰলৈ
ধুমুহাঙ্গাক লৈ যাবলৈ
কিমান দূৰলৈ.…..

(২০০২)

[ ৫১ ]

প্ৰেমহীনতাৰ চহৰ

এন্ধাৰত বুৰিছে সকলো
প্ৰেমহীনতাৰ চহৰ
আকাংক্ষাৰ অগনি ছয়াময়া কাণিমুনি

লেম্পপোষ্ট হৈ ওলমিছে
তোমাৰ প্ৰেম আৰু প্ৰেৰণাৰ হাত
কুঁৱলীৰে ধূসৰ পোহৰ

সুকোমল হাতেৰে তুমি সাৱটি ধৰা
যন্ত্ৰণা আৰ্তনাদ
তোমাক ধন্যবাদ

প্ৰেম জীৱনৰ উজ্জ্বলতম হেঁপাহ

এই ৰাতি জোনাক সৰিব
এন্ধাৰ গলিব
প্ৰেমৰ বৰষুণ

অন্ধ গলিৰ নলাত
প্ৰেমৰ বান আহিলে
তোমাৰ বুকুলৈ
কাগজৰ নাৱেৰে উজাম

(২০০৩)

[ ৫২ ]

নিঃস্ব কবিৰ সুখ

নিজৰ বুলি একো নাই
কলিজাটোকে দিলোঁ
ভোজমেলত তাকে উলিয়াই ল’লা
চামোচৰ শব্দত শিয়ৰিলোঁ মই
তুমি টুকুৰিয়াই চালা
বিৰিঙিল অকণমান তেজ
তুমি লুটিয়ালা বগৰালা
মঙহেৰে মিহলালা
আৰু...

এতিয়া তোমালোকৰ কলিজাই মাতে
মোৰেই মাত

(২০০১)

[ ৫৩ ]

চহৰতলিৰ শৈশৱ

ক’ত মোৰ মুকলি শৈশৱ
ডিঙিত এৰাল লৈ প্ৰাচুৰ্যৰ পাহাৰত অৱগাহন অস্বস্তিকৰ
জীৱন মাথো নিৰ্দ্ধাৰিত সপোনৰ বেতনভোগী পহৰাদাৰ

দেও নৌপাৰোতেই ভৰিত বান্ধোন পিঠিত মেটমৰা ভাৰ
ফুকলীয়া শিৰত জ্ঞানৰ ভৰ
ধলপুৱাতে মটৰে বাট দেখুৱাই
সপোন আশা নিৰৰ্থক ইচ্ছা
বয়ষ্কই গৰখীয়া পৰ দিয়া ছাত্ৰশাল নে খোৱাৰ
প্ৰতীক্ষা আধুনিক ধুন আৰু প্ৰতিযোগিতা—
কামিজ গলাবান্ধ জোতা আৰু মটৰৰ অভিজাত ৰং

সূত্ৰত ওলমা আত্মাৰ বিননি শুনি কি নুশুনি
যন্ত্ৰৱৎ পৰিক্ৰমা নিৰ্দ্ধাৰিত উৎপাদনৰ গাণিতিক সূত্ৰ
প্ৰতিযোগিতাও গড্ডলিকা প্ৰৱাহ
লক্ষ্য কেৱল ঘাঁহ আৰু ঘাঁহ

পথে পথে নিয়ন্ত্ৰকৰ পিতলৰ সুহুৰি
ডাৰোৱানে খেপিয়াই প্ৰগেছ ৰিপৰ্ট
যোগ-বিয়োগৰ আৰ্যা
অৰ্থ উপাৰ্জনৰ আধাৰশিলা

আকাশ মাথো তাঁৰে ফলা একা-বেঁকা নীলাৰ সীৰলু
ছাঁ-পোহৰৰ খেল টাবত ফুল-তৰা-বন
জীৱন চেঙালুটি পৰা বন্ধ পানীৰ মাছ

[ ৫৪ ]

শৈশৱৰ সপোন জোনৰ হৰিণ
গচকি খচকি আইতাৰ কোলা
কুঁৱলীৰ সাগৰত উজাগৰ ভেলাঘৰ
কেঁচাখৰিৰ ধোঁৱাই ধৰা আধাফুটা ভাত
ঝিলিৰ চি-চিয়নি গৰুবিহুৰ নৈ ঘাট
ওমলনি ছোঁঘৰত ভীমৰ গোঁফ

চিৰিয়াখানাত বন্দী অৰণ্যৰ জীৱন
ড্ৰয়িং ৰূমৰ বাকচত জগত-সংগীত
শাওণৰ মাখি হৈ উৰে তাত
আঁহত-কুলি-কপৌ
পোণাহঁতৰ মুখে মুখে আধুনিক কুৰুলি
উৎসাহ অৱসাদ নিচা
নগৰীয়া টোপনি...

উদ্যানৰ ফোঁৱাৰাই তিয়াব নোৱাৰে খৰাং বুকু
ওঁঠৰ পৰা হেৰায় নৈ
বুকুৰ পৰা উৰে পলস-বৈভৱ ধূলিয়ৰি হৈ

আত্মাৰ কোঠাতো জোতাৰ ছন্দ
কাৰ্পেটৰ ধূলিৰে ধুঁৱলী-কুঁৱলী
নিচিনি-নমনি-নুশুঙি
আকাশৰ ৰং বতাহত গোন্ধ

সপোনৰ লক্ষ্য প্ৰাচুৰ্যৰ সুউচ্চ পাহাৰ
জীৱন সেই লক্ষ্যৰে
বেতনভোগী পহৰাদাৰ

(২০০৪)

[ ৫৫ ]

তেওঁ অহাৰ কথা

তেওঁ নাহিলে নসৰে নিয়ৰ নগলে কুঁৱলী জোনাক
নিমাওমাও পুৱতি চৰাই বতাহো নিমাত
শুকান পথাৰত ওন্দোলি পাহাৰলৈ পলায় বৰষুণজাক
অৰণ্যত নুফুটে ৰ’দ বুকুত প্ৰেমৰ মাধৈমালতী
নৈবোৰো তিতা তিয়নীৰ আগ
নাৱৰীয়াই নেগায় জীৱনমুখী ভাটীয়ালী ৰাগ
ঘৰলৈ নোভতে চৰণীয়া গৰুজাক
উদং ভঁৰালত শুই থাকে শুং ধৰাই ফৰিং এজাক

