পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মগ্লানি

আয়ে কৈছিল কান্দিবলৈ শিক্
স্বজাত নিঃসংগতা দলিয়াই
ইনাই-বিনাই হালি পৰা মানুহৰ কান্ধত হাত থৈ
কেৱল নিজক লৈ জীয়াই থকাতো অপৰাধ

দুয়োহাত যদি চলমান শৱটোৰ অলঙ্কাৰ বা অলঙ্কাৰৰ আধাৰ
দুভৰি যদি পাণ্ডৱবৰ্জিত অৰণ্যৰ ঐশ্বৰ্যশালী গছ
কেৱল জন্মদিন পাতি জীয়াই থকাতো পাপ

সিদিনা ব্যস্ত চৰাইখানাত তোমাৰ সৈতে দেখা
কান্ধত তোমাৰ অৰ্বাচীন মন্ত্ৰপুথিৰ জোলোঙা
চাহমেলত হেৰুৱালোঁ নিজক
তাৰপৰা পৰম্পৰা কোঙা

আত্মকেন্দ্ৰিক সজাটোৰ ময়ো লেটা
পাহৰিছোঁ নেকি পিয়াহ-ভোকৰ উজাগীৰ ৰাতি
শিপাৰ ইতিহাস এৰি
চিলা হৈ ফালোঁ আকাশ
অহমিকাৰ শিখৰত মুঠিয়াই ধৰিছোঁ বৰষুণজাক
উপেক্ষিত জলকষ্টৰ মুখ
আইৰ অভিশাপেও চুব নোৱৰা এইবেলাৰ সুখ
সুখৰ সভাত পৰম সুহৃদ ধনৰ টোপোলা

২৪//তটিনী তীৰৰ খেলা