পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেতিয়াবা নক্ষত্ৰ হেৰায়
কাণিমুনি পোহৰ পৰুৱাই পোৱা গুৰিয়াল
বাট পোনাই ম’হৰ ডিঙিৰ ঘণ্টা
পলসৰ পথাৰত পামৰ পঁজা কাণিদুৱৰী
নাৱৰীয়ালৈ বাট চাই চেনেহীয়ে মেলে হাঁহিৰ হাঁচতি
এটা দীঘলীয়া ৰাতি

পানীৰে নুগুচে নাৱৰ তলিৰ আলকতৰা
টিঙত সৰা গড়াৰ মাটি বৰষুণত উটে
নৈৰ ভাষা নাৱৰীয়াই বুজে
নৈক বুজাব নোৱাৰি লুইততে
আপোনঘাতী হৈ কোন মৰে

(২০০০)

৪২//তটিনী তীৰৰ খেলা