পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চহৰতলিৰ শৈশৱ

ক’ত মোৰ মুকলি শৈশৱ
ডিঙিত এৰাল লৈ প্ৰাচুৰ্যৰ পাহাৰত অৱগাহন অস্বস্তিকৰ
জীৱন মাথো নিৰ্দ্ধাৰিত সপোনৰ বেতনভোগী পহৰাদাৰ

দেও নৌপাৰোতেই ভৰিত বান্ধোন পিঠিত মেটমৰা ভাৰ
ফুকলীয়া শিৰত জ্ঞানৰ ভৰ
ধলপুৱাতে মটৰে বাট দেখুৱাই
সপোন আশা নিৰৰ্থক ইচ্ছা
বয়ষ্কই গৰখীয়া পৰ দিয়া ছাত্ৰশাল নে খোৱাৰ
প্ৰতীক্ষা আধুনিক ধুন আৰু প্ৰতিযোগিতা—
কামিজ গলাবান্ধ জোতা আৰু মটৰৰ অভিজাত ৰং

সূত্ৰত ওলমা আত্মাৰ বিননি শুনি কি নুশুনি
যন্ত্ৰৱৎ পৰিক্ৰমা নিৰ্দ্ধাৰিত উৎপাদনৰ গাণিতিক সূত্ৰ
প্ৰতিযোগিতাও গড্ডলিকা প্ৰৱাহ
লক্ষ্য কেৱল ঘাঁহ আৰু ঘাঁহ

পথে পথে নিয়ন্ত্ৰকৰ পিতলৰ সুহুৰি
ডাৰোৱানে খেপিয়াই প্ৰগেছ ৰিপৰ্ট
যোগ-বিয়োগৰ আৰ্যা
অৰ্থ উপাৰ্জনৰ আধাৰশিলা

আকাশ মাথো তাঁৰে ফলা একা-বেঁকা নীলাৰ সীৰলু
ছাঁ-পোহৰৰ খেল টাবত ফুল-তৰা-বন
জীৱন চেঙালুটি পৰা বন্ধ পানীৰ মাছ

তটিনী তীৰৰ খেলা// ৫৩