তেওঁ লগত লৈ অহাৰ কথা
কাউৰী-পুৱাৰ ৰ’দ কপৌৰ ৰুণৰ দুপৰ
সোণপাখি চৰায়ে কঢ়িয়াই অনা সন্ধ্যা
জৰৌৰোৱা মানুহৰ বাবে এজোলোকা আশীৰ্বাদ

মেঘ মাতি মাতি ভাগৰুৱা খৰালিৰ নৈ হৈ
প্ৰতীক্ষাৰ প্ৰহৰ গণি সপোন দেখোঁ তেওঁ আহিব
তেজত চি-চিয়নি ৰং শিঙা
কেঁচুৱামখায় ৰমলিয়ায় কল্‌মলনি ভোক

[ ৫৬ ]

খবৰ আহিল
চাৰিআলিৰ চ’কত বোমটো ফুটিল
ধোঁৱাই ভেটিলে ৰ’দ

লাইটপোষ্টত কলিজা এটাৰ শেষ ধপ্‌ধপনি
কৃষ্ণচূড়াত ওলমি আছিল এটুকুৰা ল’ৰালিৰ হাত
গোটমৰা তেজত নিঠৰ মাতটো তেওঁৰে আছিল

এতিয়া পথাৰত দেদাউৰিয়াই ফুৰিছে বতাহ
বতাহৰ ডেউকাত কলিজা কঁপোৱা আৰ্তনাদ

(২০০৪)

[ ৫৭ ]

সোণ-পৰুৱাৰ মেল

এক

চকুদুটা মোৰ দাপোন
ৰঙাআলুৰ পাতত তিৰ্‌বিৰায় সোণ
সোণ চুব পৰাকৈ উত্তাপ নাই মোৰ নিঃকিন আঙুলি
তোমাৰ কপালত সোণ-পৰুৱাৰে তিলক দিম
আহা, নিঃশেষ হৈ অহা পতংগ বিচাৰি
সময়ৰ কোলাত ধান হৈ গজোঁ


দুই

আজি অস্ত্ৰ লোৱা হাতত এদিন দেখিছিলোঁ
সোণ-পৰুৱা ধৰা সুকোমল আঙুলি
কাকো নজনোৱাকৈ অৰণ্যৰ সুৰংগৰে যায় সুহৃদ
ঘূৰি আহোতে কপালত সোণ-পৰুৱা নাই
জুয়ে পোৰা আলুতলীত কাৰ হাতৰ বাৰুদ


তিনি

সপোনে বাট দেখুৱালেই যাওঁ
পিতনিৰ পৰা চুবলৈ এভুৰুকা খ
আকাশ স্পৰ্শ কৰাতো টান
ওখজনো নিতান্তই বাওনা
দেখা নাই কোনোদিনে
ওখজনেও হাঁকুটিৰেও আকাশ নমোৱা

(১৯৯২)

[ ৫৮ ]

প্ৰেম

(এক)

কেনি সোমালোঁ কেনিবা যাম
কেৱল দৌৰিছোঁ অৰণ্যৰ পৰা অৰণ্য
কুঁৱলী মাথো সেউজৰ গৰ্ভজাত
কলিজাত এটা সেমেকা দবাৰ মাত
ভৰিত বিয়নীসাৱটা
কামিজতো কাৰ্শলা বন
হাড়লৈকে কঁপনি কপালত আহাৰ মাহৰ ঘাম
পুৱতিৰ চৰাই মোকো লৈ যাবি
তটিনী তীৰলৈ যাম

(দুই)

উজুটিত নখ ছিগে
কেঁকোৰাঠেঙীয়া বাট
সন্ধ্যাটো তোমাৰ গালত ফুলিলে
মই ভটিয়নীৰ নাৱৰীয়া
চাপৰিতো হেৰুৱাওঁ বাট

(তিনি)

ওন্দোলিলে কাউৰীকণী আকাশ
ওফন্দিলে চিৰিলি নৈ
ঘাটতে মোৰ সন্ধ্যা নামিলে...
পদূলিমুখত সন্ধ্যাতৰাৰ জেতুকা বোলোৱা হাত
ওঁঠ নে বিজুলী মেঘ নে চুলি
বতাহ নে উশাহ
বহাগত বুৰিছোঁ
মনৰ বনত কোমল কুঁহিপাত
নাচনী পৃথিৱীত জুনুকাৰ মাত

[ ৫৯ ]

(চাৰি)

জোনাকে উমায়
চকুত তোমাৰ নিয়ৰ আৰু কুঁৱলীৰ সবান্ধৱ ৰাতি
পোহৰ খেদি পথ হেৰুৱাই
চুলিতে হেৰায় সন্ধ্যাৰ এবাহ চৰাই

চকু মেলাচোন
নিৰ্মল আকাশত দুচিৰা কাঁচি জোন
মই সাগৰত দিশহাৰা নাৱিক

গ’ল বাৰিষাত গৈছিলোঁ ভটিয়াই
আকৌ কাষলৈ আহিছোঁ
তোমাৰ চকুত অমানিশাৰ হাৰিকেন

কামিজৰ তলত মৰুৰ ধূলিয়ৰি শূন্যতা
ভৰিৰ পতাত পথাৰৰ ছাই
দেহ শতিকাৰ খৰাং
হেঁপাহবোৰ জোকাৰি দিয়া
বৰষুণজাক পি খাম

(পাঁচ)

জোঙাল শিলত দেও দি দি পাহৰি
ধান-শীতল পথৰুৱা বাট
গৰু বিহুলৈ দীঘলতি বিচৰা ল’ৰাটোৰ হাতত
কোনে তুলি দিলে জুইশলা বাঁহ

(২০০৪)

[ ৬০ ]

