পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৰখীয়া দিনে উকিয়ায়

গাত গো-বাটৰ ধূলি ওঁঠত এজাক চৰাইৰ কুৰুলি
চাপৰিটোত খলকনি ঘিলাহাঁহ উৰা-দোকমোকালি

এহাতে পোছাক দাঙি গৰুৰ নেজত ধৰি
পাৰহৈ লুইতৰ সুঁতি
কঁহুৱা খাগৰি আৰু ইকৰাৰ টঙীঘৰ
চৰুলৈকে দেও পৰা কুঢ়ি মাছ
কাণ ভঙা বটুৱাত আধা সিজা ভাত

মেঘৰ চুপতিৰে নৈয়ে বহলালে সামৰা হাঁচতি
ন পানীক বাট দেখুওৱা সেইটো মোৰেই গৰখীয়া কিৰিলি
জলকুঁৱৰীক চাম নে জলকোঁৱৰ হৈ অন্তেষপুৰলৈ যাম

ভয় মাথো ভয় জৰীয়া গাত মন্ত্ৰপুত লেটা
আয়ে খেদে অপদেৱতা
তিনি-মুনি-বাটত তিনিখিলা আগলতি পাতত
সন্তুষ্ট হৈ তেওঁলোক ঘৰাঘৰি যায়
গৰখীয়া প্ৰশ্নটোৰ আজিও উত্তৰ নাই—
অপদেৱতাৰ ঘৰ ক’ত কি খায়

তটিনী তীৰৰ খেলা//৪৩