সমললৈ যাওক

পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সঁচাবোৰ নিৰ্দয়—
প্ৰীতিময় বুকুত গজি উঠা হিয়াহীন মন
আত্মা ৰহিত ধাতুৰ বুকুত ঘাতক পুখুৰী ব্যাধিগ্ৰস্ত উন্নাসিক মন
মাৰণ নৈৰ ঘাটত উন্মাদনাৰ এবটল আওপুৰণি মদ প্ৰেমহীনতাৰ গেদ
সাম্প্ৰদায়িক আওতা ধৰ্ম-উন্মাদনাৰ আফিং অথবা বলীয়ানৰ সহজ পথ
স্থুল আলিংগনে বিচাৰি ফুৰে গোত্ৰ আৰু
হত্যাৰ বৈধতা দিবলৈ দুয়োদলে মুখস্থ ৰাখে
নিউটনৰ গতিসূত্ৰ


অসম্পূৰ্ণ স্কেচ্ছঃ

দাও দাওকৈ জ্বলা ঘৰটোত কোন পুৰি মৰে
কাৰ ঘাপত ছিটিকি পৰে কাৰ জৰায়ুৰ ভ্ৰূণ
জপনাত কাৰ কটা আঙুলিত জোৰণৰ আঙঠি
মাংস মজ্জা পোৰা গোন্ধ
গাখীৰ খোৱা হাঁহিত মৰ-চিঞৰ
আঘোণৰ আঁচলত তেজ
ডাঙৰিৰ সলনি মৃতদেহৰ লানি


শিবিৰতঃ

নিজৰ নিশাহতে উচপ্‌খোৱা দিন
বোবা চাৱনি বোবা যাতনা উচুপনি আৰ্তনাদৰ নিনাও নৈ
যাতনাৰ অতল তলিত জুই আৰু জুই
মুখত শূন্যতাৰ হাহাকাৰ
তাতো ভাওনা কুশীলৱৰ সংলাপ—
অভয় আত্মীয়তা সহৃদয় প্ৰতিশ্ৰুতি
টুটি আহে বিশ্বাস ক্ৰমশঃ ধপাত কুটা মাৰি

তটিনী তীৰৰ খেলা//৬১