ছিটিকাত পৰা চৰাই


পি খাব নোৱৰা এপিয়লা চাহঃ

প্ৰতিটো পুৱা এপিয়লা চাহ লওঁ
হকাৰে দলিয়াই অগণন দুখৰ টোপোলা
পিয়লা ৰাঙলী ভাঙি পৰা এখন আকাশ
দিনবোৰ এনে—সময় ছিটিকাত পৰা এজাক চৰাই
বন্ধ টেমা এটাত জীৱনটো ভৰাই অসহায় ফুটা এটাৰে
নিচুকাওঁ আপোন আকাশৰ তৰাবোৰ
সিহঁতৰ শৰীৰত আন্ধাৰৰ অসুখ

আকাশত নক্ষত্ৰৰো সংঘৰ্ষ অবিৰাম
ক’ত নাই বিস্ফোৰণ — নৈ অৰণ্য আকাশ বাট ঘাট
তোমাৰ অন্তৰৰ মমতাৰ ঘৰ
আইনা হৈ ভাঙে সন্ধ্যাৰ আকাশ—খমলা বন্ধা তেজ
শিলনি-বননিত পিচল চকুলো

সন্ত্ৰাসৰ ঠিকনা সন্ধানঃ

তেওঁলোকে সন্ধান কৰে উৎস, কীটৰ লানি ক’ৰপৰা উৰে
চক্ৰাকাৰে শগুণৰ জাক ঠোঁটত শৱৰ তালিকা
কাল পখীৰ ডেউকাৰ তলৰ অমানিশা
সেইডাল গছ যাৰ ডালে-পাতে অস্ত্ৰ

[ ৬১ ]

সঁচাবোৰ নিৰ্দয়—
প্ৰীতিময় বুকুত গজি উঠা হিয়াহীন মন
আত্মা ৰহিত ধাতুৰ বুকুত ঘাতক পুখুৰী ব্যাধিগ্ৰস্ত উন্নাসিক মন
মাৰণ নৈৰ ঘাটত উন্মাদনাৰ এবটল আওপুৰণি মদ প্ৰেমহীনতাৰ গেদ
সাম্প্ৰদায়িক আওতা ধৰ্ম-উন্মাদনাৰ আফিং অথবা বলীয়ানৰ সহজ পথ
স্থুল আলিংগনে বিচাৰি ফুৰে গোত্ৰ আৰু
হত্যাৰ বৈধতা দিবলৈ দুয়োদলে মুখস্থ ৰাখে
নিউটনৰ গতিসূত্ৰ


অসম্পূৰ্ণ স্কেচ্ছঃ

দাও দাওকৈ জ্বলা ঘৰটোত কোন পুৰি মৰে
কাৰ ঘাপত ছিটিকি পৰে কাৰ জৰায়ুৰ ভ্ৰূণ
জপনাত কাৰ কটা আঙুলিত জোৰণৰ আঙঠি
মাংস মজ্জা পোৰা গোন্ধ
গাখীৰ খোৱা হাঁহিত মৰ-চিঞৰ
আঘোণৰ আঁচলত তেজ
ডাঙৰিৰ সলনি মৃতদেহৰ লানি


শিবিৰতঃ

নিজৰ নিশাহতে উচপ্‌খোৱা দিন
বোবা চাৱনি বোবা যাতনা উচুপনি আৰ্তনাদৰ নিনাও নৈ
যাতনাৰ অতল তলিত জুই আৰু জুই
মুখত শূন্যতাৰ হাহাকাৰ
তাতো ভাওনা কুশীলৱৰ সংলাপ—
অভয় আত্মীয়তা সহৃদয় প্ৰতিশ্ৰুতি
টুটি আহে বিশ্বাস ক্ৰমশঃ ধপাত কুটা মাৰি

[ ৬২ ]

কোনোবা এদিনঃ

এদিন শুকাব আৰণ্যক সময়ৰ তেজৰ নৈ
প্ৰভুৱে পালন কৰা ঘাতক সৰিব
খিৰিকীৰে দলিওৱা কোকাকোলাৰ উদং বটল
আবেলিৰ দাপোনত দেখিব সিহঁতে
নিশাহতো মলিন নোহোৱা স্বচ্ছতাত
আত্মা ৰহিত শূন্য বুকুখন
পোছাক থাকিও নাঙঠ শৰীৰ

দাপোন ধূসৰ হ’ব
আত্মজৰে থুইৰ চামনি...

(২০০৩)

[ ৬৩ ]

চিন্তাৰ ফ্ৰেমত তোমাৰ মুখ

বৰষুণ বিষণ্ণতা আৰু ব’হাগৰ কৃষ্ণছায়া এসন্ধ্যা
কাজিলা সানি মূৰ দুপিয়ালে পাতবোৰে
টুকুৰিয়াই মোৰ খিৰিকীৰ কাঁচ
তোমাক বিচাৰি গ'ল ধুমুহা এজাক
নিঃসংগতাৰ খবৰটো বতাহকে দিলোঁ

আকালতে উপচি উঠে কবিতাৰ ভঁৰাল
নৈৰ কবিতা পঢ়োঁ প্ৰেমৰ চাপৰি নাম বদনাম
অৰ্থপূৰ্ণ অৰ্থহীনতা পোৱা আৰু নোপোৱা জীৱনৰ পাগলামি
ময়ো মজলিশৰ গায়ক শ্ৰোতা অনিবৰ্চনীয় সুৰৰো আৱিষ্কৰ্তা

তুমি জানিছা নাজানিছা বুজিছা নুবুজিছা
পাঠক শ্ৰোতা অথবা উদাসীন

তোমাৰ নিভৃত অন্তৰৰ পথত বিষাদ নে গৰ্ববোধ নজনাকৈয়ে
বঢ়াইছোঁ পৈত্ৰিক উত্তৰাধিকাৰ— গঞা প্ৰীতি সৰলতা আৰু সহানুভূতি
ময়ো বিচৰা নাই কাজললতা অভিসাৰ ভ্ৰূৰ নমিত বক্ৰতা
অপৰিচিত পৃথিৱীত মই মই হ’ব পৰাটোৱেই দুৰ্মূল্য অলঙ্কাৰ

