পৃষ্ঠা:Koto Je Kotha.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

আৰু এগৰাকী প্ৰকৃত ভদ্ৰলোক। সেইদিনা আমি সকলো বৰঝাৰ বিমান বন্দৰলৈ মহাকাশ যাত্ৰী শ্ৰীৰাকেশ শৰ্মাক অভিনন্দন জনাবলৈ গৈছিলো। দলটোত বহুত মানুহ আছিল। কথা প্ৰসংগত শ্ৰীবড়াই মোক ওচৰলৈ মাতি কানে কানে ক’লে “আপোনাক যুটীয়া শিক্ষাধিকাৰৰ বাবে বাছনি কৰা হৈছে।” কথাটো শুনাৰ লগে লগে মই আনন্দত জঁপিয়াই উঠিলো। বৰ ভাল লাগিল। তেতিয়াৰ দিনত আমাৰ বাছনি মানে প্ৰমোচন কেতিয়া হয়, তাৰ ভূ ৰখাৰ আমাৰ কোনো প্ৰয়োজন নাছিল। সময়মতে, সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে হৈছিল। বাছনি অনুসৰি ২২-৯-৮৪ তাৰিখে মই প্ৰাইমাৰী শিক্ষাত যুটীয়া শিক্ষাধিকাৰ হিচাপে যোগ দিলো। তাত কিছুদিন কাম কৰাৰ পিছত অসম হায়াৰ ছেকেণ্ডাৰী এডুকেছন কাউন্সিলৰ (AHSEC) (তেতিয়া নতুনকৈ অনুষ্ঠিত হোৱা) সচিব হিচাপে ১৬-৫-৮৫ তাৰিখে নিযুক্তি দিলে। মই AHSEC ৰ দ্বিতীয়গৰাকী সচিব আছিলো। তাত থকা সভাপতিৰ লগত মোৰ মত নিমিলাত মোক উচ্চ শিক্ষাৰ যুটীয়া শিক্ষা ধিকাৰ কৰি নিযুক্তি দিলে। মই তাত উৎসাহেৰে কাম কৰি গ’লো। সেই সময়ত আমাৰ শিক্ষা আয়ুক্ত‘’ আছিল শ্ৰীঅৰুণোদয় ভট্টাচাৰ্য। তেখেত শ্বিলঙৰ St. Edmand's College ত পঢ়া, চোকা মানুহ। ময়ো I.Sc Edmand's College ত পঢ়িছিলো বাবে আমাৰ মাজত এটা সম্বন্ধ জাগি উঠিছিল। শিক্ষা আয়ুক্তই চৰকাৰী কামত মোক যথেষ্ট সহায় আৰু সহযোগিতা আগবঢ়াইছিল। মহিলা বিষয় বাবে চৰকাৰী গাড়ী দিওঁতে অলপো হীনডেঢ়ি কৰা নাছিল। গতিকে মোৰ কাম কৰি বৰ ভাল লাগিছিল ১২-৪-৮৯ তাৰিখে মোক প্ৰমোচন দি প্ৰাপ্তবয়স্ক শিক্ষাৰ Addle DAE কৰি দিলে। তাৰ আগতে মই Jnt. Director N.F. Education আনুষ্ঠানিক শিক্ষাৰ যুটীয়া সঞ্চালকো আছিলো। সেই সময়ত প্ৰাপ্তবয়স্ক শিক্ষাৰ সহকাৰী প্ৰকল্প বিষয়াৰ বাবে বাছনি তালিকা এখন প্ৰস্তুত কৰা হৈছিল। তাত আমাৰ তেতিয়াৰ শিক্ষা মন্ত্ৰী শ্ৰীবৃন্দাবন গোস্বামীৰ ভায়েক শ্ৰী উত্তম গোস্বামীৰ নামো তৃতীয় স্থানত আছিল, ১৬ জনীয়া তালিকাখনত। তালিকাখনত অনুমোদন দিওঁতে শিক্ষা মন্ত্ৰীয়ে ভায়েক শ্ৰীউত্তম গোস্বামীৰ নামটো আঁতৰাই দিবলৈ ক’লে। মই তেতিয়া প্ৰতিবাদ কৰি ক’লো - তেখেতক তেখেতৰ অভিজ্ঞতা আৰু চাকৰি কাল চাইছে বাছনি কৰা হৈছে। কিন্তু মন্ত্ৰীয়ে ভায়েকক প্ৰমোচন দিবলৈ নিদিলে। তেতিয়াৰ পৰা মোৰ মানুহজনৰ প্ৰতি বেছি ভক্তি উপজিল। কেনে নিস্বাৰ্থ মানুহজন, শিক্ষা মন্ত্ৰীজন। আনফালে কিন্তু তেতিয়াৰ ৰাজ্যিক শিক্ষামন্ত্ৰীজনৰ ভাবধাৰা একেবাৰে বিপৰীত আছিল।

 সেই সময়ত প্ৰাপ্তবয়স্ক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ বাবে সুকীয়া শিক্ষা বিভাগ এটা খোলা হৈছিল ১-৩-৯১ তাৰিখে, এই বিভাগৰ প্ৰথম সঞ্চালক হিচাপে মই যোগদান কৰিলো। এই বিভাগৰ কামত বাহিৰলৈ, দিল্লীলৈ বৰকৈ গৈ থাকিব লাগে। ক্ষেত্ৰ অফিছবিলাক চাই ফুৰিব লাগে, ভালদৰে ক্লাছবিলাক চলি আছে নে নাই চাব লাগে। দিল্লীৰ

(৪৩)