পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবে এই দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবলৈ মন মেলিলোঁ। এই উদ্দেশ্যৰ সৈতে অৱশ্যে অন্য এটা বিশেষ কাৰণো জড়িত হৈ আছে। কবিতাৰ ক-ক ম-ম দুটামান লেখিয়েই ২০০৫ চনত অত্যুৎসাহিত হৈ কবিতাপুথিখন প্ৰকাশ কৰি উঠি লক্ষ্য কৰিলোঁ যে জীৱনত কৰা ভুল কামৰ ভিতৰত অন্যতম এটা আছিল সেই সময়ত এই কবিতা পুথিখন প্ৰকাশ কৰা। কিয়নো ভালেমান বৰ্ণাশুদ্ধিৰ উপৰিও বাক্য গাঁথনি, শব্দ প্ৰয়োগ, ভাবৰ অস্পষ্টতা আৰু অনেক আসোঁৱাহ লৈ পুথিখনৰ কবিতাসমূহে মোৰ কাব্য-চৰ্চাৰ দীনতাক হাঁ কৰি মুখ মেলি গৰ্ভলৈকে উদঙাই দেখুৱাইছে। এই বোধ হোৱাৰ পৰা কাব্য প্ৰকাশৰ উচাহ ততালিকে ধানখেৰৰ জুইৰ দৰে চেঁচা পৰিল সেয়ে প্ৰকাশিত সংকলনটোৰ যি দুখনমান কবিতা পুথি কাৰোবাৰ কাষ পালেগৈ তাৰ ব্যতীত সকলোবোৰ প্ৰায় নষ্ট কৰি পেলোৱা হ’ল। পিছে প্ৰথমৰ কবিতা বুলি থকা মোহ আৰু অদ্যাৱধি কৰি থকা কবিতাৰ অনুশীলন আৰু কবিতাৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি দিয়াৰ বাবেই কবিতাখিনি কিছু সংশোধন কৰি পুনৰ প্ৰকাশৰ কথা চিন্তা কৰিলোঁ। এয়া কেৱল ভঁৰাল ভৰোৱাৰ কামহে, উন্নত সঁচৰ কঠীয়া সচা কাম নহয়। সেয়ে কবিতাসমূহত থকা অপৈণত দোষ আজিও প্ৰায় সমানেই বিদ্যমান। কবিতাসমূহৰ সংখ্যাটো একেই ৰাখি পূৰ্বৰ আসোঁৱাহসমূহ গুচাবলৈ যত্ন কৰা হৈছে। এনে কৰোঁতে পূৰ্বৰ কবিতাটোৰ শৰীৰটোৰহে কিছু সলনি হৈছে, ভাব-অনুষংগ পূৰ্ববৎ ৰাখিবলৈ যত্ন কৰা হৈছে। যাতে মোৰ শেহতীয়া কবিতাখিনিত ধৰি ৰাখিব বিচৰা পৰ্বান্তৰৰ ভংগীটোৰ সৈতে এই পুৰণা কবিতাখিনৰ জোঁটা-পোটা নালাগে। সেয়ে কবিতাখিনিয়ে প্ৰধানকৈ সিবোৰ সৃষ্টিৰ সমকালীন চৰিত্ৰটোকেই ভাৰ বৈ ফুৰিছে। হেঙুল-হাইতাল বোলোৱাৰ অন্তত প্ৰতিমালৈ অহা চমকৰ দৰে কবিতাখিনিত যদি কিবা উজ্জ্বলতা আহিছে সেয়া সিহঁতৰ পুনৰ জনম নহৈ পৰিষ্কৰণহে হৈছে।

 এনে এটা প্ৰচেষ্টাৰ বাবে উৎসাহিত কৰাৰ বাবে সহধৰ্মীণী মীনাক্ষীৰ পুনৰ শলাগ ল’লোঁ। তদুপৰি কবিতা পঢ়ি সততে পৰামৰ্শ আগবঢ়োৱা হৰেকৃষ্ণ ডেকা ছাৰ, প্ৰভাত বৰা ছাৰ, আনিছ উজ্ জামানদা, অৰিন্দম বৰকটকী, ৰঞ্জন ভট্টাচাৰ্য, দেৱভূষণ বৰা, মৃদুল শৰ্মা, অৰবিন্দ ৰাজখোৱা, অসীম চুতীয়া, চিত্ৰজিৎ শইকীয়া, বেদান্ত পূজাৰী, সিদ্ধাৰ্থ শংকৰ কলিতালৈকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সংশোধিত সংস্কৰণটো প্ৰকাশ কৰাৰ বাবে পাঞ্চজন্য বুকছৰ স্বত্বাধিকাৰী ধীৰাজ কুমাৰ লহকৰৰ শলাগ ল’লোঁ।

ৰাজীৱ বৰা
নাজিৰা মহাবিদ্যালয়
৯৪৩৫০৫৮৫২৭
এপ্ৰিল, ২০১৮e-mail : rajibnazira@gmail.com