পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চহৰৰ সীৰলু আকাশ তলত ফুটবলৰ গতিৰে
সপোনতে মাজুলীৰ ব্যাস জোখা চহৰীয়া ল’ৰাবোৰে
ঘাটৰ পাৰত ৰৈ দূৰলৈ উকিয়াই— আকাশ ইমান বিশাল

ফেৰী চাপিলেই অত্ৰাণি— চাৰিগাঁও পটীয়া গাঁও
নাৱৰ বুকুৰ পৰা গাড়ী ধৰা জাপ
উখল-মাখলত নিজৰ বুলি আনৰ ল’ৰাকে সাৱটি কোনে কৰে ভুল
সময়ৰ নাটনিত সপোন দেখা ৰোগীয়ে উশাহ পেলায়
আমাৰ পাৰঘাট উচ্ছেদৰ ইতিহাস
লাহে লাহে টুটিছে তোৰ বহল পাটী
অ’ মোৰ চেনেহৰ নিমাতী

(১৯৯৮)

তটিনী তীৰৰ খেলা//৭৩