পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাপৰিয়ালৰ সৰিয়হৰ দিন

বানে মৰা মাটিত ফুলিল এজাক হালধীয়া ৰ’দ
বাঢ়ৈৰ আঙুলিৰ উলাহত বেতেৰীৰ পাক
চুচি-মাজি পাতিছোঁ পুনৰ তেলীশাল
বতাহত ভজা সৰিয়হৰ গোন্ধ

তেলীপাতত বহি ভৰ দে ভৰ দে
চাপৰি বজোৱা ছন্দ
তেল হৈ চৌচৌৱাই বৈছে চ’তমাহ

শুকুলা গাৰুত দুখৰ তেলচিকটি
বাৰীৰ ঢাপত মণিছাল
বহাগৰ ঘাটত কাপোৰ ধোৱা পাত
দুখ গুচাওঁ আহ
গুচাওঁ বিপদৰ মলি

(২০০৪)

তটিনী তীৰৰ খেলা//৩১