পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(চাৰি)

জোনাকে উমায়
চকুত তোমাৰ নিয়ৰ আৰু কুঁৱলীৰ সবান্ধৱ ৰাতি
পোহৰ খেদি পথ হেৰুৱাই
চুলিতে হেৰায় সন্ধ্যাৰ এবাহ চৰাই

চকু মেলাচোন
নিৰ্মল আকাশত দুচিৰা কাঁচি জোন
মই সাগৰত দিশহাৰা নাৱিক

গ’ল বাৰিষাত গৈছিলোঁ ভটিয়াই
আকৌ কাষলৈ আহিছোঁ
তোমাৰ চকুত অমানিশাৰ হাৰিকেন

কামিজৰ তলত মৰুৰ ধূলিয়ৰি শূন্যতা
ভৰিৰ পতাত পথাৰৰ ছাই
দেহ শতিকাৰ খৰাং
হেঁপাহবোৰ জোকাৰি দিয়া
বৰষুণজাক পি খাম

(পাঁচ)

জোঙাল শিলত দেও দি দি পাহৰি
ধান-শীতল পথৰুৱা বাট
গৰু বিহুলৈ দীঘলতি বিচৰা ল’ৰাটোৰ হাতত
কোনে তুলি দিলে জুইশলা বাঁহ

(২০০৪)

তটিনী তীৰৰ খেলা//৫৯