স্থায়ী ঘৰ নোহোৱাকৈয়ে মোৰ সংশয় নাই গৃহহীন হোৱাৰ
জোলোঙাত শতিকাৰ দুখ
মৰুত নৈ সন্ধানী পৰ্যটন
আঙুলিত অৰণ্য লৈ
ৰৈ আছোঁ সহযাত্ৰীৰ শাৰীত
অজান পথ

(২০০২)

[ ৬৪ ]

মাদল

উজনিমুৱা ৰেলগাড়ী এদিন অৰণ্যলৈ আহিল
গুম্‌গুমালে মাদলৰ চেও
অৰণ্যই সাবটি লোৱা নতুন অতিথি
ভাগৰুৱা দেহত পুৰাতন গছৰ ছাঁ
ছাঁৰ অন্য নাম উদাৰতা
কলঘৰৰ ঘৰ্‌ঘৰণিত মাজে মাজে নিনাও মাদল
শ্ৰমৰ বৰণ হৈ গলে মাদলৰ মাত
মুক্তিৰ সপোনটোও ৰঙা কালী আইৰ জিভা যেন

চাবুকৰ চাট্‌ত মাদলৰ মাত বিষাদ
বিষাদে খেপিয়াই ফুৰে এৰি অহা মাটি ঐতিহ্য এন্ধাৰ
ইকূল-সিকূল পাৰ হৈ সঁচা এই কূল
শিপাৰ সন্ধানে নসলায় গছৰ ভূগোল

জাৰে-জহে জাপিত দুখৰ বৰষুণ
ৰ’দলৈ উদ্বাউল চকুত পুৱতি চৰাই পাখিৰ বা
কিবা এক অস্থিৰতাত
গুম্‌গুমায় মাদলৰ চেও
মোৰ বুকুৱেও ধাৰণ কৰে সেই শব্দৰ প্ৰতিধ্বনি

[ ৬৫ ]

মাদল কেৱল উছৱৰ নাম?
তাত বাজে হেৰোৱা ছন্দ?
নিজক পাহৰাৰ বিফল আৰাৱ?

অৰণ্য ভেদি মাদলৰ চেও
মাদল এক যাতনাৰ নাম
মাদল শোষণৰ প্ৰতিকাৰ
বঞ্চনা প্ৰতিহত অংগীকাৰ
মাদল এক ৰণবাদ্য

(২০০৩)

[ ৬৬ ]

নৰক-বিষাদ


পৃষ্ঠভূমিঃ

যৌৱন সৃষ্টি-সামৰ্থ্যৰ অন্য নাম
সৰগত ফুলাই পাৰিজাত
সময়েৰে বিভ্ৰান্ত হ’লে দূৰন্ত যৌৱন
বহুতকে দিয়ে নৰক-বিষাদ

তোমাক সুধিছোঁঃ

বাট এতিয়া সুবাট?
নিৰুদ্দেশ ভাল লগা দিন
সচেতন হৈ জীয়াই থকাতো তোমাৰ দুখ
মুঠিত সুদিনৰ ভাপ নে দুৰ্দিনৰ সাপ

বাটে-ঘাটে আৰুঃ

বাট ঘাট গাঁও চহৰ আলিবাট সকলোতে অস্থিৰতা
নিয়ম ভঙাৰ নিয়মেৰে উত্ৰাৱল বে-পৰোৱা বয়স
সিহঁতৰ চকুত আশ্বৰ্য কঠিন ভাষাৰ স্বৰলিপি
উন্মাদ আকাশ বতাহ আৰু কাৰোবাৰ দিনলিপি

তুমি লৈ ফুৰানে চেতনাত লেকামৰ নিয়ন্ত্ৰণ
ব্যতিক্ৰমী যুৱকৰ পুথিভঁৰালতে সন্ধিয়া নামিলে
কৈ যায় আধুনিকাই
কিতাপৰ পোকৰ ৰোমান্স নাই— আউট্‌ডেটেড্

[ ৬৭ ]

জৰ্দাৰ পিক পেলাবলৈ মন্দিৰৰ চিৰি শ্ৰেণীকোঠাৰ চুক
প্ৰস্ৰাৱগাৰৰ দেৱালত বিবৰ্ণ হৰফৰ পৰ্ণগ্ৰাফী
গু-মৃতত লুতুৰি-পুতুৰি হৰফৰ দেৱী
উন্মাদ আনন্দ অশ্লীল সুহুৰি
নাট্যসন্ধ্যা কাঢ়িলৈ কুশীলৱৰ কণ্ঠ প্ৰেক্ষাগৃহত জান্তৱ কিৰিলি
ছেক্স ভায়লেন্স নগ্নতাত ৰাতি নুপুৱায়

চৌদিশৰ কোবাল বতাহত উৰে সংস্কাৰৰ সাজ
বাটে-ঘাটে নৈশবাছে বৰ্ষপূৰ্তি বৰ্ষভৰ্তিৰ ভোজ-ভাতে উলাহ উছৱ
দুপৰতে উফৰি পৰে প্ৰেমিক কোলাত ভাটৌঠোঁটীয়া প্ৰেমিকাৰ ওঁঠ

নিয়মৰ সীমা ভঙা দূৰন্ত যৌৱনে
সমজুৱাকৈ ভেটি ধৰে নিৰ্জু নিৰীক্ষকৰ খোজ
নকলৰ বৈধতা নিলম্বনৰ বিৰোধ


পুনশ্চঃ

তোমাক সুধিছোঁ হে অভিভাৱক
জীৱনৰ নিগনি দৌৰত পোণাহঁতক হেৰুৱাই কিনো পালা
অযত্মপালিত গোলাপ বাগিছাত কাঁইটীয়া বন আৰু অপতৃণ
ক’ত জীয়ে ফুল পুলি
মুষলধাৰ টকাৰ বৰষুণ

সময়ৰ কাণিমুনি
দিন আজি সুদিন নে দুৰ্দিন

(২০০৩)

[ ৬৮ ]

