কত যে কথা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
Koto Je Kotha (page 1 crop).jpg
কত যে কথা
তিলোত্তমা বৰুৱা
গুৱাহাটী (অসম)

[ প্ৰথম পৃষ্ঠা ]
 

কত যে কথা

 

তিলোত্তমা বৰুৱা

 

গুৱাহাটী (অসম)
২০০৪ চন

 

[  ]
To,
Tilottama Barua

 জীৱনক বয়সেৰেও জুখিব নোৱাৰি, সময়েৰেও জুখিব নোৱাৰি। জুখিব পাৰি কেৱল কিমান পোহৰ আহৰণ কৰিব পাৰিলো কেৱল তাৰেইহে।

 আমি জন্মৰ পৰা মৰনলৈ জীৱন যাপন কৰো সঁচা— কিন্তু আটাইবোৰ মূহূৰ্ত সাৰ্থকনে? সাৰ্থকতা থাকে জীৱনৰ দিশ চিনি পোৱাত, গতি দিব পৰাত, এচামুচ জ্ঞানৰ অমৃত ওঁঠত লগাব পৰাত। তিলোত্তমা তিল তিলকৈ গঢ়লৈ উঠা এক পোহৰমুখী অৱয়ব। এক অক্লান্ত, সাহসী অভিযান। তেওঁ নিজা ব্যক্তিক চিনি পোৱা এক দৃঢ় মনা প্ৰত্যাহ্বান। তেওঁৰ আত্মপ্ৰতড়া অতি প্ৰশংসনীয়, পৰমুখাপেক্ষী নোহোৱা তেওঁ এক স্বাৱলম্বী স্বাধীন সত্ত্বা। তেওঁৰ জীৱন আৰু জীৱনীয়ে সেইকথা প্ৰমাণ কৰিছে।

 তেওঁৰ জীৱনৰ এই আলোক যাত্ৰাক মই অশেষ অভিনন্দন নীৰৱে জনাই আহিছিলো। এতিয়া সৰৱে, উচ্চস্বৰে জনাইছো তোমালে অভিনন্দন— “তুমি অমৃতা”।

বাইদেউ
নিৰ্মলপ্ৰভা বৰদলৈ
৩।৭।২০০৩

 

[ পাতনি ]

উছৰ্গা

মোৰ চিৰ আৰাধ্য পিতৃ শৈলেন্দ্ৰ কুমাৰ দত্ত আৰু চিৰ আৰাধ্যা মাতৃ “বৌ” কুঞ্জলতা দত্তৰ চৰণত এই কিতাপ খন উছৰ্গা কৰিলো।

আশীষ প্ৰাৰ্থী,
তিলোত্তমা বৰুৱা,
মে ২০০৪

পাতনি

বহুতো শুভাকাঙ্খীয়ে মোক জীৱনৰ অভিজ্ঞতা বিলাক লিপিবদ্ধ কৰিবলৈ কৈ আছিল। তেনেতে মই চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত কানাডাৰ টোৰোণ্টুত চাৰি মাহ শ্ৰীমতী অভিশ্ৰুতিৰ (মাইনাৰ) লগত থাকোতে, মাইনাই মোক যথেষ্ট উৎসাহ দি লিখা বিলাক শেষ কৰিবলৈ কৈ আছিল। টোৰোণ্টুত থকা সময়তে মই ইয়াৰ বেছিভাগ অংশ লিখিছিলো। আজি মই এইখিনি এখন কিতাপৰ আকাৰত ছপা কৰি উলিয়াব পৰাত নিজকে ধন্য মানিছো। মাইনা তোমাক বহুত ধন্যবাদ। যি সকল ব্যক্তিয়ে মোক লিখিবলৈ উদগনি ও উৎসাহ দিছিল সেই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ থাকিল।
মোৰ অতি শ্ৰদ্ধাৰ, মৰমৰ মাননীয়া নিৰ্ম্মল প্ৰভা বৰদলৈ বাইদেৱে এই কিতাপখনত চকু ফুৰাই, মোক বৰকৈ উৎসাহ দি, নামটো দিলে “ক’ত যে কথা”। (তেতিয়া বাইদেউ জীৱিত আছিল)। বাইদেউৰ বিদেহী আত্মাৰ স্বৰ্গত বসতি হওঁক, এই কামনা কৰিলো।
মোৰ লিখাখিনিৰ প্ৰতিলিপি লিখি মোক সহায় কৰাৰ বাবে শ্ৰী সঞ্জীৱ বৰা আৰু শ্ৰীজয়দেৱ বৰ্মনক অশেষ ধন্যবাদ দিছো।
কালাৰ অফচেট প্ৰেছে কিতাপখন ছপাকৰিবলৈ ভাৰ লোৱাত ‘তাপস’ক বহুত ধন্যবাদ দেই।

তিলোত্তমা বৰুৱা

[ ছবি ]
 
 
[ ছবি ]
 

দেউতা ৺ শৈলেন্দ্ৰ কুমাৰ দত্ত ও মা ৺ কুঞ্জলতা দত্ত।

 

International Who's who of Professional and
Business Women for 2001 Award.

 
[ ছবি ]
আমাৰ যৌথ পৰিয়াল
আমি পাচ বাই ভনী অনু, নিৰু, মনো, বুলু ও টুলু

বোম্বেত ড: দেশাইৰ লগত। বম্বে TISS আমাৰ তিনিজন ককাইভাইৰ সৈতে পৰিবাৰ তিনি গৰাকী নৃপেন, উপেন, ভাইটী, জেমু, নিজৰা, মামনী

[  ]
 

 জীৱনত যে কেতিয়াবা অফিচত কাম কৰিম সেই কথা আগতে কেতিয়াও ভবা নাছিলো। ভাগ্যৰ চকৰিত পৰি ১৯৭২ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৯৯৬ চনৰ ৩১ মাৰ্চলৈ চৰকাৰী কাম কৰি অৱসৰ গ্ৰহণ কৰিলো।

 মোৰ চৰকাৰী চাকৰিৰ সূত্ৰপাত হৈছিল লাবানৰ সেই সৰু বজাৰখনত। ডিচেম্বৰ মাহত শ্ৰীবুদ্ধ বেজবৰুৱাই বজাৰতে মোক ক'লে যে সহকাৰী স্কুল পৰিদৰ্শক পদৰ কাৰণে বিজ্ঞাপন দিছে। পিছু দিনাই মই ডি পি আইৰ কাৰ্যালয়লৈ গৈ খবৰ কৰিলো। বহুত দেৰি হ'ল বুলি ক'লে। তাৰ পিছত মই অসম লোক সেৱা আয়োগৰ কাৰ্যালয়লৈ চোঁ‌চা মাৰিলো। তাতো সেই একে কথাই। কিন্তু এজন খাচী এছিছটেন্টে মোক চেয়াৰমেনক লগ ধৰিবলৈ ক'লে।

 শ্ৰীথাংলিবা (Mr. Thangira) তেতিয়া এ পি এছ চিৰ চেয়াৰমেন, শ্বিলঙত। মোৰ কথাখিনি তেখেতে বৰ মনোযোগেৰে শুনিলে আৰু দৰ্খাস্ত কৰিবলৈ ক'লে। মই তেতিয়া বোম্বেৰ (বৰ্তমান মুম্বাই) TISS ৰ পৰা সমাজ বিজ্ঞান (Social Science) ত দ্বিতীয়বাৰৰ বাবে এম এ পাছ কৰি আহিছো। ১৯৭১ চনত মোৰ অৰ্হতা (Qualification) তেতিয়া MA, BT (Guw), MA (TISS) আৰু শিক্ষকতাৰ অভিজ্ঞতা (Teaching Experience) প্ৰায় ৯ বছৰৰ। শ্বিলঙৰ পৰাই আৱেদন কৰিলো নবেম্বৰ মাহত। ডিচেম্বৰত আমাক সাক্ষাৎকাৰৰ কাৰণে গুৱাহাটীলৈ মাতিলে। পদ (Post) মাত্ৰ এটা আৰু প্ৰাৰ্থী প্ৰায় ২৫ জনমান। Expert আছিল শ্ৰীযুতা ইন্দিৰ মিৰি বাইদেউ। সাক্ষাৎকাৰ (Interview) মোৰ খুব ভাল হৈছিল। শ্বিলঙলৈ ঘূৰি আহি পুনৰ এমাহমানৰ পিছত এদিন এ.পি.এছ.ছি অফিছুলৈ খবৰ কৰিবলৈ যাওঁতে সেই খাচী ল'ৰাজনৰ পৰাই জানিব পাৰিলোঁ। যে মই First Nomination পাইছোঁ‌। স্ফুৰ্তিত মই আপোন পাহৰা হৈ গৈছিলো।

 মোক প্ৰথমে নিযুক্তি দিলে অবিভক্ত কাছাৰত। সেই সময়ত কাছাৰত ভাষাক লৈ অসমীয়া আৰু বাঙালী লোকৰ মাজত মনোমালিন্য হৈছিল। বহুত হাক-বচন নামানি সৰুভাই ভাইটি, ভনী তুলু আৰু ভাইটিৰ বন্ধু মুকুলক লগত লৈ ভাইটিৰ এম্বেছেডৰখনেৰে কাছাৰ পালোঁগৈ। ১৯৭২ চনৰ ফেব্ৰুৱাৰীত মই শিলচৰত সহকাৰী স্কুল পৰিদৰ্শক (Asstt. Inspector of Schools) হিচাপে চাকৰিত যোগদান কৰো। প্ৰথমে হোটেলত, তাৰ পিছত আৱৰ্ত্ত ভৱনৰ (Circuit House), সাত নম্বৰ কোঠালিত ডেৰ বছৰ কটালো। আৱৰ্ত্ত ভৱনত থকা ব্যৱস্থাৰ ক্ষেত্ৰত উপায়ুক্ত শ্ৰীঅশোক পাণ্ডে আৰু হাকিম আব্দুল মালিকে মোক যথেষ্ট সহায় কৰিছিল। কাছাৰত কাম কৰি মোৰ বৰ ভাল লাগিছিল। নতুন ঠাই, নতুন মানুহ মোৰ বাবে নতুন অভিজ্ঞতা। তাত থকা অসমীয়া মানুহখিনিৰ বৰ মিলাপ্ৰীতি। সপ্তাহত এদিন কাৰোবাৰ ঘৰত খোৱা পাতিবই। বঙালী মহিলাসকলক লগত লৈ শিল্প প্ৰদৰ্শনী (Exhibition) পাতি সিহঁতৰ মাজত মই সোমাই পৰিলো। মিটিংবোৰলৈ [  ] আমাক, অৰ্থাৎ স্কুল পৰিদৰ্শক (Inspector of Schools) শ্ৰীহীৰালাল গুপ্ত আৰু সহকাৰী স্কুল পৰিদৰ্শক (Asstt. I.S.) শ্ৰী বিৰাজ মোহন দাস আৰু মোক সঘনাই মাতিবলৈ ধৰিলে। ইতিমধ্যে ইয়াৰ সংগ্ৰামী ল’ৰাহঁত মোৰ বন্ধু হ’বলৈ ধৰিলে। কাছাৰ এৰাৰ পিছত এবাৰ শিলচৰলৈ যাওঁতে সংগ্ৰামী ভাই এজনে ভাত খাবলৈ মোক মাতি নিছিল। ইয়াৰ শিলচৰ মেডিকেল কলেজৰ ডাক্তৰ, জিলা দণ্ডাধীশ, অধীক্ষক অভিযন্তা, আৰক্ষী অধীক্ষক, জিলা বন বিষয় আৰু আন আন বিষয়াসকলে মোক যথেষ্ট মৰম কৰি মোক সহায় সুবিধা কৰি দিছিল। শিলচৰৰ অসমীয়া গাঁওবোৰত 'ন-খোৱা’ খাইছিলো। শিলচৰত মই প্ৰথম পৰিদৰ্শন (Inspection) কৰা স্কুলখন আছিল Holy Cross High School। ইয়াৰ ছিষ্টাৰ সকল আৰু ফাডাৰ মেথিউৰে মোক সহাই কৰি সযতনে ৰাখিছিল।

 (শ্ৰী প্ৰতাপ গোস্বামী, Social Welfare Deptt ৰ Joint Director এ মোক Tata Institute of Social Science (TISS) পঢ়িবলৈ সুবিধা কৰি দিছিল।) Inspector of Schools Office ত সুদক্ষ (আই এছ) স্কুল পৰিদৰ্শক শ্ৰী হীৰালাল গুপ্তই আমাক অফিচৰ কাম শিকাইছিল। ভাল লাগিছিল স্কুলৰ সমস্যাবোৰ সমাধান কৰি। ইয়াৰ মানুহবোৰ বৰ প্ৰভু-ভক্ত। ভাল অফিচাৰ সকলক বৰ শ্ৰদ্ধা কৰিছিল। তাৰ পিছত শ্ৰীনগেন শৰ্মা স্কুল পৰিদৰ্শক (আই এছ) হ'ল। মানুহ হিচাপে শ্ৰীশৰ্মা অতি মানৰীয় গুণসম্পন্ন আৰু অফিচাৰ হিচাবে অতিসুদক্ষ আছিল।

 কাছাৰত ডেৰ বছৰ কটোৱাৰ পিছত মোক নগাঁৱলৈ বদলি কৰিলে। নগাঁৱত মই ফৌজদাৰী পট্টিৰ শ্ৰী লক্ষী গোস্বামীৰ ঘৰত ঘৰভাৰা কৰি আছিলো। অফিচলৈ খোজকাঢ়ি যাব পাৰি, বৰ ওচৰত। নগাঁৱত (আই এছ) স্কুল পৰিদৰ্শক শ্ৰী মহেশ ভূঞা আৰু (এ আই এছ) স্কুল সহ পৰিদৰ্শক শ্ৰী ৰুদ্ৰেশ্বৰ সোনোৱাল। আমি শ্ৰীভূঞাৰ গাড়ীত স্কুল পৰিদৰ্শন কৰিবলৈ প্ৰায়ে ওলাওঁ। দিনত ভাত খোৱা এটা মহা পৰ্ব। নিমন্ত্ৰণৰ কোবত আমাৰ সপ্তাহত প্ৰায় পাঁচ দিনমান চাহ বা ভাতৰ সাজ বাহিৰত খোৱা হৈছিল। শাক-পাচলি আৰু বস্তুৰ দাম ইমান কম যে মাহেকীয়া খৰচ একেবাৰে নগন্য আছিল। তাতে আকৌ মোৰ ভাড়াঘৰটো বৰ ডাঙৰ কাৰণে বৌৱে (মায়ে) গুৱাহাটীৰ পৰা শোৱা পালেং, ড্ৰেছিং আয়না, টেবুল, ডাইনিং টেবুল, চোফাছেট সকলে পঠিয়াই দিছিল।

 নগাঁও আৰু শিলচৰত থাকোতে মোৰ লগত আমাৰ ঘৰৰে লৰা অৰবিন্দ আৰু মণিৰাম আছিল। দুয়োজনে ৰন্ধাবঢ়াৰে পৰা আদি কৰি সকলো ক্ষেত্ৰতে মোৰ বৰ যত্ন লৈছিল। নগাঁৱৰ কুমলীয়া ডেকা ল'ৰাহঁতৰ লগত সিহঁতৰ ক্লাবৰ যোগেদি চিনাকি হৈছিলোঁ। আমি ফুটবল আদি খেলাবোৰ চাবলৈ গৈছিলো।

 নগাঁৱত এবছৰ থাকি মই গুৱাহাটীলৈ আহে। ১৯৭৪ চনৰ ২৪ আগষ্টত ডি.ডি.পি.আই হৈ ইয়াতে কামত যোগদান কৰোঁ‌, ডি.পি.আই. অফিচত। মোৰ জীৱনৰ আটাইতকৈ [  ] মৰ্মান্তিক বেদনাৰ দিনটো আছিল ১৯৭৪ চনৰ ২৮ আগষ্ট। সেই দিনটোতে মোৰ পূজনীয়া দেৱীসদৃশ বৌ (মা) কুঞ্জলতা দত্তই পুৱা ১০ মান বজাত চিৰদিনৰ বাৰে চকু মুদিলে। ভাদৰ শুক্লা একাদশী তিথি। গুৱাহাটীলৈ মাৰ ওচৰলৈ আহিলো হয়, পিছে মাকে প্ৰথমতে চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল। দুখত মোৰ হিয়া ভাগি গ'ল। আমাৰ দেৱতা সদৃশ দেউতা শৈলেন্দ্ৰ কুমাৰ দত্তৰ জন্ম ২ অক্তোবৰ, ১৮৯৭ চন আৰু মৃত্যু ১৯৬০ চনৰ ৩০ জানুৱাৰী। একেবাৰে মহাত্মা গান্ধীৰ দৰে। ঠিক সেইদিনা আমাৰ দ্বিতীয় ককাইদেউ উপেনদাই বোলে ৰাতি সপোনত দেখিছিল - মহাত্মা গান্ধীয়ে দেউতাক হাতত ধৰি লৈ গৈছে। ভাবিলে আচৰিত লাগে। দেউতা God like মানৱ আছিল। দেউতাৰ 'গোবিন্দ'ৰ প্ৰতি থকা অটল বিশ্বাস অতুলনীয়। সেয়েহে কিজানি ময়ো সদায় গোবিন্দকে পূজা কৰো, ধ্যান কৰো আৰু অগাধ বিশ্বাস কৰে। মোৰ জীৱনলৈ এতিয়ালৈকে যিমানবোৰ বিপদ- আপদ, বাধা-বিঘিনি, দুখ-কষ্ট, বেয়া দিন আহিছে সকলোবিলাক মই গোবিন্দক স্মৰণ কৰিয়েই অতিবাহিত কৰি আহিছোঁ‌।

 মা-দেউতাক হেৰুওৱাৰ পিছত আমি পাইছিলো আমাৰ ডাঙৰ ককাইদেউ নৃপেন্দ্ৰ কুমাৰ দত্তক। মা-দেউতাৰ ভাল গুণখিনি যেন ককাইদেউৰ মাজত ভাস্কৰ হৈ জিলিকিছিল।

 ঘৰৰ পৰিয়ালৰ ডাঙৰ সৰু, সকলোকে যোগ্যতা অনুসৰি ককাইদেউৱে মূল্য-মৰম আৰু মান দিছিল৷ ককাইদেউকো আমি ১৯৮৩ চনত হেৰুৱালো। আমি, আমাৰ পৰিয়ালটো যেন অসহায় হৈ পৰিলো। ককাইদেউৰ স্মৃতিয়ে এতিয়াও আমাক আবেগিক কৰি তোলে। ককাইদেউৰ সুযোগ্য তিনিজন পুত্ৰ সন্তান ৰমেন (দাদু), ৰাজেন (ৰাজু) আৰু ৰবীন (লাৰু)। একমাত্ৰ কন্যা ৰাজশ্ৰী (মামু) চাৰিওটি এতিয়া আমাৰ অতি আদৰৰ, মৰমৰ, চেনেহৰ পাত্ৰ। ডাঙৰ নবৌ (জেমু) আমাৰ পৰিয়ালৰ সৰ্বেসৰ্বা। নবৌক আমি সদায় মানি চলোঁ‌। সৰু ককাইদেউ উপেন দত্ত তিনিজনী ছোৱালী - লাকী, মাইনা ও নাইনা, সৰুভাইটী ভূপেন দত্তৰ ছোৱালী মিঞ্চ, পিম্পু আৰু লৰা শান্তু। মোৰ বাইদেউ অনু নিৰু, মনো ও ভণ্টী টুলু।

 ১৯৮০ চত মই অবিভক্ত কামৰূপৰ স্কুল পাৰদৰ্শক, হলো প্ৰথম মহিলা। খুউব ভাল লাগিছিল কাম কৰি। তেতিয়াই মোৰ দক্ষতা - যোগ্যতা প্ৰকাশ পাইছিল আৰু প্ৰশংসা লাভ কৰিছিলো, প্ৰশাসনৰ একেবাৰে উৰ্দ্ধতম মহলত। ভাল লাগিছিল অভিনন্দন শুভেচ্ছাবোৰ পাই। তেতিয়া আছিল ৰাষ্ট্ৰপতি শাসন (President rule)। গৱৰ্ণৰৰ উপদেষ্টা (Advisor to the Governor) আৰু (D.C.) কামৰূপ জিলাৰ উপায়ুক্ত এছ. কে. অগ্নিহোত্ৰীদেৱে মোৰ কামৰ অতি প্ৰশংসা কৰিছিল। অবিভক্ত কামৰূপত নলবাৰী, ৰঙিয়া, বৰপেটা আৰু বৰ্তমান কামৰূপ অন্তৰ্ভুক্ত আছিল। সঘনাই স্কুল পৰিদৰ্শন কৰিছিলো। কিছুদিনৰ বাবে বৰপেটা এম চি কলেজৰ গৱৰ্নিং বডিৰ চেক্ৰেটাৰী আছিলোঁ। একে সময়তে মই সন্দিকৈ ছোৱালী কলেজৰো গৱৰ্ণিং বোডিৰ সদস্যা আছিলো। [ ১০ ]  আমাৰ আমাৰ শিক্ষা বিভাগৰ সচিব আৰু আয়ুক্তসকলৰ ভিতৰত শ্ৰী পাতিলক প্ৰথমে পাইছিলোঁ। বাকীসকল ক্ৰমে শ্ৰী মদন বেজবৰুৱা, শ্ৰীভাস্কৰ বৰুৱা,শ্ৰীৰবীন বড়া, শ্ৰী উমাকান্ত শৰণীয়া, শ্ৰীঅশোক শইকীয়া, শ্ৰী ভুবনেশ্বৰ ভট্টাচাৰ্য, শ্ৰীৰাজেন গোস্বামী, শ্ৰীহেম বৰা, শ্ৰীঅনিল চৌধুৰী, শ্ৰী কমলেশ্বৰ বৰা আৰু শ্ৰী অৰুণোদয় ভট্টাচাৰ্য আছিল। এওঁলোক প্ৰত্যেকগৰাকী শিক্ষা আয়ুক্ত (Education Commissioner) আৰু সচিবে (Secretary) মোক সদায় সহায়, সহযোগ কৰিছিল। শেষৰ জন আয়ুক্তপালো শ্ৰীপ্ৰফুল্ল শৰ্মা। শ্ৰী মদন বেজবৰুৱাৰ দিনতে মই লিডছ (Leeds University) ইউনিভাৰছিটীত পঢ়িবলৈ গৈছিলোঁ, ১৯৭৮ চনত। তেতিয়া মই ডি.ডি.পি.আই আছিলোঁ। ১৯৮৩ চনত শ্ৰীভাস্কৰ বৰুৱা শিক্ষা সচিব (Education Secretary) থাকোতে, মোক অস্ট্ৰোলিয়ালৈ (International Training Institute of Sydney, Australia) afastazei colorat মই অবিভক্ত কামৰূপৰ স্কুল পৰিদৰ্শক (Inspector of Schools of Undivided Kamrup) আছিলো। আকৌ শ্ৰী অশোক শইকীয়াৰ (Education Commissioner) দিনত মই UNICEF Workshop এখনত ‘মেনিলা' ফিলিপাইনছত যোগদান কৰিছিলোঁ ভাৰতক প্ৰতিনিধিত্ব কৰি। সেই সময়ছোৱাত শিক্ষা বিভাগৰ মই Director of Adult and Non Formal Education ত আছিলোঁ। সেয়া আছিল ১৯৯০ চনৰ আগষ্ট ছেপ্টেম্বৰ মাহৰ কথা।

 ১৯৭৪ শত প্ৰথম DDPI হৈ (Excellerated Promotion due to my qualification) আহোঁ‌। ১৯৭৮ চনত আমি ১৮ জন অফিচাৰে Form fillup কৰিছিলো বিদেশলৈ (abroad) যাবলৈ। শেষত ভাৰত চৰকাৰ (Govt. of India) আৰু বৃটিছ সংসদ (British Council) ৰ এজন ইউৰোপীয়ান সদস্য আহি Interview লৈ মোক লিডছ্ ইউনিভাৰছিটীত Scholarship দি (Leads University) Pre School Edu- cation পঢ়িবলৈ চাৰি ৪ মাহৰ কাৰণে পঠিয়াইছিল। বৰ ভাল লাগিছিল। সেয়া মোৰ বাবে বুজাব নোৱাৰা, অফুৰন্ত প্ৰেৰণা। এপ্ৰিলৰ ১১ তাৰিখে কলিকতাৰ পৰা British Airways ত উৰা মাৰিছিলো লণ্ডনলৈ, নিশা ডেৰ ১-৩০ বজাত, (অৰ্থাৎ ১২ এপ্ৰিলত)। আমাৰ ভাইটিয়ে মোক আগবঢ়াবলৈ কলিকতালৈ আহিছিল। ব্ৰিটিছ সংসদে (British Council) মোৰ পাছপোৰ্ট, টিকট আদি সকলো ঠিক-ঠাক কৰি ৰাখিছিল কলিকতাত (এতিয়া কলকাতা)। কলিকতাত মাজৰাতি ভাৰত এৰি যাবলৈ মনটো অলপ সেমেকি উঠিছিল। কলিকতাত এপ্ৰিল মাহত ভীষণ গৰম, তাতে মোৰ পানী লাগি বৰ কাঁহ হৈছিল। পিছদিনা দিনৰ ১১ বজাত মাছকেট (Mascat) হৈ লণ্ডনৰ (Heathrow) হিথৰো পালোগৈ। তাত জাৰৰ প্ৰকোপত মোৰ পানীলগা কত পলাল ক'ব নোৱাৰো। হিথৰোত প্লেনৰ পৰা নামি মোৰ পৰিচয় পত্ৰ (Identity card) খনি দেখুৱাবলৈ ধৰিছিলোঁহে মাত্ৰ [ ১১ ] তেনেতে এগৰাকী ধুনীয়া ওখ-পাখ চাহাবে (British Council) এ মোক হেল্ল' বুলি সম্ভাষণ জনালে৷ তেওঁ মোক নিবলৈ (Receive) অহা বুলি জানিব পাৰিলো। মোৰ বয় বস্তুবোৰ সংগ্ৰহ কৰি মোক ব্ৰিটিছ কাউন্সীললৈ লৈ গ'ল। তাত কথা-বতৰা হোৱাৰ পিছত Court land Hotel, room no. 6, 14; Prince of wales Terrace Kensington London ত থাকিবলৈ দিলে আৰু লগতে টকা পইচা আৰু লিডছ্লৈ যাবলৈ ৰেলৰ টিকটখনো দিলে। গৰম কাপোৰ আৰু কিতাপ কিনিবলৈ টকা ব্ৰিটিছ কাউন্সিলেই দিলে। অতি বেছি ঠাণ্ডা কাৰণে হোটেলত মোৰ বৰ ভয়ো লাগিছিল। কাকো ক'তো লগ নোপোৱা অৱস্থা। পিছত, কিবা অলপ খাই আহোঁ বুলি ওচৰতে এখন ভাৰতীয় হোটেল দেখিবলৈ পালোঁ। হোটেললৈ খোজ কাঢ়ি গ'লো আৰু খোৱাৰ কাৰণে চাহ-ৰুটী আৰু অলপ সিজোৱা শাক-পাচলি ল'লো। অৱশ্যে পিছত জানিব পাৰিলো হোটেলখন পাকিস্থানী মানুহে চলায়, কিন্তু আমাৰ মানুহে বেছিকৈ আহে ভাৰতীয় হোটেল বুলিহে। ৰাতি শুবলৈ লৈছোহে মাত্ৰ এনেতে লণ্ডনতে থকা শ্ৰী কমল হাজৰিকা (বাপটি দা) আৰু ধীৰাই ফোন কৰি ক'লে যে লিডছলৈ (Leads) যোৱাৰ কাৰণে তেওঁলোকে মোক থবলৈ ৰাতিপুৱা আহিব। মোৰ মনটো ভাল লাগিল। পুৱা উঠি কাপোৰ পিন্ধি ৰৈ থাকোতে বাপটি দা আৰু ধীৰা আহি পালেহিয়েই। তেওঁলোকে মোক লণ্ডনখন গাড়ীতে অলপ ঘূৰাই দেখুৱালে। Albert Hall আৰু Wimbledon খেলপথাৰখনো দেখুৱালে। ১৩ তাৰিখে পুৱা ১১-১৫ বজাত ৰেলত উঠাই দি তেওঁলোক গ'লগৈ। লণ্ডনৰ পৰা লিডছলৈ ৰেলেৰে প্ৰায় ৪ চাৰি ঘণ্টা ২৫ মিনিট সময় লাগে। আবেলি ৩ বজাত লিডছ পালোগৈ। ৰেলেৰে যাওঁতে ভীষণ ঠাণ্ডা পালো আৰু ঠায়ে ঠায়ে বৰফ পৰা দেখিলো। Leads পায়েই ব্ৰিটিছ কাউন্সিল অফিচলৈ গ'লো। তাতে অফিচৰ কামবিলাক কৰি পইচা পাতি লৈ 271 সেই মাহৰ Stipend, book allowance & clothing to Berkely Home Hotel, 75 Clarendon Road, Leads-2 ত থাকিলোঁ। বৰ ঠাণ্ডা আৰু বৰফ পৰিছে চাৰিওফালে। পিছদিনা ব্ৰিটিছ কাউন্সিললৈ গৈ মোক কেনেধৰণৰ থকা ঠাই লাগে সুধিলে। মই ব্ৰিটিছ ফেমিলিৰ লগত থাকিম বুলি কোৱাত, এঘৰলৈ মোক লৈ গ'ল। আমাৰ মাজত কথা-বতৰা হোৱাত, তেওঁলোকে ৰাখিবলৈ আৰু মইও থাকিবলৈ ঠিক কৰাত ১৪ তাৰিখ, শুকুৰবাৰে হোটেলৰ পৰা Mr. & Mrs. Roger King, 17 Broomfield Crescent, Leads-6 U.K. 7 E গুচি আহিলোঁ। Roger King ৩০ বছৰীয়া, পৰিবাৰ Luise ২৪ বছৰীয়া আৰু তেওঁলোকৰ ছোৱালী Jessica চাৰে-চাৰি বছৰীয়া। থাকিবলৈ লোৱাৰ অলপ দিনৰ পিছতে Roger, Luise আৰু Jessica মোৰ আপোন হৈ পৰিল আৰু মইও নিজৰ ঘৰত থকাৰ দৰে তেওঁলোকৰ লগত থাকিবলৈ ল'লোঁ। তেতিয়া তাত বৰ জাৰ। [ ১২ ]  ১৫ এপ্ৰিল, শনিবাৰ ৰোজাৰে মোক Leads University লৈ লৈ গ'ল দেখুৱাবলৈ। ব্ৰিটিছ কাউন্সিললৈ গৈ পোৱাৰ পিছত পইচা-পাতিৰ হিচাপ কৰি Barclays Bank Ltd. ত এটা একাউন্ট খুলি £297.58 এখন চেক (cheque) জমা দিলোঁ।

 পিছদিনা তাৰে Juliet ৰ ঘৰলৈ ভাত খাবলৈ গ'লোঁ আৰু কেইগৰাকীমান মেম- চাহাবৰ সৈতে চিনাকি হলো। দেওবাৰ, বতৰ ফৰকাল থকা বাবে অলপ গৰম আছিল। খোৱা বেছ ভাল আছিল।

 সোমবাৰে, অৰ্থাৎ ঠিক পিছৰ দিনাখনেই ইউনিভাৰচিটিলৈ গলো আৰু Indian High Commissioner ত মোৰ Journey Report জমা দিলোঁ‌, Ministry of Education ভাৰতলৈ পঠিয়াবলৈ।

 On 19th April, Wednesday, 1998, classes began at 10 A.M., went to Brotherton Library, read some books on pre-school education.

