সমললৈ যাওক

পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্থৱিৰতা

গাঁওখন সলনি হৈছে
চিনাকি মানুহৰ আকাল
গোটেই ৰাতি চহৰীয়া প্ৰভুৰ হাতত ভোৰতাল
কাণবোৰ এঢলীয়া নুশুনি আনৰ মাত

নাৱৰ মঙলাত অচিন কাঠ
নাৱৰীয়াই চিনে
জুহালত ফুটি কুকুহা উৰিলে সৰ্বনাশ
খৰিলৈ অনা অচিন কাঠো চিনিব পৰাটো ভাল

এতিয়া প্ৰভুৰ মাতত সমদল আহে
পুখুৰীপৰীয়াৰ ভুৱা মাতত মৰে প্ৰজনন ঋতুৰ ডাউক
অথবা ব্যাধৰ মাতত কৃষ্ণষাঁড়

কত দিন এই উঠা-বহা খেল
পথৰুৱা আলিত খলা-বমা কুঁৱলী
কোনে আনিব পকাধান হেন ৰ’দ
কোন নিৰতীৰ আঙুলিত বিনৈ-আহ্লাদ

শীতল গাঁৱত ঠেঁটুৱা শৰীৰ
কেৱল ধোঁৱাইছে
অন্ধত্ব পুৰিব পৰাকৈ নাই জুহাল
আত্মাৰ অন্ধকাৰত
কোনে জ্বলাবহি আঙঠা-ৰ’দ

(২০০৪)

তটিনী তীৰৰ খেলা// ২৩