পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ পাঠঃ

তোমাৰ বুকুৰ পৰা মোৰ বুকুলৈ সাঁকো
ভাগে যদি অনায়াসে
পথাৰত আৰম্ভ কৰোঁ যদি সীমাৰ কাজিয়া
ককাদেউতাৰ হাড় যদি দুফাল হয় তাত
ভেটিম কেনেকৈ হেঙাৰেৰে
কঠীয়াতলীৰ গৰু-বাট


পঞ্চম পাঠঃ

হৃদয়ৰ সভ্যতা ধ্বংস হৈছে দুখেৰে
এটা প্ৰজন্ম মৃতদেহ দুখেৰে
তেজ মাথো তেজ
আঙুলিৰ ফাঁকেৰে কলংকিত সময়
এই নীলকণ্ঠ কালত প্ৰেম লাগে
প্ৰেম
সুখৰ বাবে নহ’লেও হয়
সংগ

(১৯৯৩)

২২//তটিনী তীৰৰ খেলা