পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বীপৰ উকিয়ে কঁপাই জানো গম্বুজৰ কঠিন খিৰিকী
কন্‌ভয়ত গৈ অভয় দিয়া শুকান কলিজাত খুন্দিয়াই উফৰি আহে মাত
কেৱল প্ৰাৰ্থনাই ৰাখিবনে ধৰি খহি অহা পাৰ মৰি অহা পথাৰ
কথাৰ ফুলজাৰিৰ মুগ্ধকৰ আশ্বাসত অথাউনি প্ৰাণবোৰ আথানি-আবানি

একালৰ সৰিয়হৰ সাগৰত সাঁতুৰিবলৈ আকাল নাই আত্মীয়
শিমলুৱে পোৰা আকাশ তলিত আপং এঠা দৈ উজানৰ মাছ
হয়বোলা আছেবোলা জীৱনৰ অৰ্ধেক আকাশ
মোৰ আছে বৃহত্তম নদী দ্বীপত দুভৰিৰ ছাপ

(১৯৯৯)

৪০//তটিনী তীৰৰ খেলা