পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চানি পৰা চকুত অনেক সাঁথৰ
দুপৰতে মৈদাম খন্দা দুৰ্যোগ
জুই বিচাৰি নিৰুদ্দেশ সন্তানৰ দুখ
শোতোৰা ছালে ধৰি ৰাখিছে জাৰলৈ উম
তেওঁ শিকায় একাঠী ওৰণিৰেও ৰোধিব পাৰি শিল-বৰষুণ
গাৰুৰ তলত সযতনে থয় গাভৰু কালৰ কাঁচিখন

ঢাৰি-পাতি লোৱা কেবাদিনো হ’ল শেলেঙি শুকাল আইতাৰ
কাষলৈ মাতি ক’লে আইতাই— এইবাৰ ককাৰৰ কাষলে যোৱাৰ পাল
শুনিছোঁ তই হেনো পাতিবি চহৰতে ঘৰখন
পাতিলেও পাত ঘৰখনহে বেলেগ
মনবোৰত চোন চিনেই নাই গাঁও নে নগৰ

পিছে ফেঁহুখোৱা জিভাৰে চাকিব পাৰিবিনে বিষ
ঠেক-ঠুকেই হওক চোতালখন ৰাখিবি
গজাবি দুডালমান দুবৰি বন
সি মৰিও নমৰে
অমৰণ...

(২০০১)

তটিনী তীৰৰ খেলা//৭১