 ১৯ এপ্ৰিলৰ পৰা আৰু ক্লাছ আৰম্ভ হ'ল। ডাঙৰ লাইব্ৰেৰী (Brotherton Library) লৈ গৈ Pre-School Education ৰ কিছু কিতাপ পঢ়িবলৈ ল'লো। কিতাপবিলাক বৰ সৰু সৰু আৰু বৰ ভাল ভাল কথা আছে, মনোবিজ্ঞানৰ ফালৰ পৰাও কিতাপবিলাক বৰ উন্নত মানৰ।

 আমাৰ Overseas Education Unit (OEU) ব ডাইৰেক্তোৰ Mr. J.Glover ক দুই বজাত দুপৰীয়া আগতীয়াকৈ appointment লৈ শুকুৰবাৰে তেখেতৰ অফিচত লগ ধৰিলো। মোক লগ পাই সাবটি ধৰি ক'লে - স্বাগতম। কিন্তু তুমি ইমান শিক্ষিতা qualified, আকৌ কি পঢ়িবলৈ আহিছা ইয়াত। মই ৰঙা পৰি ক'লোঁ - ‘মোৰ বহুত কথা শিকিবলৈ বাকী আছে। আৰু আপোনালোকৰ পৰা বহুত শিকিবলৈ, জানিবলৈ মই ইয়ালৈ আহিছো।' এঘণ্টামান কথা বতৰা হোৱাৰ পিছত মনটো বৰ পাতল লাগিল। তাৰ পিছত আমাৰ শিক্ষক Dr. Iredale আৰু Dr. Knamiller ৰ লগত আমাৰ বিষয়টোৰ ওপৰত আলোচনা কৰিলো। Miss Sue Durston ৰ লগত child programme বিলাক আলোচনা কৰিলো। আমাৰ professor সকলো কেইজনেই বৰ ঘৰুৰা, আমি তেখেতসকলক নাম কাঢ়ি মালে আৰু ক্লাছৰ পাছত tutorial ক্লাছ কৰোঁ। প্ৰায় প্ৰত্যেক (week end) ত সপ্তাহত আমাক বাহিৰলৈ লৈ যায়। প্ৰথম সপ্তাহত Scarborough লৈ গৈ দিনটো পাৰ কৰিলোঁ। বৰ ভাল আছিল কাৰণে দিনটো বৰ ভালদৰে অতিক্ৰম কৰিব পাৰিছিলো।

 Indian High Commissioner এ বিচৰা প্ৰতিবেদন (report) আদি পঠিয়াই দিলোঁ। Mr. Dorothea Bennett ৰ লগত children's centre লৈ পুৱা ৯ বজাত গৈ স্কুলখন চালো। ইয়াত ইউনিভাৰচিটীৰ professor সকলৰ লৰা-ছোৱালী বিলাক পঢ়ে। তাতে lunch খুৱালে। সৰু ল'ৰা-ছোৱালীৰ স্কুল কাৰণে free play আৰু কথা[ ১৩ ] বতৰা ভালকৈ পাতিবলৈ শিকায়, যাতে ভাষাটো শুদ্ধকৈ ক'ব পাৰে। ইয়াৰ ল’ৰা ছোৱালীবিলাকে কথা ক'বলৈ দ্বিধাবোধ নকৰে, more vocal এদিন Dr. Joan Tough ৰ লগত School council Community Project ৰ ওপৰত আলোচনা কৰিলোঁ। আলোচনাত শিক্ষকৰ দৰমহা, স্কুলৰ শাসন প্ৰণালীৰ বিষয়ে আছিল।

 ২৯ এপ্ৰিল, শনিবাৰে গুৱাহাটীৰ শ্ৰীকমল বৰুৱাৰ পুতেক Dr. Anupam Baruah আৰু তেওঁৰ ঘৈণীয়েক Kumud Trivedy ৰ Bradford ৰ ঘৰলৈ গৈ খোৱা-বোৱা কৰি দিনটো বৰ ভালেৰে কটালো। তাতেই Dr. Sailesh Parekh ৰ লগত চিনাকি হ'লোঁ।

 এক মে', সোমবাৰ, বন্ধৰ দিন হোৱা বাবে আমি Juliet আৰু Martin ৰ ঘৰত ভাত খালোঁ‌। তাতে Joswant, Foe আৰু Supriya ক লগ পালোঁ। পিছদিনা Mr. Glen Whitenouse ৰ লগত Knottingley a Simon lane first school nursery unit লৈ গ'লোঁ৷ তাত তিনিৰ পৰা পাঁচ বছৰৰ আৰু পাঁচৰ পৰা আঠ বছৰ বয়সলৈ ল'ৰা ছোৱালী পঢ়ে। ইয়াত ল'ৰা-ছোৱালীৰ মাজত শাৰীৰিক আদান-প্ৰদানৰ (Physical Interaction among children) শিক্ষা দিয়া হয়। সৰু ল'ৰা-ছোৱালীবিলাকৰ লগত ময়ো লাঞ্চ খালো। Mrs. Hunphrey ৰ লগত এদিন East Ardsley Nursery স্কুললৈ গ'লোঁ‌। তাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষায়িত্ৰী সকলে ইয়াৰ প্ৰতিগৰাকী ল’ৰা- ছোৱালীৰ মাক-দেউতাক আৰু সিহঁতৰ ঘৰুৱা অৱস্থাৰ কথা জানে। সেইকাৰণে স্কুলত ল'ৰা-ছোৱালীবিলাকে যিখিনি বিচাৰে তাৰেই শিক্ষা দিবলৈ চেষ্টা কৰে। তাতেই প্ৰধান শিক্ষায়িত্ৰীৰ লগত দিনৰ ভোজন কৰিলোঁ।

 এদিন মোক অসমৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ ওপৰত ক'বলৈ ক'লে। এজন শিক্ষকে ৩০-৪০ জন ছাত্ৰ-ছাত্ৰীক পঢ়ুওৱাৰ কথা কোৱাত তেওঁলোক বৰ আচৰিত হৈছিল। তাতে আমাৰ দেশৰ প্ৰাথমিক স্কুলঘৰবিলাকৰ অৱস্থাৰ বিৱৰণ দিয়াহ'লে কিজানি বৰ ভয় খালেহেঁতেন।

 ৬ মে’, শনিবাৰে আমি Lake District লৈ গ'লো। পৃথিৱী বিখ্যাত কবি, ৱৰ্ডছ ৱৰ্থৰ বাসস্থান। ঠাইখন অতি সুন্দৰ, প্ৰাকৃতিক সৌন্দৰ্য বৰ্ডছৱৰ্থ কিয়, সকলো কবিৰে মন হৃদয়ত স্পন্দন তুলিৰপৰা। তাৰ পিছত Kendal আৰু Kendal আৰু Windermere হ্ৰদলৈ Grasmere Ambleside By dal ৰ পানীলৈ গ'লো। Chrisreekie ত তাঁ‌তৰ শাল আৰু হাতৰ কামৰ শিল্প চলে। তাৰ পাছত বৰ্ডছ ৱৰ্থৰ পৰিয়ালৰ শ্বশান, Dove Cottage য’ৰ পৰা বৰ্ডছৰ্থে ডেফোডিলছ কবিতা ৰচনা কৰিছিল। তাতে কবিৰ মিউজিয়ামটো চাই Keswick, Thirimere হ্ৰদেদি আহিলো। Crow park Hotel ত থাকি Friar’s Crag চালো। তাৰ পৰা Borrowdale (Road) পথেদি Ashness Bridge তাৰ পিছত Bowness on windemere জাহাজত এঘণ্টা কটাই windermere [ ১৪ ] হ্ৰদৰ পৰা ঘৰ পালেহি। Bradford ৰ Feversham street Nursery স্কুললৈ গৈ দেখিলো ছাত্ৰ-ছাত্ৰীসকল প্ৰায়েই এছিয়া মহাদেশৰ, তাতে দুগৰাকী এছিয়ান নাৰ্ছাৰী নাৰ্ছ আছিল। অভিভাৱকসকলে তাত সপ্তাহত তিনিদিন ইংৰাজী শিকে।

 Barnsley Authority লৈ গৈ MRs. C.A. Bottomere উপদেষ্টা, নাৰ্ছাৰী শিক্ষা (Advisor Nursery Education) বিষয়াক লগ পাই স্কুল প্ৰশাসনৰ বিষয়ে আলোচনা হ’ল, আমি তাত কেইবাখনো সৰু সৰু ল'ৰা-ছোৱালীৰ স্কুল পৰিদৰ্শন কৰিলো। তদুপৰি ইংৰাজী শিক্ষা-পদ্ধতি, প্ৰণালী (English Education System) শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ আৰু পদ্ধতি, Workshop, Trg Course আদিত ভাগ ল'লো। পৰিদৰ্শন কৰা স্কুল-কলেজসমূহ হ'ল- Miss F.L. Kissack, MBE ৰ Harewood Centre Nursery School; West Yorkshire Pontefract; Bradford College; Dr. Cicilia wozny: Senior Lecturer in education: School of education; Schools Council Communications Skills projects workshop for college lecturers, তাৰে Adult education centre, Leads University ত ভাগ ল'লো পাঁচদিন। এনেকৈয়ে আমি সপ্তাহত চাৰি পাঁচখন স্কুল চাবলৈ গৈছিলো। বিশ্ববিদ্যালয়, কলেজ, স্কুলবিলাকৰ নাম; লগপোৱা প্ৰফেছৰ, প্ৰধান শিক্ষক শিক্ষায়িত্ৰীসকলৰ এক বিবৰণ তলত দিয়া হল—

স্কুল কলেজ আৰু বিশ্ববিদ্যালয় প্ৰফেছৰ, প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী
(1) Thomas Danly College & University Nursery School Mrs. wendly Apperly Leads (Brotherton Library Steps)
(2) Thomas Coram Research Unit, 41 Brunswick squre, London, WC IN IAZ Dr. Barbara Tizard, Project Director for Parental Investment in NUrsery
(3) Denmark Hill London Prof. H.J. Eysenck & Mrs. Eysenck

Psychialrysts.

(4) Bristol University, Bristol Mr. Gorden Wells
(5) University of London Prof. Basil Barnstein
(6) Slough, London Prof. P.S. Clift
(7) Southampton Mrs. Lin Paulton
[ ১৫ ]
(8) A Nursury School & Social Service Centre, London Mr. Jenny
(9) Allerton Grange youth Centre, Community, North Leeds - Mother and Toddlers Centre Macparson
(10) Worsbrough Dale Nursery School Barnsley - Barnsley Manchester Seminar on Home School Liasion- Multicultural Perspective University of Manchester Mrs. Bottomore
Mrs. J. Smiths
(11) Queen Margaret Hall, Bellshaugh Road, Glasgow G-12, Experiment in Education. Deptt of Education, I Lily Bank Gardens, University of Glasgow. Mr. Eric Wilkinson Stralth clydle. Globan Project.
(12) Edinbough, Castle, bridge, Queen's Drive, Palace etc.
(13) York to see Cattedral, Minister, lower, Treasure's house, Musium, Park etc. Mrs. Ursula King
(14) Mr. John Glover, Mrs. Glover and Jeromy Christofer, 4 westminister Road, Bumn bridge, Harrogate for lunch

 এই প্ৰগ্ৰেমবিলাকৰ মাজে মাজে সপ্তাহৰ শেষত Bradford ৰ ডা: কুমুদৰ ঘৰলৈ গৈ থাকি ভাত পানী খাইছিলো। তাতে আমাৰ ইয়াৰে ডা: অনুপ দাসক লগ পালো। তেৱোঁ মোক Leads ত বহুত ফুৰালে তেওঁৰ ৰঙা স্প'ৰ্টছ কাৰখনত। আৰু Indian Restaurent ত ডিনাৰ খাবলৈ যাওঁতে মহিলাসকলক, মোকো এটা ৰঙা গোলাপ ফুল দিছিল। ভাল লাগে।

 লণ্ডনলৈ ২০ দিন থাকিবলৈ আহি London Brothers' Hotel ত আছিলো। Mr. Eric Dixon এ আমাৰ বৰ যত্ন লৈছিল। লণ্ডন শিক্ষানুষ্ঠানসমূহ চাই-চিতি, তিনি চাৰিদিনমান লণ্ডনৰ শ্ৰী কমল হাজৰিকা (বাপটি্‌ দা) আৰু শ্ৰীমতী ধীৰা হাজৰিকাৰ ঘৰত [ ১৬ ] আছিলোঁ। তেওঁলোকৰ ঘৰখন এটি ল'ৰা আৰু এজনী ছোৱালীৰে এখন সম্পূৰ্ণ অসমীয়া ঘৰ। বৰ ভাল লাগিছিল তেওঁলোকৰ ঘৰত থাকি। ভাতৰ লগত মাছ আৰু বিলাহীৰ আজ্ঞাৰ সোৱাদ অতি উত্তম আছিল। ইমান বছৰে লণ্ডনত থাকিও যে নিজত্ব হেৰুওৱা নাই। তাৰ বাবে তেওঁলোক ধন্য। লণ্ডনৰ হেৰ'ডত মই বজাৰ কৰিলো।

 এটা শনিবাৰ আমি Stratford upon avon লৈ গ'লো। বিশ্ববিশ্ৰুত মহান কবি, নাট্যকাৰ শেক্‌সপীয়েৰৰ জন্মস্থান। কবিগৰাকীৰ সাজ-সৰঞ্জাম সকলোবোৰ একেদৰেই আছে। ঘৰটো পুৰণি হৈছে যদিও এটা যে নীৰৱ সাধনাৰ মন্দিৰ, এনে অনুভব হয়। Stratford ত গধুলি তেখেতৰ ৰচিত নাটক ‘Taming of the Shrew' ষ্টেজত অভিনয় কৰা চালো। বৰ ভাল লাগিল। তাৰ মাজতে মই ভাবিলো ইউৰোপৰ আন আন বিখ্যাত ঠাইবিলাক এতিয়াই চাই লোৱা ভাল হ'ব। নেদাৰলেণ্ড, হোলেণ্ড আৰু বেলজিয়ামৰ ভিছা লিডছতে পালো। ফ্ৰান্সলৈ যাবলৈ ভিছাৰ কাৰণে কিন্তু লিভাৰপুললৈ যাব লগা হ'ল। Mr. Roger King এ মোক এদিন লিভাৰপুললৈ লৈ গ'ল। সেই সুযোগতে মইও লিভাৰপুলখন ঘূৰি পকি চাই-চিতি ভিছাখন লৈ আনিলো। তাতে বাছত উঠোতে, অৰ্থাৎ লিভাৰপুলত যিখন বাছত উঠিছিলো সেই বাছখনৰ ড্ৰাইভাৰজন ভাৰতীয় পঞ্জাৱী আছিল। তেওঁ মোৰ পৰা ভাড়া নল'লে আৰু বাছখনতে যিমান পাৰে লিভাৰপুলখন দেখুৱালে। ভাল লাগিল।

 ইউৰোপ ভ্ৰমনলৈ বুলি বাছেৰে Miss Indira Malani ৰ সৈতে লণ্ডনলৈ আহিলো। তাতে মালানিৰ মোমায়েক গোলাব (Golab) মামাৰ ঘৰতে ৰাতিটো থাকিলো। মিছ মালানি NCERT দিল্লীৰ পৰা পঢ়িবলৈ গৈছিল Leads University "লৈ, মোৰ সৈতে একে বিষয়ত। পিছদিনা পুৱা দু বজাতে Tube (U/G Train) ৰে ভিক্তোৰিয়া ষ্টেছন পালোহি। তাৰ পিছত সতীৰ্থসকলৰ সৈতে ৰেলেৰে ডোভাৰ (Dover) পালোহি। তাৰ পৰা এখন ডাঙৰ জাহাজেৰে ডোভাৰ নদী English Channel (ইং প্ৰণালী) পাৰ হলো। পানীৰ মাজতে জাহাজখনৰ কিবা বিজুতি ঘটাত দুঘণ্টামান আমি পানীৰ ওপৰতে থাকিব লগা হ'ল। জাহাজখন তিনি তলীয়া। জাহাজেৰে ঘূৰা-পকা কৰি ইফালে-সিফালে চাই-চিতি বৰ ভাল লাগিল। ফুৰিবলৈ যোৱা আগমুহূৰ্ত্তত লিডছ্তে মোক এজন বংগদেশৰ ছাত্ৰই কৈছিল জাহাজৰ পৰা বাহিৰলৈ পানীৰ ফালে নাচাবলৈ Sea Sickness হ'ব পাৰে বুলি। প্ৰথমে ভয়ে ভয়ে মই পানীৰ ফালে চাইছিলো। পিছত ঘূৰি মেলি চাই ফুৰিবলৈ লোৱাতে একো বেয়া লগা নাছিল। মানুহ কিছুমানে মিছাকে ভয় খুৱাই (লগাই) দিয়ে। ফুৰি আহি বংগ দেশৰ মানুহজনক কৈছিলো তোমালোকৰ দৰে আমি অলপ ধতুৱা মানুহ নহয়। তেওঁ হাঁহিছিল। তাৰ পিছত জাহাজৰ পৰা নামি বাচেৰে আমাষ্টাৰডাম পাই (বেলজিয়াম) ওষ্টেণ্ড (Ostend), ব্ৰুগছ (Bruges), অন্তৰীপ (Antwerp) হোলেণ্ড [ ১৭ ] ডাইক উইণ্ড মিলছ্ ভোলেনদাম (Holland Dike Wind mills Volendan) চালো Zuyder Zee ৰ সাগৰৰ দাঁতিয়ে দাঁতিয়ে, পাৰে পাৰে। ৰাতিটো হোটেলত থাকি স্পেন্দাৰ, হেভেন 15-17, NL 1156 ভোলেণ্ডাম চালো। অতি বিতোপন, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তাৰ পিছত হক (Hoque) নগৰখন চাবলৈ গ'লো। বতৰ বৰ সুন্দৰ আছিল। তাৰ পিছত চাই খাই (পুৱা) ৰাজধানী আমষ্টাৰডাম (Amsterdam) লৈ গ'লো। এখন ডাঙৰ নাৱত নগৰখনৰ চাৰিওফালে থকা ডাঙৰ খালেৰে গোটেই নগৰখন চালো। এটা এক বেলেগ অভিজ্ঞতা। তাৰে Kenkenhab বিখ্যাত হীৰাৰ কাৰখানা আৰু Delft নগৰখন চালো। হীৰাবিলাক স্ব-চক্ষুৰে চাই দেখি বৰ ভাল লাগিছিল। কিনিবলৈতো সাধ্য নাই আমাৰ। একোটা হীৰাৰ দাম অলংকাৰৰ দাম শুনি পেটতে হাত ভৰি লুকাইছিল। এই হীৰাৰ অলংকাৰৰ গ্ৰাহক সকল প্ৰায় ৰাজ পৰিয়ালৰ মানুহ আৰু পৃথিৱীৰ বিখ্যাত, ধনী মানুহসকল।

 ইয়াৰ পিছত ৰাজধানী ব্ৰুছেলছ (Brussels) লৈ গৈ Hotel ABC, Square Sainctelette-19, B100) Brussels ত ৰাতিৰসাজ আহাৰ খালো। দিনটো ঘূৰি-পকি ইয়াৰ বিখ্যাত ঠাই আৰু বস্তুবিলাক চালো। তাৰ পিছত ইয়াৰ স্মৰণীয় Little Boy বোলা প্ৰতিমূৰ্তি (Statue) এটা চালো। তাৰো এটা বুৰঞ্জী, কাহিনী আছে। এতিয়া সেইবোৰ ইয়াত উল্লেখ নকৰো। গোটেই চহৰখন অপূৰ্ব সুন্দৰ। আমি তাত থকা প্ৰতিখন হোটেল থকা-মেলা বৰ আৰামদায়ক আৰু খোৱা-বোৱাও বৰ ভাল। হোলেণ্ডৰ হোটেলত মোক মাছৰ তৰকাৰী আৰু ভাত দিছিল ভাৰতীয় বুলি জানিব পাৰি।

 পিছদিনা পুৱা ৮-৩০ বজাত পুৱাৰ চাই খাই আমি ফ্ৰান্সলৈ ৰাওনা হ'লো। দুপৰিয়া ১ বজাত পেৰিছ পালোগৈ। Hotel Ibis, Rue Jean Jaures, F 95170 Bagnatel ত থাকিলো। হোটেলখন বৰ ধুনীয়া। তাৰে Chinese Restaurent ত দুপৰীয়া ভাত খালো। তাৰ পাছত বাছতে এজন স্থানীয় (Local guide) লোকক লৈ পেৰিছ চহৰখন ঘূৰিলো। Science ৰ দ্বীপৰ Notre Dam, Latin Quarter, Napolion's tomb in Les Invalides, Bastling L'Opera Districts, Eiffel Tower, de la concorda, Palains de chaillot, Chapels আদি চালো। Eiffel Tower চাই অতি মুগ্ধ হলো। ইমান ওখ ডাঙৰ দ’ল আৰু ভিতৰখন ইমান ধুনীয়া। ওপৰত উঠি গোটেই পেৰিছ চহৰখন চালো। অপূৰ্ব সৌন্দৰ্য্য। বৰ ভাল লাগিল। ৰাতি আমি পেৰিছৰ ক্লাব (Night Club) লৈ গ'লো Evening in Paris। ৰাতিৰ লাইটৰ পোহৰত পেৰিছখন যেন এক অদ্ভুত সৌন্দৰ্যৰ আকৰহে। অতি বিতোপন, অতি সুন্দৰ আৰু মনোমোহা। তাৰ মাজতে পেৰিছত অলপ চলপ বজাৰো কৰিলো। মাজৰাতি শুবলৈ লৈ খিৰিকীয়েদি বাহিৰলৈ চাই মই ভাবিলো সঁচাকৈ মই পেৰিছতে আছোনে। আনন্দত [ ১৮ ] আত্মহাৰা হৈ পৰিছিলো।

 পিছদিনা পুৱা Hotel Ibis ত ব্ৰেকফাষ্ট (breakfast) কৰি (খাই) যাত্ৰাৰ সামৰণি মাৰি ঘৰ অভিমুখে ৰাওনা হলোঁ। ওভতাৰ পথত বেলজিয়াম হৈ আহোঁতে (Ostend) অ'ষ্টেণ্ডত দুপৰীয়াৰ ভাত খালো৷ তাৰ পিছত চাৰে তিনি বজাত জাহাজেৰে ইংলিছ চেনেল পাৰ হ'লো। ডোভাৰ বিছ (Dover Beach} ৮-৩০ বজাত, সন্ধিয়া পালোহি। তাৰ পিছত ৰেলেৰে ভিক্তোৰিয়া ষ্টেচন পালেহি। নিশা ১০-৩০ বজাত লিডছলৈ বুলি ৰাতিৰ বাছত উঠিলো। লিডছ পালেহি পুৱা ৫-৩০ বজাত। ঘৰ ৬ বজাত পালোগৈ।

 ঘৰ পায়েই গা-পা ধুই ক্লাছলৈ গৈ Shaffield ৰ ৰ পৰা অহা Dr. Heron আৰু Dr. Knamillerৰ লগত দিনৰ সাজ (lunch) খাই আলোচনা আৰু কথা বতৰা হলো। বতৰ ভাল আছিল। কিন্তু বৰ ভাগৰ লগা বাবে টোপনি ভাবটোৱে বৰকৈ আমনি কৰিছিল। সেয়ে ৪-৩০ বজাত (আবেলি) ঘৰলৈ উভতিলো। সন্ধিয়া ৬-৩০ বজাত ভাত খাই বিছনাৰ পৰাৰ লগে লগে টোপনিত লালকাল হৈ পৰিলো।

 লিডছত থাকোতেই প্ৰভু ঈশ্বৰ শ্ৰীশ্ৰীগড়মূৰীয় সত্ৰাধিকাৰৰ পৰা চিঠি পাইছিলো। সেই চিঠিত পোৱা আশীৰ্বাদে মোৰ মন আৰু শৰীক এনেভাৰে উদ্বেলিত কৰিছিল যে সেই কথা মই ভাষাৰে বৰ্ণাব নোৱাৰিম। মন থৌকি-বাথৌ লাগিছিল। এনেও ঘৰৰ পৰা চিঠি পালে বিদেশত মনটোবৰ ভাল লাগে। প্ৰভু ঈশ্বৰলৈ মই চিঠিৰ উত্তৰ খুব সোনকালে দিছিলো, ঘৰলৈকো নিয়মিতভাৱে চিঠি দি আছিলো। কেতিয়াবা Picture card কেতিয়াবা post card আৰু কেতিয়াবা এনেয়েই।

 ব্ৰিটিছ কাউন্সিলৰ পৰা আমাক তাৰ কিছুমান ভাৰতীয় পৰিয়ালৰ লগত দিনটো কটাবলৈ ঠিক কৰি দিছিল। তেনেকৈ মই Barnsley ত Dr. Ramchandrah ৰ ঘৰ তেওঁৰ পৰিয়ালৰ লগত ভাত খাবলৈ গৈ দিনটো কটালো। শ্ৰী অনুপ দাসৰ লগত Shahab হোটেল ভাত খাইছিলো। Prawn Biriani পোলাও খাই বৰ ভাল লাগিছিল। তদুপৰি Juliet আৰু Martin ৰ ঘৰত, Sushila & Mic, লণ্ডনত Rini Kakati ৰ। ঘৰত, Harrogate ত Mr. & Mrs. John Glover ৰ ঘৰত, Weekend বিলাকত ভাত ঘাবলৈ মাতিছিল। Bradford ৰ ডা: অনুপম বৰুৱা আৰু ডা: কুমুদৰ ঘৰত ৰাতি আছিলোঁও কেতিয়াবা। লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম চাই বৰ ভাল লাগিল। গাৰ্ডজনক ভাৰতৰ কহিনুৰ নিবলৈ অহা বুলি হাঁহি ক'লো। Thomas Danby College (টমাছ দানবী কলেজ) লৈ গৈ তাৰ ইউনিভাৰচিটী নাৰ্ছাৰী স্কুল (University Nursery School) খন চাইছিলো Mr. Wendy Apperly ৰ সৈতে।

 তাৰ পিছত ২০ দিন আমি লণ্ডনৰ London Brothers Hotel, 152 North Gower Street London Nov1 ত আছিলো। হোটেলখন বৰ ধুনীয়া আৰু আৰামদায়ক। [ ১৯ ] মেনেজাৰ Mr. Eric Dixon এ হোটেলখন ইমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে যে চিগাৰেটৰ টুকুৰা পৰি থকা দেখিলে নিজেই বুটলি আনে। এইবিলাক তেওঁৰ বৰ ভাল গুণ। তেতিয়া লণ্ডনৰ বতৰ বৰ ফৰকাল আৰু অলপ গৰম আছিল। তাৰে Coran Research Unit, 41 Brunswick Square, London W.C. In IAZ Dr. Barbare Tizard Parental Involvement in nursery School 9859 (Project Director) লগত আলোচনা কৰি একেলগে দিনৰ সাজ খালো। ডেনমাৰ্ক 90 Prof. H.J. Eysenck আৰু Mrs. Eysenck 72311 Psychiatrysts ৰ লগত আলোচনা কৰা হ'ল। Bristol লৈ গৈ ব্ৰিষ্টল ইউনিভাৰচিটীত Mr. Garden wells ক লগ পালো। ইউনিভাৰচিটী অৱ লণ্ডনলৈ গৈ Prof. Basil Bernstein ক লগ পালো। লণ্ডনৰ বিখ্যাত ঠাইবিলাক চাওঁ বুলি এদিন বাছেৰ ফুৰিবলৈ ওলালো। শ্লওলৈ (Slough) গৈ Mr. P.S. Clift ৰ সৈতে আলোচনা হ’ল। ছাউথামটন (Southampton) লৈ গৈ তাৰে ইউনিভাৰচিটীৰ ছোচিঅ'লজিৰ মুৰব্ৰী অধ্যাপিকা Mrs Lin Poulton ৰ ঘৰত ৰাতি থাকি বৰ ভাল লাগিল। তাৰে ছেচিয়েল ছাৰ্ভিচ চেণ্টাৰ আৰু নাৰ্ছাৰী স্কুলবিলাক চোৱা হ’ল। তাৰ পিছত তিনি চাৰিদিনমান বাপটি দা আৰু ধীৰাহঁতৰ ঘৰত থাকিলো। বৰ ভাল লাগিল। তাৰ পিছত লিডছলৈ ঘূৰি আহিলো।

 ১৯৭৮ চনৰ ২৬ জুনৰ সন্ধিয়া ৭ বজাত আমাৰ Farewel supper অনুষ্ঠিত হৈছিল। লিভছ ইউনিভাৰচিটীত সিদিনা বৰ স্ফূৰ্তি কৰিলো। তাৰ পিছৰ দিনা Allerton Grange youth centre community, North Leeds Mother & Toddlers Centre লৈ গৈ তাৰে Incharge Mrs. Jenny Macpherson ৰ লগত কথা বতৰা হলো। প্ৰতি বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩-৩০ লৈ এই চেণ্টাৰ কাম কাজ চলে। বাৰ্ণছলেৰ (Barnsley) Mrs. J Smith worsbrough date Nursery School চালো Mrs Bottomore ৰ সৈতে। ইয়াৰে ড° ৰামচন্দ্ৰণৰ পৰিয়ালৰ লগত দুপৰীয়াৰ ভাত খালে। তাৰ পিছদিনা মানচেষ্টাৰলৈ গৈ হোম স্কুল লাইয়েচন মালটিকালচাৰেল পাৰস্পেক্‌টিভ চেমিনাৰখনত যোগ দিলো। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ দুদিন থাকি এই চেমিনাৰত আমি ভাগ লৈছিলো।

 দহ জুলাইত Glasgow Queen Margaret Hall, Bellshaugh Road, Glasgow -G-12 Gs Mr. Eric Willkinson, Stralthelyde Experiment in Education Deptt. of Education, I lilybank Gardens University of Glasgow লগ পাই আলোচনা কৰিলো আমাৰ বিষয়বিলাক। ইয়াত থকা Dr. Thakur (যোৰহাটৰ) Psychiatristৰ লগত ৰাতিৰ সাজ ভাত খালো। লগত তেখেতৰ মাক আছিল কাৰণে আমাক খৰিছাৰ আজ্ঞা আদিৰে বৰ জুতি লগাকৈ খুৱালে। আমাৰো ঘৰত [ ২০ ] খোৱাৰ দৰেই লাগিল। বৰ ভাল লাগিল। ডা: ঠাকুৰ ইয়াৰ বৰ ভাল চিকিৎসক, বৰ ভাল মানুহজন। তাৰ পিছদিনা আমি এৰিক উইকিনছনৰ সৈতে (Wilkinson) তেখেতৰ Project ৰ বিষয়ে আলোচনা কৰিলো৷ তেখেতে আমাক গোটেই Glasgow চহৰখন ফুলে। তাৰ পৰা আমি Edinborough লৈ গ'লো। তাৰ ৰাজকীয় Castle, bridge, Queens drive, Palace আদি চালো। অতি বিতোপন ঠাই এইখনো। সাধাৰণতে আমি ইউনিভাৰচিটীৰ হোষ্টেলত থাকিয়ে ঠাইবিলাক চাই ফুৰোহোষ্টেলত সকলো সুবিধা থাকে। বৰ ভাল লাগে। আৰামদায়ক। অৱশ্যে হোটেলত থাকিলেও একেই আৰাম, একেই সুখ। এদিন Mrs. Ursula King ৰ লগত য়ৰ্ক (york) লৈ গৈ (Cathedral, Minister, tower, Treasure's house Musium, Park আদি চাই বৰ আনন্দ লাগিল। সকলো ঠাই ঘূৰি পকি ঘৰলৈ অহাৰ আগে আগে মই চিনাকি সকলো পৰিয়াল, Mr. & Mrs. John Glover, Dr. Anupam Baruah আদিক মাত লগাই এসাজ তেওঁলোকৰ লগত থালে। মইও এদিন আমাৰ ঘৰলৈ মোৰ দেশী বিদেশী বন্ধু বিলাকক মাতি ৰাতি এসাজ খুৱালো। প্ৰায়খিনি মইয়ে ৰন্ধা বঢ়া কৰিলো।

 শেষত, মই প্ৰতিবেদন (Report) এখন দাখিল (submit) কৰিব লাগে। মোৰ প্ৰতিবেদনৰ বিষয় আছিল Pre-School Education in India & the U.K. মোৰ প্ৰতিবেদন ভাল হোৱা বুলি Mr. Glover এ মোক তেওঁৰ ওচৰলৈ মাতি নি কৈছিল। ভাল লাগিছিল।

 ফুৰিবলৈ যোৱা ঠাইকেইখনৰ ভিতৰত স্কটলেণ্ডো এখন। ঠাইখন শ্বিলঙৰ Golf link আৰু Polo field ৰ দৰে লাগিছিল। সেয়েহে চিলঙক Scotland of the East বুলি কোৱা হয়। তিনি আগষ্টত মই লিডছৰ পৰা স্বদেশলৈ বুলি ৰাওনা হওঁ। ওভোতাৰ সময়ত লুইছ, জেচিকা আৰু ওচৰৰে মেম এগৰাকীয়ে মোক বিমান বন্দৰলৈ আগবঢ়াবলৈ আহিছিল। চাৰি মাহ একেলগে নিজৰ ঘৰত থকাদি থাকি মই কিং পৰিয়ালৰ পৰা বিদায় লোৱাৰ পৰত মোৰ দুচকুৰে চকুলো নিগৰি ওলাইছিল। অস্ফুট কান্দোনে মোৰ হিয়াত হাহাকাৰ কৰি উঠিছিল। সকলোকে ধন্যবাদ জনাই মই লণ্ডনলৈ উৰা মাৰিলো। লণ্ডনৰ পৰা ব্ৰিটিছ এয়াৰ ৱেজলৈ আহি পিছদিনা মাজ নিশা (চাৰি আগষ্টত) কলিকতা পালেহি। কলিকতা বিমান বন্দৰত আটাইকে দেখি (ঘৰৰ পৰা আগবাঢ়ি মোক নিবলৈ অহা) মই আৱেগত অভিভূত হৈ পৰিছিলো। তাৰ পাছত আমি আটায়ে গুৱাহাটীৰ “শৈলেন্দ্ৰ ভৱন” আহি পালেহি। ঘৰ পাই আপোন মানুহবোৰক একেলগে দেখি বৰ ভাল লাগিল।

