পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেমহীনতাৰ চহৰ

এন্ধাৰত বুৰিছে সকলো
প্ৰেমহীনতাৰ চহৰ
আকাংক্ষাৰ অগনি ছয়াময়া কাণিমুনি

লেম্পপোষ্ট হৈ ওলমিছে
তোমাৰ প্ৰেম আৰু প্ৰেৰণাৰ হাত
কুঁৱলীৰে ধূসৰ পোহৰ

সুকোমল হাতেৰে তুমি সাৱটি ধৰা
যন্ত্ৰণা আৰ্তনাদ
তোমাক ধন্যবাদ

প্ৰেম জীৱনৰ উজ্জ্বলতম হেঁপাহ

এই ৰাতি জোনাক সৰিব
এন্ধাৰ গলিব
প্ৰেমৰ বৰষুণ

অন্ধ গলিৰ নলাত
প্ৰেমৰ বান আহিলে
তোমাৰ বুকুলৈ
কাগজৰ নাৱেৰে উজাম

(২০০৩)

তটিনী তীৰৰ খেলা//৫১