পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিন্তাৰ ফ্ৰেমত তোমাৰ মুখ

বৰষুণ বিষণ্ণতা আৰু ব’হাগৰ কৃষ্ণছায়া এসন্ধ্যা
কাজিলা সানি মূৰ দুপিয়ালে পাতবোৰে
টুকুৰিয়াই মোৰ খিৰিকীৰ কাঁচ
তোমাক বিচাৰি গ'ল ধুমুহা এজাক
নিঃসংগতাৰ খবৰটো বতাহকে দিলোঁ

আকালতে উপচি উঠে কবিতাৰ ভঁৰাল
নৈৰ কবিতা পঢ়োঁ প্ৰেমৰ চাপৰি নাম বদনাম
অৰ্থপূৰ্ণ অৰ্থহীনতা পোৱা আৰু নোপোৱা জীৱনৰ পাগলামি
ময়ো মজলিশৰ গায়ক শ্ৰোতা অনিবৰ্চনীয় সুৰৰো আৱিষ্কৰ্তা

তুমি জানিছা নাজানিছা বুজিছা নুবুজিছা
পাঠক শ্ৰোতা অথবা উদাসীন

তোমাৰ নিভৃত অন্তৰৰ পথত বিষাদ নে গৰ্ববোধ নজনাকৈয়ে
বঢ়াইছোঁ পৈত্ৰিক উত্তৰাধিকাৰ— গঞা প্ৰীতি সৰলতা আৰু সহানুভূতি
ময়ো বিচৰা নাই কাজললতা অভিসাৰ ভ্ৰূৰ নমিত বক্ৰতা
অপৰিচিত পৃথিৱীত মই মই হ’ব পৰাটোৱেই দুৰ্মূল্য অলঙ্কাৰ

স্থায়ী ঘৰ নোহোৱাকৈয়ে মোৰ সংশয় নাই গৃহহীন হোৱাৰ
জোলোঙাত শতিকাৰ দুখ
মৰুত নৈ সন্ধানী পৰ্যটন
আঙুলিত অৰণ্য লৈ
ৰৈ আছোঁ সহযাত্ৰীৰ শাৰীত
অজান পথ

(২০০২)

তটিনী তীৰৰ খেলা//৬৩