কমলাবাৰী ঘাট

ঝাওবনে ফুল বছা বলুকাত বগাই ঐনিতম
ভটিয়নি নৈৰ কোলাত ঠেঁহ লগা বেলি
গো-ধূলিৰ ধোঁৱাত কঁপে দবাৰ মাত চাপৰিৰ বৰকাঁহ
ৰিণিকি দেখা ফেৰী ওফোন্দ লগা বাছৰ গুম্‌গুমণি
ঢিমিক্‌-ঢামাক্‌ পোহৰৰ ওৰণি লৈ
শুই ৰয় পানীৰ নগৰী কমলাবাৰী

চপৰা সৰে চপৰাৰ পৰা সৰে ডুৰাকাছ
সপোন সৰাৰ শব্দত আকাশৰ কান্দোন

শীতত সাৰেঙৰ ৰং শিহুৰ সুহুৰি
ৰ'দৰ দলিচা বগলীৰ সৱাহৰ লৰিয়লি
ডৰিকলাৰ বেহুত উফৰি পৰে মাছ

মৰম নে বন্দিত্ব বুজা-নুবুজাৰ খেয়াল
চাপৰিয়াল নদীয়াল উদং ভঁৰাল টুটি অহা ভূগোল
অবিৰাম ঘূৰে উচ্ছেদৰ চকা ঐতিহ্য আৰু প্ৰেমে বান্ধে
এপৰ দুপৰ বহুপৰ উটে লেকলৌ পৰুৱা মুধচ ফটা ঘৰ
তলসোঁত ওপৰসোঁত উভলা গছৰ ওৰ

আমি বহুলাওঁ নৈয়ে চপায় প্ৰেমৰ পাটী
অভিমানত আহুকালত
এই ঘাটে লানি পাতে ভগনীয়া দল

অতিথি হৈ আহে এৰাতিলৈ কাৰোবাৰ নাতি
আইতাৰ চকুত ঢল

[ ৬৯ ]

কেনেকৈ এৰো বোপাই নাড়ীকটা মজিয়া
কইনা হৈ গৰকা চোতাল
ককাৰ হাতত সুখে-দুখে শতিকা গৰকা ভোতাল
পাৰঘাট নিমাত
উদঙাই চাচোন ঢাকোন তলত পোহৰৰ আৰ্তনাদ

চকুলো মচাৰ আহৰি নাই চাপৰিয়ালৰ দুহাত
বাৰিষা ব’ঠা খৰালি কোৰ-কটাৰী আন্ধাৰে-পোহৰে ঘৰ-বাৰী
ঘাটে সলায় ঘাট সপোন লৈ ঘাটৈয়ে ভাঙে চাপৰিৰ লুংলুঙীয়া বাট

ঘাটে বাটে চিনে সদিচ্ছাৰ বাটৰুৱা মতলবী মন
চাপৰিৰ কোনোবাখিনিত নল হৈ গজে সঞ্জয়ৰ আৰ্তনাদ
সুমিত্ৰাৰ চকুলোত সেমেকি আছে লুহিয়াৰ পাত

সোঁতে উটুৱাই গুচাব নোৱৰা হোলাৰ বিহমেটেকা
নৈক নেওচা দি পাংখাই তোলে পকনীয়া
গধুৰ জোলোঙা বৈ গুছি যায় চহৰতলিৰ পমুৱা
কঁহুৱাৰ কঁকালপোতা বালিতে চাকত ঘূৰে মৰহা আশা

আকৌ টেকেলি পোৰা গোন্ধ
মেলোঁ উজনিমুৱা নাও
ঘাটে চিনে অতিথি আৰু সুবিধাবাদীৰ ভাও

তৰাং পানীত নাও লাগি আন্ধাৰ নামিলে
অচিন ভূগোল পৰুৱাই পোৱা বাট
ঘাটে দেখুৱাব
হাৰিকেনেৰে ঢিমিক্‌-ঢামাক কমলাবাৰী ঘাট

(২০০৩)

[ ৭০ ]

আইতা

একোলা পলসত গজা শইচৰ মালিতা
ধেনুভিৰীয়া দেহত শীত-বসন্তৰ গাথা
পকা কঠাল যেন হাঁহিৰ গোন্ধেৰে সেয়া আমাৰ আইতা

হাঁচতিত ৰ’দ-বৰষুণৰ হীৰক জয়ন্তী
খোচোনাত অন্তহীন এটোপোলা সাধু
চুলিত খেতি চপোৱা পথাৰৰ শূন্যতা
তাতে দলঘাঁহ এডৰা

অগণন ৰেখাৰ কটাকটি জ্যামিতিৰ চিত্ৰায়িত মুখত
ইতিহাসৰ হাঁহি-কান্দোনৰ ৰোল

খাট্‌পেৰাত আইতাৰ ভাগৰুৱা দেহৰ অৱশেষ সপোন
ধান সেউজ বৰষুণ নৈখনো খীৰতী গাই যেন
আহুতলিৰ বহাগী যৌৱন পুৰুষে মুখ নেদেখা ন-কইনাৰ মন

আইতাৰ ছাঁটো আমাৰ চাবেক ঘৰ
ঢাৰি পাৰি বহে তেওঁ গৈ থাকে জোন
চোতালে তামোলে বাঁহগছ দোঁৱাই জোনাকৰ বৰষুণ
তাতে জুৰুলি-জুপুৰি তেজীমলা
মালিনীৰ বাৰীত ফুলকোঁৱৰ সৰা
ভৰিৰ তলৰ মাটি খহি দ গাঁত নে কমলা কুঁৱৰীৰ নাদ

[ ৭১ ]

চানি পৰা চকুত অনেক সাঁথৰ
দুপৰতে মৈদাম খন্দা দুৰ্যোগ
জুই বিচাৰি নিৰুদ্দেশ সন্তানৰ দুখ
শোতোৰা ছালে ধৰি ৰাখিছে জাৰলৈ উম
তেওঁ শিকায় একাঠী ওৰণিৰেও ৰোধিব পাৰি শিল-বৰষুণ
গাৰুৰ তলত সযতনে থয় গাভৰু কালৰ কাঁচিখন

ঢাৰি-পাতি লোৱা কেবাদিনো হ’ল শেলেঙি শুকাল আইতাৰ
কাষলৈ মাতি ক’লে আইতাই— এইবাৰ ককাৰৰ কাষলে যোৱাৰ পাল
শুনিছোঁ তই হেনো পাতিবি চহৰতে ঘৰখন
পাতিলেও পাত ঘৰখনহে বেলেগ
মনবোৰত চোন চিনেই নাই গাঁও নে নগৰ

পিছে ফেঁহুখোৱা জিভাৰে চাকিব পাৰিবিনে বিষ
ঠেক-ঠুকেই হওক চোতালখন ৰাখিবি
গজাবি দুডালমান দুবৰি বন
সি মৰিও নমৰে
অমৰণ...