 United Kingdom ইংলেণ্ডৰ মানুহবোৰৰ লগত থাকি, কথা-বতৰা পাতি যিখিনি অভিজ্ঞতা হ'ল তাৰ ভিতৰত তেওঁলোকৰ জাতীয় চৰিত্ৰৰ প্ৰতি যি সচেতনতা সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু শলাগীব লগীয়া। প্ৰতিগৰাকী ব্যক্তি কেৱল নিজৰ কামক লৈ [ ২১ ] ব্যস্ত। আনক সহায় কৰি তেওঁলোকে বৰ আনন্দ পায়। নিজৰ কৰ্তব্যৰ প্ৰতি সদাই সজাগ, কৰ্তব্যপৰায়ণ। কোনো ফাঁকি ফুঁকা নাই। ডাঙৰৰ পৰা সৰুলৈ সকলো স্পষ্টবাদী। নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন, সজাগ আৰু মুকলি বতাহত ফুৰিবলৈ যোৱাটো তেওঁলোক হবী (Hobby), বাধ্যতামূলক যেন। ঘৰৰ প্ৰত্যেকেই চাইকেলেৰে ফুৰি আহেগৈ। Park বিলাকত ল'ৰা ছোৱালী, সৰু ডাঙৰ সকলোৱে খেলা-ধূলা, পঢ়া পাতি, ব্যায়াম আদি কৰাত ব্যস্ত। কোনেও কালৈকো চাবলৈ সময় নাই। ব্ৰিটিছবিলাক সাধাৰণতে অলপ Conservative আৰু Formal। তেওঁলোকে সকলো কথাতে Discipline মানি থাকিবলৈ ভাল পায়। বন্ধু পৰিয়াল পাঁচ ছয়টাৰ ভিতৰত বৰ মিলাপ্ৰীতি। সপ্তাহৰ শেষত ইঘৰ সিঘৰৰ মাজত এসাজ খাবলৈ নিমন্ত্ৰণ কৰাৰ এক সুস্থ পৰম্পৰা আছে। সৰু-ডাঙৰ বুলি কথা নাই সকলোৱে সকলোকে নাম কাঢ়ি মাতে, কিন্তু সন্মানখিনি ঠিকেই কৰে। সমাজ আৰু প্ৰতিৱেশীৰ মাজত মানৱীয় আৰু সামাজিক মূল্যবোধৰ প্ৰমাণ বহুত পোৱা যায়। ইঘৰে সিঘৰক খাবলৈ মাতিলে নিমন্ত্ৰিতসকলেও কিবা-কিবি লৈ আহে আৰু আটায়ে মিলিজুলি খায় আৰু উপভোগ কৰে। কাম-কাজৰ ক্ষেত্ৰত তাত পুৰুষ মহিলা বুলি কোনো প্ৰভেদ নাই। মহিলাই ৰন্ধা বঢ়াত লাগিছে যদি পুৰুষজনে লৰা ছোৱালীক চাইছে বা চাফ চিকুণ কৰিছে। লৰা ছোৱালীক স্কুললৈ অনা নিয়া কৰা, বজাৰ সমাৰ কৰা আদি বোৱা কামবিলাক তাত মহিলা বিলাকেই বহু সময়ত কৰে। পুৰুষবিলাকে বাছত বা ৰেলত নিজৰ কামলৈ যায়। খোৱা বাচন বৰ্তন ধোৱা মেলা কৰাৰ ক্ষেত্ৰত পুৰুষবিলাকেও কেতিয়াও হেলা নকৰে। দেখাত মহিলাসকলৰ কাম বেছি হয়। সপ্তাহৰ শেষত কাপোৰ ধোৱা, ঘৰুৱা অন্যান্য কাম কৰা, ফুৰিবলৈ যোৱা আদিও তেওঁলোকৰ ৰুটিন কাম। প্ৰতিজনে ইজনে সিজনক যথোচিত সন্মান দিব জানে। সৰু লৰা ছোৱালীবোৰেও সৰুৰে পৰাই ঘৰুৱা পৰিৱেশত বা যিকোনো পৰিৱেশত সন্মান কি তাক ভালদৰে বুজিবলৈ শিকে। তেওঁলোকৰ কথা আৰু কামৰ কোনো লৰচৰ নহয়। কিবা এটা কৰিম বুলিলে কৰিবই, মিছাকৈ বা অৱহেলা কৰি কামটো নকৰাকৈ নাথাকে। সেয়েহে হবলা ব্ৰিটিছবিলাক এটা শক্তিশালী আৰু আগৰনুৱা জাতি হিচাপে এতিয়াও বিশ্বত নিজৰ স্থান গজগজীয়া কৰি ৰাখিব পাৰিছে। ব্ৰিটিছসকলৰ প্ৰত্যেকৰে দেশপ্ৰেম আৰু জাতিপ্ৰেম এক উল্লেখনীয় নিদৰ্শন। সেয়েহে কোনো সন্মান লাঘৱ হব পৰা কাম তেওঁলোকে কেতিয়াও নকৰে। ৰাজকীয় পৰিয়ালক তেওঁলোকে বৰ শ্ৰদ্ধা আৰু সন্মান কৰে। ৰাজকীয় পৰিয়াল (Royal family) বুলিলেই তেওঁলোক সকলো যেন সজাগ হৈ যায়।

 কাপোৰ-কানি পিন্ধন উৰণত তেওঁলোক বৰ সচেতন (আবুৰ থকা)। আনুষ্ঠানিকভাবেও তেওঁলোক সাংঘাতিক সতৰ্ক (Formal)। মই ইংৰাজ পৰিয়ালৰ লগত আছিলো কাৰণে মি: লুইছ কিঙৰ বন্ধু, ইংৰাজ আৰু ভাৰতীয়সকলে ভাৰতীয় ৰন্ধন প্ৰণালীৰ কিতাপ দিছিল [ ২২ ] মোক ৰান্ধি খুৱাবৰ কাৰণে। পিছলৈ মই যিবিলাক বস্তু খাই ভাল পাওঁ তেনে খাদ্য লুইছে বেছিকৈ বনাইছিল। কণী-ময়দা, নিমখ-পিয়াজ দি কেকৰ দৰে, আমাৰ পিঠাৰ দৰে তেলত ভুজা এবিধ খাদ্যও তেওঁলোকে বনাইছিল। খাবলৈ বৰ ভাল লাগে। বাদাম, মিক্স কৰ্ণফ্লেকচ আদি সদায় ঘৰত ৰাখিছিল। টিন ফিছ বহুত খাইছিলো। মই কোনো ধৰণৰ মাংস নাখাওঁ কাৰণে মই ঘৰত থকা দিনত লুইছহঁতে একো মাংস ঘৰত নাৰাখিছিল। ইমান ত্যাগী (Considerate) মানুহ যে ভাবিবই নোৱাৰি। তেওঁলোকৰ সৰু ছোৱালী জেছিকা (Jessica) (চাৰে চাৰি বছৰীয়া)ক মই গা-ধুওৱা, খুওৱা আৰু নিচুকনি গীত “আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ" গাই গাই শুৱাব লগা হৈছিল। জেছিকা যেন এটি বগা মূৰ্তি, দেখিবলৈ বৰ ধুনীয়া। মোক নাম কাঢ়ি মাতি নিচুকনি গীতটো টোপনি নহালৈকে গাই থাকিবলৈ কয়। গৰমৰ দিনত জেছিকা আবেলি ৭ বজাতে শোৱে (তেতিয়া পোহৰ হৈয়ে থাকে)। তাৰ পাছতহে আমি (ৰোজাৰ আৰু লুইছৰ লগত) ৰাতিৰ আহাৰ খাওঁ। আমাৰ ঘাইকৈ আলোচনা হয় শিশু ল'ৰা-ছোৱালীৰ মনোবিজ্ঞান, শিক্ষা-প্ৰণালী ইত্যাদিৰ ওপৰত। তেতিয়া মোৰ মনটো ভাল লাগে আৰু বেছিকৈ জাগি উঠে। কাৰণ মই লণ্ডনৰ পঢ়িবলৈ যোৱা বিষয়টো হ'ল প্ৰাক-প্ৰাথমিক শিক্ষা। তদুপৰি জেছিকাক মই ঘৰতে জীৱন্ত উদাহৰণ হিচাপে পাইছিলো। ৰোজাৰ আৰু লুইছে মোৰ পৰা কিছু কথা সুধি আৰু মইও তেওঁলোকৰ পৰা কিছু কথা জানিব পাৰিছিলো। ইয়াৰ পৰা মোৰ বৰ সহায় হৈছিল, বিশেষকৈ প্ৰতিবেদনখন (report) লিখাত, অৰ্থাৎ প্ৰস্তুত কৰাত। আকৌ মোৰ এনে লাগিছিল যে লিডছত কিং পৰিয়ালৰ লগত থাকি মই যেন একেবাৰে আমাৰ ঘৰৰ আপোন মানুহবোেৰ লগতহে আছিলো। পৃথিৱীত মানুহ সকলো একে আৰু ল'ৰা-ছোৱালীবোৰ যে আৰু একে। সকলো মানুহৰে সহজাত গুণবোৰ (প্ৰবৃত্তি) একেই! তাৰ ভিতৰত ভাল বেয়াৰ তাৰতম্যবোৰ সমাজ, দেশ আৰু আৱহাৱা পৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰে। কথাতে কয় - “আপোন ভালেই জগৎ ভাল” কথাষাৰ পূৰ্ণ শতাংশই সঁচা।

 মই এটা কথা আগতে উল্লেখ কৰিব লাগিছিল আৰ্মি ইউৰোপ ভ্ৰমণ কৰিবলৈ যাওঁতে যিখন বাছত গৈছিলো সেই বাছখনৰ গাইডগৰাকী অৰ্থপেডিক্‌ছ ছাৰজন (Orthopaedics Surgeon) আছিল। মোক বৰ যত্ন কৰি নিছিল। কথা কওঁতে (Good Indian Lady) বুলি কৈছিল, কাৰণ মই ভ্ৰমণৰ নিয়ম নীতিবোৰ বৰ ভালদৰে পালন কৰিছিলো। বাছ এৰাৰ অলপ আগতেই আহি বাছত উঠিছিলোহি। খোৱা আৰু থকাৰ ক্ষেত্ৰত একো আপত্তি কৰা নাছিলো। হোটেলবিলাকত মই সদায় অকলশৰীয়াকৈ এটা কোঠা লৈছিলো। ভাত খাওঁতে খোৱাৰ বস্তু কি কি দিব গাইডজনে মোক কৈ গৈছিল। আৰু ভাত আঞ্জা পৰাপক্ষত মোৰ কাৰণে খাবলৈ সুবিধা কৰি দিছিল। ভ্ৰমণৰ শেষত ড্ৰাইভাৰ আৰু গাইডজনে মোৰ লগত ফটো উঠিছিল।

[ ২৩ ]  উভতি আহোঁতে হোলেণ্ডত এগৰাকী অতি ধুনীয়া ছোৱালী আমাৰ বাছখনৰ গাইড হ'ল। তেওঁৰ ৰূপ সৌন্দৰ্য মুগ্ধ হৈ আমি সকলোৱে তেওঁকে চাই গ'লো। পিছত জানিব পাৰিলো তেওঁ এগৰাকী মডেল। আজৰি পৰত তেৱো ডাক্তৰ জনৰ দৰে ৰাইজৰ কাম, কৰি দেশ চাই ফুৰে। এই দেশত শ্ৰমৰ মৰ্যাদা (Dignity of Labour) আছে। সকলোৱে বুজে। ইয়াৰ মানুহবোৰক দেখিলে এনে লাগে যেন তেওঁলোকৰ জীৱনলৈ কেতিয়াও দুখ বোলা বস্তু অহাই নাই। সুখী যেন লাগে দেখিলে।

 লিডছলৈ মই পঢ়িবলৈ যোৱা বিষয়টো আছিল প্ৰাক্‌ প্ৰাথমিক শিক্ষা। আমাৰ দেশত শিক্ষা প্ৰথা মতে, ৬ বছৰৰ পিছতহে শিশুক আনুষ্ঠানিক শিক্ষা দিয়া হয়। তাৰ আগৰ সময়খিনি ২১/২বছৰৰ পৰা ৫১/২/৬ বছৰলৈ শিশুক প্ৰাক্ প্ৰাথমিক শিক্ষা দিয়া হয়। তাতে এই প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ ওপৰত জোৰ দিয়া হয়। কিনডাৰগাৰটেন (Kindergarten), নাৰ্ছাৰী আদি স্কুলবিলাক ঠায়ে ঠায়ে খুলি এই সৰু শিশুবিলাকক শিক্ষা দিয়া হয়। প্ৰায়বোৰ এনে স্কুল পৰিদৰ্শন কৰি আমি তাৰ শিক্ষা পদ্ধতি সম্পৰ্কে আলোচনা কৰিছিলো।

 এই প্ৰাক্‌-প্ৰাথমিক শিক্ষানো কিয় লাগে এই বিষয়ে ছাৰ জৰ্জ নিউমেনে তেওঁৰ বাৰ্ষিক প্ৰতিবেদনত লিখিছিল Why Nursery School?

 ১। পাঁচ বছৰ বয়সৰ বা অৰ তলৰ শিশুসকল আমাৰ আনুষ্ঠানিক শিক্ষাৰ দুৱাৰডলিত থাকে।
 ২। এই শিশুবিলাক শাৰীৰিক, মানসিক বিকাশমুখীস্তৰত গছৰ গুটিৰ দৰে অৱস্থাত থাকে।
 ৩। এই পাঁচ বছৰ বয়সৰ আগখিনিত শিশুৰ জীৱনত ভাল বেয়া যি যি ঘটনা ঘটে তাৰ পৰিণাম পিছৰ অৱস্থাত, অৰ্থাৎ ডাঙৰ হৈ ভোগ কৰে।

 এটি শিশু বাঢ়ি থকা অৱস্থাত, স্কুলখনত শাৰীৰিক উন্নতিৰ কাৰণে ব্যৱস্থা লাগে ঠাই, পোহৰ, গৰম ঠাণ্ডাৰ ব্যৱস্থা মুকলি বতাহ অহা যোৱা কৰা, এখন ধুনীয়া ফুলনি আৰু খেলা ধূলা কৰিবলৈ এখন মুকলি ঠাই। ঘৰতো শিশু এটি মানসিক মেধা আৰু আৱেগিক বিকাশৰ কাৰণে সুস্থ ব্যৱস্থা, ভাল পৰিৱেশৰ (Environment) সৃষ্টি কৰাটো মাক- দেউতাকৰ দায়িত্ব আৰু কৰ্ত্তব্য। অন্যথা তেওঁলোক জগৰীয়া। ছবছৰ নৌহওঁতেই এটি শিশুক সকলো ধৰণৰ প্ৰশিক্ষণ দিব লাগে। সেই কাৰণেই মাক দেউতাক শিক্ষিত হলে মাক দেউতাকৰ মৰম আৰু যত্নৰ লগতে সকলো যাবতীয় মাক-দেউতাকসকলে শিশুৰ সকলো কথা বুজিবলৈ যত্ন কৰে। শিশুক শুদ্ধ আৰু ভাল ভাষাত কথা কবলৈ শিকোৱাটো বৰু ডাঙৰ কথা। এই ভাষাৰেই শিশুৱে ডাঙৰ হৈ আনৰ লগত, বাহিৰৰ জগতখনৰ লগত যোগাযোগ কৰিব লগা হয়।

 ভাৰতীয় শিক্ষা পদ্ধতিত প্ৰাক প্ৰাথমিক শিক্ষাক বেছ গুৰুত্ব দিয়া হৈছে। বাল সেৱিকাৰ প্ৰশিক্ষণ, অংগনবাদী প্ৰশিক্ষণ গাওঁ চহৰ সকলোতে আছে। তথাপি কিন্তু প্ৰাক্‌-প্ৰাথমিক শিক্ষা ব্যৱস্থাটো শিশুৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে এতিয়াও শিক্ষা বিভাগৰ লগত [ ২৪ ] জড়িত হোৱা নাই। দৰিদ্ৰতা, লেতেৰা পৰিৱেশ আৰু পুষ্টিহীনতা আদিয়ে শিশুৰ মানসিক আৰু শাৰীৰিক গঠনত আঘাত হানে। যি সময়ত এটি শিশুক এটা সুস্থ পৰিৱেশ দিব লাগে, শাৰীৰিক আৰু মানসিকভাৱে জুৰুলা মাতৃগৰাকী দিনটো পৰিশ্ৰম কৰি তাকে কৰিবলৈ অপাৰগ হয়। কিন্তু এটি শিশুৱে সৰুতে যিখিনি শিকে তাৰ পিছৰ জীৱনত তাৰ ফলহে পায়— সেয়া ভালো হব পাৰে বা বেয়াও হব পাৰে। সেয়ে প্ৰাক্‌-প্ৰাথমিক শিক্ষাটোৱে এটি শিশুৰ শাৰীৰিক, চলনশক্তি সঞ্চালক (Motor), সামাজিক, আবেগিক আৰু সজ্ঞানতা বা সচেতনতা (Cognitive) দিশটোৰ উন্নতিৰ প্ৰতি গুৰুত্ব দি কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইংলেণ্ডত শিশুক প্ৰথমে ভাষা আৰু মুকলি ভাৱে খেলা-ধূলা (free play) ৰ শিক্ষা দিয়া হয়। ইংলেণ্ডত প্ৰাক-প্ৰাথমিক শিক্ষা পদ্ধতিয়ে নাছাৰী স্কুলত সকলো প্ৰয়োজনীয় বস্তুৰে যোগান ধৰে, যাতে শিশুটিয়ে স্কুলখনক নিজৰ দ্বিতীয়খন ঘৰ হিচাপে লব পাৰে। স্কুলবিলাক যেন একোখন ছবিৰহে ঘৰ। খেলিবলৈ যথেষ্ট বস্তু দিয়া হয়। শিশুক তাত সম্পূৰ্ণ স্বতন্ত্ৰতা দিয়া যাতে শিশুটিয়ে পিছত তাৰ গাঁথনিগত পদ্ধতি (structured method), প্ৰাথমিক স্কুলত পঢ়িবলৈ গৈ অসুবিধা নাপায়। এই প্ৰাক-প্ৰাথমিক স্কুলতে শিশুক নিজক চম্ভালিবলৈ, শৃংখলাবদ্ধ হবলৈ, হতাশাৰ মুখামুখি হবলৈ, নিজৰ মনৰ ভাববোৰ আনৰ ওচৰত প্ৰকাশ কৰিবলৈ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে।

 ইংলেণ্ডত এই স্কুলবিলাকত ইমানবোৰ শিক্ষাৰ সা-সৰঞ্জাম থাকে যে শিশুৱে এই সা-সৰঞ্জামেৰে কেনেকৈ সময়বোৰ অতিবাহিত কৰে গমেই নাপায়। নিৰৱচ্ছিন্নভাৱে সময়বোৰ কটায়। মানৱীয় সম্বন্ধ গঢ়িবলৈ তেওঁলোকে বৰ বেছি সুযোগ সুবিধা নাপায় বা অৱকাশো নাথাকে। কিন্তু আমাৰ দেশত সা-সৰঞ্জাম কম কাৰণে নেকি অন্য শিশু বা মানুহৰ লগত এটা মানৱীয় সম্বন্ধ গঢ়ি উঠে। আৰু ইয়েই হয়তো পিছৰ কালছোৱাত শিশুক বৰ সহায় কৰে। ইংলেণ্ডত মানুহৰ ঘৰত লৰা ছোৱালী কম কাৰণে সিহতে সৰুৰে পৰাই সৰু ভাই ভনী নেদেখে, জন্ম বা মৃত্যু হোৱাও কমকৈ দেখে। সেই কাৰণেই বোধহয় আৱেগিক দিশত অলপো আগবাঢ়িব নোৱাৰে। কিন্তু স্বতন্ত্ৰতা আৰু আত্মবিশ্বাসৰ ভেটিটো সৰুৰে পৰাই তেওঁলোকৰ মজবুট। কেতিয়াও ভাল-বেয়াৰ পাৰ্থক্য ধৰিব নোৱাৰে। পঢ়ি-শুনি জনা হয় শৈক্ষিক ক্ষেত্ৰত, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত (Practical) অপৰিপক্ক হৈ থাকে। কিন্তু তাৰ শিক্ষকসকল বৰ সজাগ। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ ঘৰা তথা বংশগত সকলো কথাই জানে। প্ৰাক প্ৰাথমিক শিক্ষকসকলে মেট্ৰিক পাছ কৰিয়েই প্ৰায় পাঁচ বছৰ প্ৰশিক্ষণ লব লাগে। কিন্তু আমাৰ দেশত অশিক্ষিত যিকোনো ব্যক্তিয়ে প্ৰাক প্ৰাথমিক স্কুলত ল’ৰা ছোৱালী পঢ়াব পাৰে। যিটো বৰ ভাল কথা নহয়, ফলস্বৰূপে ইয়াৰ পৰিম হৈ পৰে গুৰুতৰ।

 ইংলেণ্ডত এটা ক্লাছত ১০ জন ছাত্ৰ-ছাত্ৰী ১—১০। প্ৰায়েই মহিলা শিক্ষায়িত্ৰী [ ২৫ ] প্ৰশিক্ষণপ্ৰাপ্ত। স্কুলত দুগৰাকী সহ শিক্ষয়িত্ৰী, এগৰাকী ধাই Nurse আৰু এগৰাকী প্ৰধান শিক্ষয়ত্ৰী থাকে। প্ৰধান শিক্ষয়ত্ৰীগৰাকী বৰ শক্তিশালী তেৱেঁই স্কুলৰ হৰ্তা-কৰ্তা। কিন্তু আমাৰ ইয়াত এগৰাকী শিক্ষক বা শিক্ষয়ত্ৰীয়ে ৪০-৫০ জন ছাত্ৰ-ছাত্ৰীক পঢ়ায়। সেয়েহে শিশুক ব্যক্তিগতভাবে চাবলৈ সময় আৰু সুবিধা নাপায়। ইংলেণ্ডত দুপৰীয়া আহাৰ খাওঁতে স্কুল মাতৃৰ লগতে শিশুসকলেও কেক বিস্কুট বনোৱাত সহায় কৰি দিয়ে, যেনেকৈ আমাৰ ভাৰতীয় শিশু সকলে পাকঘৰত মাকক সহায় কৰে লগতে সৰু ভাই ভনীক চোৱা চিতা কৰা আৰু ঘৰুৱা সৰু সুৰা দুই এটা কামো আমাৰ ভাৰতীয় শিশুসকলে কৰে। ইংলেণ্ডত স্কুল মাতৃয়ে শিশুসকলক স্কুললৈ অনা নিয়া কৰে।

 Froebel ৰ মতে, শিশুক সদায় খেলা-ধূলা কৰিবলৈ দিব লাগে। Play way method of learning খেল ধেমালিৰ যোগেদিয়েই শিশুৰ শাৰীৰিক, মানসিক আৰু আৱেগিক দিশৰ উন্নতি হয়। শিশু এটিৰ জন্মৰ পৰা ৫-৬ বছৰ বা ৮ বছৰ বয়সলৈকে এই সময়খিনিক শিশুটিৰ গঠনমূলক দিশ বুলি কোৱা হয় (formative age)। গতিকে এই সময়ছোৱাত শিশুক পুষ্টিকৰ খাদ্য, মানসিক খাদ্য, শিশুৰ উপযোগী সকলো ধৰণৰ বস্তু, ভাবধাৰা, প্ৰশিক্ষণ, আদৰ্শ আদি দিবলৈ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ ঘৰখনত শিশু এটিয়ে যাতে আদৰ যত্ন আৰু মৰম (Tender loving care) পায়, তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে। এই কথাটো মাক-দেউতাকে তেওঁলোকৰ প্ৰথম যত্ন হিচাপে লব লাগে। তেহে পিছলৈ এটি শিশু এজন প্ৰকৃত সুস্থ নাগৰিক হব পাৰিব, সকলো ফালৰ পৰা। ইংলেণ্ডত শিশুসকলে নিজৰ মনৰ ভাব প্ৰকাশ অতি সহজতে কৰিব পাৰে। কাৰণ তাত মাক-দেউতাকে সৰুৰে পৰাই শিশুটিক ভাষাটো শিকাৰ প্ৰতি জোৰ দিয়ে। আমাৰ শিশুৱে কিন্তু মনৰ ভাব প্ৰকাশ কৰিবলৈ ভয় কৰে, ডাঙৰলৈকে ভয়টো থাকি যায়, সাহস নকৰে।

 স্কুলখন লৰা ছোৱালীবিলাকে নিজৰ বুলি ভাল পাব লাগিব। তেতিয়াহে সিহঁতে পঢ়া আদি বা আন আন কথাবিলাক শিকিব পাৰিব। শিক্ষকসকল মৰমিয়াল আৰু আদৰ্শপৰায়ণ হ'ব লাগিব। মানুহৰ লগত মানুহৰ যি সম্বন্ধ সেই কথা শিশুক সৰুৰে পৰাই শিকাব লাগে। যিটো ইংলেণ্ডত এইটোৰ অভাৱ।

 এতিয়া অৱশ্যে লাহে লাহে ভাৰতত শিশুৰ স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য, শিশুৰ শিক্ষা আৰু যত্নলোৱা বালবাদী আঁচনি, ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট প্ৰগ্ৰেম (ICDC), দুপৰীয়া স্কুলত খাদ্যৰ যোগান ধৰা, Day Care Centre Creche আদিৰ ব্যৱস্থা কৰা হৈছে। আৰু এই আঁচনিবিলাক চাবলৈ মানুহক প্ৰশিক্ষণো দিয়া হৈছে। কিছুমান শিশুৱে কেতিয়াবা এনে একোটা কথা কৈ দিয়ে বা কাম কৰি দেখুৱায় যে ডাঙৰে তাক বিশ্বাস কৰিবলৈ টান পায়। সেয়ে সৰু বুলি শিশুৰ প্ৰতি অবহেলা বা অমনোযোগী হব নালাগে। Be alive to the under fives আমি শিশুৰ ভাবধাৰাক অৰ্থহীন (under estimate) [ ২৬ ] বুলি ভাবিব নালাগে। সেয়েহে ই শিশুসকলৰ লগত কথা বতৰা পাতি, খেল ধেমালি কৰি, ব্যক্তিৰ লগত সম্বন্ধ বঢ়াবলৈ আৰু নিজৰ ভাব কথা প্ৰকাশ কৰিবলৈ দিব লাগে। ইংলেণ্ডত এনে সুবিধা কমকৈ পোৱা কাৰণে শিশুসকল এই বয়সত মানুহৰ লগত সম্বন্ধ গঢ়াতকৈ খেলা ধূলাৰ প্ৰতিহে বেছিকৈ আকৃষ্ট হয়। সেয়েহে প্ৰাক প্ৰাথমিক শিক্ষাক যদি বাধ্যতামূলক (compulsory) কৰা হয় তেতিয়াহঁলে প্ৰথমতে আমি মনোযোগ দিব লাগিব শিশুবিলাকে স্কুলত সকলো ধৰণৰ সুবিধা তথা ভাল আৰু শিশু উপযোগী শিক্ষা পাইছেনে নাই। দ্বিতীয়তে, এনে স্কুলৰ অভিজ্ঞতাৰ পৰা শিশুহঁ‌তে যাতে ভৱিষ্যতে এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ প্ৰতি প্ৰাথমিক শিক্ষা ব্যৱস্থাটোত গুৰুত্ব থাকিব লাগে। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ অপাৰেচন ব্লেক ব’ৰ্ড আঁচনিখন এক প্ৰশংসনীয় পদক্ষেপ।

 স্কুলবিলাকৰ শিক্ষা ব্যৱস্থাটো আধা আনুষ্ঠানিক আৰু আধা অনুমতিসূচক (permissive), শিশুৱে নিজৰ মতে চলা হব লাগে। এই দুয়োটাৰ ভাৰসাম্য থকা ভাল। এটা শিশুৰ স্কুলখন শিশুটিৰ দ্বিতীয় ঘৰ যেন হব লাগে যাতে স্কুললৈ আহি শিশুৱে অচিনাকি ঠাই বুলি অশান্তি সৃষ্টি বা কন্দা কটা নকৰে। শিশুক স্কুললৈ পঠিয়ায় মাক-দেউতাকৰ স্কুলৰ লগত যোগাযোগ থাকিব লাগে। ইংলেণ্ড এইক্ষেত্ৰত বৰ আগবঢ়া। আমাৰ দেশতো মাক- দেউতাকক আকৰ্ষণ কৰি আনিব লাগে, স্কুলত শিশুক কেনেদৰে শিকোৱা হয় দেখুৱাব লাগে। এনে ধৰণৰ বিষয়ক লৈ ইংলেণ্ডত আমি কেবাখনা কৰ্মশালা (workshop) আৰু আলোচনাচক্ৰ (seminar)ত যোগ দিছিলো পিতৃ-মাতৃ আৰু শিশুৰ স্কুলত জড়িত থাকিব লগা সম্পৰ্কে (Parental Involvement in School & their children) বহুত শিকিলো ইংলেণ্ডত।

 ইউকে'ৰ পৰা অহাৰ আগতে তাৰ হাই কমিছনাৰে আমাক চাহ খাবলৈ মাতিছিল। আগষ্ট মাহত মই অসমলৈ অৰ্থাৎ ঘৰলৈ ঘূৰি আহিলো। আমাৰ কোৰ্চ শেষ হোৱাত ব্ৰিটিছ কাউন্সিলে আমাক টিকট আদি যা-যোগাৰ, সকলো ঠিক ঠাক কৰি দিলে। ব্ৰিটিছ এয়াৰৱেজত প্লেনত উঠি পোনে পোনে কলিকতাত অৱতৰণ কৰিলো। তাৰ পাছত আকৌ কলিকতাৰ পৰা উৰাজাহাজেৰে গুৱাহাটী পালেহি। আৰম্ভ হ'ল আকৌ কৰ্ম জীৱন। এইবাৰ মোক প্ৰাথমিক শিক্ষাৰ উপ-সঞ্চালক কৰি দিলে, তেতিয়া প্ৰাক প্ৰাথমিক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ ডিব্ৰুগড়ত আছিল, মিৰ্জ্জাতো বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ এটা খোলা হৈছিল বহুতো ছোৱালীয়ে প্ৰাক প্ৰশিক্ষণ কেন্দ্ৰৰ কামত সোমাল। অসমৰ প্ৰাথমিক স্কুলবিলাকত একোটাকৈ প্ৰাক প্ৰাথমিক শ্ৰেণী খুলি দিয়া হ'ল। তাত শিক্ষাৰ সঁজুলি আদি চৰকাৰ পৰা যোগান দিয়া হৈছিল।

 কিছুদিন প্ৰাথমিক উপ-সঞ্চালকৰ কামত থাকি আকৌ উপ-সঞ্চালক হিচাপেই [ ২৭ ] মাধ্যমিক শিক্ষা বিভাগত যোগদান কৰিলে। ১৯৮০ চনত মোক অবিভক্ত কামৰূপ জিলাৰ ক স্কুল পৰিদৰ্শক কৰি দিলে। প্ৰথমে শিক্ষামন্ত্ৰী, শিক্ষা সচিব প্ৰয়াত উমা শৰণীয়াই মোৰ নাম স্কুল পৰিদৰ্শক হিচাপে প্ৰস্তাৱ কৰাত মহিলা অফিচাৰ হিচাপে জিলা এখন চলাব পাৰিমনে— এই সন্দৰ্ভত বহুতে সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবৰ দৃঢ় বিশ্বাস আছিল যে মই স্কুল পৰিদৰ্শক হিচাপে ভালকৈ কাম কৰিব পাৰিম। অসমৰ আটাইতকৈ ডাঙৰ জিলা, যত চাৰিখন মহকুমা গুৱাহাটী, নলবাৰী, ৰঙিয়া আৰু বৰপেটা তেনে এখন বৃহৎ জিলা অবিভক্ত কামৰূপৰ মই প্ৰথম মহিলা স্কুল পৰিদৰ্শক হিচাপে কামত যোগ দিলো। তেতিয়াই অসমত গণ-আন্দোলন আৰম্ভ হৈছিল। কেইমাহ মানৰ পিছতে অসমত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হ'ল। শ্ৰীযুত চৰণ সিং, গৱৰ্ণৰৰ উপদেষ্টা (Advisor to the Governor) আমাৰ শিক্ষা বিভাগৰ দায়িত্বত আছিল। কিয় কব নোৱাৰো লাহে লাহে শ্ৰীযুত সিঙৰ লগত কথা পাতি তেখেতক মোৰ ভাল লগা হ'ল। মোলৈ প্ৰত্যক্ষভাৱে (Directly) ফোন কৰি প্ৰত্যেকখন শিক্ষা মিটিঙলৈ মোক মতা হ'ল। কামৰূপ জিলাৰ উপ-আয়ুক্ত শ্ৰী অগ্নিহোত্ৰীয়েও মোক বৰ সন্মান কৰিছিল আৰু সকলো কথাতে মোক সহযোগ কৰিছিল। চাৰিওখন মহকুমাৰ মহকুমাধিপতি আৰু আৰক্ষী অধীক্ষক (S.P.) সকল আমি আটায়ে যেন এটা গ্ৰুপতহে কাম কৰিছিলো। ওবেৰয়, কেইৰী (Cairae) শ্ৰীনিৱাসন (আৰক্ষী অধীক্ষক), পিপাৰছনিয়া, আগৰৱাল এখেতসকল আছিল উল্লিখিত গ্ৰুপটোৰ বিশিষ্ট ব্যক্তি।

 শিক্ষা স্কুল পৰিদৰ্শক হিচাপে কাম কৰি মোৰ বৰ ভাল লাগিছিল। অবিভক্ত কামৰূপ জিলাৰ প্ৰায় সকলো ঠাইলৈ গৈ স্কুল পৰিদৰ্শন কৰিছিলো। আনকি গৰুৰ গাড়ীৰে চৰ অঞ্চলৰ স্কুলবিলাক চাবলৈ গৈছিলো। নতুনকৈ পতা স্কুলবিলাক পৰিদৰ্শন কৰি, সেই ঠাইত নতুনকৈ স্কুল পতা দৰকাৰ হয় নে নহয় প্ৰতিবেদনত (report) সকলো কথা সন্নিৱিষ্ট কৰি চৰকাৰক জনাইছিলো। মোৰ কাৰ্য্যকালত সেই কাৰণেই হবলা য'তে ত’তে স্কুল খুলিবলৈ অনুমতি নাপাইছিল। সেই সময়ত ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ ভালদৰে পতা হৈছিল। জিলাৰ গুণী-মানী শিক্ষকসকলক সন্মান জনোৱা হৈছিল আৰু একোটা সৰু পুনৰ টোপোলা আগবঢ়োৱা হৈছিল।

 এবাৰ এবাৰ এনে এটি শিক্ষক দিৱসত অনুষ্ঠানৰ শেষত ‘অ মোৰ আপোনাৰ দেশ....’ গোৱা হৈছিল। তাত উপস্থিত থকা বিশিষ্ট সন্মানীয় ব্যক্তি শ্ৰীচৰণ সিং (Advisor of the Governor) ক্ৰোধত লৰালৰিকৈ গৈ গাড়ীত উঠিল আৰু জিলা উপায়ুক্ত অগ্নিহোত্ৰীক কিবা কৈ গ'ল। জিলা উপাযুক্তই মোক বহুৱাই লৈ সুধিলে—সাংস্কৃতিক বিভাগৰ দায়িত্বত কোন আছিল। মই ক'লো যিহেতু এই দিৱস কমিটীৰ মই নিজেই সভাপতি, গতিকে এইক্ষেত্ৰত কিবা কৰবাত যদি দোষ হৈছে তেন্তে ইয়াৰ শাস্তি মুৰপাতি লবলৈ মই প্ৰস্তুত [ ২৮ ] আছে। জিলাৰ উপায়ুক্তই মোৰ কথাত আচৰিত হ'ল আৰু ক'লে যে অন্য ওপৰৱালা অফিচাৰে এনেকৈ তলৰ কৰ্মীৰ দোষ নিজে মূৰপাতি লোৱা ই এটা বিৰল দৃষ্টান্ত। তোমাক ধনাবাদ জনাইছো তোমাৰ এই নৈতিক সাহসৰ বাবে।

