পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমলাবাৰী ঘাট

ঝাওবনে ফুল বছা বলুকাত বগাই ঐনিতম
ভটিয়নি নৈৰ কোলাত ঠেঁহ লগা বেলি
গো-ধূলিৰ ধোঁৱাত কঁপে দবাৰ মাত চাপৰিৰ বৰকাঁহ
ৰিণিকি দেখা ফেৰী ওফোন্দ লগা বাছৰ গুম্‌গুমণি
ঢিমিক্‌-ঢামাক্‌ পোহৰৰ ওৰণি লৈ
শুই ৰয় পানীৰ নগৰী কমলাবাৰী

চপৰা সৰে চপৰাৰ পৰা সৰে ডুৰাকাছ
সপোন সৰাৰ শব্দত আকাশৰ কান্দোন

শীতত সাৰেঙৰ ৰং শিহুৰ সুহুৰি
ৰ'দৰ দলিচা বগলীৰ সৱাহৰ লৰিয়লি
ডৰিকলাৰ বেহুত উফৰি পৰে মাছ

মৰম নে বন্দিত্ব বুজা-নুবুজাৰ খেয়াল
চাপৰিয়াল নদীয়াল উদং ভঁৰাল টুটি অহা ভূগোল
অবিৰাম ঘূৰে উচ্ছেদৰ চকা ঐতিহ্য আৰু প্ৰেমে বান্ধে
এপৰ দুপৰ বহুপৰ উটে লেকলৌ পৰুৱা মুধচ ফটা ঘৰ
তলসোঁত ওপৰসোঁত উভলা গছৰ ওৰ

আমি বহুলাওঁ নৈয়ে চপায় প্ৰেমৰ পাটী
অভিমানত আহুকালত
এই ঘাটে লানি পাতে ভগনীয়া দল

অতিথি হৈ আহে এৰাতিলৈ কাৰোবাৰ নাতি
আইতাৰ চকুত ঢল

৬৮//তটিনী তীৰৰ খেলা