(২০০১)

[ ৭২ ]

নিমাতী ঘাট

নগৰৰ বুকুৰ পৰা কেৰেলুৱা গতিৰে অহৰহ্ ঘেৰ্‌ঘেৰী বাছ
উখল-মাখল বুকু নিমাতী ফেৰীঘাট

ফেৰীৰ সুহুৰি নৈৰ সঁহাৰি বা বিৰাগ
নাৱৰ ছালত কুশলী চালকৰ লাঠিৰ দুটা কোব
তাৰ পাছে কেইবা দশক পুৰণি ইঞ্জিনৰ ঘেৰ্‌ঘেৰ্‌ আৱাজ
মাজুলীলৈ বাট বুলে ফেৰী

ফাগুনৰ ধূলিৰ ধুমুহাত বিতত ঘাটৰ বালিৰে
আইতাৰ হাত লাগি উৰি আহে সান্দহৰ ফুফুৰীয়া গোন্ধৰ ব’হাগ

চোলাৰ মোনাত লৈ ভগ্নপ্ৰায় মাজুলীৰ ছবি
পৰ্যটকে খুটিয়ায় নৈৰ পাৰ
ভাষাৰ দেৱাল ভাঙি দত্তই সোধে—একাপ চাহ?

পাৰত চট্‌ফটাই যোৰীয়া আঁৰি
কিলো ষাঠি—জীৱিকাৰ আটাহ
‘মোৰ মালবোৰ ভালদৰে তুলিবি, গাড়ীখন ভালদৰে...’
‘মই পিছে মাজুলীলৈ বিয়া নহওঁ দেই...’
বনভোজৰ গাভৰুৰ ভঙা-ছিঙা মাত

[ ৭৩ ]

চহৰৰ সীৰলু আকাশ তলত ফুটবলৰ গতিৰে
সপোনতে মাজুলীৰ ব্যাস জোখা চহৰীয়া ল’ৰাবোৰে
ঘাটৰ পাৰত ৰৈ দূৰলৈ উকিয়াই— আকাশ ইমান বিশাল

ফেৰী চাপিলেই অত্ৰাণি— চাৰিগাঁও পটীয়া গাঁও
নাৱৰ বুকুৰ পৰা গাড়ী ধৰা জাপ
উখল-মাখলত নিজৰ বুলি আনৰ ল’ৰাকে সাৱটি কোনে কৰে ভুল
সময়ৰ নাটনিত সপোন দেখা ৰোগীয়ে উশাহ পেলায়
আমাৰ পাৰঘাট উচ্ছেদৰ ইতিহাস
লাহে লাহে টুটিছে তোৰ বহল পাটী
অ’ মোৰ চেনেহৰ নিমাতী

(১৯৯৮)

[ ৭৪ ]

কবিতাৰে মুখামুখি দিন

এক

শিলৰে সহবাসত হেৰুৱালোঁ ঘাঁহ গজোৱাৰ সামৰ্থ
শেলুৱৈ শীতল দুৰ্গমতাত হেৰুৱালোঁ জোনাক
হাতৰ মুঠি খুলি দে মোক এচিকটা পোহৰ
অথবা মোক হত্যা কৰ
তোৰ দুবাহুত চিপজৰী ল’বলৈ দে
মোক লাগে ফিনিক্সৰ জন্ম
এইবোৰ পণ্ড কবিতা পুৰি নেপেলাও কিয়


দুই

বুকুখনকে পাৰি দিছোঁ সাৱধানে বহ
চাই-চিতি দিবি হাত শৰীৰটো বাৰুদে কৰা গাঁত
বেলিতো গহ্বৰ আছে
মোৰ নাই আপোন দোকমোকালি
আন্ধাৰত পচিলেও ওঁঠত আঙুলি দিবি এচিকটা ৰ’দ


তিনি

প্ৰেমৰ খবৰ কিনো ক’ম
হালধীয়া পাতত নজমে হিম
স্তব্ধ নদীলৈ মৰুৱে মেলে হাত
সকলো দুখ তেকেই দিম শুকান বালিত ভোজ-ভাত

[ ৭৫ ]

চাৰি

যাতনাই খহাই নাঙঠ কৰা দেহত নিচুকনি লাজ
বহুদিন পাৰ হৈ মলিয়ন তোৰ সন্মিলনৰ সাজ
ন বা পুৰণি মোৰ এজোৰো নাই
জুইক জানো লাগে পোছাক


পাঁচ

ডাং নোহোৱা উদং ঘৰলৈ কবিতাৰ অবাধ আগমন
উৰুখা ছাল মজিয়াত সজাওঁ ৰ'দ-বৰষুণ
শিতানতে টোপনি শুব পৰা নাই
কবিতাই কন্দুৱায় নিচুকায় দিনৰ পিচত দিন

(১৯৯৪)

[ ৭৬ ]

দুখৰ দিন আৰু কিছু সংলাপ

এক

জোনাকৰ কুলাই-পাচিয়ে নধৰা দুখ
ৰাতিৰ অহংকাৰ
পৃথিৱীৰ ওঁঠৰ মৌন কান্দোন লৈ উৰি যায় জাক জাক চৰাই
পোহৰ ক’ত পোহৰ
শোকাকূল দিনৰ টিপচহী লৈ
এই নৈত তেজৰ এসোঁত


