পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাবলু পাৰৰ এটি সন্ধিয়া

শিমলুৰ ডালেৰে সূৰ্য নামিলে খাবলুৰ বুকুলৈ
সোঁতত ভাঁহে গৰখীয়া ৰিং

নৈখনে আমাৰ বয়স সুধিলে
মূৰ দাঙি ঘূৰি চাই

ঘিলাহাঁহৰ পাখিত সন্মিলিত বাঁহীৰ সুৰ
ধুমুহা নাথাকিও ধূলি উৰে বৰটোকোলাৰ ডেউকাৰ বা

আমি বিচাৰিলোঁ নৈৰ কেঁকুৰিত মৰা ম’হৰ শিং
চাপৰিৰ বালিত বঙহৰ খোজ

বগলীৰ পাখিৰে যেতিয়া এন্ধাৰ নামিল
তেতিয়াও শুই আছিলোঁ মেটেকাৰ পথাৰত

তোমাৰ কোলাত মূৰ থৈ অনুভৱ কৰিছিলোঁ
পিঠিত হাতৰ বুলনি

(১৯৯৩)

তটিনী তীৰৰ খেলা//১১