সমললৈ যাওক

পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিমান দূৰলৈ মেলিবা হাত

ভাল পাইছোঁ ভাল পাবলৈ শিকিছোঁ
কান্ধত থৈছোঁ হাত
যাবলৈ বহুদূৰ বাকী পোন বাট আওবাট

সাঁথৰৰো বাকলি গুচাই আগুৱাইছোঁ
কিমান দূৰলৈ পোহৰ দুচকুৰ জোঁৰ
বোকোচাত কঢ়িয়াম কিমান প্ৰিয় শব্দৰ সমদল

কিমান দূৰলৈ
আন্ধাৰ য’ত ঘনঘোৰ
ৰাউচিটো য’ৰপৰা আহিছে
তালৈ পোহৰ যাবনে ভোকৰ সীমা-মূৰিয়লি

কুৰুৱা নখপুতি বহা পাহাৰৰ শিখৰলৈ
ধুমুহাঙ্গাক লৈ যাবলৈ
কিমান দূৰলৈ.…..

(২০০২)

৫০//তটিনী তীৰৰ খেলা