দুই

হৃদয় পুতি বুকু উদঙালোঁ সভ্যতাৰ গাত বিধ্বংসী পোছাক
শুকান শলিতাক তেজ লাগে এচাকি দুচাকি চাকি চাকি
সেই পোহৰৰ তুমি খৰিদ্দাৰ বা বিক্ৰেতা
সস্তা সকলোতকৈ তেজেই সস্তা


তিনি

উপাধিক সুধি-পুচি যদি মৃত্যু আহে অথবা ক্ষমা
তোমাৰ সন্তানক কি উপাধি দিবা
সেন্দুৰত দীঘল জীৱন বোৰখাত চুটি
অথবা তাৰ সম্পূৰ্ণ ওলোটা
নঙঠাই সাজ হ’ব সাজ পিন্ধা উলংগ লোকৰ
নিৰাপদ সাজ
নুফুটে তাত ভয়াৰ্ত প্ৰাণৰ দুখৰ অত্ৰাণি

[ ৭৭ ]

চাৰি

এইবাটে পোহৰ নাই সূৰ্যও অনাহূত নাম
নাই নদী নাই অৰণ্য
তৰাফুলা উৎসৱ
দুপৰৰ ঝিলিৰ কলৰৱ
প্ৰেমো নাই সৰা নাই টেবুলত
উজাগৰ মমৰ টোপাল
বতাহ মাথো বতাহ
চাকি নুমোৱা চিতা জ্বলোৱা
কুকুহা উৰোৱা
ঘৰ পুৰি গৰ্ভৱতী মানুহজনীৰ পেট ফালি
পো মৰা ৰাতিটোৰ পৰা মই শুব পৰা নাই


পাঁচ

মই জানো
এই বাটে আহিব এদিন এজাক পোহৰৰ শিশু
অন্ধত্ব পুৰিবলৈ হাতত জোঁৰ
বাৰুদে পোৰা শৰীৰত এজাক শীতল বৰষুণ

এতিয়া সুধিবই নালাগে
দুৱাৰত কোন?

পলাতক আৰু অনুসৰণকাৰী
দুয়োৰে হাতত ফিৰিঙতি

আমাৰ ফাগুনৰ পঁজাত
শুকান খেৰ

(১৯৯৪)

[ ৭৮ ]

বিবাহলৈ নিমন্ত্ৰণ

সবিনয় নিবেদন
শ্ৰদ্ধেয় পাঠক
বিবাহলৈ আপোনালোকক সশ্ৰদ্ধ নিমন্ত্ৰণ

নাগৰিক ব্যস্ততাৰ হিচাপ-নিকাচত সুৰুঙা ওলালে আহিব এপাক
নাৰীসত্তাৰ বিশালতাত আত্মজাহৰ বৈভৱ শূন্য আনুভূতিক আয়োজন
বিবাহ কেৱল জানো পম্পৰাত অনুমোদন
যদি বাঢ়ে বুকুৰ পৰা বুকুৰ দূৰত্ব আদৰ্শত বাঢ়ে ফাঁক
বিবাহ স্বাভিমান ভঙা এখন যুদ্ধৰ আয়োজন

এটি নতুন বাটৰ সন্ধানত আমি পিছলাইছোঁ হাত
খোজে ভাঙিব পাৰে আপোনালোকৰ চিৰকলীয়া বাট
তাৰ ক্ষমা প্ৰাৰ্থনাৰে...

হে মোৰ বন্ধুগণ সকলো হিংসুক আৰু
আদৰ্শৰ আটাহত হোষ্টেলত মম গলোৱা ৰাতিৰ সতীৰ্থ
তোমালোক ক’ত! তোমালোককো প্ৰীতিময় নিমন্ত্ৰণ

অহা-যোৱাৰ বাটত চিৰন্তন সুদা হাত
উপহাৰ নলাগে আনিব আমদানিকৃত টোপোলাত আপোনাৰ অহংকাৰ
বুকুজুৰি আছে মোৰ বঞ্চিত মানুহৰ দুখৰ উছৱ

পাৰিছোঁ এবাৰ দুবৰিৰ সেউজ দলিচা তামোলৰ পিকৰঙা এচেৰেঙা ৰ’দ
ক’লা-বেপাৰীৰ কেৰাচিনৰ ছাঁ জ্বলা এটি হাৰিকেন

[ ৭৯ ]

ধূলিয়ৰি বাট পথাৰৰ সেউজ চৰণীয়া গো-বাটে সহিব কিমান
আৰামী যানৰ আঘাত
ত্ৰাণ শিবিৰৰ পদূলিত লানিপতা মটৰ আজোখা অলংকাৰ
কেনেবাকৈ লাগিব এজাক নাঙঠ শিশুৰ শেঙুনলগা হাত
টায়াৰ চলাই পাৰ হ’ব এজাক চেমনীয়াৰ নিৰ্দোষ কিৰিলি
পাৰ হ’ব ভোকাতুৰ জীৱন্মৃতৰ দল
পাৰিবনে বধিব এদিনলৈ যন্ত্ৰই ভাৰবোৱা আপোনাৰ মৃতদেহ

পদূলিত থাকিব গাঁৱলীয়া আই
কোনোবাই সুধিব সাদৰে— আহিলেনে? কৃত্ৰিমতা নাই

ৰভাতলীত নুসুধিব কইনাৰ জাত
নাজানো ময়ো তেওঁৰ গোত্ৰ ধৰ্ম অথবা কিমানবাৰ দিয়া হৈছিল
বিবাহৰ বিজ্ঞাপন
ওঁঠৰঞ্জনীৰ পৰা ছিটিকিলে অহংকাৰ তেওঁতো নকৰে দুখ
তেওঁৰ আছে উপহাসকো অনায়াসে গ্ৰহণৰ অংগীকাৰ

নাই তেওঁৰ প্ৰতিযোগী সৌন্দৰ্য অথবা প্ৰসাধনৰ জোলোঙা
কৃত্ৰিমতাৰ সাজেৰে নবঢ়াই তেওঁ পুৰুষৰ অহংকাৰ
নাই কোনো বিষয়-বৈভৱ হদয়ৰ বাহিৰে
তেওঁ মাথো ধৰণ কৰিছে সকলো লাঞ্ছিত নাৰীৰ আৰ্তনাদ
দুচকুত তৰা নাই সাগৰৰ নীলা নাই আছে মাথো নৈয়ে ভঙা মাটিৰ পলস
উদ্বাস্তু শিবিৰৰ উমি উমি জুই