 শিক্ষা সচিব শ্ৰী উমা শৰণীয়াই মোক বৰ মৰম কৰিছিল। আৰু মোৰ কথাত সদায় গুৰুত্ব দিছিল। গতিকে মই কোনো বাধা নোপোৱাকৈ মুকলি মনেৰে কাম কৰি গৈছিলো। তাৰ পিছত জানিলো যে যিহেতু শিক্ষক দিৱস এটা ৰাষ্ট্ৰীয় দিৱস গতিকে এনে অনুষ্ঠানত, শেষত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ জাতীয় সংগীতহে গাব লাগে। ইয়াৰ পৰা মোৰ যেনিবা এটা শিক্ষা হ'ল।

 স্কুল পৰিদৰ্শক হিচাপে থাকোতে ১৯৮৩ চনত অসমৰ শিক্ষা আয়ুক্ত সচিব শ্ৰীভাস্কৰ বৰুৱাই অসমৰ পৰা মোক আৰু আন এজন শিক্ষা বিষয়াক ইণ্টাৰনেশ্যনেল ট্ৰেনিং ইনষ্টিটিউট, ছিদনী, অষ্ট্ৰেলিয়ালৈ পঢ়িবলৈ যাবলৈ নাম পঠিয়ালে। ভাৰত চৰকাৰেও আমাক দুয়োজনকে বাছনি কৰিলে। কিছুদিনৰ পিছত মোলৈ চিঠি আহিল আই টি আইত যোগ দিবলৈ। লগৰজন থাকি গ'ল, তেওঁক নামাতিলে। স্বাস্থ্য পৰীক্ষা সম্পৰ্কীয় আবেদন পূৰাই মেলি অতি খৰখেদাকৈ এদিন (৩১ আগষ্ট) অকলে ছিদনীলৈ যাবলৈ ওলালোঁ। প্ৰথমে দিল্লীলৈ গৈ মুম্বাইত ‘হেলিডে ইন হোটেল’, ৰূম নং ৩০৫ ত এৰাতি থাকি Qantus Air lines ত ছাণ্টা ক্ৰজৰ পৰা ছিদনীলৈ বুলি প্লেনত উঠিলো। দুপৰীয়া ডেৰ বজাত চিংগাপুৰ পালো। আবেলি ৬-৩০ বজাত মেলবৰ্ণ পালো। ছিদনী পালোগৈ ৰাতি ১ বজাত। পুৱা ৮ বজাত আই টি আই অফিচাৰ এগৰাকী আহিছিল আমাক নিবলৈ। আমাৰ লগত আৰু কেইজনমান আই টি আই প্ৰশিক্ষাৰ্থী আহিছিল যদিও মেলবৰ্ন বিমান বন্দৰ (Melbourn Airport) ত অৱতৰণ কৰিহে তেওঁলোকৰ সৈতে চিনাকি হলো। দিনৰ ১১ বজাত আমাক সকলোকে Heriford lodge (মোৰ ৰূম নং ২০৯, ৫১ হেৰেফ’ৰ্ড স্ট্ৰিট) ত থাকিবলৈ দিলে। মই অকলে এটা ৰূম ল'লো। দুজন একেলগে থাকিলে এলাউন্স (Allowance) অলপ বেছি দিয়ে। মই আন প্ৰশিক্ষাৰ্থীৰে একেটা ৰূমত থকাটো সুবিধাজনক বোধ নকৰিলো।

 আমি ছিদনীলৈ যোৱাৰ প্ৰস্তুতি পৰ্বত দিল্লীৰে অষ্ট্ৰেলিয়াৰ এগৰাকী উপ হাই কমিছনাৰে অষ্ট্ৰেলিয়াৰ বিষয়ে চমু আভাস দি আমাক প্ৰত্যেক কামতে ভাৰতীয় মৰ্যাদা ৰক্ষা কৰিবলৈ দিহা-পৰামৰ্শ দিছিল। দিল্লীতে আমাক দিল্লীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা ছিদনীলৈ উৰাজাহাজৰ টিকট দি দিলে। লগত নিয়া কিতাপ পত্ৰ আদি বেছি ভাৰা হলেও তেওঁলোকেই দিব বুলি ক'লে। দিল্লীৰ শাস্ত্ৰী ভৱনলৈ গৈ মাইগ্ৰেছন চাৰ্টিফিকেট আৰু NCERT ৰ পৰা কিছুমান কিতাপ ল'লো। আমাৰ প্ৰশিক্ষণ Evaluation and development of schools and teachers বিষয়ৰ আছিল। International training [ ২৯ ] institute, New South Wales, Mosman ত ১৫ জন প্ৰশিক্ষণাৰ্থী ১০খন দেশৰ পৰা। গৈছিল। ১৫ দিনৰ মূৰে মূৰে তাৰ অফিচৰ পৰা টকা দিছিল আমাৰ খোৱা বোৱা, প্ৰয়োজনীয় কাপোৰ কানি আৰু Incidental ৰ কাৰণে।

 আমাৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল ৭ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা। প্ৰথমদিনা অভিযেক ভাষণ (Inaugural Speeches) দিলে। প্ৰায় ৩০ বছৰ বয়সীয়া ইংৰাজ মহিলা (Miss Judith Tailor) আমাৰ কোৰ্চ ডাইৰেক্টৰ আৰু আই টি আইৰ ডাইৰেক্টৰ আছিল। ৰব হেৰন Mr. Bob Heron। প্ৰথম প্ৰথমে তালিকা আৰু ছবিসহ chart & diagram সহ ভাৰতৰ বিষয়ে সকলো দিশ সামৰি এখন পেপাৰ (paper) লিখিব লগা হ'ল। দুজন সমাজ সেৱক (socil worker) ৰ লগত চিনাকি হলো Mr. Louise Webb আৰু Norah Taylor শুকুৰবাৰে seight seeing লৈ গৈ দোকান পোহাৰ আদি চালে গৈ। ছিদনীৰ সময়ৰ ব্যৱধান ভাৰতৰ সময়তকৈ ৫ ঘণ্টা আগবঢ়া।

 বিদেশলৈ গ'লে তাৰ হাই কমিছনাৰক ঠিকনা আদি সবিশেষ জনাব লাগে। কেনবেৰাত থকা হাই কমিশনাৰক চিঠিৰে সবিশেষ জনালো। তদুপৰি ছিদনীৰ পৰাও ভাৰত চৰকাৰলৈ চিঠিত সবিশেষ লিখি এটা টোকা (report) পঠাব লাগে।

 শনিবাৰে আমাৰ ক্লাছ নাথাকে। সেয়েহে উক্ত দিনটো আমি দোকান পোহাৰ, বজাৰ সমাৰ কৰাৰ সময় হিচাপে ব্যৱহাৰ কৰো। বেংকত এটা একাউণ্ট খুলি ল'লো আৰু পোৱা পইচাখিনি বেংকত জমা থ'লো। বুজাৰ কৰিবলৈ আমি চাইনা মাৰ্কেট আৰু পেডিজ মাৰ্কেটলৈ বেছিকৈ যাওঁ। পেডিজ মাৰ্কেট (Paddy's Market) খন এখন খোলা মেলাৰ দৰে। দাম কৰিব পাৰি, নানা ৰকমৰ বস্তু ওলায়, খোৱা বস্তুও বিক্ৰী হয়। গতিকে তালৈ গ'লে বজাৰ আদি কৰি তাতেই খাই বৈ গোটেই দিনটো কটাব পাৰি। বৰ ভাল লাগে।

 প্ৰশিক্ষণত থকা সময়ত আমাক সহায় কৰিবলৈ সমাজ সেৱক থাকে। তাৰে কেইজনমান হ'ল Mr. Peter Mac Laren, Anthropologist. Mr. Bruce Graig, Ms Luise Webb, Mr. Narah Taylor এওঁলোকক প্ৰয়োজন হলে ফোন কৰি যোগাযোগ কৰিব পাৰি বা সাক্ষাৎ কৰিব পাৰি। তাত থাকোতে অলপ পঢ়িব লগা হোৱাত মোৰ চকুৰে পানী ওলাইছিল। তেতিয়া ইয়াৰ সমাজ সেৱকৰ সহায়ত ছিদনী হাস্পতালত মই চকু দেখুৱালো। ছিদনীৰ চকু হাস্পতালখন বৰ ডাঙৰ। প্ৰথমতে মই বহিঃ বিভাগত দেখুৱালো। চাৰিদিন চকু পৰীক্ষা কৰি মোক পঢ়িবৰ কাৰণে এযোৰ চশমা দিলে। ইয়াৰ সকলো খৰচ আই টি আয়ে বহন কৰিলে। এই চশমা আজি ২০ বছৰে মই পিন্ধি আছো।

 আই টি আইৰ প্ৰশিক্ষাৰ্থীসকলক তাৰে কিছুমান ঠাইৰ মানুহে দুই তিনিদিন আলহী হিচাপে ৰাখে। মোক অৰেঞ্জ নামৰ ঠাই এখনৰ মানুহে থাকিবলৈ মাতিছিল। কিন্তু মোৰ গা বৰ ভাল নলগা কাৰণে লগলো। অৰেঞ্জৰ মানুহখিনিয়ে মই নোযোৱা কাৰণে বৰ বেয়া [ ৩০ ] পালে বোলে। পিছত কথাটো শুনি মোৰ বৰ বেয়া লাগিল। ভাৰতীয় মহিলা এগৰাকীক চাবলৈ, লগ পাবলৈ তেওঁলোকে সু-ব্যৱস্থা কৰি আশা কৰি আছিল। ভাৰতীয় হৈ এনে কৰা বাবে মই নিজেই বৰ লাজ পালো।

 শনিবাৰ দেওবাৰে আমি Wayside chappel, গীৰ্জা, পেডিজ মাৰ্কেট আদি চাই ফুৰিছিলো, best and less ত বজাৰ কৰিছিলো। ১৯৮৩ চনৰ ২৩ ছেপ্টেম্বৰত আমাৰ আই টি আইত আদৰণি হৈছিল (welcome party)। সন্ধিয়া ৭ বজাৰ পৰা নাচ-গান আদি স্ফূৰ্তি কৰি ভাত খোৱা আৰু চিনাকি হোৱা পৰ্ব আছিল। বৰ ভাল লাগিল। তাত থকা শ্ৰীপতঞ্জলী (অকন) আৰু ঘৈণীয়েক মানা চৌধুৰীৰ ঘৰত মই প্ৰায়ে ভাত খাইছিলো মাছৰ টেঙা আঞ্জাৰে। তেওঁলোকৰ সৰু ছোৱালী পূজাই আৰু সৰু কেঁচুৱা লৰচনৱে মোক বৰ আপোন কৰি লৈছিল। তেওঁলোকৰ ঠিকনা আছিল—5068 Liverpool Road, Summera Hill, Sydney NEws 2130, Ph. 7984077.

 এটা শুকুৰবাৰে আমি চিটী এডুকেছন চেণ্টাৰলৈ গৈ অষ্ট্ৰেলিয়ান মিউজিয়াম চালো।পেডিজ মাৰ্কেটতৰ মিঃ ষ্টুৱাৰ্ট নামৰ এজন চাহাবে ভাৰতীয় গহনা বিক্ৰী কৰি থকা দেখিলো। মোক ভাৰতীয় বুলি চিনি পাই ক’লে যে তেওঁ বেচা সামগ্ৰীবোৰ ভাৰত, নেপাল আৰু ভূটানৰ পৰা আনে। যদি আমাৰ মাজৰ পৰা কোনোবা ইচ্ছুক ওলালহেঁতেন তেওঁ বস্তু আদান-প্ৰদান কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল অৰ্থাৎ ছিদনীৰ পৰা তেওঁ পঠিয়াব আৰু ভাৰতীয়জনে ভাৰতীয় বস্তু তেওঁলৈ পঠিয়াব। এনে ধৰণৰ কথা বতৰা হৈছিল যদিও কোনো নোলোৱাত কথাটো যিমানতে তল পৰিল। তাৰ টেলিফোন ডাইৰেক্টৰী চাই থাকোঁতে আমাৰ TISS ত Bombay পঢ়া পাৰ্চী Soli contractors ৰ নামটো পালো। তৎক্ষণাত ফোন কৰি, ছোলিকে পালো। ছোলিয়ে আচৰিত হৈ সুধিলে ক’ৰপৰা কৰিছা। মই ছিদনীৰ পৰা কৰা বুলি কোৱাত আনন্দত আচৰিত হ'ল আৰু আধাঘণ্টাৰ পিছতে আমাৰ লজত আহি ওলালহি। লগ পায়েই ক’ত যে কথা পাতিলো দুয়োজনে। ছোলি আছিল TISS B’bay আমাতকৈ এবছৰ ওপৰত। ছোলিৰ লগত আন পাৰ্চী ল’ৰাসকল আছিল Jehanbox Amrolia (অতি চোকা ল’ৰা), Gabriel, Soli Contractor আৰু দুজন। মোৰ লগত এই ল’ৰাকেইজন ওতপ্ৰোতভাৱে জড়িত আছিল। প্ৰতিগৰাকীয়ে আছিল অতি ভদ্ৰ, ধুনীয়া চোকা আৰু সৎ স্বভাৱৰ। TISS তাত থকা সময়খিনি, সিহঁতৰ সান্নিধ্য মোৰ বৰ ভাল লাগিছিল। নিৰ্ভয়, মনেৰে মই সিহঁতৰ লগত ফুৰাচকা, খোৱা বোৱা, পঢ়া (লাইব্ৰেৰীত) আদি কৰিছিলো। বিশেষ মন কৰিব লগীয়া কথা আছিল সিহঁত বয়সত মোতকৈ সৰু আছিল। সিহঁতে মোক সকলো প্ৰকাৰৰ সহায় সহযোগ কৰিছিল। TISS ত মই দ্বিতীয়টো এম.এ. পঢ়িবলৈ গৈছিলো অসমৰ পৰা Competitive Scholarship লৈ। [ ৩১ ]  মই ছিদনীত থাকোঁতে আমাৰ সৰু ভাইটি শ্ৰীভূপেন্দ্ৰ কুমাৰ দত্ত (ভাইটি) ক ছিদনীলৈ মাতি পঠিয়াইছিলো অষ্ট্ৰেলিয়াখন চাই যাবলৈ। আমাৰ ল’জত তাক ৰাখিবলৈ অনুমতিও পালো৷ ইমানখিনি সুবিধা পোৱাৰ পিছতো তাৰ ছিদনীলৈ যোৱা নহ’লগৈ। ১৯৮৩ চনৰ ২ অক্টোবৰত সৰু Domestic plane ৰে আমি আটাইকেইজন প্ৰশিক্ষাৰ্থী মেলব’ৰ্ণৰ পৰা তাচমানিয়া পালোহি। তাত বাৰ্ণিৰ EMU Hotel ৰ ৰুম নং ৭ ত থাকিলো। ৩ অক্টোবৰ, সোমবাৰে বাৰ্নি টেকনিকেল কলেজ, বাৰ্নি প্ৰাইমাৰী স্কুল আৰু বৰ্নি হাইস্কুল চালো। তাৰ পিছত ছেফিল্ডলৈ গৈ জিলা হাইস্কুল চালো। ডেলোৰেইন হাইস্কুল চাই ৪ অক্টোবৰ তাৰিখে লগুনতেষ্টনত ব্ৰিছবেন ষ্ট্ৰাটৰ পাৰ্ক লেন মোটেলৰ ৰুম নম্বৰ ৪ ত থাকিলো। ৫ অক্টোবৰত ছামাৰডেল প্ৰাইমাৰী স্কুল, কিংছ মিডোছ হাইস্কুল, কেম্পবেল টাউন জিলা হাইস্কুল চাই ৰাজধানী হোবাৰ্টলৈ আহিলো। তাচমেনিয়াৰ ৰাজধানী হোবাৰ্টত ফোৰ ছিজনছ টাউন হাউছৰ ৰুম নং ৪১১ ত থাকিলো। হোবাৰ্টত ওবেণ্ট বৃৰ্থৰ স্পেচিয়ল স্কুল (হাওৰা) আৰু তাচমেনিয়া মেডিয়া চেণ্টাৰ, মোলছ ৱৰ্থ এনভাইৰনমেণ্ট চেণ্টাৰ আৰু তাৰে প্ৰাইমাৰী স্কুল চালো। স্কুলবোৰ বৰ ভাল আৰু ধুনীয়া। ৭ তাৰিখে ৰাতি ৯-৩০ বজাত ছিদনীলৈ উভতি আহিলো মেলব’ৰ্ণ হৈ, হোৱাৰ্টৰ পৰা মেলব’ৰ্ণ তাৰ পাছত আকৌ ছিদনীলৈ। ছিদনীত আমি অষ্ট্ৰেলিয়াৰ মানুহৰ লগত GRAIL ত পিকনিক (Barbacue) খালো। মিছ ফিলিপা গ্ৰীণে (GRAIL, 22 Mc Hatton Street, North Sydney) পিকনিক আয়োজন কৰিছিল। বৰ ভাল লাগিল আৰু আমি আটায়ে তাত বৰ স্ফূৰ্তি কৰিলো। চিডনী এখন বৰ পুৰণি চহৰ। ইয়াৰ প্ৰথম বাসিন্দা আছিল আদিবাসী বিলাক aboriginal। ১১ অক্টোবৰত আমাক তাৰ প্ৰথম আদিবাসী aboriginal সকলৰ বিষয়ে শ্ৰেণীত শিকালে। তাৰ পাছত আদিবাসী শিক্ষা সঞ্চালকালয়ৰ অফিচ (Directorate for aboriginal Education office) লৈ দেখুৱাবলৈ লৈ গ’ল। তাত বহুসংখ্যক আদিবাসীক লগ পালো আৰু ভালধৰণে চাই-মিঠাই খুৱালে। অক্টোবৰতে আমাৰ Return journey ৰ টিকট কাটিবৰ হ’ল। ঘৰলৈ যোৱাৰ পথত ছিংগাপুৰত থাকি যাম বুলি break journey ৰ টিকট কৰিলো। ১ ডিচেম্বৰত চিংগাপুৰ আৰু ৩ তাৰিখে কলিকতালৈ বুলি টিকট সংগ্ৰহ কৰিলো।

 সেইবাৰ দুৰ্গা পূজাত ছিদনীতে কটালো। পূজাৰ ভিতৰতে মিঃ কেভিন আৰু মিঃ গ্ৰাহামে পাৰচনেল ডেভেলপমেণ্টৰ বিষয়ে আমাক পাঠদান দিলে। পূজাত ছোলি কনট্ৰেকটৰে মোক সিহঁতৰ ঘৰলৈ ভাত খুৱাবলৈ লৈ গ’ল। ছোলিৰ পৰিবাৰ, তিনিটি ল’ৰা ছোৱালীক লগ পাই বৰ ভাল লাগিল। আকৌ, এদিন অকণ (পতঞ্জলী, চৌধুৰী) আৰু মানাৰ ঘৰত দুপৰীয়া ভাত খাই বজাৰ কৰিবলৈ গ’লো। তাৰ পাছত দি ছাউণ্ড অব মিউজিক আৰু ৰবিনহুদ চিনেমা চাই ৰাতিৰ সাজো তাতে খাই ঘৰলৈ উভতিলো। দশমী পূজাৰ দিনা তাতে থকা ডাঃ ৰঘুপতিৰ পৰিয়ালে (Unit-30, Cree Bank 13/17 [ ৩২ ] Stewart stret 660-7197 Glebe) লৈ গ’ল আৰু ভালকৈ খুৱাই বুৱাই থৈ গ’লহি। মোৰ বৰ ভাল লাগিল।

 আমাৰ ক্লাছবোৰ নিয়মমতে হৈ থাকে। মাজে মাজে ভিজিটিং লেকচাৰাৰ আহি বিশেষ বিষয়ত বক্তৃতা দি যায়হি। ঘৰৰ পৰা আৰু প্ৰভু ঈশ্বৰ গড়মূৰীয়া গোস্বামীৰ পৰা নিয়মিত চিঠিপত্ৰ পাই আছিলো। ময়ো চিঠি লিখি সকলো কথা জনাই আছিলো। আমি তাৰ Tranby College for Aborginal People পৰিদৰ্শন কৰিলো।

 ১৯৮৩ চনৰ ২৪ অক্টোবৰত আমি কেনবেৰা, অষ্ট্ৰেলিয়াৰ capital territory ৰাজধানীলৈ বুলি পুৱা ৯ বজাতে ওলালো। তাত, ইউনিভাৰচিটীৰ অষ্ট্ৰেলিয়ান নেচনেল হাউছত থাকিবলৈ দিলে। বৰ ডাঙৰ ডাঙৰ কোঠা, সকলো সুবিধাই আছে। ৰুম নং ৩০২ ত মই থাকিলো। তাৰে কেনবেৰা ইউনিভাৰচিটীত পি এইচ ডি কৰি থকা ইন্দ্ৰাণী গাংগুলীক লগ পাই বৰ ভাল লাগিল। ইউনিভাৰচিটীৰ ছাত্ৰ-ছাত্ৰীয়ে বছৰত মাত্ৰ চাৰিদিন চুটী পায়। অষ্ট্ৰেলিয়াৰ ভিতৰত কেনবেৰাতে শাৰীৰিকভাৱে অক্ষম (Physically Handicap) ল'ৰা ছোৱালীৰ কাৰণে অতি উত্তম ব্যবস্থা আৰু সুবিধা আছে। কেনবেৰাত কলা বীথিকা (Art gallery) হাই কৰ্ট আৰু সংসদ ভৱন (Parliamentary House) চালো। তাৰ পাছত ২৬ তাৰিখে ৰেলেৰে মই Mrs Francies E Davisson, Jamaica, West Indies ৰ লগত গুলবাৰ্ণলৈ আহিলো। তাত Goulburn Hunter's (central) motor lodge ত থাকিলো। মোৰ ৰুম নম্বৰ আছিল ১২১। তাৰে District education officer, Inspector of Schools মিঃ লেনছ কাৰে আমাক আদৰি নিলে। গুলবাৰ্ণ যদিও নগৰ নহয় তাত কিন্তু সকলো ধৰণৰ সুবিধা আছে। ছুপাৰ মাৰ্কেট, হোটেলবোৰ সুবিধাজনক, বাট পদূলি ডাঙৰ, চাফা আৰু ধুনীয়া। সৰু ঠাই। তাৰ শিক্ষা বিভাগটোৰ খৰচ কমনৱেলথৰ পৰা কৰে। বিশেষকৈ শিক্ষা আয়ুক্ত, শিক্ষা বিভাগ, Advisory board for policy making and curriculam আদিৰ কাৰণে। বাজেটৰ এক তৃতীয়ংশ শিক্ষাৰ কাৰণে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা কলেজলৈকে খৰচ কৰে। বেচৰকাৰী স্কুলবিলাকত জনসাধাৰণে সহায় কৰে। তাত আমি Southern tableland education centre টো চালো। ডঃ জিঅ’ফ্ৰে বাৰ্ড তাৰে কাৰ্যবাহী সঞ্চালক। তাৰ পাছত এজন শিক্ষকৰ স্কুল Gurrundah প্ৰাইমাৰী স্কুল চালো। তাত মাত্ৰ ১৮ জন ছাত্ৰ-ছাত্ৰী। আমাক শিক্ষকজনে স্কুলটো দেখুৱাই কথা বতৰা পাতোতে, আমাক লগত লৈ যোৱা স্কুল পৰিদৰ্শকে ছাত্ৰ-ছাত্ৰীবিলাকৰ লগত বল আদি খেলি সিহঁতক ব্যস্ত ৰাখিছিল। কেনে সুন্দৰ ব্যৱস্থা তাৰ। এই স্কুলটো অলপ দূৰৈত কাৰণে তাৰ শিক্ষকজনক গাড়ীৰে অহা যোৱা কৰিবলৈ খৰচ, চৰকাৰে দিয়ে। গধূলি আমি তাৰে মেয়ৰ লগত দিনাৰ খালো। কেইবাজনো প্ৰিন্সিপালৰ সৈতে বহুত কথা আলোচনা কৰিলো। তাত মেয়ৰে আমাৰ একোখনকৈ ৰূপৰ চামোচ [ ৩৩ ] উপহাৰ দিলে। প্ৰাইমাৰী স্কুলখন চালো। তাত ২০ গৰাকী শিক্ষক-শিক্ষায়িত্ৰী আৰু ৪২৬ জন ছাত্ৰ-ছাত্ৰী। তাৰ পাছত তাৰে জিলা শিক্ষা বিষয়াৰ লগত (খাৰুলান জিলা) Wendillama স্কুলত প্ৰাইমাৰী স্কুলৰ স্প’ৰ্টছ চালো। গধূলি Dr. Keshaba (Psychiatrijst) ৰ পৰিয়ালত মোৰ কাৰণে সান্ধ্য ভোজৰ ব্যৱস্থা কৰিলে। তাত ঘৈনীয়েক সীতা, ল’ৰা দুজন অনিল আৰু অজয়ৰ লগত হাঁহি তামাচাৰে খাই বৈ হোটেললৈ গুচি আহিলো৷

 ৩০ অক্টোবৰ, দেওবাৰে আমি ডেভিদ বণ্ড (সমাজ-কৰ্মী) আৰু তেওঁৰ পৰিয়ালৰ লগত প’নী ক্লাবত বনভোজ (Bush Picnic) খালো। বৰ ভাল লাগিল। মিছেছ বণ্ড এগৰাকী শিক্ষয়িত্ৰী, তিনিটা ল'ৰা ছোৱালীৰে এটি ডাঙৰ ফাৰ্ম হাউছত থাকে। মিছেছ বণ্ডৰ পুৱাৰ পৰা আৰম্ভ কৰা কৰ্মসূচী দেখি তবধ মানিলো। মাইকী মানুহে যে এদিনত ইমান কাম কৰিব পাৰে, নেদেখিলে তাক বিশ্বাস কৰিবলৈ টান লাগে। তেওঁ সিদিনা ৰন্ধা বঢ়া বহুত কৰিছিল। সঁচাকৈ বৰ ভাল হৈছিল। আমি পেট ভৰাই খাইছিলো তাত। গধূলি ফ্ৰেন্সিছৰ লগত ব্যাপিষ্ট গীৰ্জালৈ গৈ ৭ বজাৰ পৰা ৮ বজালৈ তাতেই কটালো। ৰাতি বৰষুণ দিছিল। পিছদিনাও বৰষুণতে গুলবাৰ্ণ ছাউথ প্ৰাইমাৰী স্কুল আৰু নেইল আৰু স্কটৰ মালবেৰী স্কুল চালো। ইয়াত আন্তৰ্জাতিক ভাষা শিকায়। পিছত ব’ৰ্ক ষ্ট্ৰিটৰ প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী স্কুল চালো। ইয়াত মাক দেউতাক সকলেও স্কুল সংক্ৰান্তত সহায় সহযোগ কৰে। তাত আমি দুপৰীয়াৰ সাজ খালো। সন্ধিয়া ৬ বজাত তাৰে মালৱেৰী ৰোটাৰী ক্লাবলৈ গ’লো। তাত এক্টৰ মোটেলত ৰোটাৰী ক্লাব সভ্যসকলৰ লগত আলোচনা কৰি থাকোতে মোক ভাৰতৰ বিষয়ে ক’বলৈ কোৱাত মোটামুটিভাৰে ভাৰতৰ বিষয়ে এটি চমু ভাষণ দিলো। ৰাতি ডিনাৰৰ পিছত ৰোটাৰীক্লাৱে আমাৰ দুগৰাকীক এটা এটা পাৰ্কাৰ পেন উপহাৰ দিলে আৰু তাৰ পিছদিনা আমি Yass High School, Yass public, Berinba Primary School, Andalini special school for handicapped children bowning ৰ স্কুল চাই সৈনিক ক্লাবত দুপৰীয়াৰ আহাৰ খালো। সেইদিনাই তাৰ স্থানীয় বাতৰিকাকতত আমাৰ ফটো ওলাইছিল। এদিন মিঃ ডেভিদ বণ্ড আৰু স্কুলবোৰৰ জিলা পৰিদৰ্শক (District Inspector of Schools) ৰ লগত গুলবাৰ্ণ হাইস্কুল, এডুকেচন ক্লিনিক আৰু ক্ৰিচেষ্ট স্পেচিয়েল স্কুল পৰিদৰ্শন কৰিলো। আবেলি তাৰ প্ৰেছৰ মানুহ আহি আমাৰ লগত শিক্ষা আৰু আন আন বিষয়ত আলোচনা কৰিলে। ৰাতি (ফ্ৰেন্স) ফৰাচী ডিনাৰ খালো। বৰ ভাল লাগিল। আকৌ এদিন তাৰে (Regional council meeting) আৰু resource & consultancy support at woolongong লৈ গ'লো। ৰাতিৰ সাজ মিঃ ডেভিদ বশুৰ পৰিয়ালৰ লগত খালো। ৪ নবেম্বৰৰ দিনা পুৱা গুলবাৰ্ণ ইষ্ট স্কুলখন চাই দুপৰীয়া আমি ছিদনীলৈ উভতি আহিলো। [ ৩৪ ]  শনিবাৰে প্ৰায়েই মই অকন, মান আৰু পূজাহঁতৰ ঘৰত একেলগে বহি ভাত খাবলৈ যাওঁ। বৰ ভাল লাগে ঘৰখন। নিয়মতভাৱে ক্লাছ কৰি লগে লগে মোৰ পেপাৰখন (Student Evaluation) লিখিবলৈ আৰম্ভ কৰিলো। মাজে মাজে গুৱাহাটীৰ ঘৰলৈ ফোন কৰো। Dominie book shop, Paddy’s Market, Best & less, wools worth, cosmetic, perfume, parker pen পোছাক আদি সৰু সুৰা বস্তু কিনি আনিলো, লগতে প্লাষ্টিকৰ ছুইমিং পুল, ডাঙৰ পুতলা, আৰু কত কি। বাংলাদেশী পৰিয়াল মঞ্জু আৰু বীণাৰ লগত ৰাতিৰ সাজ ভাত খালো। এদিন ফিলিফাই মোক ঊল কিনিবলৈ দোকানলৈ লৈ গ’ল। ঊল কিনি আহি ফিলিপাহঁতে আমাক ৰাতিৰ আহাৰ খুৱালে। ছিদনীৰ এই বয়সীয়া মহিলা কেইগৰাকীৰ মৰম চেনেহ আদৰ মোৰ মনত সদায় সজীৱ হৈ থাকিব। ১৯ নবেম্বৰৰ দিনা দুপৰীয়া অকণ-মালাহঁতৰ ঘৰত আৰু ৰাতি ৰঘু-চেইলাহঁতৰ ঘৰত ভাত খালো। ১৫ নবেম্বৰত Course Director Judith Tailor আমাৰ লজ'লৈ আহি characteristics of time আৰু Situation ওপৰত ক্লাছ ল’লে। এদিন Soli contractor মোক তাৰে চিৰিয়াখানাখন দেখুৱালে, তাৰ পাছত দুয়ো লান্স খালো। ২৫ নবেম্বৰত Judith আমাৰ লজলৈ আহি আমাৰ ক্লাছ ল’লে আৰু ৰাতি বিদায় (Farewel dinner) নৈশ আহাৰ একেলগে খোৱা হ’ল। বেছ স্ফূৰ্তি কৰিলো সেইদিনা। পিছদিনা আকৌ আমাৰ education course member বিলাকে তাৰে Mandarin Hotel ত farewel dinner খুৱালে। বৰ ভাল লাগিল। তাত আমাক ৫০ কেজি মাল বস্তু বিমানত বিনামূলীয়াকৈ কঢ়িওৱাৰ সুবিধা এটা দিয়া কাৰণে অহাৰ আগে আগে ৫০ কেজি বস্তু ভালকৈ বান্ধি মেলি কলিকতালৈ পঠিয়াই দিলো। সেইদিনাই তাৰে Sydney tower টো চাবলৈ গলো। ৩০ নবেম্বৰ, বুধবাৰে দুপৰীয়া খোৱা-বোৱাৰ লগতে আমাৰ আই টি আইত গ্ৰেজুৱেচন চেৰিমণি অনুষ্ঠিত হ’ল। নাচ-গান, কত স্ফূৰ্তি, কৰমদন, সাবটা-সাবটি, কত হাঁহি মাত কথা বতৰা। শেষৰ দিনা মনটোত বেজাৰ লাগিল। আমাক কোৰ্চ চাৰ্টিফিকেট আৰু এখন ব্যক্তিতৰ ওপৰত লিখা চাৰ্টিফিকেট দিলে। মোৰ চাটিফিকেট খন আছিল সৰ্বশ্ৰেষ্ঠ। তাত লিখা প্ৰথম বাক্যটো আছিল Mrs. Tilottama Barooah is an astute lady আৰু শেষৰ বাক্যটো আছিল She was an excellent ambassador for her country! সকলোৱে মোক অভিনন্দন জনাইছিল। কোৱা বাহুল্য যে মই লিখা course paper “Student Evaluation” Judith tailor আৰু আই টি আইৰ Director এ মোৰ অনুমতি লৈ তেওঁলোকৰ আলোচনীত ছপাইছিল। ভাবিলে এতিয়াও বুকু ওফন্দি যায়।

 এক ডিচেম্বৰৰ আবেলি ৪-১৫ বজাত Qantus ত উঠি ৭ ঘণ্টা ১২ মিনিটৰ ব্যৱধানত চিংগাপুৰ পালোহি। ৰাতিটো আমি আমাৰ আই টি আইত কোৰ্চ কৰা এডিচনেল [ ৩৫ ] একাউনটেণ্ট জেনেৰেল মিঃ শশী মেননৰ ককায়েক (Cousin) মিঃ গোপীনাথৰ ঘৰত মই, শশী আৰু ফিলিপাইন্সৰ এগৰাকী মহিলা থাকিলো। পিছ দিনা দিনটো বজাৰ কৰি তাৰ কিছুমান ঠাই চালো আৰু বাহিৰতে খালো। মিঃ গোপীনাথ চিংগাপুৰৰ II Elite Terrace ত থাকে। তাৰ পিছদিনা পুৱা বেংকক হৈ কলিকতা পালেহি দুপৰীয়া ১২-৩০ বজাত। চিংগাপুৰৰ পৰা বেংককলৈ ২ ঘণ্টা ৪৫ মিঃ আৰু বেংকৰ পৰা কলিকতালৈ ২ ঘণ্টা ২৫ মিঃ লাগিল। কলিকতা বিমান বন্দৰত ঘৰৰ মানুহ ভাইটি, মামণি, সৰু সৰু ছোৱালী ভতিজী মিঞ্চু, পিম্পুক লগ পাই বৰ ভাল লাগিল। কলিকতাত আছাম হাউছত থাকিলো। তাত পাঁচ ৰাতি থাকি মোৰ আগতে পঠিয়াই দিয়া বস্তুবোৰ আহি নোপোৱাত ডিচেম্বৰৰ ৯ তাৰিখে উৰাজাহাজেৰে গুৱাহাটী পালোহি।

 পিছদিনা অফিচলৈ গৈ জানিলো মোক ডেপুটী ডাইৰেক্টৰ এলিমেণ্টৰী এডুকেচন কৰি বদলি কৰিছে আৰু মই ১২ ডিচেম্বৰ, ১৯৮৩ ত উক্ত পদত যোগদান কৰিলো।

 ছিদনী নৰ্থ ছাউথ ওৱালছৰ শিক্ষা জগতত মন্ত্ৰীৰ তলত শিক্ষা আয়ুক্ত, শিক্ষা বিভাগ আৰু কাৰিকৰী শিক্ষা বিভাগ। শিক্ষা আয়ুক্তৰ তত্ত্বাবধানত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, অভিভাবক, শিক্ষক, ৰাজিৰ প্ৰতিনিধি, আদিবাসী সকলো জড়িত থাকে। শিক্ষা আয়ুক্তই শিক্ষা মন্ত্ৰীক বৃহৎ শিক্ষা পদ্ধতি, শিক্ষকৰ কাৰণে কৰা আইনবিলাক (act.) কৰিবলৈ উপদেশ দিয়ে।

 শিক্ষা বিভাগৰ তলত তেতিয়া (১৯৮৩ চনত) প্ৰায় ৩৫০ খন হাইস্কুল, ৮৬৮ খন চেণ্ট্ৰেল স্কুল আৰু শিক্ষক শিক্ষায়িত্ৰী ৪৮,০০০ জন। ছাত্ৰ-ছাত্ৰী ৭,৭০,০০০ জন। শিক্ষাৰ কাৰণে ৰাজ্যৰ বাজেটৰ ৩৩.৮% খৰচ কৰে আৰু ১৩% বেচৰকাৰী শিক্ষা অনুষ্ঠানত খৰচ কৰে।

 শিক্ষা বিভাগত আছে ডিৰেক্টৰ জেনেৰেল। তেওঁৰ তলত ডেপুটী ডিৰেক্টৰ জেনেৰেল। তাৰে তলত তিনিজন সহকাৰী ডিৰেক্টৰ জেনেৰেল আৰু সচিব (Secretary) হ’ল প্ৰশাসনৰ মুৰব্বী৷ সহকাৰী ডিৰেক্টৰ জেনেৰেলৰ তত্ত্বাৱধানত সমল (Resources) কাৰ্যকৰী (operation) আৰু উন্নতিৰ (development) কাৰণে থাকে।

শিক্ষা বিভাগ (Deptt. of Education)

ডিৰেক্টৰ জেনেৰেল Director General

 1. Asstt. D.G.   2. A.D.G.   3. A.D.G.  4. Secretary

 Resources Operation Development  Administrative head [ ৩৬ ] 1. Personnel:- Deals with Pay, Promotion, retirement, fines, Industrial relations, properties i.e. acquire building, maintenance of building & committee chairmen for budget.

