পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাপাট

 নদীদ্বীপ মাজুলীৰ গড়মূৰৰ পৰা হালধিবাৰীলৈ ৰাজআলিটো। তাৰে এছোৱাৰ একাষে আমাৰ গাঁওখন— পুৰণিবাৰী। আন কাষত নৈৰ সুঁতিটো পাৰ হৈয়েই চাপৰিটো। বিশাল লুইতৰ পানীয়ে কেতিয়াবা মথাউৰি ভাঙি গাঁওখন ঢৌৱাই চাপৰিটো বুৰায়। নৈখন, চাপৰিটো আৰু গাঁওখন আমাৰ শৈশৱ-কৈশোৰৰ প্ৰাত্যহিকতাৰ চিনাকি ভূগোল। নৈ আমাৰ বাবে এটি পৰিচিত আশ্বৰ্য কবিতা। তটিনী তীৰত লালিত- পালিত আমাৰ চেতনাত কোমল-কঠিন, সুখ-দুখ, ধ্বংস আৰু সৌন্দৰ্যৰ বহুতো বুজা-নুবুজা কবিতাৰ অনন্ত সম্ভাৰ। শৈশৱ-কৈশোৰত এনে বহুবৰ্ণ কবিতাৰ ছাঁত উমলিছিলোঁ। তেতিয়াই আমি প্ৰেমত পৰিছিলোঁ নৈ আৰু নৈপাৰৰ কবিতাৰ প্ৰেমত। নৈপৰীয়া জীৱনে আমাৰ মনত গঢ়িছিল অনুভৱৰ বুনিয়াদ।

 সপোনে বাট দেখুৱাই আৰু আমি তাকে অনুসৰণ কৰোঁ। যাত্ৰাই সলায় প্ৰাত্যহিক ভূগোল। এনে যাত্ৰাৰ হাত ধৰি গাঁও এৰি নগৰত জিৰাইছোঁ, চাকি চাইছোঁ নগৰীয়া বাষ্প। বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণালীৰে ভৰিছে অনুভৱৰ চোতাল আৰু তাতে জ্বলিছে কবিতাৰ জুহাল— জুই বা ফুট্‌ছাই।

 সৰু ল’ৰাই ওখ বেলগছলৈ ফৰ্মুটি মৰাৰ দৰে মহাবিদ্যালয়ত পঢ়া দিনৰ পৰা অসমীয়া কবিতাৰ বিশাল বৃক্ষলৈ দুই-এটি ফৰ্মুটি মাৰি চাইছোঁ। জানো ফৰ্মুটি ‘বেলৰ শিৰ’ত পৰা নাই। তথাপি তল সৰা কিছুমানকে গোটাই থৈছিলোঁ। তাৰে বাচনিত উঠা কেইটামান কবিতাৰ ফল আপোনালোকৰ আগলৈ উলিয়াই দিছোঁ ৷ ইয়াৰ সৰহভাগ কবিতা ইতিপূৰ্বে বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত।

 সংকলনটিৰ জন্ম-যাতনাৰ অন্যতম অংশীদাৰ মীনাক্ষীক অশেষ ধন্যবাদ জনাইছোঁ। লগতে ফুলেশ্বৰী হাজৰিকা, ৰমানন্দন বৰা, আৰু প্ৰশান্ত বৰঠাকুৰলৈকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।


দ্বিতীয় তাঙৰণ সম্পৰ্কেঃ

 ‘তটিনী তীৰৰ খেলা’ মোৰ প্ৰথম সংকলন। স্বাভাৱিকতেই কবিতাখিনি যে অপৈণত, এই কথাত সন্দেহ নাই। জানো সৃষ্টি এতিয়াও পৈণত হোৱা নাই ৷ কেতিয়াবা যদি নিৰ্বাচিত সংকলন ওলায় তেনে ইয়াৰ সৰহভাগ কবিতাই যে তাত সন্নিবিষ্ট হোৱাৰ যোগ্যতা হেৰুৱাব সেয়া ধুৰুপ। তথাপি সুদীৰ্ঘ বাৰ বছৰৰ অন্তত কিতাপখন নিজৰ হাততে নোহোৱা হোৱাৰ উপক্ৰম হোৱাত আৰু মোৰ কবিতাৰ যি দুই-এজন পাঠক আছে তেওঁলোকে মাজে-সময়ে কিতাপখন পঢ়িবলৈ বিচাৰোঁতে দিব নোৱৰাৰ