পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুসন্ধান

কেতিয়াবা মই মোক পালোঁনে বিচাৰি

নিজৰ মাজত সোমাই থকা ‘মই’টো
অচিনাকি প্ৰাচীন অৰ্বাচীন
অনামী ভৱিষ্যৎ

অত্যন্ত কঠিন নিৰন্তৰ নিজৰ অনুসন্ধান
গণনাকাৰীৰ বাবে জীৱন মাথোন সময়-সমষ্টি

ইয়াতে তোমাক লগ পোৱাৰ কথা আছিল
তুমি কোন মই নাজানো
ভিৰৰ মাজতে নিঃসংগ দেহটো থৈ
ৰৈ ৰৈ মাতিছোঁ নিজক
মাতিছোঁ তোমাক
অনামী উকি সম্বোধন...

তটিনী তীৰৰ খেলা//৯