পৃষ্ঠা:Koto Je Kotha.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

লাগিব। তেতিয়াহে অন্যান্য সকলে কামটোৰ বিষয়ে বুজি উঠিব আৰু অংশীদাৰিত্ব গ্ৰহণ কৰি আটাইৰ মাজত এটি সু-সমন্বয় গঢ়ি উঠিব আৰু কামটো ফলপ্ৰদ হব। ইয়াৰ কাৰণে Teacher effectiveness Training (TET), Parent effectiveness Training (PET) আৰু Leadership effectiveness Training (PET), দৰকাৰ।

 "I know that I understand and learn something when I like / understand it, "A good teacher provides growth appraisal by supervisor, by colleages and by self. Technology - Anything that is extended of human being.

 Dr. Doherty, Director, Division of Guideance and special education এ আমাক Behaviour disorder অদ্ভুত বা গ্ৰহণযোগ্য নোহোৱা ব্যৱহাৰৰ বিষয়ে কলে। মানসিক বা আৱেগিকসিক্ত শিশুক যদি শাসন নমনা (uncontrolled) হয়, বা শাসন কৰিব পৰা নাযায় তেনে শিশুক হাস্পতালত থব লাগে, কিন্তু যিবিলাকৰ ব্যৱহাৰ বেয়া হয় তেনেবিলাক শিশুক স্কুলতে চিকিৎসা কৰিব পাৰি। এনে ব্যৱহাৰ বেয়া কৰা শিশুক শ্ৰেণীত পঢ়িবলৈ দি এজন বিশেষ শিক্ষকৰ হতুবাই শ্ৰেণীৰ শিক্ষকজনক সহায় কৰিবলৈ কোৱা হয়। এই ব্যৱস্থা তাত কাৰ্যকৰী হৈছিল। যিবিলাক শিশুৰ শিক্ষা গ্ৰহণ কৰাত অসুবিধা (learning problem) সিহঁতক (remedeal class) সংশোধন শ্ৰেণীত বৰ ভাল শিক্ষকৰ দ্বাৰা পঢ়োৱা হয় বা শ্ৰেণীত আন শিক্ষক জনক এই শিক্ষকজনে সহায় কৰি পাঠদান কৰে। এই শিক্ষকসকল (resource teacher) অষ্ট্ৰেলিয়াত সংশোধন স্কুলত বহুতো আছে। জাৰ্মান মিজেলছৰ (German measles) পৰা যোৱা কাণ-কলা বেমাৰৰ কাৰণে প্ৰতিটো শিশু ছোৱালীকে ডাঙৰ হোৱাৰ আগতে (কন্যাকাল) চিটা দিয়া হয়। কাণেৰে নুশুনা বুলি দুবছৰ হোৱাৰ আগতে যদি শিশুক ধৰা পেলোৱা হয় এই দোষটোৰ আধাভাগ ডাঙৰ হোৱালৈকে ভাল কৰিব পাৰি। চকুৰ অসুখ থকা বিলাকৰ কাৰণে ডাঙৰ ডাঙৰ ছপা আখৰ, অন্ধ বিলাকৰ কাৰণে ব্ৰেইলী ছিষ্টেমৰ ব্যৱস্থা আছে। অষ্ট্ৰেলিয়াত বহুত আছুতীয়া স্কুল আছে। কম মেধাসম্পন্ন (Intellectually handicapped) ল’ৰা-ছোৱালীৰ বিলাকৰ কাৰণে সংযোগ পাৰদৰ্শিতা (communication skill mobility), খোজ কঢ়া, লৰচৰ কৰি ফুৰা, চিনাকি হোৱা, চিনি পোৱা সক্ষমতা (cognitive ability), সামাজিক সম্বন্ধ সজাগ কৰা। সাধাৰণতে এগৰাকী মাতৃয়ে ৩৫ বছৰ অতিক্ৰম কৰাৰ পাছত সন্তান জন্ম দিলে সেই সন্তান বিকলাংগ হোৱাৰ সম্ভাৱনা বেছি থাকে।

 মিঃ জিল মেক-ৰেই শিক্ষা সমল কেন্দ্ৰৰ (Resource conture) বিষয়ে কৈছিল। মাধ্যম বিলাক বাস্তবভিত্তিত লোৱা চিৰিয়াখানা, কলা বীথিকা, কলা প্ৰদৰ্শনী, বস্তু বিশেষ (Specimans), ক্ৰাফ্‌‌ট কলা ইত্যাদি। Book Project, verbal representation আৰু

(৪১)