পৃষ্ঠা:Koto Je Kotha.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

কঠিন শৈক্ষিক দিশেৰে চাবলৈ ল’লে। পৰীক্ষাবিলাকত বিশেষ জোৰ দিলে যাতে ছাত্ৰ- ছাত্ৰীয়ে মুখস্থ কৰি পৰীক্ষা পাছ কৰিব নোৱাৰে। উচ্চশিক্ষা সকলোৰে কাৰণে নহয়, মেধাসকলৰ কাৰণেহে। শ্ৰেণী ব্যৱস্থা কৰি, জনসাধাৰণৰ পৰা সম্পদ আহৰণ কৰি উচ্চ শিক্ষা দিয়া, প্ৰাইভেট শিক্ষা, ঘৰুৱা টিউচন আদিৰে উচ্চ মধ্যবিত্ত শ্ৰেণীৰ কাৰূণে সুব্যৱস্থা কৰা হয়। ফলত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি, ব্ৰেইন-ড্ৰেইন আৰু গাঁৱৰ পৰা চহৰলৈ লোক প্ৰবাহ ঘটিছিল। আধুনিক শিক্ষাৰ প্ৰসাৰণৰ কাৰণে আছে শৈক্ষিক আহিলা পাতি কিতাপ পত্ৰ, স্কুলঘৰ, গৱেষণা, উপদেষ্টা শিক্ষক শিক্ষায়িত্ৰীসকল। ব্ৰাজিলৰ মিঃ প’লো ফ্ৰেয়াৰে, (শিক্ষা বিশেষজ্ঞ educational expert) আমাক শিক্ষা আৰু চাকৰিৰ বিষয়ে বক্তৃতা দিছিল। চাকৰি অনুপাতে শিক্ষিত নিবনুৱাৰ যথেষ্ট। তদুপৰি চাকৰিৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত তীব্ৰ কঠিনতাৰ মুখামুখি হব লাগে। অৰ্থাৎ চাকৰি পাবলৈ প্ৰতিযোগিতা বেছি হ’ল৷ যিমানেই শিক্ষিত নিবনুৱা বৃদ্ধি পাব সিমানেই চাহিদা বাঢ়িব। ডিপ্লমা ডিজিজ Diploma disease গুচাবলৈ শিক্ষাক্ষেত্ৰত, বিশেষকৈ স্কুলত আৰু উচ্চ শিক্ষাত চৰকাৰে বাজেট বঢ়াব লাগিব যাতে, সমাজত সকলোৰে সমভাৱে, সম অৱস্থাত জীয়াই থাকিব পাৰে। কাৰিকুলামখন হব লাগিব শাসকসকলক কিমানদূৰ, কেনেকৈ ফলপ্ৰদভাৱে সহায় কৰিব পাৰে তাক ভিত্তি কৰিহে। কাৰিকুলামখনে কেনেকৈ সহায় কৰিব-(ক) প্ৰশাসনৰ কাৰণে কি কি ইচ্ছু থাকিব (খ) ৰাজনৈতিক সমস্যা আৰু ব্যৱস্থা আৰু (গ) যদি কিবা সংশোধন কৰিব লগা থাকে শাসকসকলে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব। আকৌ -

 (ক) (i) শিক্ষাক সৰ্বসাধাৰণে ঢুকি পাব লাগিব (to bring education within the reach of all)

 (ii) শিক্ষা জাতিৰ (National Identity) চিনাকিৰ মাধ্যম বা বাহন হিচাপে ব্যৱহাৰ কৰিব লাগিব।

 (iii) শিক্ষাই ব্যক্তিৰ সৰ্বাংগীন উন্নতি কৰিব লাগিব।

 (iv) আৰ্থিক উন্নতি আৰু সম্প্ৰসাৰণ হব লাগিব শিক্ষাৰ দ্বাৰা। (to achieve economic progress & development)

 (v) চৰকাৰৰ শিক্ষা-নীতি কাৰ্যকৰি কৰিব লাগিব।

 (খ) (i) চৰকাৰৰ আৰ্থিক সমস্যা

 (ii) শিক্ষা নীতিৰ আৰু অৰ্থৰ ওপৰত ৰাজনৈতিক হেঁচা (Political pressure vrs educational policies & economic)

 (iii) ছাত্ৰসকলে শাক-পাচলিৰ খেতি কৰি সমাজ আৰু জাতিটোক সহায় কৰা। টাঞ্জানিয়াত education for self reliance কিউবা স্কুলবিলাক প্ৰায়েই দেশৰ চাৰিওকোনত সিঁচৰতি হৈ আছে। চীনাৰ স্কুলবিলাক ৰাছিয়ান পদ্ধতি অনুকৰণত গঢ়া। মিঃ মাগুৱে

(৩৮)