[ ৮০ ]

কণ্ঠহাৰৰ সলনি তেওঁ পিন্ধি লৈছে সকলো ধৰ্ষিতা নাৰীৰ শৰীৰৰ দাগ
যাতনাত কাতৰ হ’লে বুলাবলৈ তেওঁৰ মাতৃময়ী হাত
শীতলতা গলাব পৰাকৈ শৰীৰৰ উত্তাপ
কইনাৰ বেশতো তেওঁৰ কেৱল নিৰ্ভীক পোছাক

আমি বৰ্জন কৰিম বিবাহৰ সকলো পৰম্পৰা
ধূপৰ সলনি ৰ’দে পোৰা দেহা
ধৰ্মৰ আৰলত নিধন হ’লে ঈশ্বৰ সাক্ষী থ’ম কাক
পুৰোহিতো নালাগে আপুনি হ’বনে সাক্ষী পঞ্জীয়ক ধৰ্মাৱতাৰ

পৰস্পৰে অস্ত্ৰাঘাত নকৰা মাথো বিশ্বাসৰ মন্ত্ৰ
হোমাগ্নিৰ সলনি জাৰ সেকি বাঁহৰ মূঢ়াৰ জুই
দুখবোৰ পুৰি পকেটত সস্তীয়া চাউলৰ হিচাপ লৈ ওলাই যাম
এদিনলৈ পাহৰিব পাৰিবনে পানীয়ৰ বিলাস খাহী মঙহৰ সোৱাদ

আমি নিমন্ত্ৰণ কৰিম সকলো সন্তানহীন নাৰীক আৰু
তেওঁলোকৰ চকুলোক চলুপাতি গ্ৰহণ কৰিম কাৰুণ্যৰ আশীৰ্বাদ
যথাদিৱসত লগ পোৱাৰ আশাৰে...

(২০০৩)

[ বেটুপাতৰ শেষ পৃষ্ঠা ]
 

 ৰাজীৱ বৰাৰ কবিতাই ইতিমধ্যে পাঠকৰ মনোজগতক চিন্তা আৰু উপলব্ধিৰ খোৰাক দিবলৈ সক্ষম হৈছে। তেওঁৰ কবিতাই ঘাইকৈ গ্ৰাম্য জীৱনৰ প্ৰাকৃতিকতাৰ প্ৰতি শ্ৰদ্ধাবোধ, সামাজিক দায়িত্ববোধ, ঐতিহ্যলব্ধ সাংস্কৃতিক পৃষ্ঠভূমিত আত্মানুসন্ধান, নৈসৰ্গিক প্ৰকৃতিৰ বিনন্দীয়া ৰূপশোভাৰ মাজেদি ৰোমান্তিক গীতিময়তাত অৱগাহন আদিৰ মাজতে নিজৰ পৰিধি স্থিৰ কৰি লোৱা দেখা যায়। উজনি অসমৰ লোকভাষাৰ বিশেষ ধৰণৰ ছান্দিল প্ৰয়োগৰ প্ৰতি তেওঁৰ দুৰ্বলতা আছে। কাব্যভাষাৰ নিজা বাট এটা বিচাৰিবলৈ তেওঁ নিৰন্তৰ অনুশীলন অব্যাহত ৰাখিছে। কবিতাৰ মাজেদি গল্প কোৱা কৌশলো তেওঁ সময়ে সময়ে গ্ৰহণ কৰা দেখা যায়।

 এই ‘তটিনী তীৰৰ খেলা’ৰ কবিতাখিনি কবি বৰাৰ আগ বয়সৰ ৰচনা। কিন্তু এই তাঙৰণৰ কবিতাসমূহ তেওঁৰ পৰিণত বয়সৰ কলমেৰে সম্পাদিত। কাৰণ কবিতা প্ৰথমে কিতাপ আকাৰে ওলাই যোৱা প্ৰায় এযুগ হ’ল। এটা যুগৰ পাচত একেখিনি কবিতাৰে একে ভাব একে ৰূপতে পৰিমাৰ্জন কৰি উলিওৱাৰ সমান শ্ৰমসাধ্য কামো তেওঁ কৰিবলৈ কুণ্ঠিত হোৱা নাই।

 তেওঁৰ কবিতাত ব্যঞ্জনাৰ পৰিৱৰ্তে ব্যঙ্গ সৃষ্টিৰ প্ৰয়াস বেছিকৈ অনুভূত হয়। কিন্তু সাৰ্থক ব্যঙ্গৰ পৰ্যায়লৈ নিবলৈ কবিতাৰ কৌশলগত বিবিধ উপাদান আৰু সূক্ষ্মভাৱে আহৰণ কৰিব পাৰিব লাগিব। কাৰণ, কবিতাই লিখিত শব্দবোৰক মাধ্যম হিচাপেহে ব্যৱহাৰ কৰে, লিখিত শব্দাৱলীয়েই আচল কবিতাটো নহয়।

 এই কবিতাখিনিয়ে যেনেকৈ কবিৰ কাব্যযাত্ৰাৰ আৰম্ভণিৰ চানেকি বহন কৰিছে সেইদৰেই আধুনিকতাৰ নামত যান্ত্ৰিকতাই গ্ৰাস কৰা অসমৰ কৃষিনিৰ্ভৰ নৈপৰীয়া সমাজ এখনৰ হুমুনিয়াহো এইখিনিৰ মাজত আছে। কবিতাখিনিৰ মাজত একোখন চিত্ৰই পাঠকৰ বুকুত খামোচ মাৰি ধৰিব খুজিব, আন একোখনে পাঠকৰ সংবেদনাক চকুৰ পানীলৈ ৰূপান্তৰিত কৰিব। ভাব আৰু বিষয়ৰ সৰলতাক ভাষাৰ জতুৱা গোন্ধটোৱে প্ৰায়েই তুলি ধৰিছে।

ড° মৃদুল শৰ্মা


 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।