পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰি

এইবাটে পোহৰ নাই সূৰ্যও অনাহূত নাম
নাই নদী নাই অৰণ্য
তৰাফুলা উৎসৱ
দুপৰৰ ঝিলিৰ কলৰৱ
প্ৰেমো নাই সৰা নাই টেবুলত
উজাগৰ মমৰ টোপাল
বতাহ মাথো বতাহ
চাকি নুমোৱা চিতা জ্বলোৱা
কুকুহা উৰোৱা
ঘৰ পুৰি গৰ্ভৱতী মানুহজনীৰ পেট ফালি
পো মৰা ৰাতিটোৰ পৰা মই শুব পৰা নাই


পাঁচ

মই জানো
এই বাটে আহিব এদিন এজাক পোহৰৰ শিশু
অন্ধত্ব পুৰিবলৈ হাতত জোঁৰ
বাৰুদে পোৰা শৰীৰত এজাক শীতল বৰষুণ

এতিয়া সুধিবই নালাগে
দুৱাৰত কোন?

পলাতক আৰু অনুসৰণকাৰী
দুয়োৰে হাতত ফিৰিঙতি

আমাৰ ফাগুনৰ পঁজাত
শুকান খেৰ

(১৯৯৪)

তটিনী তীৰৰ খেলা//৭৭