পৃষ্ঠা:Koto Je Kotha.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

 মই ছিদনীত থাকোঁতে আমাৰ সৰু ভাইটি শ্ৰীভূপেন্দ্ৰ কুমাৰ দত্ত (ভাইটি) ক ছিদনীলৈ মাতি পঠিয়াইছিলো অষ্ট্ৰেলিয়াখন চাই যাবলৈ। আমাৰ ল’জত তাক ৰাখিবলৈ অনুমতিও পালো৷ ইমানখিনি সুবিধা পোৱাৰ পিছতো তাৰ ছিদনীলৈ যোৱা নহ’লগৈ। ১৯৮৩ চনৰ ২ অক্টোবৰত সৰু Domestic plane ৰে আমি আটাইকেইজন প্ৰশিক্ষাৰ্থী মেলব’ৰ্ণৰ পৰা তাচমানিয়া পালোহি। তাত বাৰ্ণিৰ EMU Hotel ৰ ৰুম নং ৭ ত থাকিলো। ৩ অক্টোবৰ, সোমবাৰে বাৰ্নি টেকনিকেল কলেজ, বাৰ্নি প্ৰাইমাৰী স্কুল আৰু বৰ্নি হাইস্কুল চালো। তাৰ পিছত ছেফিল্ডলৈ গৈ জিলা হাইস্কুল চালো। ডেলোৰেইন হাইস্কুল চাই ৪ অক্টোবৰ তাৰিখে লগুনতেষ্টনত ব্ৰিছবেন ষ্ট্ৰাটৰ পাৰ্ক লেন মোটেলৰ ৰুম নম্বৰ ৪ ত থাকিলো। ৫ অক্টোবৰত ছামাৰডেল প্ৰাইমাৰী স্কুল, কিংছ মিডোছ হাইস্কুল, কেম্পবেল টাউন জিলা হাইস্কুল চাই ৰাজধানী হোবাৰ্টলৈ আহিলো। তাচমেনিয়াৰ ৰাজধানী হোবাৰ্টত ফোৰ ছিজনছ টাউন হাউছৰ ৰুম নং ৪১১ ত থাকিলো। হোবাৰ্টত ওবেণ্ট বৃৰ্থৰ স্পেচিয়ল স্কুল (হাওৰা) আৰু তাচমেনিয়া মেডিয়া চেণ্টাৰ, মোলছ ৱৰ্থ এনভাইৰনমেণ্ট চেণ্টাৰ আৰু তাৰে প্ৰাইমাৰী স্কুল চালো। স্কুলবোৰ বৰ ভাল আৰু ধুনীয়া। ৭ তাৰিখে ৰাতি ৯-৩০ বজাত ছিদনীলৈ উভতি আহিলো মেলব’ৰ্ণ হৈ, হোৱাৰ্টৰ পৰা মেলব’ৰ্ণ তাৰ পাছত আকৌ ছিদনীলৈ। ছিদনীত আমি অষ্ট্ৰেলিয়াৰ মানুহৰ লগত GRAIL ত পিকনিক (Barbacue) খালো। মিছ ফিলিপা গ্ৰীণে (GRAIL, 22 Mc Hatton Street, North Sydney) পিকনিক আয়োজন কৰিছিল। বৰ ভাল লাগিল আৰু আমি আটায়ে তাত বৰ স্ফূৰ্তি কৰিলো। চিডনী এখন বৰ পুৰণি চহৰ। ইয়াৰ প্ৰথম বাসিন্দা আছিল আদিবাসী বিলাক aboriginal। ১১ অক্টোবৰত আমাক তাৰ প্ৰথম আদিবাসী aboriginal সকলৰ বিষয়ে শ্ৰেণীত শিকালে। তাৰ পাছত আদিবাসী শিক্ষা সঞ্চালকালয়ৰ অফিচ (Directorate for aboriginal Education office) লৈ দেখুৱাবলৈ লৈ গ’ল। তাত বহুসংখ্যক আদিবাসীক লগ পালো আৰু ভালধৰণে চাই-মিঠাই খুৱালে। অক্টোবৰতে আমাৰ Return journey ৰ টিকট কাটিবৰ হ’ল। ঘৰলৈ যোৱাৰ পথত ছিংগাপুৰত থাকি যাম বুলি break journey ৰ টিকট কৰিলো। ১ ডিচেম্বৰত চিংগাপুৰ আৰু ৩ তাৰিখে কলিকতালৈ বুলি টিকট সংগ্ৰহ কৰিলো।

 সেইবাৰ দুৰ্গা পূজাত ছিদনীতে কটালো। পূজাৰ ভিতৰতে মিঃ কেভিন আৰু মিঃ গ্ৰাহামে পাৰচনেল ডেভেলপমেণ্টৰ বিষয়ে আমাক পাঠদান দিলে। পূজাত ছোলি কনট্ৰেকটৰে মোক সিহঁতৰ ঘৰলৈ ভাত খুৱাবলৈ লৈ গ’ল। ছোলিৰ পৰিবাৰ, তিনিটি ল’ৰা ছোৱালীক লগ পাই বৰ ভাল লাগিল। আকৌ, এদিন অকণ (পতঞ্জলী, চৌধুৰী) আৰু মানাৰ ঘৰত দুপৰীয়া ভাত খাই বজাৰ কৰিবলৈ গ’লো। তাৰ পাছত দি ছাউণ্ড অব মিউজিক আৰু ৰবিনহুদ চিনেমা চাই ৰাতিৰ সাজো তাতে খাই ঘৰলৈ উভতিলো। দশমী পূজাৰ দিনা তাতে থকা ডাঃ ৰঘুপতিৰ পৰিয়ালে (Unit-30, Cree Bank 13/17

(৩১)