2. Operation :- ADG there are ten (10) regions and community relation unit.

3. Under Development ADG :- Curriculam services for primary and secondary stage, examination and policy making, there are two study boards one for classes seven (7) to ten (10) and the other from eleven (11) to twelve (12) Each regions - has one regional director under the reg. director, one (1) Inspector of Schools.

 স্কুল ইন্সপেক্টৰ বা স্কুল পৰিদৰ্শকৰ জিলা ভিত্তিত প্ৰায় ৩০খন প্ৰাইমাৰী স্কুল, ৩ খন হাইস্কুল, ৩০০ জন শিক্ষকসহ থাকে। স্কুল পৰিদৰ্শকে বছৰত ১৫ হাজাৰ মাইল ঘূৰি স্কুল পৰিদৰ্শন কৰিব লাগে। জিলা বিষয় আৰু স্কুল পৰিদৰ্শকজনে শিক্ষক কল্যাণ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক, স্কুলঘৰ আৰু তাৰ তত্ত্বাবধান, স্কুল বাট-পথ, শিক্ষকৰ চাকৰিকালত প্ৰশিক্ষণ (In service training) আৰু তেওঁলোকৰ প্ৰমোচনৰ কথাও মূল্যাংকন কৰিব লাগে।

 2. Regional officer- এ শিক্ষকসকল গুণাগুণ স্থিৰ কৰা, স্কুল শিক্ষকৰ পঢ়া শুনা, কৰ্ম-বিধি, পামৰ্শ determination classes কৰাব লাগে।

 অষ্ট্ৰেলিয়ান শিক্ষা পদ্ধতি অনুসাৰে ৭ বছৰ বয়সৰ পৰা ১০ বছৰলৈকে curriculam ৰ ভিতৰত Core subject ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান (বুৰঞ্জী, ভূগোল, সমাজ বিজ্ঞান, এছিয়ান সমাজ অধ্যয়ন আৰু কমাৰ্চ) পঢ়িব লাগে। ৭ বছৰৰ পৰা ৮ বছৰলৈ আৰু ৯ বছৰৰ পৰা ১০ বছৰ বয়সলৈ ইলেকটিভ ছাবজেক্ট, যেনে সমাজ বিজ্ঞান, দ্ৰয়িং, গাৰ্হস্থ্য বিজ্ঞান, ভাষা, কাঠৰ কাম, কলা (Art), সংগীত (Music), approved studies কমপক্ষেও এটা বিষয় দুবছৰ পঢ়িব লাগে। বেচৰকাৰী স্কুলবিলাকে স্কুল পৰিদৰ্শকৰ যোগেদি Board ৰ লগত পঞ্জীয়ন হ’ব লাগে। ৩ বছৰ ৯ মাহৰ সকলো ছাত্ৰ- ছাত্ৰীয়ে K.G, শ্ৰেণীত এ বছৰ পঢ়ে। তাৰ সকলো নিম্ন বুনিয়াদী স্কুলৰ লগতে যোগ থাকে এই K.G. Class বোৰ পূৰা বা আধা দিনৰ কাৰণে। প্ৰাইমাৰীলৈকে শিক্ষা, যান- বাহনৰ খৰচ একো নালাগে। Secondary education ত ছাত্ৰ-ছাত্ৰীয়ে $২২ এবছৰত দিব লাগে, ইয়াৰ হিচাপত প্ৰায় ২২০ টকা ($1 = Rs. 10/-)।

 আমাৰ ক্লাছ মিছেছ ফ্লোৰেন্স ৰামছষ্টেডে (Inspector of aborginal education for school children) লৈছিল। তেখেতে আমাক তিনিখলপীয়া শিক্ষা ব্যৱস্থাৰ কথা কৈছিল -(i) কেন্দ্ৰই (ওপৰ খাপ) শিক্ষা-বিধি curriculam আৰু স্কুলবিলাকৰ কাৰণে নিৰ্দেশনাৰ (guideline) ব্যবস্থা কৰে। (ii) ৰিজিঅ’নত এই শিক্ষা-বিধি curriculam [ ৩৭ ] আৰু guideline বিলাক কাৰ্যকৰী কৰাত স্কুলবিলাকক সহায় কৰে। (iii) তাত থকা ৩৬৮ টা হাইস্কুল, ৬৩ টা চেণ্ট্ৰেল স্কুল আৰু প্ৰায় ১৮০০ টা প্ৰাইমাৰী স্কুলে নিৰ্দেশনা শিক্ষা- বিধি ব্যৱস্থাবিলাক কাৰ্যকৰী কৰে। জিলা স্কুল পৰিদৰ্শকজন জিলাখন শিক্ষা নেতা (leader)। তেওঁ স্কুল আৰু স্থান (region) ৰ মাজত মধ্যস্থতা কৰে, যোগাযোগৰ মধ্যমণি হিচাপে তেওঁ সমাদৃত। তাৰে স্কুল পৰিদৰ্শকে বছৰি ৩৮,৫০০ ডলাৰ পায়, অৰ্থাৎ আমাৰ দেশৰ টকাৰ মূল্যমান হব বছৰি ৩,৮৫,০০০ টকা, আৰু মাহিলি হিচাপত প্ৰায় ৩২,০৮৩ টকা। মিঃ গ্ৰেইগে আমাক অষ্ট্ৰেলিয়াৰ শিক্ষা প্ৰশাসনৰ বিষয়ে ক্লাছ লৈছিল। তাত ১৮ বছৰৰ ঊৰ্ধ্বৰ পৰা চাকৰি কৰে। পুৰুষ চাকৰিয়ালে ৬০-৬৫ বছৰ বয়সলৈ আৰু মহিলাই ৫৫-৬০ বছৰ বয়সলৈ চাকৰি কৰে। পুৰুষে ৬৫ বছৰ বয়সত অৱসৰ ল’লে ১০২ ডলাৰ, অৰ্থাৎ ১০২০ টকা সপ্তাহত পায় আৰু মহিলাই একেই ব্যৱধানত সমপৰিমান টকা পায় ৬০ বছৰ বয়সত অৱসৰ ল’লে। তাত সপ্তাহত গড় মজুৰি ৩৬০ ডলাৰ, অৰ্থাৎ ৩৬০০ টকা আৰু বনুৱাই (labour) এসপ্তাহত ২২৪ ডলাৰ, মানে ২২৪০ টকা পায়। তাত নিবনুৱাই ১৮ বছৰ বয়সত নিবনুৱা ভাট্টা (unemployment benefit) হিচাপে ৮৫ ডলাৰ, অৰ্থাৎ ৮৫০ টকা সপ্তাহত পায় আৰু বিবাহিত সকলে ১৩০ ডলাৰ, অৰ্থাৎ ১৩০০ টকা ১৪০০ টকা পায়। আৰু ল’ৰা ছোৱালীয়ে সপ্তাহত ১০ ডলাৰ, অৰ্থাৎ ১০০ টকা সপ্তাহিক হাৰত পায়। উচ্চতৰ মাধ্যমিক শিক্ষকৰ দৰমহা প্ৰাইমাৰী স্কুল শিক্ষকতকৈ বেছি।

 মিঃ পিটাৰে আমাক সংযোেগৰ (communication) বিষয়ে শিকাইছিল (পঢ়াইছিল)। তাৰ পিছত ৰেডিঅ’ সংযোগৰ যোগেদি কেনেদৰে শিক্ষা দিব পাৰি সেই বিষয়ে শিকাইছিল। সংযোগ মানে ভাবৰ আদান প্ৰদানৰ যোগেদি খবৰ বাতৰি বোৰ বুজি পোৱাকৈ সহজ সৰলভাৱে মানুহৰ মাজত প্ৰকাশ কৰা। সবাক (কথা কোৱা) আৰু নিৰ্বাক (কথা নোকোৱা) এই দুটা পদ্ধতিৰে সংযোগ বিষয়ে শিক্ষা দিয়া হয়। মি ছুই হিন টহে (Mr. Swee hin Toh) আধুনিক জগতৰ মত আৰু নিৰ্ভৰশীল জগতৰ মতৰ বিষয়ে পঢ়াইছিল। আধুনিক জগতৰ মতে, স্কুলবিলাক শিক্ষাৰ এটা আহিলা যাৰ দ্বাৰা দক্ষবিলাকক (skill) পিছৰ প্ৰজন্মৰ কাৰণে উলিয়াই দিয়া হয় (Pass কৰি দিয়া)। আৰু নিৰ্ভৰশীল জগতৰ মতে, শিক্ষা আৰু স্কুলবিলাকৰ পিছৰ প্ৰজন্মৰ কাৰণে উন্নতিৰ ক্ষেত্ৰত একো দৰকাৰ নাই। কিন্তু অষ্ট্ৰেলিয়া স্বাধীন হোৱাৰ পিছত তাৰ বেছিভাগ শিক্ষিত লোকেই বিদেশত পঢ়া শুনা কৰা বা প্ৰশিক্ষণ লোৱা লোক। আনুষ্ঠানিক শিক্ষা সম্প্ৰসাৰণ কৰিবলৈ (Expansion of Formal Education) হেঁচা পৰিছিল, কাৰণ শিক্ষাইহে অৰ্থনৈতিক দিশ উন্নত কৰে বুলি মানুহে বিশ্বাস কৰিছিল। সেয়েহে প্ৰশাসন, পদ্ধতি আৰু reform of curricularm ৰ উন্নতি অৰ্থাৎ ভাষা, নিজা বুৰঞ্জী, ভূগোল আদি উন্নতি কৰাৰ কথা তেওঁলোকে চিন্তা কৰিলে। শিক্ষাৰ গাঁথনি একেদৰেই ৰাখি সাহিত্য, কলা, মানৱ সম্পৰ্কীয় বিষয়াবিলাক [ ৩৮ ] কঠিন শৈক্ষিক দিশেৰে চাবলৈ ল’লে। পৰীক্ষাবিলাকত বিশেষ জোৰ দিলে যাতে ছাত্ৰ- ছাত্ৰীয়ে মুখস্থ কৰি পৰীক্ষা পাছ কৰিব নোৱাৰে। উচ্চশিক্ষা সকলোৰে কাৰণে নহয়, মেধাসকলৰ কাৰণেহে। শ্ৰেণী ব্যৱস্থা কৰি, জনসাধাৰণৰ পৰা সম্পদ আহৰণ কৰি উচ্চ শিক্ষা দিয়া, প্ৰাইভেট শিক্ষা, ঘৰুৱা টিউচন আদিৰে উচ্চ মধ্যবিত্ত শ্ৰেণীৰ কাৰূণে সুব্যৱস্থা কৰা হয়। ফলত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি, ব্ৰেইন-ড্ৰেইন আৰু গাঁৱৰ পৰা চহৰলৈ লোক প্ৰবাহ ঘটিছিল। আধুনিক শিক্ষাৰ প্ৰসাৰণৰ কাৰণে আছে শৈক্ষিক আহিলা পাতি কিতাপ পত্ৰ, স্কুলঘৰ, গৱেষণা, উপদেষ্টা শিক্ষক শিক্ষায়িত্ৰীসকল। ব্ৰাজিলৰ মিঃ প’লো ফ্ৰেয়াৰে, (শিক্ষা বিশেষজ্ঞ educational expert) আমাক শিক্ষা আৰু চাকৰিৰ বিষয়ে বক্তৃতা দিছিল। চাকৰি অনুপাতে শিক্ষিত নিবনুৱাৰ যথেষ্ট। তদুপৰি চাকৰিৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত তীব্ৰ কঠিনতাৰ মুখামুখি হব লাগে। অৰ্থাৎ চাকৰি পাবলৈ প্ৰতিযোগিতা বেছি হ’ল৷ যিমানেই শিক্ষিত নিবনুৱা বৃদ্ধি পাব সিমানেই চাহিদা বাঢ়িব। ডিপ্লমা ডিজিজ Diploma disease গুচাবলৈ শিক্ষাক্ষেত্ৰত, বিশেষকৈ স্কুলত আৰু উচ্চ শিক্ষাত চৰকাৰে বাজেট বঢ়াব লাগিব যাতে, সমাজত সকলোৰে সমভাৱে, সম অৱস্থাত জীয়াই থাকিব পাৰে। কাৰিকুলামখন হব লাগিব শাসকসকলক কিমানদূৰ, কেনেকৈ ফলপ্ৰদভাৱে সহায় কৰিব পাৰে তাক ভিত্তি কৰিহে। কাৰিকুলামখনে কেনেকৈ সহায় কৰিব-(ক) প্ৰশাসনৰ কাৰণে কি কি ইচ্ছু থাকিব (খ) ৰাজনৈতিক সমস্যা আৰু ব্যৱস্থা আৰু (গ) যদি কিবা সংশোধন কৰিব লগা থাকে শাসকসকলে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব। আকৌ -

 (ক) (i) শিক্ষাক সৰ্বসাধাৰণে ঢুকি পাব লাগিব (to bring education within the reach of all)

 (ii) শিক্ষা জাতিৰ (National Identity) চিনাকিৰ মাধ্যম বা বাহন হিচাপে ব্যৱহাৰ কৰিব লাগিব।

 (iii) শিক্ষাই ব্যক্তিৰ সৰ্বাংগীন উন্নতি কৰিব লাগিব।

 (iv) আৰ্থিক উন্নতি আৰু সম্প্ৰসাৰণ হব লাগিব শিক্ষাৰ দ্বাৰা। (to achieve economic progress & development)

 (v) চৰকাৰৰ শিক্ষা-নীতি কাৰ্যকৰি কৰিব লাগিব।

 (খ) (i) চৰকাৰৰ আৰ্থিক সমস্যা

 (ii) শিক্ষা নীতিৰ আৰু অৰ্থৰ ওপৰত ৰাজনৈতিক হেঁচা (Political pressure vrs educational policies & economic)

 (iii) ছাত্ৰসকলে শাক-পাচলিৰ খেতি কৰি সমাজ আৰু জাতিটোক সহায় কৰা। টাঞ্জানিয়াত education for self reliance কিউবা স্কুলবিলাক প্ৰায়েই দেশৰ চাৰিওকোনত সিঁচৰতি হৈ আছে। চীনাৰ স্কুলবিলাক ৰাছিয়ান পদ্ধতি অনুকৰণত গঢ়া। মিঃ মাগুৱে [ ৩৯ ] ভাবিলে স্কুলবিলাক অকল নগৰকেন্দ্ৰিক নহৈ গাওঁ-ভূইতো গঢ়িব লাগে। ১৯৬০-৬৫ চন মানলৈ স্কুলবিলাক নগৰতেই অৱস্থিত আছিল। তাৰ পাছত সাংস্কৃতিক বিদ্ৰোহ (cultural revolution) হ’ল। ১৯৭০-৭৬ চনৰ ভিতৰত যিবিলাক স্কুল স্থাপন কৰা হ’ল সেইবিলাক গাওঁ আৰু খেতিপথাৰৰ ওচৰত পাতিবলৈ ধৰিলে যাতে ছাত্ৰ-ছাত্ৰীবিলাকে স্কুলৰ লগতে খেতি পথাৰত উৎপাদনৰ কামত যোগ দিব পাৰে। আনকি সৈনিকসকলেও নিজৰ আহাৰ নিজে উৎপাদন কৰি লৈছিল।

 (গ) চীন দেশত বেয়াৰফুট ডাক্তৰ (Barefoot Doctors), গাঁৱৰ মানুহে খালী ভৰিৰে তিনিবছৰৰ প্ৰশিক্ষণ বিষয়, প্ৰতিষেধক ব্যৱস্থা আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ ওপৰত গাঁৱলীয়া প্ৰিভেণ্টিভ হেলথ্ কেয়াৰ চেণ্টাৰ কাম কৰিবলৈ ল’লে।

 Mr. Roby Tidswell, President of the fedaration of parents and citizens association এ আমাৰ ক্লাছ ল’লে। ১৯৮০ চনৰ সময়ছোৱাত পেৰেণ্ট’ চিটিজেন এছচিয়েচন ফৰ স্কুলত প্ৰধান শিক্ষকক লৈ সাতজন সদস্য। বছৰত একোবাৰ মিটিং বহে, তেতিয়া ২৩০০ খন স্কুলত থকা এনে এছচিয়েচন কাউন্সিলৰ সকলক লৈ গভৰ্নমেন্ট অব ফেডাৰেচনে কাম কৰে। ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পিন্ধাতো বধ্যতামূলক নহয়। এছচিয়েচনৰ প্ৰতিনিধিসকলে কাউন্সিলৰ নিৰ্বাচন কৰে। বছৰৰ চৰকাৰী, ফেডাৰেচনবোৰৰ মিটিং বহে। এইবিলাকৰ খৰচৰ কিছু চৰকাৰী অনুদানৰ পৰা আৰু Fund collection through funfair, tuck shop ইত্যাদি দ্বাৰা হয়।

 মিঃ কিথ জেকছনে এডুকেচনেল ব্ৰডকাষ্টিং এণ্ড ডেবেলপমেণ্টৰ ৰেডিঅ’ যোগে শিক্ষা আৰু ইয়াৰ উন্নতিৰ বিষয়ে কলে। তেওঁৰ মতে শিক্ষাৰ প্ৰয়োগ এনে ধৰণে হ’ব লাগে ১। (ক) মানুহক ভালকৈ জীয়াই থাকিবলৈ সহায় কৰা (খ) প্ৰত্যেক ব্যক্তিক উন্নত কৰা (গ) সামাজিক কামবিলাকৰ যোগেদি সমাজক সমৃদ্ধিশালী কৰা (ঘ) জনসাধাৰণক সুবিচাৰ আৰু সুচেষ্টা কৰিবলৈ ইন্ধন যোগোৱা (ঙ) বিশ্বক জানিবলৈ জ্ঞান আহৰণ কৰা।

 ২। জাতীয় চৈতন্য সজাগ পৰা যাতে, আমি সকলোৱে এখন দেশৰ মানুহ বুলি ভাবিব পাৰো, উপলব্ধি কৰিব পাৰো।

 অষ্ট্ৰেলিয়াৰ শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে ব্যক্তিত্বক শিক্ষিত কৰা। শিক্ষাৰ উদ্দেশ্য সদায় সাধু (Honest) মহান হব লাগে। জাতীয় লক্ষ্য আৰু সামাজিক লক্ষ্য ব্যক্তিৰ নিজস্ব লক্ষৰ ঊৰ্ধ্বত থাকিব লাগে। শিক্ষাই গোটেই জীৱনটোতে বিস্তাৰ কৰি থাকে। ৰেডিঅ’ৰ যোগেদি সৰ্বসাধাৰণৰ ওচৰ চাপিব পাৰি। ৰেডিঅ’ৰ (responsibility) জাতীয় লক্ষ্যৰ প্ৰতি দায়িত্ব আছে। সেয়েহে ৰেডিঅ’ৰ প্ৰগ্ৰেমবিলাক উৎকৃষ্ট হব লাগে। Govt. of educational broad casting অৰ্থাৎ ৰেডিঅ’ৰ মূল লক্ষ্য হ’ল ৰেডিঅ’ আৰু শিক্ষাবিদে যাতে তেওঁলোক যুগুত কৰা আটাইতকৈ সম্ভৱপৰ প্ৰগ্ৰেমবিলাক শ্ৰোতাৰ [ ৪০ ] কানত পেলাই আশাকৰা মতে প্ৰভাৰ বিস্তাৰ কৰিব পৰাটো। “Educators and broadcasters must ensure that the best possible programme reach the intended audience with the desired effect" - Govt. of educational broad casting.

 মিঃ জুদিথ টেইলৰে ‘Taxonomy of teacher development’ ৰ ওপৰত ক্লাছ ল’লে। প্ৰথমে শিক্ষকজন জীয়াই থাকিবলৈ সংস্থাপন, কাম কৰিবলৈ আগ্ৰহ, কামৰ হেঁচা (strain) আৰু আৱেগ গ্ৰহণ কৰা, সকলো ফালৰ পৰা উপদেশ লব পৰা, শ্ৰেণীলৈ যোৱাৰ আগতে পাঠ প্ৰস্তুত কৰা, শাসন (control) কৰা, নিৰাপত্তা, পৰিৱৰ্তনশীল স্থান- কাল চাই, সুযোগ বুজি কাম কৰা–নিঃ জুদিথৰ ক্লাছৰ এইখিনি সাৰমৰ্ম। তাৰ পাছত মিঃ কেলভিন গ্ৰাহামে যৌন শিক্ষাৰ ওপৰত ক’লে। ল'ৰা-ছোৱালীক সৰুৰে পৰাই ব্যক্তিত্বৰ শিক্ষা দিব লাগে, ব্যক্তিত্বৰ বিকাশ হবলৈ দিব লাগে। অষ্ট্ৰেলিয়া প্ৰাইমাৰী ক্লাছৰ ল’ৰা- ছোৱালী বেছিভাগ আন বেমাৰত পৰি মৰাতকৈ তেজত মেদ বৃদ্ধি হৈহে মৰে। তাৰ তিনিটা শিশুৰ ভিতৰত এজন মাত্ৰ শিশু মাক-দেউতাক থকা ঘৰৰ পৰা আহে। সেয়েহে সিহঁতৰ নিজস্ব ব্যক্তিত্বৰ ধাৰণা, আদান প্ৰদান, ঘৰুৱা পৰিৱেশ পাৰিবাৰিক ঘৰ-সংসাৰ আদিৰ অভাৱ। ভাব আদান-প্ৰদান কৰোঁতে নিজৰ বিষয়ে জ্ঞান সচেতনতা, ভাব প্ৰকাশ সক্ষমতা, আনৰ কথাৰ প্ৰতি মনোযোগ দিয়া, বিষয় ভাববস্তুটোৰ প্ৰতি সতৰ্ক দৃষ্টি দিয়া, মানুহৰ বিষয়ে সবিশেষ অধ্যয়ন, অংশীদাৰিত্ব গ্ৰহণ কৰা, ভাববিলাকলৈ মনোনিৱেশ কৰা। মিঃ গ্ৰাহামে Self esteem and values মূল্যবোধৰ ওপৰত পাঠ দিছিল।

 “The goal for educations and parents is to help children develop a competant self. A realistic and extensive self concept, and positive self esteem.”

 শিক্ষাবিদ আৰু পিতৃ-মাতৃৰ শিশুৰ প্ৰতি থাকিব লগীয়া দায়িত্ব আৰু কৰ্তব্য হ’ল - শিশুসকলে যাতে এজন যোগ্য ব্যক্তি, সঠিক আৰু বিশাল স্ব-ধাৰণা আৰু আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে সমাজত থিয় দিব পাৰে তাৰ প্ৰতি যথোচিত গুৰুত্ব দিয়া আৰু সহায় কৰা। “A child life is like a piece of paper on which every passerby leaves a mark’ - Ancient chinese proverb.

 এটি শিশুৰ জীৱনটো এখিলা কাগজৰ নিচিনা - য’ত প্ৰতিজন বাটৰুৱাই এৰি থৈ যায় একোটা চিন। Rob Allaburton এ (Civil Engineer) আমাক নেতৃত্বৰ (Leadership) বিষয়ে পঢ়াইছিল৷ “Reason is the first victim of strong emotion” যিকোনো কাম এটা সফলতাৰে সমাধা কৰিবলৈ নেতৃত্বত থকাজনে প্ৰথমে (telling, selling, participation and relationship (deligation)) আদিৰ বিষয়ে কব [ ৪১ ] লাগিব। তেতিয়াহে অন্যান্য সকলে কামটোৰ বিষয়ে বুজি উঠিব আৰু অংশীদাৰিত্ব গ্ৰহণ কৰি আটাইৰ মাজত এটি সু-সমন্বয় গঢ়ি উঠিব আৰু কামটো ফলপ্ৰদ হব। ইয়াৰ কাৰণে Teacher effectiveness Training (TET), Parent effectiveness Training (PET) আৰু Leadership effectiveness Training (PET), দৰকাৰ।

 "I know that I understand and learn something when I like / understand it, "A good teacher provides growth appraisal by supervisor, by colleages and by self. Technology - Anything that is extended of human being.

 Dr. Doherty, Director, Division of Guideance and special education এ আমাক Behaviour disorder অদ্ভুত বা গ্ৰহণযোগ্য নোহোৱা ব্যৱহাৰৰ বিষয়ে কলে। মানসিক বা আৱেগিকসিক্ত শিশুক যদি শাসন নমনা (uncontrolled) হয়, বা শাসন কৰিব পৰা নাযায় তেনে শিশুক হাস্পতালত থব লাগে, কিন্তু যিবিলাকৰ ব্যৱহাৰ বেয়া হয় তেনেবিলাক শিশুক স্কুলতে চিকিৎসা কৰিব পাৰি। এনে ব্যৱহাৰ বেয়া কৰা শিশুক শ্ৰেণীত পঢ়িবলৈ দি এজন বিশেষ শিক্ষকৰ হতুবাই শ্ৰেণীৰ শিক্ষকজনক সহায় কৰিবলৈ কোৱা হয়। এই ব্যৱস্থা তাত কাৰ্যকৰী হৈছিল। যিবিলাক শিশুৰ শিক্ষা গ্ৰহণ কৰাত অসুবিধা (learning problem) সিহঁতক (remedeal class) সংশোধন শ্ৰেণীত বৰ ভাল শিক্ষকৰ দ্বাৰা পঢ়োৱা হয় বা শ্ৰেণীত আন শিক্ষক জনক এই শিক্ষকজনে সহায় কৰি পাঠদান কৰে। এই শিক্ষকসকল (resource teacher) অষ্ট্ৰেলিয়াত সংশোধন স্কুলত বহুতো আছে। জাৰ্মান মিজেলছৰ (German measles) পৰা যোৱা কাণ-কলা বেমাৰৰ কাৰণে প্ৰতিটো শিশু ছোৱালীকে ডাঙৰ হোৱাৰ আগতে (কন্যাকাল) চিটা দিয়া হয়। কাণেৰে নুশুনা বুলি দুবছৰ হোৱাৰ আগতে যদি শিশুক ধৰা পেলোৱা হয় এই দোষটোৰ আধাভাগ ডাঙৰ হোৱালৈকে ভাল কৰিব পাৰি। চকুৰ অসুখ থকা বিলাকৰ কাৰণে ডাঙৰ ডাঙৰ ছপা আখৰ, অন্ধ বিলাকৰ কাৰণে ব্ৰেইলী ছিষ্টেমৰ ব্যৱস্থা আছে। অষ্ট্ৰেলিয়াত বহুত আছুতীয়া স্কুল আছে। কম মেধাসম্পন্ন (Intellectually handicapped) ল’ৰা-ছোৱালীৰ বিলাকৰ কাৰণে সংযোগ পাৰদৰ্শিতা (communication skill mobility), খোজ কঢ়া, লৰচৰ কৰি ফুৰা, চিনাকি হোৱা, চিনি পোৱা সক্ষমতা (cognitive ability), সামাজিক সম্বন্ধ সজাগ কৰা। সাধাৰণতে এগৰাকী মাতৃয়ে ৩৫ বছৰ অতিক্ৰম কৰাৰ পাছত সন্তান জন্ম দিলে সেই সন্তান বিকলাংগ হোৱাৰ সম্ভাৱনা বেছি থাকে।

 মিঃ জিল মেক-ৰেই শিক্ষা সমল কেন্দ্ৰৰ (Resource conture) বিষয়ে কৈছিল। মাধ্যম বিলাক বাস্তবভিত্তিত লোৱা চিৰিয়াখানা, কলা বীথিকা, কলা প্ৰদৰ্শনী, বস্তু বিশেষ (Specimans), ক্ৰাফ্‌‌ট কলা ইত্যাদি। Book Project, verbal representation আৰু [ ৪২ ] আছে সেইবোৰ হ’ল কিতাপ, আঁচনি সমূহ গ্ৰাফ - কাৰ্টুন, (মেল) মানচিত্ৰ ছবি, কোনো বিশেষ বস্তুৰ ছবি, চিনেমা, programme কিছুমান খেলা খেল শিকাৰ অভিজ্ঞতা - চাই প্ৰত্যক্ষ ভাবে, গবেষণা কৰি, কিতাপ পঢ়ি চিহ্নৰ দ্বাৰা (signs) গ্ৰাফৰ দ্বাৰা (graphics) আগ্নেয়গিৰিৰ, কথাছবি, জোনৰ ছবি, slides, tapes. আদি, সমল নানা বিধৰ হ’ব লাগে - কাৰণ আমি যিকোনো বিষয় এটা মনত ৰাখো পঢ়ি ১০ শতাংশ, শুনি ২০ শতাংশ, চাই ৩০ শতাংশ, চাই আৰু শুনি ৫০ শতাংশ প্ৰকাশ কৰি ৭০ শতাংশ আৰু হাতে কামে কৰি ৯০ শতাংশ৷ Function of enformation agencies, storage, Service and education, community centre, Museum, library আদিয়ে শিক্ষা জগতত নানা সমল যোগায়। মিঃ টম ৰেয়নে ট্ৰেনজিছনেল এডুকেচনৰ ওপৰত আমাক কৈছিল। কৰ্ম অভিজ্ঞতা, ঔদ্যোগিক বা বাণিজ্যিক কলা, গাৰ্হস্থ্য বিজ্ঞানৰ কাৰণে চৰকাৰৰ পৰা অৰ্থ সাহায্য দিয়া হয়। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ অভাৰ অভিযোগ দূৰ কৰা, সমল-সুযোগ সিহঁতক দিয়া, অৱসৰ সময় কটাবলগীয়া শিক্ষা, নিবনুৱা সচেতনতা, ছোৱালীৰ আত্মবিশ্বাস বঢ়োৱা, কেৰিয়াৰ ছিলেকছন, ব্যৱহাৰিক শিক্ষাৰ বাছনি কৰা ইত্যাদি। মিঃ জিল মেক ৰেয়ে আমাক ডিছটেন্স এডুকেছনৰ বিষয়ে পঢ়াইছিল। মিঃ ডেভিদ বণ্ডে স্কুল ভিত্তিত মূল্যাংকন (School based evaluation) ৰ বিষয়ে কৈছিল। স্কুলৰ ভিতৰৰ কামবিলাকৰ (programme) মূল্যাংকন কৰাত শিক্ষকসকলে গুৰু দায়িত্ব (Important role) লব লাগে। এনে মূল্যাংকন কৰোতে শিক্ষকসকলে সমস্যাবিলাকৰ লগত ওতপ্ৰোতভাৱে জড়িত থাকিব লাগে। এই মূল্যাংকন যাতে স্কুলখনৰ কাৰণে সুফলদায়ক বা গঠনমূলক (constructive) ভাৱে কৰা হয় তাৰ প্ৰতি চকু ৰাখিব লাগে। এই মূল্যাংকন কৰিবলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীৰ মনৰ খবৰ, পিতৃ-মাতৃ, শিক্ষক অভিভাৱক, সমাজৰ ভাবধাৰাৰ ওপৰত চকু ৰাখিব লাগিব। আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান সঞ্চালক মিঃ বব হেৰণে ‘সমস্যা সমাধান’ৰ (problem solving) ওপৰত লেকচাৰ দিছিল। সমস্যা সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে মূল সমস্যাটো কি বাছি উলিয়াব লাগিব। তাৰ পাছত ইয়াৰ কাৰণবিলাক কি কি চাব লাগিব। সংশ্লিষ্ট বস্তুবিলাক গোটাব লাগিব -যেনে, মানুহৰ মতামত আৰু সত্য ঘটনাবিলাক, অনুসন্ধান কৰি বিশ্লেষণ কৰি তাৰ পৰা ফলটো (interpretation), অৰ্থাৎ সমাধান উলিয়াই সামৰণি মাৰিব লাগিব৷

