পৃষ্ঠা:Koto Je Kotha.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

মাইনাক ক’ল - “মই মভি কেমেৰাত তোমালোকৰ ফটো লম। তোমালোকে নমস্কাৰ কৰি Welcome to Janmastami’98 বুলি ক’বা।” মই মেখেলা-চাদৰ পিন্ধা কাৰণে আকৃষ্ট হ'ল হ’বলা। মই প্ৰথমে মোৰ নামটো ক’লো আৰু অসমীয়া বুলি পৰিচয় দি Welcome to Janmastami, 1998 বুলি হাতযোৰ কৰি নমস্কাৰ জনালো। মাইনাইও একেদৰে প্ৰণাম জনালে আৰু Welcome to Janmastami, 1998 বুলি ক’লে। আমাৰ বৰ ভাল লাগিল।

 পিছদিনা মই, মাইনা আৰু অপৰাজিতা ওলালো টটোক চাওঁ বুলি। প্ৰথমে চি এন টাৱাৰ চালো। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ, কাঁচৰ মজিয়া, ১১৩ মহলীয়া আৰু মাটিৰ পৰা ১১২২ ফুট ওখত। তাৰ পাছত স্কাই ড’ম চালো। ভাস্কৰ্য শিল্পৰ অতি চমৎকাৰ নিদৰ্শন। আকৌ পৃথিৱীৰ ভিতৰত প্ৰথম ষ্টেডিয়াম, যাৰ মজিয়াখন খুলিব পাৰি জপাই থ’ব পাৰি (Fully retractable)। এইখনেই মূল আমেৰিকাৰ বেচবল লীগৰ, টৰণ্টোৰ ব্লু জেছৰ। তাৰ পাছত অণ্টাৰিঅ’ হাৰবাৰলৈ গৈ জাহাজেৰে সিপাৰলৈ গ’লে আৰু ফুৰা চকা কৰি ঘৰলৈ উভতিলো। বৰ ভাল লাগিব। তাত কেচিঅ’ খেলা বিশ্ববিখ্যাত।

 তাতে মিঃ ক্লেমেন্ট এফ ফেয়াৰ্চ বুলি কোৱা মহাসমৰৰ পাইলট এজনে মাইনা কানাডালৈ গৈ পোৱাৰ দিনা বৰ সহায় কৰিছিল। তেওঁৰ দেউতাক ভাৰতত থকা সময়ত ভাৰতীয়সকলে বোলে সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰি তেখেতক উপকাৰ কৰিছিল। সেয়েহে মাইনা ভাৰতৰ বুলি জানি যথেষ্ট সহায় কৰিছিল। পিছত তেওঁ মাইনাৰ দেউতাক বুদু ককাইদেউলৈ চিঠি লিখিছিল। মাইনাক ভূয়সী প্ৰশংসা কৰি, পিছত চিঠিত মাইনাৰ বিষয়েও লিখিছিল। এদিন মোকে মাইনাকে তেওঁলোকে লাঞ্চ খাবলৈ মাতিলে৷ আমাক যলৈ লাঞ্চ খাবলৈ মাতিছিল সেই এশ বছৰীয়া পুৰণি ঘৰ, ৰোৱেল কানাডিয়ান মিলিটাৰী ইনষ্টিটিউট। তাত সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ। ইংলেণ্ডৰ অভিজাত পৰিয়াল, ডিউক অৱ এডিনবোৰো, ৰাজকুমাৰ ফিলিপ, ৰাজকুমাৰ চাৰ্লছ আদি ইয়াত থাকে, কানাডাৰ টৰণ্টোৰলৈ আহিলে। এই ঘৰটোৰ অৱস্থিতি Royal canadian Military Institute, 426 university avenue, St. George Didas, Toronto, Ontario, M5G 159.

 মিঃ আৰু মিছেছু চি এফ পিয়েৰ্চ ঠিক বাৰ বজাত আমালৈ ৰৈ আছিল। তেওঁলোক ৱেষ্টনৰ৷ সাজ-পোছাক তেওঁ অত্যাধুনিক আছিল। আমিও ঠিক বাৰ বজাত সেইখিনি ঠাইত উপস্থিত হৈছিলো। তাৰ সকলো সদস্যই আমাক হাঁহি-মাতেৰে সম্ভাষণ জনাইছিল। মি পিয়েৰ্চে তাৰ প্ৰতিটো কোঠালিৰ বৈশিষ্ট্য সবিশেষ জনালে আৰু দেখুৱালে। বিশ্ব যুদ্ধত মৃত্যুবৰণ কৰা বীৰ সৈনিকসকলৰ ফটোসহ নামফলক বেৰত আঁৰি থোৱা আছে। পুৰণি বস্তুবোৰ সংগ্ৰহ আৰু সংৰক্ষণ পদ্ধতি অতি মনোমুগ্ধকৰ। চাই বন্ধ ভাল লাগিল। লাঞ্চত আমি কি কি খায় ভাল পাম সেইমতে তেওঁলোকে সকলোবিলাকৰ দিহা কৰিছিল৷ বৰ

(৫৪)