পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দলনিত ডুবৈ মেটেকাত কাৱৈ পানীযুৱলিত ডাউক
উঠে-নামে জাকৈবোৰ
শব্দৰ চুপতিত বিতত উমনিৰ ঘিলাহাঁহ
সপোনৰ ডেউকাই বুকুতো কোবায়
কোন বাটে হালধি মাহ পানীতোলা ঘাট

খালৈত ধৰ্‌ফৰায় মাছবোৰে
বোকোচাত এটা উমাল সন্ধিয়া বান্ধি
সৰিয়হনিৰ মাজেৰে লানিপাতে সিহঁতে

(১৯৯৮)

তটিনী তীৰৰ খেলা//৩৭