পৃষ্ঠা:Koto Je Kotha.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক যে কথা

আছে। জিলাৰ উপায়ুক্তই মোৰ কথাত আচৰিত হ'ল আৰু ক'লে যে অন্য ওপৰৱালা অফিচাৰে এনেকৈ তলৰ কৰ্মীৰ দোষ নিজে মূৰপাতি লোৱা ই এটা বিৰল দৃষ্টান্ত। তোমাক ধনাবাদ জনাইছো তোমাৰ এই নৈতিক সাহসৰ বাবে।

 শিক্ষা সচিব শ্ৰী উমা শৰণীয়াই মোক বৰ মৰম কৰিছিল। আৰু মোৰ কথাত সদায় গুৰুত্ব দিছিল। গতিকে মই কোনো বাধা নোপোৱাকৈ মুকলি মনেৰে কাম কৰি গৈছিলো। তাৰ পিছত জানিলো যে যিহেতু শিক্ষক দিৱস এটা ৰাষ্ট্ৰীয় দিৱস গতিকে এনে অনুষ্ঠানত, শেষত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ জাতীয় সংগীতহে গাব লাগে। ইয়াৰ পৰা মোৰ যেনিবা এটা শিক্ষা হ'ল।

 স্কুল পৰিদৰ্শক হিচাপে থাকোতে ১৯৮৩ চনত অসমৰ শিক্ষা আয়ুক্ত সচিব শ্ৰীভাস্কৰ বৰুৱাই অসমৰ পৰা মোক আৰু আন এজন শিক্ষা বিষয়াক ইণ্টাৰনেশ্যনেল ট্ৰেনিং ইনষ্টিটিউট, ছিদনী, অষ্ট্ৰেলিয়ালৈ পঢ়িবলৈ যাবলৈ নাম পঠিয়ালে। ভাৰত চৰকাৰেও আমাক দুয়োজনকে বাছনি কৰিলে। কিছুদিনৰ পিছত মোলৈ চিঠি আহিল আই টি আইত যোগ দিবলৈ। লগৰজন থাকি গ'ল, তেওঁক নামাতিলে। স্বাস্থ্য পৰীক্ষা সম্পৰ্কীয় আবেদন পূৰাই মেলি অতি খৰখেদাকৈ এদিন (৩১ আগষ্ট) অকলে ছিদনীলৈ যাবলৈ ওলালোঁ। প্ৰথমে দিল্লীলৈ গৈ মুম্বাইত ‘হেলিডে ইন হোটেল’, ৰূম নং ৩০৫ ত এৰাতি থাকি Qantus Air lines ত ছাণ্টা ক্ৰজৰ পৰা ছিদনীলৈ বুলি প্লেনত উঠিলো। দুপৰীয়া ডেৰ বজাত চিংগাপুৰ পালো। আবেলি ৬-৩০ বজাত মেলবৰ্ণ পালো। ছিদনী পালোগৈ ৰাতি ১ বজাত। পুৱা ৮ বজাত আই টি আই অফিচাৰ এগৰাকী আহিছিল আমাক নিবলৈ। আমাৰ লগত আৰু কেইজনমান আই টি আই প্ৰশিক্ষাৰ্থী আহিছিল যদিও মেলবৰ্ন বিমান বন্দৰ (Melbourn Airport) ত অৱতৰণ কৰিহে তেওঁলোকৰ সৈতে চিনাকি হলো। দিনৰ ১১ বজাত আমাক সকলোকে Heriford lodge (মোৰ ৰূম নং ২০৯, ৫১ হেৰেফ’ৰ্ড স্ট্ৰিট) ত থাকিবলৈ দিলে। মই অকলে এটা ৰূম ল'লো। দুজন একেলগে থাকিলে এলাউন্স (Allowance) অলপ বেছি দিয়ে। মই আন প্ৰশিক্ষাৰ্থীৰে একেটা ৰূমত থকাটো সুবিধাজনক বোধ নকৰিলো।

 আমি ছিদনীলৈ যোৱাৰ প্ৰস্তুতি পৰ্বত দিল্লীৰে অষ্ট্ৰেলিয়াৰ এগৰাকী উপ হাই কমিছনাৰে অষ্ট্ৰেলিয়াৰ বিষয়ে চমু আভাস দি আমাক প্ৰত্যেক কামতে ভাৰতীয় মৰ্যাদা ৰক্ষা কৰিবলৈ দিহা-পৰামৰ্শ দিছিল। দিল্লীতে আমাক দিল্লীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা ছিদনীলৈ উৰাজাহাজৰ টিকট দি দিলে। লগত নিয়া কিতাপ পত্ৰ আদি বেছি ভাৰা হলেও তেওঁলোকেই দিব বুলি ক'লে। দিল্লীৰ শাস্ত্ৰী ভৱনলৈ গৈ মাইগ্ৰেছন চাৰ্টিফিকেট আৰু NCERT ৰ পৰা কিছুমান কিতাপ ল'লো। আমাৰ প্ৰশিক্ষণ Evaluation and development of schools and teachers বিষয়ৰ আছিল। International training

(২৮)