 Data is the raw-materials of statistics এই ডাটা বহুত ঠাইৰ পৰা গোটাই, চিজিল লগাই, প্ৰস্তুত কৰিব লাগিব। তাৰ পৰা বিশ্লেষণ কৰি ফলটো বা সমাধান উলিয়াব লাগিব। মুঠতে চাৰিমহীয়া প্ৰশিক্ষণত মই যি যি শিকিলো মোৰ জীৱনত, অৰ্থাৎ কৰ্ম-জীৱনত এই আটাইবিলাক কথাই বিশেষধৰণে সহায় কৰিছিল।

 তেতিয়া আমাৰ শিক্ষা সচিব (Education secretary) শ্ৰীৰবিন বড়া, অল্পভাষী [ ৪৩ ] আৰু এগৰাকী প্ৰকৃত ভদ্ৰলোক। সেইদিনা আমি সকলো বৰঝাৰ বিমান বন্দৰলৈ মহাকাশ যাত্ৰী শ্ৰীৰাকেশ শৰ্মাক অভিনন্দন জনাবলৈ গৈছিলো। দলটোত বহুত মানুহ আছিল। কথা প্ৰসংগত শ্ৰীবড়াই মোক ওচৰলৈ মাতি কানে কানে ক’লে “আপোনাক যুটীয়া শিক্ষাধিকাৰৰ বাবে বাছনি কৰা হৈছে।” কথাটো শুনাৰ লগে লগে মই আনন্দত জঁপিয়াই উঠিলো। বৰ ভাল লাগিল। তেতিয়াৰ দিনত আমাৰ বাছনি মানে প্ৰমোচন কেতিয়া হয়, তাৰ ভূ ৰখাৰ আমাৰ কোনো প্ৰয়োজন নাছিল। সময়মতে, সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে হৈছিল। বাছনি অনুসৰি ২২-৯-৮৪ তাৰিখে মই প্ৰাইমাৰী শিক্ষাত যুটীয়া শিক্ষাধিকাৰ হিচাপে যোগ দিলো। তাত কিছুদিন কাম কৰাৰ পিছত অসম হায়াৰ ছেকেণ্ডাৰী এডুকেছন কাউন্সিলৰ (AHSEC) (তেতিয়া নতুনকৈ অনুষ্ঠিত হোৱা) সচিব হিচাপে ১৬-৫-৮৫ তাৰিখে নিযুক্তি দিলে। মই AHSEC ৰ দ্বিতীয়গৰাকী সচিব আছিলো। তাত থকা সভাপতিৰ লগত মোৰ মত নিমিলাত মোক উচ্চ শিক্ষাৰ যুটীয়া শিক্ষা ধিকাৰ কৰি নিযুক্তি দিলে। মই তাত উৎসাহেৰে কাম কৰি গ’লো। সেই সময়ত আমাৰ শিক্ষা আয়ুক্ত‘’ আছিল শ্ৰীঅৰুণোদয় ভট্টাচাৰ্য। তেখেত শ্বিলঙৰ St. Edmand's College ত পঢ়া, চোকা মানুহ। ময়ো I.Sc Edmand's College ত পঢ়িছিলো বাবে আমাৰ মাজত এটা সম্বন্ধ জাগি উঠিছিল। শিক্ষা আয়ুক্তই চৰকাৰী কামত মোক যথেষ্ট সহায় আৰু সহযোগিতা আগবঢ়াইছিল। মহিলা বিষয় বাবে চৰকাৰী গাড়ী দিওঁতে অলপো হীনডেঢ়ি কৰা নাছিল। গতিকে মোৰ কাম কৰি বৰ ভাল লাগিছিল ১২-৪-৮৯ তাৰিখে মোক প্ৰমোচন দি প্ৰাপ্তবয়স্ক শিক্ষাৰ Addle DAE কৰি দিলে। তাৰ আগতে মই Jnt. Director N.F. Education আনুষ্ঠানিক শিক্ষাৰ যুটীয়া সঞ্চালকো আছিলো। সেই সময়ত প্ৰাপ্তবয়স্ক শিক্ষাৰ সহকাৰী প্ৰকল্প বিষয়াৰ বাবে বাছনি তালিকা এখন প্ৰস্তুত কৰা হৈছিল। তাত আমাৰ তেতিয়াৰ শিক্ষা মন্ত্ৰী শ্ৰীবৃন্দাবন গোস্বামীৰ ভায়েক শ্ৰী উত্তম গোস্বামীৰ নামো তৃতীয় স্থানত আছিল, ১৬ জনীয়া তালিকাখনত। তালিকাখনত অনুমোদন দিওঁতে শিক্ষা মন্ত্ৰীয়ে ভায়েক শ্ৰীউত্তম গোস্বামীৰ নামটো আঁতৰাই দিবলৈ ক’লে। মই তেতিয়া প্ৰতিবাদ কৰি ক’লো - তেখেতক তেখেতৰ অভিজ্ঞতা আৰু চাকৰি কাল চাইছে বাছনি কৰা হৈছে। কিন্তু মন্ত্ৰীয়ে ভায়েকক প্ৰমোচন দিবলৈ নিদিলে। তেতিয়াৰ পৰা মোৰ মানুহজনৰ প্ৰতি বেছি ভক্তি উপজিল। কেনে নিস্বাৰ্থ মানুহজন, শিক্ষা মন্ত্ৰীজন। আনফালে কিন্তু তেতিয়াৰ ৰাজ্যিক শিক্ষামন্ত্ৰীজনৰ ভাবধাৰা একেবাৰে বিপৰীত আছিল।

 সেই সময়ত প্ৰাপ্তবয়স্ক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ বাবে সুকীয়া শিক্ষা বিভাগ এটা খোলা হৈছিল ১-৩-৯১ তাৰিখে, এই বিভাগৰ প্ৰথম সঞ্চালক হিচাপে মই যোগদান কৰিলো। এই বিভাগৰ কামত বাহিৰলৈ, দিল্লীলৈ বৰকৈ গৈ থাকিব লাগে। ক্ষেত্ৰ অফিছবিলাক চাই ফুৰিব লাগে, ভালদৰে ক্লাছবিলাক চলি আছে নে নাই চাব লাগে। দিল্লীৰ [ ৪৪ ] পৰাও জইন ডাইৰেক্টৰ মিঃ মেহৰা, আই এ এছ; ডাইৰেক্টৰ জেনেৰেল মিঃ এল. মিশ্ৰ. আই এ এছ আদি কেবাজনো বিষয়া আৰু প্ৰশিক্ষণ পাতি, NCERT ৰ বিষয়াসকলৰ আদান প্ৰদান হৈছিল। কামত ব্যস্ত থাকি মোৰ বৰ ভাল লাগিছিল। দিল্লীৰ পৰা কেবাবাৰো প্ৰশংসাও পাইছিলো। প্ৰাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা ৫০০ বছৰৰ আগতে মহাপুৰুষ শ্ৰীশ্ৰীশংকৰ দেৱে আৰু তেওঁৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱে অসমত প্ৰচাৰ কৰিছিল। এই বিষয়ে দিল্লীৰ পৰা অহা ডাইৰেক্টৰ জেনেৰেল মিঃ মিশ্ৰক কোৱাত তেখেতে শুনি বৰ ৰস পাইছিল আৰু মহাপুৰু দুজনাৰ বিষয়ে জানিবলৈ কিতাপ বিচাৰিলে। বহু বিচাৰি আৰু কিনিও কেইখনমান কিতাপ গোটাই তেখেতক দিছিলোঁ। তেতিয়া কিছুমান স্বেচ্ছাসেৱী কেন্দ্ৰই (NGO) প্ৰাপ্তবয়স্ক আৰু অনুষ্ঠানিক শিক্ষা কেন্দ্ৰ খুলি চৰকাৰক সহায় কৰিছিল। তাৰ বিনিময়ত এন জি অ’বোৰক কেন্দ্ৰীয় চৰকাৰে বহুত পৰিমাণৰ ধন দিছিল এই কেন্দ্ৰবোৰ চলাবলৈ, শিক্ষাৰ সঁজুলি আৰু শিক্ষকৰ দৰমহা দিবলৈ। কিন্তু এই ব্যৱস্থাত বহুত কেৰোণ আছিল আৰু টকাৰ অপব্যৱহাৰ হৈছিল। কিছুসংখ্যক এন জি অ’ৰ এনে দুৰ্নীতিৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক জনোৱাত, সংশ্লিষ্ট এন জি অ’বোৰ উঠাই দিছিল। এনেদৰে সুখ্যাতিৰে কাম কৰি ভাৰত চৰকাৰৰ পৰা প্ৰশংসা পোৱাৰ পিছত হঠাতে এদিন মোক তাৰ পৰা বদলি কৰি এলিমেণ্টৰী এডুকেছনৰ এডিছনেল ডাইৰেক্টৰ কৰি দিলে। পিছতহে জানিব পাৰিলো যে এই কেন্দ্ৰবিলাকৰ লগত আৰ্থিক দিশত কিছু ৰাজনৈতিক নেতাৰ সম্বন্ধ আছিল৷ বিশেষকৈ দিল্লীৰ এজন MP আৰু অসমৰ এম এল এৰ সম্বন্ধৰ কথা এই এন জি আ’ৰ লগত জড়িত আছিল। মই থকা কাৰণে তেওঁলোকে আৰ্থিক লেনদেনত বিশেষ সুবিধা কৰিব নোৱাৰা কাৰণে মোক তাৰ পৰা আঁতৰালে। মইও কোনো আপত্তি নকৰাকৈ তাৰ পৰা গুচি আহিলো। মই ১৭ মেত এডাল্ট এণ্ড এন এফ এডুকেচনৰ ডাইৰেক্টৰ হৈছোহে এনেতে জুন-জুলাই মাহত গুৱাহাটীত এখন কৰ্মশালা পতা হ’ল। তাত অসমৰ সকলো জিলা বিষয়া, এন জি অ’ আৰু কিছুসংখ্যক শিক্ষাবিদক মতা হ’ল। এই কৰ্মশালালৈ ভাৰত চৰকাৰৰ শিক্ষা সচিব শ্ৰী অনিল বোৰ্ডিয়া আৰু লগত শ্ৰীমতী অনিতা কৌল, (ডাইৰেক্টৰ অব এডুকেচন, দিল্লী) আহিছিল। কৰ্মশালাখন দুদিনীয়া আছিল। কৰ্মশালাৰ কাৰণে সকলো প্ৰস্তুতি কৰি তেতিয়াৰ শিক্ষা আযুক্ত শ্ৰীঅশোক শইকীয়াই এয়াৰ পোৰ্টৰ পৰা মোক ভাৰত চৰকাৰৰ শিক্ষা সচিব আৰু আন আন বিষয়াসকলক আদৰি আনিবলৈ পঠিয়াইছিল। এয়াৰ পোৰ্টৰ পৰা অহা বাটত শ্ৰীবোৰ্ডিয়াই মোক নানান প্ৰশ্ন সুধি আহিছিল। ময়ো যথাযথ উত্তৰ দি দি আহি আৱৰ্তভৱন (Circuit House) পালোহি। তাত সকলো ব্যৱস্থা কৰা আছিল। তেওঁলোকক তাত থৈ মই গধূলি আমাৰ শিক্ষা আয়ুক্তক সকলো কথা বিবৰি ক’লো। পিছদিনা আকৌ আবৰ্ত ভৱনলৈ গৈ শ্ৰী অনিল বোৰ্ডিয়া আৰু শ্ৰীমতী অনিতা কৌলক আমাৰ কৰ্মশালালৈ লৈ গ’লো। কৰ্মশালা আৰম্ভ হ’ল। বহুত এন [ ৪৫ ] জি অ’ৰ বিষয়াই কৰ্মশালাত যোগ দিলে। বৰ ভাল লাগিল। চেগ বুজি শ্ৰীবোৰ্ডিয়াই শিক্ষা সংক্ৰান্তীয় বহুত প্ৰশ্ন মোক সুধি গ’ল। পিছদিনা আকৌ কৰ্মশালা। শেষৰ দিনা আমাৰ শিক্ষা আয়ুক্ত শ্ৰীশইকীয়াই মোৰ পৰা জানিব বিচাৰিলে ভাৰত চৰকাৰৰ শিক্ষা সচিবে মোৰ সৈতে কি কথা আলোচনা কৰি আছিল। মই ক’লো তেখেতে অসমৰ শিক্ষাৰ বিষয়ে, বিশেষকৈ এডাল্ট আৰু এন এফ এডুকেচনৰ বিষয়ে কথা পাতি আছে। প্ৰশ্নৰ উত্তৰ দিব পাৰিছোনে বুলি সোধাত মই পাৰিছো বুলি ক’লো। মোৰ এই বিভাগৰ সঞ্চালক হোৱাৰ দুমাহ হৈছিলহে মাত্ৰ। মই এটা কথাত সদায় গুৰুত্ব দি আহো যে এডুকেচনৰ স্কিমবিলাকৰ খুঁটি-নাটি ভালদৰে পঢ়ি-বুজি লওঁ, কিয়নো ভালমতে জানি বুজি ল’লেহে কামবোৰ ভালকৈ কৰিবলৈ সুবিধা হয়। সেই কাৰণে ভাৰত চৰকাৰৰ দুয়োজন শিক্ষা বিষয়াৰ প্ৰশ্ন উত্তৰবোৰ মই অনায়াসে দি যাব পাৰিলো। ইয়াৰ পিছৰ পৰা শ্ৰীমতী অনিতা কৌল মোৰ বান্ধৱীৰ দৰে হৈ পৰিল। অৱশ্যে তেওঁ মোতকৈ বয়সত বহুত সৰু আছিল। কিছুদিন পিছত অসমৰ শিক্ষা আযুক্ত দিল্লীৰ পৰা আহি মোক ক’লে যে মোক আকৌ ভাৰতৰ বাহিৰলৈ পঠিয়াব। কাৰণ ভাৰত চৰকাৰৰ শিক্ষা সচিবগৰাকীয়ে মোক কাম-কাজ আৰু কথা বাৰ্তাত বৰ ভাল পালে, আৰু মোৰ প্ৰতি এটা ভাল ধাৰণা (Impression) লৈ এখন অতি উচ্চ-মানৰ কৰ্মশালাত যোগ দিবলৈ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰিলে। এই কৰ্মশালাখন ইউনেস্কই ফিলিপাইনছত পাতিছিল। হঠাতে ২৮ আগষ্ট ১৯৯০ চনত টেলেক্স মেছেজ এটা দিল্লীৰ পৰা আহিল৷ "Indian NATCOM nominates Mrs Tilottoma Barooah, Director Adult Education, Govt. of Assam, Dispur, Guwahati for Participation in workshop on Planning strategies for literacy and Non-formal education, Queen City Phillippines from Sept. 2 to 8 sept. 1990”. মোৰ হাতত সময় নিচেই কম। এইখিনি সময়ৰ ভিতৰত মই দিল্লীৰ পৰা পাছপোৰ্ট, ভিছা আৰু বিমান টিকট সংগ্ৰহ কৰিব লাগে আৰু ১ ছেপ্টেম্বৰ মানে ৩১ আগষ্টৰ ৰাতি ডেৰ বজাত Air France ত মেনিলালৈ যাব লাগে। ইমান কম সময়ৰ ভিতৰতে আকৌ ইউনেস্কই আয়োজন কৰা “Workshop on planning strategy on literacy and Non-formal education", শীৰ্ষক বিষয়ৰ কাৰণে কিতাপ কাগজ গোটোৱা আদি সকলো মিলি মই বৰ নিৰুপায়ত পৰিলো। তৎক্ষণাত তালৈ যাবলৈ শিক্ষা মন্ত্ৰী আৰু মুখ্য সচিবৰ পৰা অফিচিয়েল অনুমতি ল’লো আৰু উৰাজাহাজৰ বাবে পিছদিনাখনৰ চিকট কাটিলো। কোৱো বাহুল্য মাথোন যে ৰাইনো ট্ৰেভেলছৰ শ্ৰীগোপাল বৰুৱাই মোক সদায় সহায় আৰু সহযোগিতা আগবঢ়াই আছিল। তেখেতলৈ মোৰ অশেষ ধন্যবাদ। যাবলৈ ওলোৱা মুহুৰ্ত্তলৈকে কাপোৰ কানি বান্ধিবলৈ মই সময় পোৱা নাই। সেয়েহে মোৰ সৰু ভনী টুলুৱে (প্ৰতিমা বৰা) কিছুমান মেখেলা চাদৰ আৰু অন্যান্য [ ৪৬ ] যাৱতীয় দৰকাৰী বস্তু কেইপদ বাকচ এটাত ভৰাই দিলে। ২৯ তাৰিখে দুপৰীয়া ২-৩০ বজাত ইয়াৰ পৰা উৰাজাহাজেৰে গৈ দিল্লী পোৱাৰ কথা সন্ধিয়া ৬-১৫ বজাত। কিন্তু উৰাৰ সময় দেৰি হোৱাত আমি দিল্লী মাজৰাতি ১২ বজাত পালোগৈ। তাত ৰাতিটো আছাম হাউছত থাকিলো। পিছদিনা, অৰ্থাৎ ৩০ তাৰিখে টলৌ টলোকৈ ৰ’দে ৰ’দে শাস্ত্ৰী ভৱনলৈ গৈ পাছপোেৰ্ট ল’লো আৰু শ্ৰী অনিল বোৰ্ডিয়া ছাৰক লগ ধৰিলো আৰু বহুত ধন্যবাদ দিলো। তাৰ পাছত মিঃ এল মিশ্ৰ, ডাইৰেক্টৰ জেনেৰেলক ফৰ এডাল্ট এডুকেচন, লগ ধৰিলো। তাৰ পাছত ভাৰত চৰকাৰৰ শিক্ষা দপ্তৰৰ অফিচত মোৰ বায়ডাটা নজনাকৈ মোক বাছনি কৰা বাবে সকলোৱে আচৰিত হ’ল। ফাইলত মাথো তাৰ শিক্ষা সচিবে মোৰ নাম ঠিকনা লিখি অফিচ ফাইলত জনালে যে মই ইউনেস্কৰ কৰ্মশালাখনত ভাৰতক প্ৰতিনিধিত্ব কৰিম। তাৰ পাছত মই পাটিয়ালা হাউছত থকা পাছপোৰ্ট অফিচলৈ গৈ কামখিনি শেষ কৰিলো। ভাগ্য ভাল আছিল তাতে অসমীয়া বিষয়া এজনক পায় কামটো সোনকালে হল। তেখেত পাছপোৰ্ট অফিচাৰ আছিল। এয়াৰ ফ্ৰেন্সলৈ গৈ জানিলো মোৰ নামটো কমপিউটাৰত Tilot ama Baro oah হৈ আহিছে। কিন্তু এগৰাকী ভাল দিল্লী নিবাসী মহিলা বিষয়াই মোৰ সেই নামটো শুদ্ধ কৰি Tilottama Barooah কৰি টিকটটো দিলে। দিল্লীৰ পৰা মেনিলালৈ টিকটৰ দাম ১৮৩৮৫ (Rs. 18385) টকা। পিছত আকৌ ভিছা ল’ব লগা হ’ল ফিলিপাইন এম্বেছীৰ পৰা। মুঠতে দিনটো অকলে অকলে ঘূৰি সকলো কাম সম্পন্ন কৰি আসাম হাউছলৈ গুচি আহিলো। সেইদিনাই মাজৰাতি আসাম ভৱনৰ পুলিচ ৰেডিঅ’ অৰগেনাইজেচনৰ এ পি আৰ অ’ত কাম কৰা শ্ৰী গগৈৰ লগত ইন্দিৰা গান্ধী ইণ্টাৰনেচনেল এয়াৰপোৰ্টলৈ ১-৩০ বজাত আহিলো। শ্ৰীগগৈয়ে মাজৰাতি টোপনি ক্ষতি কৰি মোক থবলৈ অহা বাবে বৰ ভাল লাগিল। নহ’লে অকলে অকলে মনটো কিবা বেয়া লাগে। আমি ৰাতি ৪ বজাত অৰ্থাৎ ১ ছেপ্টেম্বৰ, ১৯৯০ ৰ পুৱা ভগৱানৰ প্ৰতি অটল বিশ্বাস ৰাখি এয়াৰ ফ্ৰেন্সত উঠি হংকং হৈ মেনিলালৈ বুলি যাত্ৰা কৰিলো।

 ১ ছেপ্টেম্বৰৰ দিনা আবেলি ৩ বজাত মেনিলা পালোগৈ। বাহিৰত খুব বৰষুণ। ছুলু (Sulu) হোটেলত ২০১ নং কোঠাত ৰাতিটো থাকিলো। পিছদিনা ২ ছেপ্টেম্বৰ তাৰিখে ৯ বজাত আহি এছিয়ান হোটেল অব টুৰিজিমৰ ২০৩ নং কোঠাত থাকিবলৈ ল’লো। হোটেলখন বৰ ডাঙৰ আৰু উচ্চস্তৰৰ। তাৰ আদৱ কায়দাই বেলেগ ধৰণৰ। ভাল লাগিল। মোৰ কোঠাটো বৰ ডাঙৰ আৰু তাত সকলোধৰণৰ সুবিধা আছিল।

 আবেলি মই আৰু দুজন পাকিস্থানী সতীৰ্থৰ সৈতে (অফিচাৰ) শ্ব’ মাৰ্ট ডিপাৰ্টমেণ্টেল ষ্ট’ৰলৈ কি কিনো আছে চাবলৈ গ’লো। আমি বেছিভাগ বস্তু কিনিবলৈ ডিপাৰ্টমেণ্টেল ষ্টৰ, শ্ব’মাৰ্ট, ক্ৰাফ্‌ট মাৰ্কেটলৈ যাওঁ। তাত সকলো বস্তু পোৱা যায়। ঘূৰি আহোতে অলপ দেৰি [ ৪৭ ] হ’ল। টেক্সিত আহিলো। টেক্সি ভাড়া সমানে বহন কৰিম বুলি মই ডলাৰ দিওঁতে দুয়োজনে মোক বাধা দি ক’লে - তুমি কেলেই ভাড়া দিবা, ভাৰত পাকিস্থানৰ সম্বন্ধ আনতকৈ ওচৰ। মই অভিভূত হৈ বহুত ধন্যবাদ জনালো দুয়োকে। ৬ তাৰিখে ৰাতি ৭ বজাত আমাৰ ছীফুড মাৰ্কেট ৰেষ্টুৰেণ্ট, কিউবাও কুইন চিটীত ডিনাৰ দিলে। তাত শামুক, কেঁকোৰা, ভেকুলী, মিছা মাছ আদি সকলো বিধৰ সাগৰীয় মাছ বিক্ৰী কৰে। আমি কেকোঁৰা, মিছামাছ খুব খালো। ৩ ছেপ্টেম্বৰ তাৰিখে আমাৰ কৰ্মশালা আৰম্ভ হ’ল, বহুত মানুহ নিমন্ত্ৰিত আলহীৰে হলটো ভৰি পৰিল। শুভাৰম্ভনি বৰ ভালদৰে হ’ল। শুভাৰম্ভনিৰ পিছতে আৰম্ভ হ’ল চিনাকি পৰ্ব, কোন ক’ৰ পৰা আহিছে, নাম কি, অৰ্হতা, অভিজ্ঞতা, ইত্যাদি ইত্যাদি। কৰ্মশালাত ১৩খন দেশৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। মুঠ ৩৫/৪০ জনমান প্ৰশিক্ষণ প্ৰাৰ্থী আছিল। আমাক সকলোকে তিনিটা গ্ৰুপত ভাগ কৰি দিছিল। তাৰে এটা গ্ৰুপৰ মোক নেতা (leader) কৰি দিলে আৰু কৰ্মশালাখনৰ ভাইচ-চেয়াৰ মেন (Vice chair person) কৰি দিলে। মই নিজকে বৰ গৌৰৱাম্বিত অনুভৱ কৰিলো। ৮ তাৰিখলৈ আমাৰ কৰ্মশালা বৰ ব্যস্ততাৰ মাজেৰে চলিলে। মাজে মাজে চাহ-কফী, নানা খোৱা বস্তুৰ ব্যৱস্থা চলি থাকিল। দুপৰীয়া ভাত তাতে খোৱা হয়। আমাৰ দৰে তাতো কলপাত ব্যৱহাৰ কৰে, চাউলৰ গুড়িৰ পিঠা আদি তাৰ মানুহেও খায়। পিঠা খাই বৰ ভাল লাগিল। আমাৰ হোটেলৰ খোৱাবোৰ বৰ দামী আৰু বৰ ভালকৈ দিয়ে। খাই ভাল লাগে। আমাক ইউনেস্কৰ পৰা টকা দিছিল। টকা বহুত বহুত দিয়া কাৰণে খৰছ কৰাত একো অসুবিধা পোৱা নাছিলো। তাত এদিন এবাৰ workshop ৰ ষ্টেয়াৰিং কমিটীৰ মোক চেয়াৰমেন কৰি দিলে৷

 ৯ তাৰিখে আমাক (sight seeing) মেনিলা চাবলৈ নিলে। তাৰ টেক্সিবিলাক জীপৰ দৰে মজবুট। বহুত মানুহ একেলগে ঠেলা-হেঁচা কৰি নিব পাৰে| এই জীপবিলাক নানা তৰহৰ ৰঙীন লাইটেৰে সজাই তোলে। দেখিবলৈ চাৰ্কাছৰ গাড়ী যেন লাগে। তাত উঠিযোৱা মতা-মাইকী, ল’ৰা-ছোৱালীয়ে হাঁহি-ধেমালি কৰি বেছ স্ফূৰ্তিৰে আহ যাহ কৰে। ৪ তাৰিখে আমাৰ ইউনেস্কৰ ডাইৰেক্টৰে হেনকোৰ্ট ৰেষ্টুৰেণ্টত ডিনাৰ দিলে। প্ৰথমে মোক কেকটো কাটিবলৈ দিলে। তাৰ পাছত খোৱা আৰম্ভ হ’ল। ৭ তাৰিখে লিটাৰেচী ডে’ৰ কাৰণে নৰমেল কলেজলৈ গ’লো। ৯ তাৰিখে পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ (sight seeing) লৈ গ’লো। ১০ তাৰিখে ড্ৰাফ্ট প্লেনখন কৰা হ’ল। ১০ ছেপ্টেম্বৰত আমাৰ ক্লোজিং ফাংছন (closing function)। বহুত বাহিৰা মানুহ আহিছিল এই উৎসৱলৈ। সকলোৰে শেষত অংশগ্ৰহণকাৰী সকলৰ (participant) ফালৰ পৰা মোৰ নামটো সভাপতিয়ে ঘোষণা কৰি দুআষাৰ ক’বলৈ ক’লে। চকিত হৈ মই কবলৈ উঠিলো কি ক’ম কি নক’ম এনে এটা পৰিস্থিতিত। হঠাতে মই ক’বলৈ আৰম্ভ কৰিলো - বহুত কলো। ভাবত আপ্লুত হৈ কৈ গ’লো মাথোন। আৱেগতে মই ইমান কথা কৈ পেলালো [ ৪৮ ] যে ভাবি মই নিজেই আচৰিত। মোৰ পাছত আৰু এজনক কবলৈ ক’লে। তেওঁ Papua New Guiney ৰ। তেওঁ উঠি ক’লে যে “মই ক’বলৈ একো নাই। Mrs Barooah ই কব লগা আটাইখিনি কথা ইতিমধ্যে ক’লেই। সভাৰ শেষত সকলোৱে মোক অভিনন্দন জনাইছিল - মোৰ হেনো ভাষণ বৰ ভাল হৈছিল, আৱেগপূৰ্ণ হৈছিল। সেইদিনা আবেলি আমি Innotech ৰ হোষ্টেলৰ ডৰমিটেৰীত এৰাতিৰ কাৰণে থাকিবলৈ আহিলো। ১১ ছেপ্টেম্বৰৰ আবেলি ৩-১৫ বজাত মেনিলা এৰি বেংককলৈ উৰা মাৰিলো থাই উৰাজাহাজেৰে। বেংকক পালো ৫ বজাত। এয়াৰ ফ্ৰান্সত বেংককৰ পৰা দিল্লী পালোহি ৬-১৫ বজাত। উৰাজাহাজত কাম কৰা বেছিভাগেই ষোড়শী (teen ager) যেন লাগিল। প্ৰতিগৰাকীয়ে অতি ভদ্ৰ, বিনয়ী ব্যৱহাৰৰ আৰু সহায়কাৰী মানসিকতাৰ। মই এনে এগৰাকী ষোড়শীৰ ওচৰলৈ গৈ সুধিলো মোৰ মাল বস্তু বিলাক ফ্ৰান্স উৰাজাহাজত উঠোৱা হ’লনে? তেওঁ তৎক্ষনাত কমপিউটাৰত মোৰ টিকটৰ নম্বৰটো লৈ কলে, হয় মালবস্তু উঠোৱা হৈ গৈছে। তাৰ পাছত এৰোড্ৰেমৰ দোকানখনৰ পৰা (এক্সাইজ ফ্ৰি) কিবা কিবি বস্তু কিনাৰ বাবে অনুমতি ল’লো। মোক এখন ট্ৰেনজিত পাছ দি সময়মতে ঘূৰি আহিবলৈ ক’লে। সেইমতে মই এক্সাইজ ফ্ৰি দোকানখনলৈ গৈ ফ্ৰেন্স পাৰফিউম আদি বস্তু কিনিলো। বস্তুবোৰৰ দাম বহুত বেছি।

 দহ তাৰিখে তাবে আইদা (Aida) ৰ লগত দিনাৰ খাবলৈ গ’লো। মেনিলাত থাকোঁতে আমাৰ দেশৰ দিল্লীৰ প্লেনিং অফিচাৰ জনে মোক একো সহায় কৰা নাছিল, বৰঞ্চ মিঃ ৰুকাডিয়া বোলা ভাৰতীয় প্ৰতিনিধি, ইউনেস্ক, কাঠমাণ্ডুত থকা এজনে মোক বৰ সহায় কৰিছিল। মিঃ ৰুকাডিয়া অভিজ্ঞ মানুহ, বৰ ভাল লাগিল। আমি ৰাতি ৯-৩০ বজাত দিল্লী আহি পালোহি। মই পোনে পোনে আছাম ভৱনলৈ গৈ তাতে থাকিলো। তাৰ পাছত এয়াৰ ফ্ৰেন্স অফিছলৈ গৈ ৰিপ’ট কৰি শাস্ত্ৰী ভৱনত ৰিপোট কৰিলো। শ্ৰীঅনিল বোৰ্ডিয়াক লগ পাই বহুত ধন্যবাদ দিলো। ১৩ তাৰিখে পুৱা ৬-১৫ বজাত দিল্লী এৰি ১-৩০ বজাত গুৱাহাটী বৰঝাৰ বিমান কোঠত নামিলোহি। বিমান কোঠত মোক নিবলৈ অহা ঘৰৰ আপোন মানুহখিনিক লগ পাই মনটো বৰ ভাল লাগিল। ১৪ ছেপ্টেম্বৰৰ পৰা আকৌ নিয়মীয়াকৈ অফিচ কৰিবলৈ ল’লো। মই এডাল্ট এডুকেচন আৰু নন ফৰমেল এডুকেচনৰ সঞ্চালক হৈ থাকোঁতে দূৰদৰ্শন আৰু ৰেডিঅ’ত সময়ে সময়ে আলোচনা, প্ৰবন্ধ পাঠ আদি কৰিছিলো। তেনে প্ৰচাৰ কাৰ্য আগতে কেতিয়াও হোৱা নাছিল এই শিক্ষা বিষয়ত। সেই সময়ত দৰকাৰী মিটিং বিলাকলৈ, আনকি নেচনেল লিটাৰেচী মিছন অথৰিটীৰ মিটিঙলৈ (executive comty meeting) ডাইৰেক্টৰ জেনেৰেল শ্ৰীমিশ্ৰই মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছিল। বৰ ভাল লাগিছিল এই মিটিংবিলাকলৈ গৈ। আমাৰ ইয়াৰ নন ফৰমেল এডুকেচন কেন্দ্ৰবোৰ চোৱাৰ বাবে দিল্লীৰ পৰা ডেপুটী চেক্ৰেটাৰী অৱ নন ফৰমেল [ ৪৯ ] এডুকেচনৰ শ্ৰী অজয় মেহতা আহিছিল। তেখেতক মৰিগাঁও, ছয়গাঁও, ৰাণী আদি দেখুৱালো। এদিন শ্বিলঙলৈকো লৈ গ’লো। বৰ ভাল মানুহজন। মোৰ প্ৰাপ্তবয়স্ক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা বিভাগত কাম কৰি বৰ ভাল লাগিছিল। কাৰণ মই ক্ষেত্ৰবিলাক পৰিদৰ্শন কৰি পৰামৰ্শ দি অভাৱ অভিযোগ, সমস্যাবিলাক আলোচনা কৰি সমাধান দিবলৈ চেষ্টা কৰিছিলো। মোৰ দিনতে A E আৰু NFC সজাগ হৈ উঠিছিল। সকলোৱে উৎসাহ উদ্দীপনাৰে কাম কৰিছিল। বদনামো ওলাইছিল বাতৰি কাকতত। পিছতহে সেইবোৰ কথা বিতংভাবে জানিব পাৰিছিলো। মোৰে এজন তলতীয়া নিম্ন বিষয়াই মোৰ কাৰ্যকালত একো সুবিধা কৰিবলৈ নাপায় জধে-মধে মোৰ বিপক্ষে কাগজে পত্ৰে বদনাম লিখাইছিল। সৰু মানুহ বুলিয়ে মই তেওঁক একো নকলো আৰু শাস্তিও নিদিলো। কাৰণ এই মানুহবিলাক বৰ আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ। নিজৰ স্বাৰ্থত বাধা হ’লেই তেওঁলোকে এনে ঠেক মনোবৃত্তিৰ আশ্ৰয় লয়।

