পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাদল

উজনিমুৱা ৰেলগাড়ী এদিন অৰণ্যলৈ আহিল
গুম্‌গুমালে মাদলৰ চেও
অৰণ্যই সাবটি লোৱা নতুন অতিথি
ভাগৰুৱা দেহত পুৰাতন গছৰ ছাঁ
ছাঁৰ অন্য নাম উদাৰতা
কলঘৰৰ ঘৰ্‌ঘৰণিত মাজে মাজে নিনাও মাদল
শ্ৰমৰ বৰণ হৈ গলে মাদলৰ মাত
মুক্তিৰ সপোনটোও ৰঙা কালী আইৰ জিভা যেন

চাবুকৰ চাট্‌ত মাদলৰ মাত বিষাদ
বিষাদে খেপিয়াই ফুৰে এৰি অহা মাটি ঐতিহ্য এন্ধাৰ
ইকূল-সিকূল পাৰ হৈ সঁচা এই কূল
শিপাৰ সন্ধানে নসলায় গছৰ ভূগোল

জাৰে-জহে জাপিত দুখৰ বৰষুণ
ৰ’দলৈ উদ্বাউল চকুত পুৱতি চৰাই পাখিৰ বা
কিবা এক অস্থিৰতাত
গুম্‌গুমায় মাদলৰ চেও
মোৰ বুকুৱেও ধাৰণ কৰে সেই শব্দৰ প্ৰতিধ্বনি

৬৪//তটিনী তীৰৰ খেলা