পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পপীয়া তৰা

আইতাই কৈছিল
পপীয়া তৰা দেখিলে তিনিবাৰ থুৱাবি
আকাশলে নেমেলিবি হাত

হাতীৰ শুঁৰ যেন ৰাতি
পপীয়া তৰাৰ জুইত তৰণি নাই
পোৰে পৈণত গুটিৰ শাহ
কেতেকী চৰাইৰ কণ্ঠ
আঁহত তলৰ শীতলতা
গোবৰ মাটিৰ মৰল

ৰাতিৰ বাগিছাত পপীয়া তৰাৰ লমালম্ থোকা
ফল পোৰা ফুল পোৰা
কুকুহা উৰে পোৰে পাতসীয়া চৰাইৰ বাহ

বুকুখন সিজিছে
ক’ত থওঁ ল’ৰালি যৌৱন বা বৃদ্ধত্ব
চকুত আন্ধাৰৰ সাগৰ
পোহৰৰ আকাল

(২০০৪)

তটিনী তীৰৰ খেলা// ১৯