 ২০-২-৯৩ তাৰিখে ডাইৰেক্টৰ, ছেকেণ্ডাৰী এডুকেচন হিচাপে নিযুক্তি পোৱাৰ আগতে মই এডিচনেল ডাইৰেক্টৰ, এলিমেণ্টৰী এডুকেচনত কিছুদিন আছিলো। এলিমেণ্টৰী ডাইৰেক্টৰেটত, মই প্ৰতিদিনৰ ডাক চোৱা, মানুহক সাক্ষাৎ কৰা, অফিচ প্ৰশাসন আদি চম্ভালা আদিৰ ভাৰ লৈ সঞ্চালকক মিটিং আদি কৰিবলৈ মুকলি কৰি দিছিলো। কিছুদিন পাছতে ছেকেণ্ডাৰী এডুকেচনৰ ডাইৰেক্টৰে অৱসৰ পালে। নিয়ম মতে মই ইয়াৰ সঞ্চালকৰ পদটো পাব লাগে কিন্তু চৰকাৰে এলিমেণ্টৰীৰ ডাইৰেক্টৰকে এই বিভাগৰো সঞ্চালক হিচাপে ৰাখি থ’লে। মই মনত বেয়া পালেও আকৌ ভাবিলো, মোৰ কিজানি সঞ্চালক হবলৈ এতিয়াও সময় হোৱা নাই। সকলো ভগৱানৰ ওপৰতে এৰি দিলো।

 ২-২-৯৩ তাৰিখে অৱশেষত চৰকাৰে মোক ছেকেণ্ডাৰী এডুকেচনৰ সঞ্চালক হিচাপে নিযুক্তি দিলে। নিযুক্তি পত্ৰ পায়, ৫ তাৰিখে মই কামত যোগ দিয়াৰ বাবে ভাৰপ্ৰাপ্ত সঞ্চালকৰ লগত কথা পাতিলো। কি আচৰিত, ভাবপ্ৰাপ্ত সঞ্চালকে মোক জনালে যে তেখেতে মোক সোনকালে কাৰ্যভাৰ দিব নোৱাৰে। ময়ো অলপ মনত বেয়া পাই ক’লো যে দুটা বিভাগৰ দায়িত্বত আছে এটা মোক কিয় দিব নোৱাৰে, মই চৰকাৰৰ নিৰ্দেশক্ৰমেহ কামত যোগ দিবলৈ আহিছো। সেইদিনাই তেতিয়াৰ শিক্ষা আয়ুক্তই মোক ফোনত কলে যে মই ভাৰপ্ৰাপ্ত সঞ্চালকৰ লগত কাজিয়া কৰিব নালাগে আৰু তেওঁৰ ইচ্ছামতে যেতিয়াই চাৰ্জ দিয়ে তেতিয়াহে মই লব লাগে। মই অবাক হৈ ঘৰলৈ গুচি আহিলো। এইবিলাক কি চলিছে প্ৰশাসনত। চৰকাৰী আদেশ চিঠিত এটা আৰু ফোনত এটা। মনটো খেলিমেলি হৈ গ’ল।

 তাৰ পাছত ভাৰপ্ৰাপ্ত সঞ্চালকে বোধকৰো ফেব্ৰুৱাৰী মাহৰ ছেকেণ্ডাৰী ডাইৰেক্টৰেটৰ কাৰণে বছৰটোৰ বস্তু বেচা-কিনাৰ কাম সোনকালে শেষ কৰি ২০-২-৯৩ তাৰিখে মোক অৱশেষত চাৰ্জ দিলে৷ ৰক্ষা-ভগৱানক চিন্তি চকিত বাহিলো। দীঘলকৈ এটা স্তস্তিৰ নিশ্বাস [ ৫০ ] কাঢ়িলো। মাধ্যমিক শিক্ষা সঞ্চালক হৈয়েই মই প্ৰাৰ্থনা কৰিলো ভগৱানে যেন মোক ভাল কাম কৰিবলৈ মনত সাহস আৰু বল শক্তি দিয়ে। আনৰ উপকাৰ কৰিবলৈ মই দুটা সুবিধা পালো। এটা হ’ল চৰকাৰৰ উচ্চ পদবী বিভাগীয় মুৰব্বী আৰু আনটো ক্ষমতা। এই দুয়োটাই মোক মনোবল দিলে। মই নিৰ্ভয়ে কাম কৰি যাবলৈ ধৰিলো। চৰকাৰী কামত ৰাজনৈতিক হেঁচা, ৰাইজৰ আশা, নিয়ম পালন আদিৰ মাজতে প্ৰশাসন চলাব লাগে। কেতিয়াবা হাঁহি মুখ, কেতিয়াবা ৰুদ্ৰমূৰ্তি আৰু কেতিয়াবা একেবাৰে সৰু হৈ যাবলগীয়া হয়, কেতিয়াবা খং তথা বিৰক্তিৰ ভাব আৰু কেতিয়াবা মনটো অতি সন্তোষেৰে ভৰি যায়। ভাল লাগে। ঈশ্বৰত অটুট বিশ্বাস আৰু ঠিক মতে, চৰকাৰী নিয়মানুসাৰে কাম কৰি যোৱাটোৱেই মোৰ মুখ্য উদ্দেশ্য আছিল। মই অতি সন্তোষেৰে সকলো কাম কৰিছিলো। কাম কৰি থাকোঁতো বিৰক্তিকৰ ভাব কেতিয়াও মনলৈ আহিব দিয়া নাছিলো। সেয়েহে কিজানি মই দিনটোৰ ২৪ ঘণ্টাৰ প্ৰায় ১৮ ঘণ্টাই কাম কৰিছিলো। ঘৰলৈ অফিচৰ কামত মানুহ অহাটো মই অকণো ভাল পোৱা নাছিলো। প্ৰশ্ৰয়ো দিয়া নাছিলো। অফিচ সময়ৰ অলপ আগত অফিচত উপস্থিত হৈছিলো আৰু বেছি সময় অফিচত কটাই ভাল পাইছিলো। বিভিন্ন সময়ত বিভিন্ন মানুহক দেখা কৰা মিটিঙলৈ যোৱা আদিয়ে মোক ব্যস্ত ৰাখিছিল। মই অফিচৰ নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতা বজাই ৰাখি ভাল পাইছিলো। সুবিধা পালেই অসহায় মানুহক সহায় কৰাত আৰু ভাল উপদেশ দিয়াত কাৰ্পণ্য কৰা নাছিলো। মাজে মাজে দিল্লীলৈ যাব লগা হয় মিটিং আদিত যোগ দিবলৈ। অসমৰ পৰা বাহিৰলৈ ওলাই গৈ কেতিয়াবা বৰ ভাল লাগে। মনটো মুকলি হৈ ঘূৰি আহি কামত আকৌ পূৰ্ণ উদ্দ্যমে যোগ দিব পাৰিছিলো। অসমৰ ভিতৰতো বৰকৈ ঘূৰিব লগা হৈছিল। স্কুল চাই মিটিং কৰি, সুবিধা অসুবিধাবোৰ বোধগম্য কৰিবলৈ যত্ন কৰিছিলো। জটিল সমস্যাবোৰ সমাধান কৰি বৰ আত্মতুষ্টি লাভ কৰিছিলো।

 কামৰ অত্যাধিক হেঁচা, অফিচত মানুহৰ অভাৱ অভিযোগ শুনা, ঘৰলৈ দম দম ফাইল আনি ৰাতি এক দুই বজালৈকে ফাইল চাই শেষ হলেহে শুবলৈ যোৱা হৈছিল। ৰাতিপুৱা আকৌ ৫ বজাতে উঠি দিনটোৰ কামবিলাকৰ তালিকা এখন কৰিবলগা হৈছিল। মিটিং আদিলৈ যোৱা, আলোচনাত ভাগ লোৱা, মন্ত্ৰীৰ লগত, আয়ুক্তৰ লগত আৰু ক’ত কিমান কাম। ব্যস্ত থাকিবলগা হোৱাত বৰ ভাল লাগিছিল। একমাত্ৰ ভগৱানৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখি মই মোৰ কাম কৰি গৈছিলো। মোৰ ইমান নৈতিক বল আৰু সাহস দেখি মই নিজেই কেতিয়াবা আচৰিত হৈ গৈছিলো।

 মোক বেয়া পোৱা এটা কৰ্মচাৰীৰ দল আমাৰ অফিচত আছিল। ভাগ্যক্ৰমে সিহঁতৰ আলোচনাবিলাক মই গম পাই আছিলো। গতিকে মোৰ বিশেষ অন্যায় কৰিব পৰা নাছিল। মাথোঁ সময়ে সময়ে বাতৰি কাকতত মোৰ বিৰুদ্ধে আবোল তাবোল কিছু কথা লিখিছিল। [ ৫১ ] মই বেয়া পোৱা নাছিলো, কাৰণ ভতুৱা কুকুৰে সদায় ভুকিয়েই থাকে আৰু হাতী বাটেৰে অবাধে গৈ থাকে। এয়া মোৰ সতীৰ্থ আৰু শুভাকাংশীৰ কথাহে দেই।

 বছৰি প্লেনৰ কামৰ কাৰণে বিভাগৰ মুৰব্বীসকলক লৈ সচিব আৰু আয়ুক্তসকলে দিল্লীলৈ যাবলাগে। পিছলৈ, শিক্ষা আয়ুক্তই প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাৰ হৈ মোকে মাথোঁ প্ৰতিনিধিত্ব কৰিবলৈ লৈ গৈছিল। মই গৌৰৱান্বিত বোধ কৰিছিলো৷ এই বিলাকলৈ গ’লে শিক্ষা সংক্ৰান্তীয় বহু কথা শিকিব পাৰি। আনহাতে বিষয়াসকলৰ সৈতে চিনাকি হোৱা যায়। নিজৰ মনোবল বাঢ়ে। নতুন কথা শিকিবলৈ আৰু ভাল মানুহৰ পৰা পৰামৰ্শ ল’বলৈ মই সদায় সাজু। সেয়েহে ভাল মিটিং আদিলৈ যাবলৈ আৰু ভাষণ আদি শুনিবলৈ ভাল পাওঁ।

 মই ১৯৯৬ চনৰ মাৰ্চ মাহৰ ৩১ তাৰিখে অৱসৰ ল’লো। অৱসৰৰ পাছতো মোক দিল্লীলৈ (NCERT) আৰু NIEPA ৰ মিটিংবিলাকলৈ যাতায়াতৰ সকলো ব্যয় বহন কৰি তাত যোগ দিবলৈ আৰু পেপাৰ দিবলৈ মাতিছিল। শিক্ষাৰ সংশোধন (Reforming education), সকলোৰে বাবে শিক্ষা (education for all) আদি মিটিঙলৈকো মোক মাতিছিল। তাত মই উত্তৰ পূৰ্ব সীমান্তৰ কাৰণে বিশেষ কিছু পৰামৰ্শ দিবলৈ সমৰ্থ হৈছিলো। কিয়নো ভাৰতৰ আন প্ৰদেশৰ তুলনাত উত্তৰ পূব সীমান্ত প্ৰদেশবিলাকৰ ভৌগোলিক, ৰাজনৈতিক আৰু আৰ্থিক অৱস্থা কিছু বেলেগ। সেয়েহে ভাৰতৰ শিক্ষানীতি আৰু শিক্ষা ব্যৱস্থা বিলাক এই অঞ্চলত ৰূপায়ণ কৰোতে কিছু ব্যতিক্ৰম হোৱা দেখা যায় - ধন, জন, মন ইয়াৰ বাবে দায়ী কিজানি।

 কামৰ পৰা অৱসৰ পোৱাৰ পিছৰ কিছুদিন জিৰণি লৈ মোৰ পাওনা টকা-পইচা লবলৈ ঘনাই এ.জি. অফিচলৈ অহা যোৱা কৰিবলগীয় হ’ল। পেঞ্চনৰ টকা পোৱাৰ পিছত আকৌ বাহিৰলৈ যাবলৈ মন গ’ল। আমাৰ মাজু ককাইদেউ শ্ৰীউপেন্দ্ৰ কুমাৰ দত্তৰ মাজু ছোৱালী (মাইনা) শ্ৰীমতী অভিশ্ৰুতি দত্ত কানাডাৰ টৰণ্টোত থাকে। তেওঁ যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰ হৈ কানাডালৈ উচ্চ শিক্ষাৰ বাবে গৈছিল। তাত তেওঁ কাম কৰি লগতে (MCSE) ৰ কাৰণে পঢ়ি আছিল। মই টৰণ্টলৈ এই সময়তে যাবলৈ ওলোৱাৰ কাৰণ যাতে মই মাইনাক অলপ সহায় কৰি দিব পাৰো। সকলো কথা গুণা-গঁথা কৰি ১৯৯৬ চনৰ ১০ আগষ্ট তাৰিখে আমাৰ সৰু ভাইটী শ্ৰীভূপেন্দ্ৰ কুমাৰ দত্তৰ লগত কলিকতালৈ উৰা মাৰিলো। কলিকতাত এয়াৰপ’ৰ্ট অথৰিটী ৰিটায়াৰিং ৰুমত দুটা কোঠা লৈ ৰাতিটো তাতে থাকিলো। পিছদিনা অৰ্থাৎ ১১ আগষ্টত নিশা ৯ বজাত ব্ৰিটিছ এয়াৰ ৱেজত উঠি চাৰে এঘাৰ বজাত দিল্লী পালোগৈ। চাৰে বাৰ বজাত দিল্লীৰ পৰা লণ্ডন অভিমুখে উৰাজাহাজ উৰিবলৈ ধৰিলে। সাত আঠ ঘণ্টাৰ যাত্ৰা। ৫-১০ ত লণ্ডনৰ হিথৰো এয়াৰপৰ্ট পালোগৈ। লণ্ডনত ৫-১০ ঘণ্টা অপেক্ষা কৰিবলগা [ ৫২ ] হ’ল। লণ্ডৰ সময়মতে দিনৰ দুপৰীয়া ২-৩০ (আমাৰ ভাৰতৰ সময়মতে নিশা ৯) বজাত টৰণ্টোলৈ উৰা মাৰিলো। প্ৰায় ৮ ঘণ্টাৰ উৰণ। তাৰ সময়মতে আবেলি ৫-৩০ বজাত টৰণ্টো পালাগে। (আমাৰ ভাৰতৰ সময়মতে পুৱা ৪ বজা)। মোক আগবঢ়াই নিবলৈ মাইনা আহিছিল। পিয়াৰচন এয়াৰপৰ্টত (Pearson Airport) মাইনাই নিজৰ একুৰা এ চি বি জে ৯১০ গাড়ীখন লৈ মোক নিবলৈ ৰৈ আছিল। তাত গাড়ীবিলাক প্ৰোপেন গেছত চলে। মাইনাৰ ঘৰ আহি পালো Midland avenue, 746 seva Court, Apartment - 340 MIK 4E2 sear borough Toronto, ONTARIO, Canada ঘৰটো ভাল লগিল। ধুনীয়াকৈ সজোৱা ছিটিং ৰুম। পাগ ঘৰটো অত্যাধুনিক সা-সুবিধাযুক্ত, একোনত খোৱা টেবুলখন আৰু দুটা শোৱা কোঠা বৰ ডাঙৰ আৰু বিছনা বৰ ভালকৈ পৰিপাৰ্টিকৈ সজাই থোৱা আছে। মনটো ভাল লাগি গ’ল। এনেয়ে মাইনাক লগ পোৱাৰ আনন্দ, তাতে আকৌ সকলো সুবিধা কৰি লোৱা ফ্লেটটো পাই আৰু ভাল লাগিল। মাইনাৰ ঘৰ পায়েই প্ৰথমে মই গুৱাহাটীলৈ ফোন কৰি কানাডা আহি পোৱাৰ কথা জনাই দিলো। দ্বিতীয়দিনা ই মেইলযোগে সবিশেষ জনাই ঘৰলৈ লিখিলো। মোৰ প্ৰথম কাম হ’ল পুৱা আৰু গধুলি খোজ কাঢ়িবলৈ যোৱা আৰু নতুন বাট পথ চিনাকি হোৱা। মাইনাই মোক বজাৰ সমাৰ, দোকান পোহাৰবোৰলৈ লৈ গৈ সকলো দেখুৱালে। টৰণ্টোত বহুত অসমীয়া মানুহ আছে। মাইনাৰ সকলোৰে লগত চিনাকি আৰু ভাল সম্বন্ধ আছে। দিন যোৱাৰ লগে লগে সেই ঠাইৰ বহুত কথা জানিবলৈ ল’লো। দোকান পোহাবলৈ অকলে যাবপৰা হ’লো। শনিবাৰ আৰু দেওবাৰে তাত থকা প্ৰায় অসমীয়া মানুহৰ ঘৰলৈ ভাত খাবলৈ মাতে। তাৰ ভিতৰত ব্ৰমচনৰ শ্ৰী দ্বিপেন্দ্ৰ গোস্বামী, অনিমা গোস্বামী আৰু তেওঁলোকৰ ল’ৰা ছোৱালী মানস, মনমী আৰু মণ্টু গোস্বামীৰ সৈতে মাইনাৰ বৰ ভাল সম্বন্ধ আৰু তেওঁলোকেও মাইনাক বৰ মৰম কৰে। সেয়েহে মোৰ লগতো অতি সোনকালে তেওঁলোকৰ সম্বন্ধ ঘৰুৱা হব ধৰিলে। কম সময়ৰ ভিতৰতে। তাত থকা আন আন অসমীয়া পৰিয়ালৰ ভিতৰত আছিল - শ্ৰীমৃদুল বৰুৱা, চন্দনা (তুলতুল), লৰা-ছোৱালী ৰোষ্টম, মমী। শ্ৰীজিৎ দাস-পত্নী চন্দনা আৰু ল’ৰা ভীৰ আৰু বেদ। শ্ৰীনৃত্যেন বৰুৱা, অৰুন্ধতী বৰুৱা, (তুলতুল) আৰু ছোৱালী দুজনী ৰেখা আৰু ৰীতা। শ্ৰীগকুল শৰ্মা - দীপালি, ল’ৰা অনিৰিক আৰু ছোৱালী দেৱী আৰু দানী, শ্ৰীনিৰঞ্জন, মৌচুমী ব্ৰহ্ম, ছোৱালী মধুস্মিতা, মাৰচেলী আৰু এটি নতুন কেঁচুৱা। দুয়োজনী চন্দনা আমাৰ আগৰে বহুদিনৰ চিনাকি। অনিমা (ভট্ট) চক্ৰৱতী, য়ামিন পাৰ্চী মহিলা শ্বিলঙৰ, জীৱেশ্বৰ তালুকদাৰ আদিক লগ পায় ভাল লাগিল। একেলগে ভাত খোৱা নিমন্ত্ৰণ, শ্ৰীশ্ৰীসত্যনাৰায়ণ পূজালৈ নিমন্ত্ৰণ - এই সকলোবোৰত সক্ৰিয়ভাবে সহযোগ কৰিবলৈ ভাল লাগিছিল। প্ৰতিমা আৰু মহেশ কাঠহাজৰিকাৰ ঘৰতো ভাত খাবলৈ মাতিছিল। দ্বিপেন আৰু অনিমাই অটোৱাৰ শ্ৰীযুতা ললিতা বৰা আৰু মণ্ট্ৰিলৰ [ ৫৩ ] ডাঃ এন এন বৰঠাকুৰ আৰু সুলী বৰঠাকুৰৰ ঘৰত আলহী থাকিবলৈ নিছিল। ডাঃ বৰঠাকুৰৰ ল’ৰা অংকুৰ আৰু ছোৱালী বনী। ললিতা বাইদেউ অটোৱাত অকলে থাকে। তেওঁৰ চাৰিটা ল’ৰা অটোৱাতে বেলেগ বেলেগে থাকে। মণ্ট্ৰিল ফৰাচী দেশ। অটোৱাত এখন ডাঙৰ হোটেলত ফৰাচী ব্ৰেকফাষ্ট খালো। ললিতা বাইদেউৱে অটোৱাত (otowa) আৰু ডলী বাইদেউৱে মণ্ট্ৰিল (Montreal) আমাক বহুত ফুৰালে। মণ্ট্ৰিলৰ অলিম্পিক ষ্টেডিয়ামখন চাবলগীয়া। অলিম্পিক খেলাবোৰ এবাৰ তাত হৈছিল। কি যে সুন্দৰ ব্যৱস্থাবোৰ তাৰ। অটোৱাত ললিতা বাইদেউৱে যে কিমান কি বিধে বিধে ৰান্ধি খুৱাইছে। পাগঘৰত, বাগানত, টাবত নৰসিংহ গছ, কমলা টেঙাৰ গছ ৰুইছে। পুৱা ৮ মান বজাত উঠি শ্ৰীবিষ্ণু মন্দিৰলৈ গ’লো। তাৰ পাছত তাৰ পাৰ্লিয়মেণ্ট ঘৰলৈ গ’লো। ‘লিফ্‌ট’ত এগৰাকী কানাডাৰ ছোৱালীয়ে পোছাকত মোক ভাৰতীয় বুলি চিনিব পাৰি কলে যে তেৱোঁ এন চি চি একচেঞ্চ প্ৰগ্ৰেমত ভাৰতলৈ আহিছিল। কথা পাতি ভাল লাগিল। আবেলি ৪-২৫ বজাত আমি মণ্ট্ৰিল অভিমুখে ৰাওনা হ’লো। বাটত মেকডুৱেলত চাহ আৰু জলপান খালো।

 মণ্ট্ৰিল পালেহি আবেলি ৬ বজাত। ডাঃ এন এন বৰঠাকুৰ (নাইনা) আৰু ডলী বৰঠাকুৰক লগ পাই ভাল লাগিল। ৰাতিটো বৰ ঠাণ্ডা। তাতে থাকিলো। ডাঃ বৰঠাকুৰ এজন গৱেষক। মণিৰাম দেৱান আমাৰ আজোককা বুলি কওঁতে তেখেতে বংশাৱলী গাই দিলে। পুৱা হেটেলত ফৰাচী ব্ৰেকফাষ্ট খাই, ১৯৭৬ চনত অলিম্পিক হোৱা ষ্টেডিয়াম আৰু ডাঙৰ কেথলিক গীৰ্জা আদি চালোগৈ। আবেলি ৪-৩০ বজাত মণ্ট্ৰিল এৰি বাটত ‘টম হ’লটনত কফি আৰু জলপান খাই ৰাতি ১০-৩০ বজাত ঘৰ পালোহি। মাইনাই আমাৰ বাবে বৰ ভালকৈ, বঢ়িয়াকৈ ভাত ৰান্ধি থৈছিল। ফুৰি আৰু জাগা চাই বৰ ভাল লাগিল। দ্বিপেন আৰু অণিমাক অশেষ ধন্যবাদ দিলো। টৰণ্টোত শ্ৰীমৃদুল, চন্দনা বৰুৱা (তুলতুল), মমীহঁতে মোক মন্দিৰ আদিলৈ ফুৰাবলৈ নি খুৱাই বুৱাই নানা ঠাই দেখুৱালে বৰ ভাল লাগিল।

 প্ৰায়েই মই মাইনাৰ লগত বা অকলে ফুৰিলেও দোকানবিলাকলৈ গৈ চাই-চিতি কিবাকিবি কিনিছিলো। তাৰ ভিতৰত ডাঙৰ দোকান —Biway, Payless shop, Mark and spancer, Easton's, Pharma plus, No frails, Zeller's Flea Market, Hall Mark, Wall Mart.

 এদিন ৰূপা নামৰ মহাৰাষ্ট্ৰৰ ছোৱালী এজনী, মাক, অপৰাজিতা আৰু মই মাইনাৰ গাড়ীত নায়েগ্ৰা জনপ্ৰপাত চাবলৈ গ’লো। তাৰ কেচিনো (Cassino) পৃথিৱী বিখ্যাত। ময়ো পাঁচ ডলাৰ কেচিনো খেলি পাঁচ ডলাৰ আকৌ পালো। সেইবছৰৰ ১৫ আগষ্টত ১৯৯৮ চনত আমাৰ শ্ৰীশ্ৰীজন্মাষ্টমী পৰিছিল। পুৱাই গা-ধুই মই আৰু মাইনাই তাৰ ৰাধেশ্যাম মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিলো। এছকন গ্ৰুপত হঠাতে এজন চাহাবে মোক আৰু [ ৫৪ ] মাইনাক ক’ল - “মই মভি কেমেৰাত তোমালোকৰ ফটো লম। তোমালোকে নমস্কাৰ কৰি Welcome to Janmastami’98 বুলি ক’বা।” মই মেখেলা-চাদৰ পিন্ধা কাৰণে আকৃষ্ট হ'ল হ’বলা। মই প্ৰথমে মোৰ নামটো ক’লো আৰু অসমীয়া বুলি পৰিচয় দি Welcome to Janmastami, 1998 বুলি হাতযোৰ কৰি নমস্কাৰ জনালো। মাইনাইও একেদৰে প্ৰণাম জনালে আৰু Welcome to Janmastami, 1998 বুলি ক’লে। আমাৰ বৰ ভাল লাগিল।

 পিছদিনা মই, মাইনা আৰু অপৰাজিতা ওলালো টটোক চাওঁ বুলি। প্ৰথমে চি এন টাৱাৰ চালো। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ, কাঁচৰ মজিয়া, ১১৩ মহলীয়া আৰু মাটিৰ পৰা ১১২২ ফুট ওখত। তাৰ পাছত স্কাই ড’ম চালো। ভাস্কৰ্য শিল্পৰ অতি চমৎকাৰ নিদৰ্শন। আকৌ পৃথিৱীৰ ভিতৰত প্ৰথম ষ্টেডিয়াম, যাৰ মজিয়াখন খুলিব পাৰি জপাই থ’ব পাৰি (Fully retractable)। এইখনেই মূল আমেৰিকাৰ বেচবল লীগৰ, টৰণ্টোৰ ব্লু জেছৰ। তাৰ পাছত অণ্টাৰিঅ’ হাৰবাৰলৈ গৈ জাহাজেৰে সিপাৰলৈ গ’লে আৰু ফুৰা চকা কৰি ঘৰলৈ উভতিলো। বৰ ভাল লাগিব। তাত কেচিঅ’ খেলা বিশ্ববিখ্যাত।

 তাতে মিঃ ক্লেমেন্ট এফ ফেয়াৰ্চ বুলি কোৱা মহাসমৰৰ পাইলট এজনে মাইনা কানাডালৈ গৈ পোৱাৰ দিনা বৰ সহায় কৰিছিল। তেওঁৰ দেউতাক ভাৰতত থকা সময়ত ভাৰতীয়সকলে বোলে সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰি তেখেতক উপকাৰ কৰিছিল। সেয়েহে মাইনা ভাৰতৰ বুলি জানি যথেষ্ট সহায় কৰিছিল। পিছত তেওঁ মাইনাৰ দেউতাক বুদু ককাইদেউলৈ চিঠি লিখিছিল। মাইনাক ভূয়সী প্ৰশংসা কৰি, পিছত চিঠিত মাইনাৰ বিষয়েও লিখিছিল। এদিন মোকে মাইনাকে তেওঁলোকে লাঞ্চ খাবলৈ মাতিলে৷ আমাক যলৈ লাঞ্চ খাবলৈ মাতিছিল সেই এশ বছৰীয়া পুৰণি ঘৰ, ৰোৱেল কানাডিয়ান মিলিটাৰী ইনষ্টিটিউট। তাত সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ। ইংলেণ্ডৰ অভিজাত পৰিয়াল, ডিউক অৱ এডিনবোৰো, ৰাজকুমাৰ ফিলিপ, ৰাজকুমাৰ চাৰ্লছ আদি ইয়াত থাকে, কানাডাৰ টৰণ্টোৰলৈ আহিলে। এই ঘৰটোৰ অৱস্থিতি Royal canadian Military Institute, 426 university avenue, St. George Didas, Toronto, Ontario, M5G 159.

 মিঃ আৰু মিছেছু চি এফ পিয়েৰ্চ ঠিক বাৰ বজাত আমালৈ ৰৈ আছিল। তেওঁলোক ৱেষ্টনৰ৷ সাজ-পোছাক তেওঁ অত্যাধুনিক আছিল। আমিও ঠিক বাৰ বজাত সেইখিনি ঠাইত উপস্থিত হৈছিলো। তাৰ সকলো সদস্যই আমাক হাঁহি-মাতেৰে সম্ভাষণ জনাইছিল। মি পিয়েৰ্চে তাৰ প্ৰতিটো কোঠালিৰ বৈশিষ্ট্য সবিশেষ জনালে আৰু দেখুৱালে। বিশ্ব যুদ্ধত মৃত্যুবৰণ কৰা বীৰ সৈনিকসকলৰ ফটোসহ নামফলক বেৰত আঁৰি থোৱা আছে। পুৰণি বস্তুবোৰ সংগ্ৰহ আৰু সংৰক্ষণ পদ্ধতি অতি মনোমুগ্ধকৰ। চাই বন্ধ ভাল লাগিল। লাঞ্চত আমি কি কি খায় ভাল পাম সেইমতে তেওঁলোকে সকলোবিলাকৰ দিহা কৰিছিল৷ বৰ [ ৫৫ ] উপভোগ্য হৈছিল। মোৰ কাৰণে এই দিনটো মোৰ জীৱনৰ প্ৰাতঃস্মৰণীয় দিন হিচাপে চিৰ সেউজ হৈ থাকিব।

 ইতিমধ্যে মোৰ ঘৰলৈ ওভোতাৰ দিন ওচৰ চাপি আহিছিল। সেয়ে তাৰ পৰা পোনে পোনে ব্ৰিটিছ এয়াৰ ৱেজলৈ গৈ মোৰ টিকটটোৰ খবৰ কৰিলো। টিকট কনফাৰ্ম হ’ল। সেইদিনাই বুলবুলিহঁতৰ ঘৰত শ্ৰীশ্ৰী সত্য নাৰায়ণ পূজা পাতিছিল। পূজাৰ শেষত ৰাতি তাতে ভাত-পানী খায় ১২/২ বজীত তাৰপৰা ঘৰলৈ উভতিছিলো।

 ১৯৯৮ চনৰ ২৯ নবেম্বৰৰ দিনা আবেলি ৫ বজাত কানাডিয়য়ান ইণ্টাৰনেচনেল (ব্ৰিটিছ এয়াৰৱেজ)ৰ যোগেদি পিয়েৰচন এয়াৰপৰ্টৰ পৰা লওন অভিমুখে ৰাওনা হ’লো। মৰমৰ মাইনাক এৰি থৈ আহিবৰ সময়ত মোৰ মনটো কিছুসময়ৰ বাবে আৱেগিক হৈ পৰিছিল। লণ্ডনত তেতিয়া তাপমাত্ৰা চাৰি ডিগ্ৰী। হিথৰোতে প্ৰায় ৯-১০ ঘণ্টা ৰ’ব লগা হৈছিল। পিছদিনা আবেলি ৪ বজাত দিল্লী হৈ ব্ৰিটিছ এয়াৰৱেজেৰে কলিকতা আহি পালো। ভাইটী ডমডম এয়াৰপ’ৰ্টত মোলৈ ৰৈ আছিল। ৰাতিটো তাৰ এয়াৰপ’ৰ্ট অথৰিটী গেষ্ট হাউছত থাকি পিছদিনা পুৱা ১২ বজাত গুৱাহাটী আহি পালোহি। এয়াৰপ’ৰ্টত বহুদিনৰ মূৰত আপোন মানুহবিলাকক লগ পাই ভাল লাগিল। ঘৰ পোৱাৰ পিছত আটাইবিলাক লাৰু, ভতিজালৰাৰ বিয়াৰ কাৰণে ব্যস্ত হৈ পৰিল। ১৪ ডিচেম্বৰত বিয়া। ঘৰ পাই মাইনাৰ লগত ফোনত কথা হওঁতে তাইৰ মনটো সেমেকি গৈছিল। মোৰা তাইলৈ বাৰে বাৰে মনত পৰিছিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো তাই ভালে থাকক তাত।

 মই কানাড়াত থকা চাৰিমাহত তাৰ টেলিভিচনে তাৰ শিক্ষকসকলে ধৰ্মঘট কৰি থকাৰ কথা কৈ আৰু ছবি দেখুৱাই আছিল। ধৰ্মঘটৰ উদ্দেশ্য আছিল - তাৰ শিক্ষকসকলক একোটাকৈ পিৰিয়ড বেছিকৈ লবলৈ কোৱা হৈছিল, তাৰ বিৰোধিতা কৰা। এই বিষয়ক লৈ ধমৰ্ঘটৰ সময়ত শিক্ষক গোট (Teachers Association), শিক্ষা মন্ত্ৰী, শিক্ষা বোৰ্ডৰ সচিবৰ লগত কেবালানি আলোচনা হৈছিল। সেই সময়ত কানাডাৰ শিক্ষা মন্ত্ৰী আছিল মিঃ ডাভে জনছন।

