পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিতাৰে মুখামুখি দিন

এক

শিলৰে সহবাসত হেৰুৱালোঁ ঘাঁহ গজোৱাৰ সামৰ্থ
শেলুৱৈ শীতল দুৰ্গমতাত হেৰুৱালোঁ জোনাক
হাতৰ মুঠি খুলি দে মোক এচিকটা পোহৰ
অথবা মোক হত্যা কৰ
তোৰ দুবাহুত চিপজৰী ল’বলৈ দে
মোক লাগে ফিনিক্সৰ জন্ম
এইবোৰ পণ্ড কবিতা পুৰি নেপেলাও কিয়


দুই

বুকুখনকে পাৰি দিছোঁ সাৱধানে বহ
চাই-চিতি দিবি হাত শৰীৰটো বাৰুদে কৰা গাঁত
বেলিতো গহ্বৰ আছে
মোৰ নাই আপোন দোকমোকালি
আন্ধাৰত পচিলেও ওঁঠত আঙুলি দিবি এচিকটা ৰ’দ


তিনি

প্ৰেমৰ খবৰ কিনো ক’ম
হালধীয়া পাতত নজমে হিম
স্তব্ধ নদীলৈ মৰুৱে মেলে হাত
সকলো দুখ তেকেই দিম শুকান বালিত ভোজ-ভাত

৭৪//তটিনী তীৰৰ খেলা