পৃষ্ঠা:Koto Je Kotha.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা


মৰ্মান্তিক বেদনাৰ দিনটো আছিল ১৯৭৪ চনৰ ২৮ আগষ্ট। সেই দিনটোতে মোৰ পূজনীয়া দেৱীসদৃশ বৌ (মা) কুঞ্জলতা দত্তই পুৱা ১০ মান বজাত চিৰদিনৰ বাৰে চকু মুদিলে। ভাদৰ শুক্লা একাদশী তিথি। গুৱাহাটীলৈ মাৰ ওচৰলৈ আহিলো হয়, পিছে মাকে প্ৰথমতে চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল। দুখত মোৰ হিয়া ভাগি গ'ল। আমাৰ দেৱতা সদৃশ দেউতা শৈলেন্দ্ৰ কুমাৰ দত্তৰ জন্ম ২ অক্তোবৰ, ১৮৯৭ চন আৰু মৃত্যু ১৯৬০ চনৰ ৩০ জানুৱাৰী। একেবাৰে মহাত্মা গান্ধীৰ দৰে। ঠিক সেইদিনা আমাৰ দ্বিতীয় ককাইদেউ উপেনদাই বোলে ৰাতি সপোনত দেখিছিল - মহাত্মা গান্ধীয়ে দেউতাক হাতত ধৰি লৈ গৈছে। ভাবিলে আচৰিত লাগে। দেউতা God like মানৱ আছিল। দেউতাৰ 'গোবিন্দ'ৰ প্ৰতি থকা অটল বিশ্বাস অতুলনীয়। সেয়েহে কিজানি ময়ো সদায় গোবিন্দকে পূজা কৰো, ধ্যান কৰো আৰু অগাধ বিশ্বাস কৰে। মোৰ জীৱনলৈ এতিয়ালৈকে যিমানবোৰ বিপদ- আপদ, বাধা-বিঘিনি, দুখ-কষ্ট, বেয়া দিন আহিছে সকলোবিলাক মই গোবিন্দক স্মৰণ কৰিয়েই অতিবাহিত কৰি আহিছোঁ‌।

 মা-দেউতাক হেৰুওৱাৰ পিছত আমি পাইছিলো আমাৰ ডাঙৰ ককাইদেউ নৃপেন্দ্ৰ কুমাৰ দত্তক। মা-দেউতাৰ ভাল গুণখিনি যেন ককাইদেউৰ মাজত ভাস্কৰ হৈ জিলিকিছিল।

 ঘৰৰ পৰিয়ালৰ ডাঙৰ সৰু, সকলোকে যোগ্যতা অনুসৰি ককাইদেউৱে মূল্য-মৰম আৰু মান দিছিল৷ ককাইদেউকো আমি ১৯৮৩ চনত হেৰুৱালো। আমি, আমাৰ পৰিয়ালটো যেন অসহায় হৈ পৰিলো। ককাইদেউৰ স্মৃতিয়ে এতিয়াও আমাক আবেগিক কৰি তোলে। ককাইদেউৰ সুযোগ্য তিনিজন পুত্ৰ সন্তান ৰমেন (দাদু), ৰাজেন (ৰাজু) আৰু ৰবীন (লাৰু)। একমাত্ৰ কন্যা ৰাজশ্ৰী (মামু) চাৰিওটি এতিয়া আমাৰ অতি আদৰৰ, মৰমৰ, চেনেহৰ পাত্ৰ। ডাঙৰ নবৌ (জেমু) আমাৰ পৰিয়ালৰ সৰ্বেসৰ্বা। নবৌক আমি সদায় মানি চলোঁ‌। সৰু ককাইদেউ উপেন দত্ত তিনিজনী ছোৱালী - লাকী, মাইনা ও নাইনা, সৰুভাইটী ভূপেন দত্তৰ ছোৱালী মিঞ্চ, পিম্পু আৰু লৰা শান্তু। মোৰ বাইদেউ অনু নিৰু, মনো ও ভণ্টী টুলু।

 ১৯৮০ চত মই অবিভক্ত কামৰূপৰ স্কুল পাৰদৰ্শক, হলো প্ৰথম মহিলা। খুউব ভাল লাগিছিল কাম কৰি। তেতিয়াই মোৰ দক্ষতা - যোগ্যতা প্ৰকাশ পাইছিল আৰু প্ৰশংসা লাভ কৰিছিলো, প্ৰশাসনৰ একেবাৰে উৰ্দ্ধতম মহলত। ভাল লাগিছিল অভিনন্দন শুভেচ্ছাবোৰ পাই। তেতিয়া আছিল ৰাষ্ট্ৰপতি শাসন (President rule)। গৱৰ্ণৰৰ উপদেষ্টা (Advisor to the Governor) আৰু (D.C.) কামৰূপ জিলাৰ উপায়ুক্ত এছ. কে. অগ্নিহোত্ৰীদেৱে মোৰ কামৰ অতি প্ৰশংসা কৰিছিল। অবিভক্ত কামৰূপত নলবাৰী, ৰঙিয়া, বৰপেটা আৰু বৰ্তমান কামৰূপ অন্তৰ্ভুক্ত আছিল। সঘনাই স্কুল পৰিদৰ্শন কৰিছিলো। কিছুদিনৰ বাবে বৰপেটা এম চি কলেজৰ গৱৰ্নিং বডিৰ চেক্ৰেটাৰী আছিলোঁ। একে সময়তে মই সন্দিকৈ

ছোৱালী কলেজৰো গৱৰ্ণিং বোডিৰ সদস্যা আছিলো।

(৯)