পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাটি মানুহৰ প্ৰথম প্ৰেৰণা আৰু নিৰ্মম ঠিকনা
কেইৰাতিৰ বাবে কংক্ৰিটৰ উলাহ
আকাশ বিলাস
আকাশ জয়ৰ বাবে ধাতৱ ডেউকা
চন্দ্ৰতো চুই পালে প্ৰথম মানুহে মাটিৰ চোতাল

মৃৎশালাত তোমাৰ মুখ গঢ়ি মোৰ উৎসাহী দুহাত
কেৱল প্ৰেমেৰেই যদি চহাব পাৰোঁ
বুকুৰ জাৰণি মাটি
সিঁচিব পাৰোঁ উলংগ শিশুৰ কঠীয়া
পিন্ধাব পাৰোঁ মাটিৰেই সাজ
মাটিৰ প্ৰেমিক মানুহৰ থাকিব এটাই জাত—
মাটিৰ জাত

(২০০১)

১৪//তটিনী তীৰৰ খেলা