পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকথিত

বলিমাহীৰ ফানে চোতাল টুকুৰিয়ালে
বুকুলৈ আঘোণ নামে
ক্ৰমে ক্ৰমে

পথাৰৰো নাচ
ঢৌখেলি নীৰৱ এবেলি
তৰাফুলা সেউজ দলিচা

তেজৰ নৈয়ে সলায় বৰণ...

তেজে তিতা পাণ্ডুলিপি
বাকচত থ’লোঁ

চিয়াঁহীত এতিয়া পলাশ
যুদ্ধভূমিৰ পৰা উভটিলোঁ
পিছে পিছে শান্তিৰ অশান্ত কঁপনি

কলমত সাৰ পাব
হয়তো এটা প্ৰেমৰ কবিতা

(১৯৯২)

৪৮//তটিনী তীৰৰ খেলা