পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিঃস্ব কবিৰ সুখ

নিজৰ বুলি একো নাই
কলিজাটোকে দিলোঁ
ভোজমেলত তাকে উলিয়াই ল’লা
চামোচৰ শব্দত শিয়ৰিলোঁ মই
তুমি টুকুৰিয়াই চালা
বিৰিঙিল অকণমান তেজ
তুমি লুটিয়ালা বগৰালা
মঙহেৰে মিহলালা
আৰু...

এতিয়া তোমালোকৰ কলিজাই মাতে
মোৰেই মাত

(২০০১)

৫২//তটিনী তীৰৰ খেলা