পৃষ্ঠা:Koto Je Kotha.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

institute, New South Wales, Mosman ত ১৫ জন প্ৰশিক্ষণাৰ্থী ১০খন দেশৰ পৰা। গৈছিল। ১৫ দিনৰ মূৰে মূৰে তাৰ অফিচৰ পৰা টকা দিছিল আমাৰ খোৱা বোৱা, প্ৰয়োজনীয় কাপোৰ কানি আৰু Incidental ৰ কাৰণে।

 আমাৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল ৭ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা। প্ৰথমদিনা অভিযেক ভাষণ (Inaugural Speeches) দিলে। প্ৰায় ৩০ বছৰ বয়সীয়া ইংৰাজ মহিলা (Miss Judith Tailor) আমাৰ কোৰ্চ ডাইৰেক্টৰ আৰু আই টি আইৰ ডাইৰেক্টৰ আছিল। ৰব হেৰন Mr. Bob Heron। প্ৰথম প্ৰথমে তালিকা আৰু ছবিসহ chart & diagram সহ ভাৰতৰ বিষয়ে সকলো দিশ সামৰি এখন পেপাৰ (paper) লিখিব লগা হ'ল। দুজন সমাজ সেৱক (socil worker) ৰ লগত চিনাকি হলো Mr. Louise Webb আৰু Norah Taylor শুকুৰবাৰে seight seeing লৈ গৈ দোকান পোহাৰ আদি চালে গৈ। ছিদনীৰ সময়ৰ ব্যৱধান ভাৰতৰ সময়তকৈ ৫ ঘণ্টা আগবঢ়া।

 বিদেশলৈ গ'লে তাৰ হাই কমিছনাৰক ঠিকনা আদি সবিশেষ জনাব লাগে। কেনবেৰাত থকা হাই কমিশনাৰক চিঠিৰে সবিশেষ জনালো। তদুপৰি ছিদনীৰ পৰাও ভাৰত চৰকাৰলৈ চিঠিত সবিশেষ লিখি এটা টোকা (report) পঠাব লাগে।

 শনিবাৰে আমাৰ ক্লাছ নাথাকে। সেয়েহে উক্ত দিনটো আমি দোকান পোহাৰ, বজাৰ সমাৰ কৰাৰ সময় হিচাপে ব্যৱহাৰ কৰো। বেংকত এটা একাউণ্ট খুলি ল'লো আৰু পোৱা পইচাখিনি বেংকত জমা থ'লো। বুজাৰ কৰিবলৈ আমি চাইনা মাৰ্কেট আৰু পেডিজ মাৰ্কেটলৈ বেছিকৈ যাওঁ। পেডিজ মাৰ্কেট (Paddy's Market) খন এখন খোলা মেলাৰ দৰে। দাম কৰিব পাৰি, নানা ৰকমৰ বস্তু ওলায়, খোৱা বস্তুও বিক্ৰী হয়। গতিকে তালৈ গ'লে বজাৰ আদি কৰি তাতেই খাই বৈ গোটেই দিনটো কটাব পাৰি। বৰ ভাল লাগে।

 প্ৰশিক্ষণত থকা সময়ত আমাক সহায় কৰিবলৈ সমাজ সেৱক থাকে। তাৰে কেইজনমান হ'ল Mr. Peter Mac Laren, Anthropologist. Mr. Bruce Graig, Ms Luise Webb, Mr. Narah Taylor এওঁলোকক প্ৰয়োজন হলে ফোন কৰি যোগাযোগ কৰিব পাৰি বা সাক্ষাৎ কৰিব পাৰি। তাত থাকোতে অলপ পঢ়িব লগা হোৱাত মোৰ চকুৰে পানী ওলাইছিল। তেতিয়া ইয়াৰ সমাজ সেৱকৰ সহায়ত ছিদনী হাস্পতালত মই চকু দেখুৱালো। ছিদনীৰ চকু হাস্পতালখন বৰ ডাঙৰ। প্ৰথমতে মই বহিঃ বিভাগত দেখুৱালো। চাৰিদিন চকু পৰীক্ষা কৰি মোক পঢ়িবৰ কাৰণে এযোৰ চশমা দিলে। ইয়াৰ সকলো খৰচ আই টি আয়ে বহন কৰিলে। এই চশমা আজি ২০ বছৰে মই পিন্ধি আছো।

 আই টি আইৰ প্ৰশিক্ষাৰ্থীসকলক তাৰে কিছুমান ঠাইৰ মানুহে দুই তিনিদিন আলহী হিচাপে ৰাখে। মোক অৰেঞ্জ নামৰ ঠাই এখনৰ মানুহে থাকিবলৈ মাতিছিল। কিন্তু মোৰ গা বৰ ভাল নলগা কাৰণে লগলো। অৰেঞ্জৰ মানুহখিনিয়ে মই নোযোৱা কাৰণে বৰ বেয়া

(২৯)