 কানাডাৰ শিক্ষা-ব্যৱস্থা উন্নত মানৰ। ইয়াৰ শিক্ষা ব্যৱস্থা শিশুকেন্দ্ৰিক আৰু শিশু-শিক্ষাই প্ৰথম লক্ষ্য। শিক্ষাই যাতে শিশুক (ক) শক্তি, ক্ষমতা (Strength) (খ) জ্ঞান (Knowledge) (গ) অভিজ্ঞতা (Experience) দিব পাৰে তাৰ বাবে বেছিকৈ ব্যৱস্থা কৰা হৈছে। আকৌ (ক) পাঠ্যপুথি আৰু লেবৰেটৰীৰ সঁজুলি পাতিৰ অধিক ব্যৱহাৰ, (খ) নতুন কাৰিকুলাম, গোল অৰিয়েণ্টেড বা লক্ষ্যত উপনীত হোৱা, (গ) ছাত্ৰ-ছাত্ৰীৰ স্কুলৰ ৰিপ’ৰ্ট এনেধৰণে পঠিওৱা হয় যাতে মাক-দেউতাকে বা অভিভাৱকে সেই ৰিপ’ৰ্ট অতি সহজে বুজি পাব পাৰে আৰু উপলব্ধি কৰিব পাৰে আৰু (ঘ) ৰাজ্যিক ভিত্তিত পৰীক্ষা লোৱা ব্যৱস্থা কৰা হয়। (Province wise test)। কানাডাত থকা আন মানুহৰ ল’ৰা[ ৫৬ ] ছোৱালীৰ বাবে (Non canadian) বিশেষ স্কুলৰ ব্যৱস্থা আছে। তাৰ সকলো খা-খৰচ বা সা-সুবিধা চৰকাৰে বহন কৰে। স্কুলবাছৰ দ্বাৰা অনা-নিয়াৰ ব্যৱস্থাও চৰকাৰে বহন কৰে। এই ব্যৱস্থাৰ মূল লক্ষ্য যাতে অনা-কানাডিয়ান সৰু লৰা ছোৱালীবিলাকে কানাডাৰ কথা ভাষা সংস্কৃতি এই শিক্ষাৰ জৰিয়তে যাতে পাব পাৰে বা কিছু আভাস লব পাৰে। কিয়নো তেওঁলোকে যেতিয়া ত্যাৰ স্কুলবিলাকত নাম ভৰ্তি কৰিবলৈ যায় তেতিয়া ল’ৰা ছোৱালীয়ে তাৰ ভাষা বা পাঠ আয়ত্ত কৰিবলৈ অসুবিধা পায় নেকি এই ধৰণৰ কথাৰ প্ৰতি গুৰুত্ব বেছিকৈ দিয়ে। তাৰ স্কুল বিলাকত গৰমৰ বন্ধ জুন, জুলাই আৰু আগষ্ট - ৩ মাহ দিয়ে। কানাডাৰ উচ্চ শিক্ষা বৰ ব্যয়বহুল। ৬০০০ ডলাৰৰ পৰা ১০,০০০ ডলাৰ অৰ্থাৎ ২,৭০,০০০ টকাৰ পৰা ৪,৫০,০০০ টকা পৰ্য্যন্ত। কিন্তু কাম কৰি থকা কৰ্মচাৰীয়ে যদি উচ্চ শিক্ষা ল’ব বিচাৰে তেতিয়া সেই কোম্পানী বা ব্যৱসায় গোটে তেওঁৰ উচ্চ শিক্ষাৰ ফিজ বহন কৰে। এই এটা বৰ ভাল আৰু সুবিধাজনক ব্যৱস্থা। মাইনাই এম চি এছ ই পঢ়ি থাকোঁতেও তেওঁ কাম কৰি থকা কোম্পানীটোৱে পৰীক্ষাৰ সকলো ফিজদি আনকি মাহে মাহে এটা হাত খৰচ দি আছিল যাতে দৰমহাৰ সলনি এই টকাৰে তেওঁ ভালদৰে চলি যাব পাৰে। এম চি এছ ই (Microsoft Certified Systematic Engineer) পাছ কৰা চাৰ্টিফিকেটখন দেখিবলৈ বৰ ভাল আৰু মিঃ বিল গেটে (যি মাইক্ৰ'ছফ্‌টৰ সম্ৰাট হিচাপে অভিহিত) চহী কৰা। বৰ ভাল লাগে। কাম কৰি থাকি উচ্চ শিক্ষা লাভ কৰাবিলাকৰ ক্লাছ আবেলি ৫ বজাৰ পৰা ৰাতি ৯ বজালৈকে সপ্তাহত তিনিদিনকৈ হয়। এয়া অতি উত্তম ব্যৱস্থা। টৰণ্টো, অণ্টাৰিঅ’ জিলাত অণ্টাৰিঅ’ হেলথ ইনছুৰেন্স প্ৰগ্ৰেম (OHIP) কাৰ্ডৰ ব্যৱস্থা আছে। তাত চিকিৎসা বিনামূলীয়া। সাধাৰণতে তাত বছৰেকীয়া বাজেটৰ ৰাহি বাজেট (Surplus budget) হয়। এই ৰাহি হোৱা টকা সাধাৰণতে শিক্ষা আৰু স্বাস্থ্য শিতানত খৰচ কৰা হয়। আমাৰ দেশৰ ঘাটি বাজেটৰ কথা শুনি শুনি যেতিয়া তাৰ ৰাহি বাজেটৰ কথা শুনো তেতিয়া বৰ আচৰিত লাগে।

 তাত বয়সীয়া মানুহৰ কাৰণে কৰ্ম-সংস্থা আছে। তাত কামৰ বাবে অভিজ্ঞতাৰ ওপৰত বেছি জোৰ দিয়া হয়। সেয়েহে অভিজ্ঞ ব্যক্তিয়ে অতি সহজে তাত কাম পায়। তাত বেলেগ বেলেগ কামৰ বাবে মানুহৰ যোগান ধৰা হয় বা স্পন্সৰ কৰা হয় আৰু যিয়ে এই কাম কৰে তেওঁ বিনিময়ত কমিছন পায়। গতিকে ক’ৰবাত কাম খালী থকা গম পালে উপযুক্ত অৰ্হতাসম্পন্ন যোগ্য ব্যক্তিয়ে সহজে, সোনকালে খবৰ পায়। এনেকৈ তাত কৰ্ম- ব্যৱস্থা সুকলমে চলি যায়। কোনো মানুহে তাত কামৰ অভাৱৰ কাৰণে বহি থাকিব নালাগে, কৰবাত নহয় কৰবাত কিবা কাম পাবই। মুঠতে সকলোৱে কৰ্মত ব্যস্ত থাকে।

 শ্ৰীঅনিমা গোস্বামীয়ে তাৰ এখন স্কুলত লাইব্ৰেৰীত কাম কৰে। আৰু শ্ৰীতুলতুল বৰুৱাই তাৰ ছেকেণ্ডাৰী এডুকেচনৰ শিক্ষকৰ পেন্সন (Teacher pension) বিভাগ [ ৫৭ ] কাম কৰে।

 তাত যিবিলাক স্কুলৰ গুণগত মান কম বা ছাত্ৰ-ছাত্ৰী কম তেনে স্কুল চলি থাকিবলৈ নিদিয়ে, বন্ধ কৰি দিয়ে। কিছুমান স্কুল আকৌ অইন স্কুলত লগত মিলাই দিয়ে যাতে স্কুলখন ঠিকমতে চলিব পাৰে ভাল প্ৰশাসন পাব পাৰে।

 তাৰ এগৰাকী মহিলা মেয়ৰ, ৯১ বছৰীয়া, কেইবাবাৰো মেয়ৰ নিৰ্বাচিত হৈছে। তেখেতে Missisauge নগৰখনৰ ৰূপেই বদলাই পেলালে। নতুন নতুন অট্টালিকা, ৰাস্তা পদূলি আৰু নতুন নতুন ডিজাইনৰ লাইট লগাই গোটেই নগৰখন অত্যাধুনিক ৰূপত সজাই পেলালে।

 ১৯৯৮ চনত আমেৰিকা ৭০ বিলিয়ন ডলাৰৰ ৰাহি বাজেট হৈছিল। এই ৰাহি টকা খৰচ কৰা হয় সামাজিক নিৰাপত্তা শিতানত (Social security)। এম পি মিঃ ক্লিণ্টনৰ ফাণ্ড ৰেইজিং কেম্পেইন আছিল। (ক) বৰ্দ্ধিত কৰ (Increase taxes), (খ) ভালকৈ নচলা কিছু, দুৰ্বল শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া আৰু (চ) ভাগ্যক বিয়াই কাম কৰা, অৰ্থাৎ ভাগ্যৰ ওপৰত বেছি বিশ্বাসী।

 সেই সময়ছোৱাতেই মিঃ ক্লিণ্টনৰ মণিকা লিৱেনস্কিৰ সৈতে যৌন কেলেংকাৰীৰ কথা গোটেই বিশ্ব বিয়পি পৰিছিল।

 আমি তাত টাইটানিক, দিল সে আৰু কুছ কুছ হোতা হেয় ছবি তিনিখন চালো। বৰ ভাল লাগিল।

 ১৯৯৮ চনৰ ১০ নবেম্বৰত মই স্কেয়াৰবোৰোৰ বঁটাৰী ক্লাবলৈ গ’লো। তাৰ ৰটাৰী ক্লাবৰ পেছিডেণ্ট মিঃ মুৰৰে জোন অতিথি হিচাপে মোক মাতিছিল। কাৰণ মই গুৱাহাটী দক্ষিণ ৰটাৰী ক্লাবৰ সদস্য। গতিকে আমি পৃথিৱীৰ যিকোনো ঠাইৰ ৰটাৰী ক্লাবলৈ যাব পাৰে, কাৰণ ৰটাৰী ক্লাব আন্তঃৰাষ্ট্ৰীয় সংগঠন। মঙলবাৰে দুপৰীয়া ১২ বজাত আহাৰ সাজৰ লগতে ৰটাৰী ক্লাবৰ কাৰ্যসূচী আৰম্ভ হয়। মাইনাৰ লগত তালৈ ১১-৪৫ বজাত গ’লো। সেইদিনা ডবাপিটা বৰষুণ। মিটিঙত উপস্থিত থকা প্ৰতিগৰাকী সদস্যৰ লগত মোক চিনাকি কৰি দিলে, লগতে মাইনাকো। সকলোৰে লগত মিঃ এম জোন, মহিলা সচিব আৰু আন আন কানাডিয়ান সদস্যসকলৰ লগত বহু ফটো তোলা হল। দিনটো বৰ ভালেৰে গ’ল। খোৱা-বোৱাও বৰ উৎকৃষ্ট হৈছিল।

 এদিন তাৰেই ৰিচমণ্ড হিলত (Richmond Hill) থকা হিন্দু মন্দিৰলৈ তুলতুলৰ লগত গ’লো। আমাৰ ভাগ্যই ভাল আছিল নেকি সিদিনাই আমি শ্ৰীশ্ৰীবিষ্ণু আৰু শ্ৰীশ্ৰীশিৱৰ অভিসাৰ আদি চাবলৈ পালো। এই অভিসাৰ দেখাটো বৰ ভাগ্যৰ কথা হেনো। তাৰ পাছত মন্দিৰৰ মুখ্য পুৰোহিত গৰাকীয়ে আমাক নিজ হাতে প্ৰসাদ খবলৈ দিলে। দুপৰীয়া মৃদুল আহি আমাক তাতে লগ ধৰিলে আৰু তিনিও মন্দাৰিণ [ ৫৮ ] (Mondarin)ৰেস্তোৰালৈ খাবলৈ গ’লো। এই ৰেস্তোৰাঁখন তাত বৰ বিখ্যাত আৰু খোৱা বস্তু উভৈনদী। ইয়াত খাই থাকোতে মাদ্ৰাজৰ (চেন্নাই) এপলো হস্পিটেলৰ ওচৰত থকা সিন্দুৰী হোটেল খনলৈ বৰকৈ মনত পৰিল। হৰেক ৰকমৰ খোৱা বস্তু কিমান খাবা৷ মানুহে বিধে বিধে বস্তু লৈ খায়েই আছে। ময়ো একেবাৰে পেটভৰাই খালো। কাৰণ পুৱা লঘোনে মন্দিৰলৈ গৈছিলো। বৰ ভাল লাগিল। মৃদুল আৰু তুলতুললৈ ধন্যবাদ সহকাৰে মোৰ কৃতজ্ঞতা জানালো।

 তেতিয়া ছেপ্টেম্বৰ মাহ চলি আছিল। মাইনাৰ ৰুমমেট গৰাকীৰ ককায়েক উৎপল দাস (ৰাজা) আৰু তেওঁৰ অৰ্ধাংগিনী প্ৰণিতা ডেট্ৰ’ইতৰ পৰা টৰণ্টোলৈ আহি মাইনাহঁতৰ লগতে কেইদিনমান আছিল৷ ৰাজাই আমাক শ্বপিং, আফ্ৰিকান ছাফাৰী, চিৰিয়াখানা দেখুৱালে। তাত বাঘ, সিংহ আদি জীৱ জন্তুবোৰ মুকলিকৈ ৰখা থাকে। সেইবোৰ চাই ভাল লাগিল। সেইবাৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত আমি তাৰে শ্ৰীকালীবাৰী মন্দিৰত পূজা চলে। তাতে ভোগ, খিছিৰি খায় বৰ ভাল লাগিল। ওচৰতে থকা গুজৰাটী মন্দিৰলৈ গৈও পূজা চালো। দিনটো বৰ ভালকৈ কটালো। পূজাত ভাৰতীয় মহিলা সকলে খিছিৰী, লাব্ৰা, পায়স আদি ৰান্ধিছিল। কি যে সোৱাদ হৈছিল।

 শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ দিনা মাইনাৰ মাইক্ৰছফ্‌ট পৰীক্ষা আৰম্ভ। পৰীক্ষাৰ শেষত লগে লগে ৰিজাল্ট দিলে। মইনাই ৯৭ শতাংশ, অৰ্থাৎ ৪০০ নম্বৰৰ ভিতৰত ৩৮৮ নম্বৰ পাইছে। এদিন আমাৰ ঘৰলৈ বাফেলোৰ (Buffalo) মীনা আৰু তেওঁৰ স্বামী (গিৰিয়েক) শ্বিলঙৰ, গকুল শৰ্মা আৰু দীপ্তি দেবী, দানি, মিঃ আৰু মিছেছ সিঙক ভাত খাবলৈ মাতিলো। আটায়ে লগ লাগি একেলগে খালো, ভাল লাগিল।

 তাত মেডিকেল Checkup বিনামূলীয়া। সেয়ে তাত থাকোতে এদিন এজন ফ্ৰেন্স ডাক্তৰ পি. এ. চাৰ্লেবইচে (Dr. P.A.Charlebois) আমাক এক্সৰে, বি.পি, জুখি ছলনাগ্ৰাফী কৰি আৰু পৰীক্ষা-নিৰীক্ষা কৰি কলে যে সকলো ঠিকে আছে।

 হেমিলটনত থাকোঁতে ইয়েচমিনৰ ঘৰত মিঃ আৰু মিছেছ পাৰৱিশ, মিঃ আৰু মিছেছ এডিলক লগ পাই ভাল লাগিল। অহাৰ আগে আগে মিঃ চি এফ পিয়েচ আৰু ঘৈনীয়েকে আমাক ৰৱেল কানাডিয়ান মিলিটাৰী ইনষ্টিটিউট (Royal Canadian Military, Institute) দুপৰীয়া আহাৰ খুৱালে। এশ বছৰীয়া এই প্ৰতিষ্ঠানটো একেবাৰে সুৰক্ষিত। কানাডালৈ আহিলে প্ৰিন্স চাৰ্লচ, ডিউক অৱ এডিনবোৰো, অৰ্থাৎ ইংলেণ্ডৰ ৰাজকীয় পৰিয়ালৰ (অতিথিশালা) মানুহ এই ঘৰটোত থাকে। সেইফালৰ পৰা আমাক তেনে এটি ঘৰত অতিথি হিচাপে আপ্যায়ন কৰাটো আমাৰ বাবে বৰ ভাগ্যৰ কথা।

 মই উভতি অহাৰ আগ দিনা বুলবুলিৰ ঘৰত শ্ৰীশ্ৰী সত্য নাৰায়ণ পূজা চাই তাতে চাহ-ভাত খাই ৰাতি ১২-৩০ বজাত ঘৰলৈ আহোঁ। [ ৫৯ ] পিছদিনা আবেলি পিয়েৰচন এয়াৰপোৰ্টৰ পৰা ৫ বজাত লণ্ডন হৈ ভাৰত অভিমুখে যাত্ৰা কৰিলো। মাইনাক এৰি থৈ আহি বৰ বেয়া লাগিছিল।

 কানাডা বা বিদেশত এটা কথা বৰ ভাল পালো যিমান অসমীয়া মানুহ আছে বা ভাৰতীয়, তেওঁলোকৰ মাজত বৰ মিলাপ্ৰীতি। ইঘৰে সিঘৰক সহায় কৰা বা বিপদে-আপদে মাত লগোৱা এইবোৰ দিশত তেওঁলোকৰ ভূমিকা সঁচাকৈ বৰ প্ৰশংসনীয়। কেতিয়াবা অনুষ্ঠানবিলাকত যোগ দি এনে লাগে যেন অসমতে আছো! অসমীয়া পোছাক, অসমীয়া কথা-বতৰা, আচাৰ-ব্যৱহাৰ খোৱা-বোৱা সকলো ক্ষেত্ৰতে অসমীয়া।

 অসমৰ যিবিলাক মানুহ বাহিৰলৈ বা বিদেশীলৈ যোৱা নাই তেনে কিছুসংখ্যকৰ এটা ভুল ধাৰণা আছে যে বিদেশত থকা অসমীয়া মানুহবোৰ একেবাৰে চাহাবী হৈ গৈছে। কিন্তু ই একেবাৰে ভ্ৰান্ত ধাৰণা। মই নিজেই যিমান মহাদেশলৈ গৈছো সদায় মেখেলা-চাদৰহে পিন্ধিছো। চাহাব মেমহঁতে আমাক দেশীয় পোছাক পিন্ধিলে যথেষ্ট সন্মান কৰে আৰু ভাল পায়।

 মই ১৯৯৬ চনত অৱসৰ লৈ দুবছৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এডুকেচনেল কনছালটেণ্ট হিচাপে উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যত কাম কৰিলো। সময়ছোৱা আছিল ১৯৯৯ ৰ পৰা ২০০১ চনলৈকে। ভাল লাগিছিল।

 ২য় বৰ্তমান কেইবাটাও এন জি অ’ৰ লগত (বেচৰকাৰী সংগঠন) জড়িত থাকি দিন কটাইছো। তদুপৰি তিনি বছৰৰ কাৰণে মই কো-অপাৰেটিভ চিটি বেংকৰ নিৰ্বাচিত উপ সভানেত্ৰী (Elected Vice Chairman) হিচাপে মনোনীত হৈ আছো। এইবাৰো একে বিষয় বাবদ তিনি বছৰলৈ থাকিলো।

 ইতিমধ্যে আমাৰ মৰমৰ মাজু ককাইদেউ উপেন্দ্ৰ কুমাৰ দত্তই, ৮ মাৰ্চ্চ ২০০০, ফাগুনৰ শুক্লা তৃতীয়াৰ দিনা মাজ নিশা Guwahati Medical College Hospital ৰাতি পুৱা মৃত্যু বৰণ কৰে। বৰ বেয়া লাগে মনটো।

 লিড্‌চ (U.K.) আৰু অষ্ট্ৰেলিয়াত পঢ়োতে ক্লাছ লৈ গৈ (Library) পঢ়াশুনা কৰি বেছি সময় কটাব লগা হৈছিল। আমাক মাজে মাজে আন ঠাই বিলাকলৈ চাবলৈ লৈ গৈছিল। তেতিয়া এই ঠাই বিলাকৰ বিষয়ে জানি-লিখি থবলৈ হেঁপাহ থাকিলেও বহু সময়ত সুবিধা কৰিব পৰা গৈ নাছিলো। কিন্তু চাকৰিৰ পৰা অৱসৰ পাই যেতিয়া কানাডা লৈ গৈছিলো তাত শ্ৰীমতী অভিশ্ৰুতি (মাইনা)ৰ লগত চাৰিমাহ থাকি ইচ্ছামতে ঠাই ফুৰিছিলো। এইবাৰ কোনো বাধ্য বাধকতা নথকা কাৰণে যলৈকে গৈছিলো দৃশ্য উপভোগ কৰাৰ লগতে সেই ঠাইৰ (বুৰুঞ্জী) ইতিহাস ও বিশেষত্ব জানি লৈছিলো। আমি কানাডাৰ টোৰোণ্টত আছিলো। কানাডা পৃথিবীৰ দ্বিতীয় বৃহৎ দেশ আৰু এখন প্ৰথম অতি উৎকৃষ্ট দেশ। ইয়াত বিভিন্ন জাতিগোষ্টীৰ সমাবেশ যদিও বিভিন্ন কলাকৃষ্টি আৰু মানবীয় মূল্যাঙ্কন সকলো কেনেডীয়ানে গ্ৰহণ কৰে। গতিকে এই দেশৰ মানুহ বিলাক খোলা, শান্তি প্ৰিয় [ ৬০ ] আৰু মৰমীয়াল হোৱা কাৰণে কানাডাত সকলোমানুহ নিৰাপদে থাকিব পাৰে।

 কানাডা বিভিন্ন প্ৰান্তত বেলেগ বেলেগ গোষ্টীৰ আদিবাসী বিলাকবাস কৰি আছে হাজাৰ হাজাৰ বছৰৰ পৰা। ১৬ শতিকাত ইংৰাজ আৰু ফৰাছী বিলাকে ইয়ালৈ আহি ব্যৱসায় বাণিজ্য কৰিবলৈ ধৰে, এই আদিবাসী সকলৰ লগ লাগি। তাৰ পাছত ক্ৰমান্বয়ে ইংৰাজ আৰু ফৰাচী বিলাকে ইয়াতে আধিপত্য স্থাপন কৰে। কালক্ৰমে দুয়ো পক্ষৰ মাজত চাৰিবাৰকৈ যুদ্ধ লাগে। যুদ্ধত ইংৰাজ বিজয়ীহৈ কানাডাৰ কুইবেক (Quebee) নগৰ দখলত লয় আৰু তাৰপাছত মণ্ট্ৰীল (Mantreal) লয়, যুদ্ধৰ পিছত বহুত ইংৰাজ ফৰাছী মানুহ বিয়া কৰাই তাতে স্থায়ী বসতি কৰিবলৈ লয়, সেয়েহে আজিও এই দুই (Montreal & Quebee) ঠাইৰ প্ৰথম ভাষা ফৰাছী আৰু দ্বিতীয় ভাষা ইংৰাজি। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ পাছত ১৯ শতিকাত দলে দলে ইংৰাজবিলাক ঘাইকৈ ইংলেণ্ডৰ আয়াৰলেণ্ডৰ আৰু স্কটলেণ্ডৰ পৰা আহি, কানাডাত বসতি কৰিবলৈ লয়। ১৮ শতিকাৰ শেষত হনলুলুত প্লেগ বেমাৰ হোৱা কাৰণে জাপানী বিলাক হাজাৰে হাজাৰে আহি কানাডাত বসতি কৰেহি। দুই বিশ্ব যুদ্ধৰ পিছত হাঙ্গেৰী, ইউগাণ্ডা, চিলি, ভিয়েটনাম, চমালিয়াৰ, পোলেণ্ড আৰু য়োগোশ্লেভিয়াৰ পৰা মানুহ কানাডালৈ গুছি আহে। তাৰ লগে লগে শ্ৰীলঙ্কা, বাংলাদেশ, পাকিস্থান আৰু ভাৰতৰ পৰাও আৰু লগতে চীন দেশৰ পৰা বহুত মানুহ কানাডালৈ আহিছে। বৰ্ত্তমান আটাইতকৈ বেছি সংখ্যক এচিয়াৰ মানুহেই কানাডাত আছে বিভিন্ন প্ৰধান চহৰ বিলাকত।

 আজিৰ কানাডা প্ৰায় ২০০ খন দেশৰ বিভিন্ন জাতী গোষ্ঠী আৰু বিভিন্ন সংস্কৃতিক গোষ্টীৰ আপ্ৰবাসীৰ পমুৱাৰ সমাবেশ। আজিৰ আপ্ৰবাসীয়ে কানাডাত বসবাস কৰা যোগ্যতা আৰু এটা পৰীক্ষাত পাছ কৰি কানাডাৰ এজন যোগ্য ক্ষমতাপূৰ্ণ আৰু দায়িত্বশীল নাগৰিক হিচাবে থাকিব পাৰে। প্ৰত্যেক সাবালক প্ৰাপ্তবয়স্ক নাগৰিকৰ ভোটৰ অধিকাৰ আছে। শাসনভাৰ তিনিটা স্তৰত ভাগ কৰা (১) ফেডাৰেল- জাতীয় মুদ্ৰা, দেশৰক্ষা,আপ্ৰবাসী আৰু (২) Provincial প্ৰদেশ বা ৰাজ্যিক স্তৰ শিক্ষা, স্বাস্থ্য, যানবাহনৰ বাবে অনুমতি দিয়া আদিৰ কাৰণে দায়শীল (৩) Municipalty মিউনিচিপালিটি - নগৰ আঁচনি, বাটপথ নিৰ্মাণ আৰু আবৰ্জনা দূৰিকৰণৰ বাবে দায়শীল।

 কানাডাৰ ভাষা দুটা ইংৰাজী আৰু ফৰাছী। মণ্টীল (Montreal) নগৰ খন আটাইতকৈ ঘন বসতিৰ ঠাই আৰু ইয়াৰ ভাষা ফৰাছী। পৃথিবীৰ ভিতৰত পেৰিছৰ পিছতে, মণ্ট্ৰীল সৰ্ববৃহৎ ফৰাছী ভাষা কোৱা নগৰ হিচাবে পৰিগণিত। কানাডা সৰ্ববৃহৎ নগৰ টোৰোণ্ট, মন্ট্ৰীল আৰু ভেনকভাৰ। কানাডা-আমেৰিকাৰ সীমাৰ পৰা প্ৰায় ২ ঘণ্টা বাট ও গাড়ীৰে যাব পাৰি। কানাডাৰ চাৰিটা ঋতু গৰমৰ দিন জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে। অক্টোবৰ মাহৰ প্ৰথম ভাগলৈ কানাডাৰ মানুহে সুন্দৰ গৰমৰ দিন প্ৰাকৃতিক [ ৬১ ] দৃশ্যৰ লগত উপভোগ কৰে। শীতৰ দিন ডিচেম্বৰৰ পৰা মাৰ্চ্চ মাহলৈকে বা এপ্ৰিল মাহলৈকে চলে। বসন্ত আৰু গ্ৰীষ্ম ঋতুত ২০° চেলচিয়াচ আৰু শীত কালত -৩০° চেলচিয়াচলৈ নামে। এই সময়ত বৰফৰ স্তৰ বৰ ডাঠ হয় আৰু যানবাহনেৰে যাতায়ত কৰা বৰ অসুবিধাৰ সৃষ্টি হয়।

 কানাডা এখন শিল্প প্ৰধান দেশ আৰু ইয়াত প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক সমল আছে। পৰ্যটন উদ্যোগ ইয়াত উন্নত খাপৰ। ইয়াত সকলো ক্ষেত্ৰতে পুৰুষ মহিলাই কাম কৰিবলৈ সুবিধা পায়। ইয়াৰ ৰ ডলাৰ মুদ্ৰা টোক Loonie লোনি বোলা হয়। কানাডাত প্ৰাদেশীক শিক্ষা ব্যবস্থা চলে, গতিকে বেলেগ বেলেগ প্ৰদেশত শিক্ষা অলপ ব্যতিক্ৰম হাৰা দেখা যায়। ছবছৰৰ পৰা ১৬ বছৰ বয়সৰ সকলো শিশু আইনগত ভাৱে স্কুললৈ যাব লাগে দুবছৰৰ তলৰ বিলাক কিন্দাৰ গাৰ্টেন স্কুললৈ যায়। শিক্ষাৰ, চেপ্তেম্বৰৰ প্ৰথমৰ পৰা জুনমাহৰ শেষলৈকে শ্ৰেণী বিলাকত, পাঠদান হয়। ডিচেম্বৰৰ শেষত দুসপ্তাহ বন্ধ হয় যাতে বৰদিন আৰু নতুন বছৰটো উপভোগ কৰিব পাৰে। পাঠদান ইংৰাজী আৰু ফৰাছী দুয়োটা ভাষাতে হয়। চৰকাৰী হাইস্কুললৈকে কোনো মাচুল লোৱা নহয়। কিন্তু বেচৰকাৰী স্কুল বিলাকত মাচুল লয়। কানাডাত বহুত অতি উৎকৃষ্ট কলেজ আৰু বিশ্ববিদ্যালয় আছে। কানাডাৰ শৈক্ষিকতাৰ হাৰ ৯৭%৷ কানাডাৰ স্বাস্থ্যৰক্ষা ব্যৱস্থা পৃথিবীৰ ভিতৰতে ভাল। কানাডা বাসীৰ কাৰণে স্বাস্থ্যৰক্ষাৰ কাৰণে কোনো পইছা পাতি খৰছ কৰিব নালাগে। চিকিৎসা খৰছ সকলো বিনামূলীয়া। কিন্তু বহুত পৰিয়ালত নিজৰ এজন ডাক্তৰ আৰু এজন (Dentist) দন্ত চিকিৎসক থাকে। চিকিৎসা ব্যৱস্থা অতি উচ্চখাপৰ আৰু উন্নত বাবে পোলিঅ’, ডিফটোৰীয়া, বসন্ত আদি ৰোগৰ শাম কাটিছে। বৃদ্ধ সকলৰ বাবে Nursing Home ৰ সুব্যৱস্থা আছে। চৰকাৰী Nursing Home ত পইছা দিব নালাগে। বেচৰকাৰী NGO ত হে খৰছ পাতি দিব লাগে। বৰ্ত্তমান NGO বেচৰকাৰী প্ৰতিষ্ঠান সমূহে এই কাম বিলাকত যোগ দি মানুহৰ উপকাৰ সাধন কৰিছে।

 কানাডীয়ান সকলৰ বৈবাহিক জীৱন সুখৰ আৰু মুক্ত জীৱন যাপন কৰাত কাৰো কোনো বাধ্য বাধকতা নাই।

 খৃষ্টান ধৰ্ম্মৰ মানুহ ইয়াত বেছি। গতিকে বৰদিন ‘খৃষ্টমাচ’বৰ উলহ মালহেৰে পালন কৰা হয়, অ’টোৱা (Ottawa) কানাডাৰ ৰাজধানী। কিন্তু আন চহৰ টোৰোণ্ট (Montreal) মণ্ট্ৰিয়েল সমানেই উন্নত আৰু ঘন বসতিৰ। কানাড়া বাসীৰ প্ৰধান খাদ্য হৈছে মাংস, আলু, শাক পাচলি, চালাড, চুপ, ৰুটী আৰু পুডিঙ, যি কোনো শুকান ফল গাখীৰেৰে তৈয়াৰী কৰা মিঠা বস্তু। কলা কৃষ্টিৰ ফালৰ পৰা কানাডা বৰ উন্নত। ইংলেণ্ড আৰু নিউয়ৰ্কৰ পাছতে কানাডাৰ টোৰোন্ট, তৃতীয় ইংৰাজী থিয়েটাৰ কেন্দ্ৰ পৃথিবীৰ ভিতৰতে। ইয়াৰ National Ballet কানাডাৰ Opera Company, royal winnipeg bellet company, Montreal [ ৬২ ] symphony orchestra, Orchestra of the National Montreal ৰ আটাতকৈ ডাঙৰ চহৰ আৰু ইয়াৰ সাংস্কৃতিক জীবন উৎকৃষ্ট ৰেষ্টোৰেণ্ট আৰু উপভোগ্য ৰাতি বিলাক পৃথিবী বিখ্যাত। কানাডাৰ অণ্টেৰিয়’ Ontario লেক আৰু নায়েগ্ৰা জলপ্ৰপাতৰ প্ৰাকৃতিক দৃশ্য অতি অতুলনীয়। ইয়াৰ Cassino কেন্দ্ৰটো পৃথিবীৰ সৰ্ববৃহৎ বুলি জনা যায়।

 Leads (U.K.) লিড বিশ্ববিদ্যালয়ত পঢ়িবলৈ বাহিৰৰ ছাত্ৰ-ছাত্ৰী বহুত আহে। প্ৰথমে নিজৰ দেশৰ British Council ৰ অফিচত খবৰ কৰি জলপানী আদিৰ ব্যৱস্থা কৰিব পাৰি। মই থকা সময়ত প্ৰায় এহেজাৰ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আছিল। এই বিলাক ছাত্ৰ-ছাত্ৰীয়ে যাতে থাকিবলৈ ও আনসকলো সুবিধা পাই তাৰ বাবে বিশ্ববিদ্যালয়ে যত্ন লয়। ইয়াত প্ৰাকস্নাতক, স্নাতক, স্নাতকোত্তৰ শ্ৰেণীত পঢ়িবলৈ ছাত্ৰ-ছাত্ৰী আহে। গৱেষণা কৰিবলৈ হলে প্ৰথমে তাত ইংৰাজীত পাৰ্গত হব লাগিব। বিবাহিত ছাত্ৰৰ কাৰনেও ইয়াত সুবিধা পোৱা যায়। হোষ্টেলত, মানুহৰ ঘৰত বা নিজে থাকা শোৱাৰ ব্যৱস্থা কৰিব পাৰি। ইয়াত ইংৰাজীত শিক্ষাদান হয় কাৰণে লিখা, কোৱা আদিও ইংৰাজী ভালকৈ জানিব লাগে। স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা ইয়াত অতি উত্তম আৰু বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়েও ইয়াত স্বাস্থ্য ৰক্ষাৰ সকলো সুবিধা বিনামূলীয়াকৈ পায়।

 অৱসৰ পোৱাৰ পাছত মোক “ভাৰত জ্যোতি বঁটা” (Bharat Jyoti Award in 2000) আৰু “Great Achieve of India Award” in 1999 দিল্লীৰ পৰা দিছে।

 American Biographical Institution, USA এ “International Who’s who of Professional and Business Women for 2001”ৰ Ninth Edition ত মোৰ নাম অন্তৰ্ভূক্ত কৰিছে। বৰভাল লাগে মনটো।

 মই National Institute of Open Schooling ৰ কামত সহযোগ কৰি আছো। Guwahati Management Association, Govt. Pensioners Association আৰু Co-operative City Bank ৰ মিটিঙ আদি কৰি আছো৷ Indian Red Cross Society ৰো মই সদস্য।

 অৱসৰ জীৱন ব্যস্ততাৰ মাজেৰে দিনবোৰ এইদৰেই কটাই আছো সভা মিটিঙ আদিত যোগ দি।

————

[ ৬৩ ]
[ ৬৪ ]
[ ৬৫ ]
[ ৬৬ ]
 
 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।