সমললৈ যাওক

পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোঁতত সেওঁতা ফালি উজাইছে এটা সাপ
আখলৰ হেন্দালিত কুন্দলি পকাইছে
ছিটিকি পৰিছে নিগনিবোৰ

ৰাতি ৰাতি আটাহৰ নৈ
সপোন খহে চপৰা চপৰে
কেই ৰাতি জ্বলা নাই চাকি কেইদিন বেলি
সেমেকা চকুত কেঁচুৰ ৰসৰ জুই ঢিমিক্‌-ঢামাক

পলস পিন্ধি বিধৱা ঘাঁহ
ঢৌতে উজায় তেজ অনাহুত মৰণৰ

কোন বাৰিষা শান্তিৰে শোৱে নদীয়াল
চকুত পৰা অবিন্যস্ত চুলি যেন নৈ বাৰিষাৰ আহুকাল

(২০০২)

১৬//তটিনী তীৰৰ খেলা