পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্বাচন

নৈয়ে ভালপায় খহাব পৰা সুকোমল মাটি
পখিলাই ফুল
ভালুকে বতাহ—কোন দিশে মৌ

নিৰ্বাচকক আগেয়ে নিৰ্বাচন কৰাটোৱেই নিৰ্বাচনী খেল
বিচাৰি লোৱা সকলো দুৰ্বলতা আৰু গোপনীয়তা
ভাষণত গুড়ি আত্ম মগ্ন মানুহৰ নিৰ্জনতা
দিনবোৰ ৰাতি ৰাতিবোৰ দিন
কম্বল আঁঠুৱা নিচা
তেওঁলোক আঁঠুৱাতলৰ মহ

নিৰ্বাচন সুহুৰিয়াই মতা খেল
সংগোপন সুহুৰি অমাতৰ মাত
ৰাতিটো চুৰ কৰি ৰাতিৰ বুকুত মেলি দিয়া দিন
এদিনৰ ফুল এদিনৰ এসাজ
তোমাৰ আঙুলিত এদিনৰ ভুল
তাৰ পাছে নিৰৰ্থক শুধৰণিৰ পাঁচবছৰীয়া খেল

প্ৰতিদান খুজি অধিকাৰ বিচাৰি উজুটি হামখুৰি তাঁত বাতি
বাট কুৰি বাই মাকো যেন দেহাটো গোৰোহাত ফাঁট
প্ৰভুৰ দুৱাৰত মূৰ আফালিয়াই ৰাঙলী চৌকাঠ

তাৰ পাছে শীত নিদ্ৰা
আকৌ গ্ৰীষ্ম আকৌ বৰষুণ আকৌ সুহুৰি
নৈবোৰ বাঢ়িলেও তাৰ ঢৌৱে নোচোৱে
আমাৰ শুকান ঘাট

(২০০৬)

৩২//তটিনী তীৰৰ খেলা